পদপথৰ বিক্ৰেতা আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে উন্নত ঋণ, ইউপিআইসংযুক্ত ক্ৰেডিট কাৰ্ড, ডিজিটেল শাসন আৰু সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নৰ সুবিধা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনি’ৰ পুনৰ গঠন আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত ঋণৰ সময়সীমা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে।এই ঋণৰ সময়সীমা এতিয়া ২০৩০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।এই আঁচনিৰ মুঠ ব্যয় হৈছে ৭,৩৩২ টকা কোটি টকা। পুনৰ গঠিত আঁচনিখনৰ জৰিয়তে ৫০ লাখ নতুন হিতাধিকাৰীকে ধৰি ১.১৫ কোটি হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে।

এই আঁচনি ৰূপায়ণৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু বিত্তীয় সেৱা বিভাগ (ডিএফএছ)ৰ ওপৰত যৌথভাৱে দায়িত্ব ন্যস্ত কৰা হৈছে। ডিএফএছৰ ভূমিকা হ’ব বেংক/বিত্তীয় প্ৰতিষ্ঠান আৰু তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ঋণ/ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা।

পুনৰ গঠন কৰা আঁচনিখনৰ মূল বৈশিষ্ট্যসমূহ হ’ল প্ৰথম আৰু দ্বিতীয় কিস্তিত ঋণৰ পৰিমাণ বৃদ্ধি, দ্বিতীয় ঋণ পৰিশোধ কৰা হিতাধিকাৰীসকলৰ বাবে ইউপিআইসংযুক্ত ৰুপে ক্ৰেডিট কাৰ্ডৰ ব্যৱস্থা আৰু খুচুৰা আৰু পাইকাৰী লেনদেনৰ বাবে ডিজিটেল কেছবেক প্ৰদানৰ উদগনি। এই আঁচনিৰ পৰিসৰ পৰ্যায়ক্ৰমে বৃদ্ধি কৰি লোকপিয়ল নগৰ আৰু অৰ্ধনগৰীয়া অঞ্চল ইত্যাদিলৈ প্ৰসাৰ কৰা হৈছে।

উন্নত ঋণৰ গাঁথনিত প্ৰথম কিস্তিৰ ঋণ ১৫,০০০ টকা (১০,০০০ টকাৰ পৰা) আৰু দ্বিতীয় কিস্তিৰ ঋণ ২৫,০০০ টকালৈ (২০,০০০ টকাৰ পৰা) বৃদ্ধি কৰাৰ বিপৰীতে তৃতীয় কিস্তি পূৰ্বৰ দৰে ৫০,০০০ টকাই ৰখা আছে।

ইউপিআইসংযুক্ত ৰুপে ক্ৰেডিট কাৰ্ডৰ প্ৰৱৰ্তনৰ ফলত পদপথৰ বিক্ৰেতাসকলে যিকোনো উদীয়মান ব্যৱসায়িক আৰু ব্যক্তিগত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ঋণৰ তৎক্ষণাত সুবিধা লাভ কৰিব পাৰিব।

তদুপৰি, ডিজিটেলাইজেশ্যনক প্ৰসাৰিত কৰিবলৈ পদপথৰ বিক্ৰেতাসকলে খুচুৰা আৰু পাইকাৰী লেনদেনত ১৬০০ টকা পৰ্যন্ত কেছবেকৰ উদগনি লাভ কৰিব পাৰিব।

ডিজিটেল দক্ষতাৰ জৰিয়তে উদ্যোগীকৰণ, বিত্তীয় সাক্ষৰতা আৰু বিপণনৰ ওপৰত গুৰুত্ব আৰোপ কৰি পদপথৰ বিক্ৰেতাসকলৰ সামৰ্থ্য বিকাশৰ ওপৰতো আঁচনিখনে গুৰুত্ব আৰোপ কৰে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ(FSSAI)ৰ সহযোগত পদপথৰ বিক্ৰেতাসকলৰ বাবে মানক স্বচ্ছতা আৰু খাদ্য সুৰক্ষা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।

পদপথৰ বিক্ৰেতা আৰু তেওঁলোকৰ পৰিয়ালৰ সামগ্ৰিক কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিবলৈ মাহেকীয়া লোক কল্যাণ মেলাৰ জৰিয়তে ‘স্বনিধি ছে সমৃদ্ধি’ পদক্ষেপক আৰু অধিক শক্তিশালী কৰা হ’ব। ইয়াৰ লক্ষ্য হৈছে ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধাসমূহ যাতে হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়াললৈ সম্পূৰ্ণৰূপে লাভ কৰে।

ক’ভিড-১৯ মহামাৰীৰ সময়ত অভূতপূৰ্ব কষ্টৰ সন্মুখীন হোৱা পথ বিক্ৰেতাসকলক সহায়ৰ বাবে চৰকাৰে ১ জুন, ২০২০ তাৰিখে প্ৰধানমন্ত্ৰী স্বনিধি যোজনা আৰম্ভ কৰে। আৰম্ভণিৰে পৰাই এই আঁচনিখনে পদপথৰ ব্যৱসায়ীসকলৰ বাবে কেৱল আৰ্থিক সাহায্যতকৈও অধিক বুলি প্ৰমাণিত হৈছে আৰু অৰ্থনীতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এক পৰিচয় আৰু আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে।

ইতিমধ্যে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাই উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। ২০২৫ চনৰ ৩০ জুলাইলৈকে ৬৮ লাখৰো অধিক পথৰ বিক্ৰেতাক ১৩,৭৯৭ কোটি টকাৰ ৯৬ লাখৰো অধিক ঋণ প্ৰদান কৰা হৈছে। ইয়াৰে প্ৰায় ৪৭ লাখ ডিজিটেলী সক্ৰিয় হিতাধিকাৰীয়ে ৬.০৯ লাখ কোটি টকাৰ ৫৫৭ কোটিৰো অধিক ডিজিটেল লেনদেন কৰি মুঠ ২৪১ কোটি টকা কেছবেক লাভ কৰিছে। ‘স্বনিধি ছে সমৃদ্ধি’ পদক্ষেপৰ অধীনত ৩,৫৬৪টা নগৰীয়া স্থানীয় সংস্থাৰ ৪৬ লাখ হিতাধিকাৰীক প্ৰফাইল কৰা হৈছে, যাৰ ফলত ১.৩৮ কোটিৰো অধিক আঁচনি অনুমোদন জনোৱা হৈছে।

এই আঁচনিখনে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। অৰ্থনীতি আৰু জীৱিকাৰ উন্নতি, আৰ্থিক অন্তৰ্ভুক্তি উন্নত কৰা আৰু ডিজিটেল সৱলীকৰণৰ প্ৰসাৰৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে ইয়াক ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটা (২০২৩) (কেন্দ্ৰীয় পৰ্যায়) আৰু ডিজিটেল ৰূপান্তৰৰ বাবে চৰকাৰী প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিকীকৰণৰ উৎকৃষ্টতাৰ বাবে ৰূপালী বঁটা (২০২২) লাভ কৰা হৈছে।

এই আঁচনিখনে পদপথৰ বিক্ৰেতাসকলৰ ব্যৱসায়িক সম্প্ৰসাৰণ আৰু বহনক্ষম বিকাশৰ সুযোগক প্ৰসাৰিত কৰিবলৈ বিত্তীয়ৰ এক নিৰ্ভৰযোগ্য উৎস প্ৰদান কৰি তেওঁলোকৰ সামগ্ৰিক উন্নয়নৰ কল্পনা কৰিছে। ইয়াৰ দ্বাৰা কেৱল পদপথৰ বিক্ৰেতাসকলক সৱলীকৰণ কৰাই নহয়, সৰ্বাংগীন অৰ্থনৈতিক বৃদ্ধি, পথ বিক্ৰেতা আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থ-সামাজিক উত্থান, যাৰ ফলত তেওঁলোকৰ জীৱিকা বৃদ্ধি পাব আৰু চহৰ অঞ্চলসমূহ সজীৱ আৰু আত্মনিৰ্ভৰশীল হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"