মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ১৭,০০০ কোটি টকাৰ বাজেট ব্যয়ৰ সৈতে আইটি হাৰ্ডৱেৰৰ বাবে উৎপাদন ভিত্তিক প্ৰোৎসাহন যোজনা-২.০ ত অনুমোদন জনায়।

প্ৰসংগঃ

• যোৱা ৮বছৰত ভাৰতত ইলেক্ট্ৰনিক্স উৎপাদন ১৭% চিএজিআৰৰ সৈতে ধাৰাবাহিক বৃদ্ধি পাইছে। এইবছৰ ই উৎপাদনত এক মুখ্য মানদণ্ড অতিক্ৰম কৰিছে। ১০৫ বিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৯ লাখ কোটি টকা)ৰ উৎপাদন হৈছে।

• ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাতা হৈ পৰিছে। মোবাইল ফোনৰ ৰপ্তানিয়ে এই বৰ্ষত ১১ বিলিয়ন আমেৰিকান ডলাৰ(প্ৰায় ৯০ হাজাৰ কোটি টকা)ৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।

• ভাৰতত বৈশ্বিক ইলেক্ট্ৰনিক্স নিৰ্মাণ পৰিস্থিতিতন্ত্ৰ সৃষ্টি হব ধৰিছে, আৰু ভাৰত এখন মুখ্য ইলেক্ট্ৰনিক্স নিৰ্মাণকাৰী দেশ হিচাপে উদীয়মান হৈছে।

• মোবাইল ফোনৰ উৎপাদন ভিত্তিক প্ৰোৎসাহন যোজনাৰ (পিএলআই)সফলতাক আগবঢ়াই নি কেন্দ্ৰীয় কেবিনেটে আজি আইটি হাৰ্ডৱেৰৰ বাবে পিএলআই আঁচনি ২.০ত অনুমোদন জনাইছে।

প্ৰধান বৈশিষ্ট্যসমূহঃ

আইটি হাৰ্ডৱেৰৰ পিএলআই আঁচনি ২.০-ৰ অধীনত লেপটপ, টেবলেট, অল-ইন-ৱান পিচি, চাৰ্ভাৰ আৰু আল্ট্ৰা স্মল ফৰ্ম ফেক্টৰ ডিভাইচ সমূহ সামৰি লোৱা হৈছে।

• আঁচনিখনৰ বাজেট ব্যয় হৈছে ১৭,০০০ কোটি টকা

• এই আঁচনিৰ কাৰ্যকাল ৬ বছৰ

• প্ৰত্যাশিত বৰ্ধিত উৎপাদন হৈছে ৩.৩৫ লাখ কোটি টকা

• প্ৰত্যাশিত বৰ্ধিত বিনিয়োগ হৈছে ২,৪৩০ কোটি টকা

• প্ৰত্যাশিত বৰ্ধিত প্ৰত্যক্ষ নিযুক্তি হৈছে ৭৫,০০০

তাৎপৰ্যঃ

• ভাৰত সকলো বৈশ্বিক কোম্পানীৰ বাবে এক বিশ্বস্ত যোগান শৃংখলা অংশীদাৰ হিচাপে উদীয়মান হৈছে। বৃহৎ আইটি হাৰ্ডৱেৰ কোম্পানীবোৰে ভাৰতত উৎপাদন সুবিধা স্থাপন কৰাত তীব্ৰ আগ্ৰহ দেখুৱাইছে। দেশৰ ভিতৰত ভাল চাহিদা থকা শক্তিশালী তথ্য প্ৰযুক্তি সেৱা উদ্যোগৰ দ্বাৰা ই সমৰ্থিত।

বেছিভাগ প্ৰধান কোম্পানীয়ে ভাৰতত থকা সুবিধাৰে ভাৰতৰ ভিতৰত ঘৰুৱা বজাৰত যোগান ধৰিব বিচৰাৰ লগতে ভাৰতক এক ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth