মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০২২-২৩ বৰ্ষৰ ৰবি বতৰৰ বাবে বিভিন্ন পুষ্টিকৰ উপাদান যেনে নাইট্ৰজেন (এন), ফছফৰাছ (পি), পটাছ (কে) আৰু ছালফাৰ (এছ) প্ৰয়োগৰ অনুমোদন জনাইছে ৷
কেবিনেটে ফছফেট আৰু পটাছৰ উৰ্বৰকত ৰবি ঋতু, ২০২২-২৩ (০১.০১.২০২৩ৰ পৰা ৩১.০৩.২০২৩ লৈ) ৰ বাবে পোষক তত্ব আধাৰিত ৰাজসাহায্য (এনবিএছ) দৰত সংশোধন আৰু খাৰিফ ঋতু, ২০২৩ (০১.০৪.২০২৩ৰ পৰা ৩০.০৯.২০২৩ লৈ)ৰ বাবে পোষক তত্ব আধাৰিত ৰাজসাহায্য (এনবিএছ) দৰৰ নিৰ্ধাৰণত অনুমোদন জনাইছে ৷ কৃষকসকলক গুণগত আৰু ৰাজসাহায্যযুক্ত পি এণ্ড কে সাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে ২০২৩ চনৰ খাৰিফ ঋতুত ৩৮ হাজাৰ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ’ব।
কেবিনেটৰ এই সিদ্ধান্তৰ জৰিয়তে খাৰিফ বতৰত ৰাজসাহায্যযুক্ত, সুলভ আৰু উচিত মূল্যত কৃষকসকলৰ বাবে ডি এ পি আৰু অন্যান্য পি এণ্ড কে সাৰ উপলব্ধ হোৱাটো নিশ্চিত হোৱাৰ লগতে পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্যৰ যুক্তিসংগতকৰণো নিশ্চিত কৰা হ’ব।
देश के किसान भाई-बहनों पर खाद की कीमतों का बोझ कम करने के लिए हमारी सरकार प्रतिबद्ध है।https://t.co/mJYaiJ8b1Z https://t.co/Mb91qqFuaR
— Narendra Modi (@narendramodi) May 17, 2023


