প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে খাৰিফ ঋতু, ২০২৪ (০১.০৪.২০২৪ ৰ পৰা ৩০.০৯.২০২৪ লৈ)ৰ বাবে ‘ফছফেটিক আৰু পটাছিক’ (পি এণ্ড কে)সাৰৰ ক্ষেত্ৰত পুষ্টি ভিত্তিক ৰাজসাহায্য(এনবিএছ)ৰ হাৰ নিৰ্দ্ধাৰণ আৰু ‘এনবিএছ’ আঁচনি-ৰ অধীনত সাৰৰ ৩ টা নতুন শ্ৰেণী অন্তৰ্ভুক্ত কৰাৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। খৰিফ ঋতু ২০২৪-ৰ বাবে আনুমানিক বাজেটৰ প্ৰয়োজনীয়তা হ'ব প্ৰায় ২৪,৪২০কোটি টকা।

 

লাভসমূহ:

১. ৰাজসাহায্যপ্ৰাপ্ত, সুলভ আৰু যুক্তিসঙ্গত মূল্যত কৃষকসকলৰ বাবে সাৰৰ উপলব্ধতা নিশ্চিত কৰা হ'ব।

২. সাৰ আৰু আনুষংগিক সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি ‘পি এণ্ড কে’ সাৰৰ ক্ষেত্ৰত ৰাজসাহায্যৰ যুক্তিসংগতকৰণৰ ব্যৱস্থা হ’ব।

৩. ‘এনবিএছ’-ত সাৰৰ তিনিটা নতুন শ্ৰেণী অন্তৰ্ভুক্ত কৰিলে সন্তুলিত মাটিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব আৰু মাটিৰ প্ৰয়োজনীয়তা অনুসৰি মাইক্ৰ'-পুষ্টিৰে সুৰক্ষিত সাৰ বাছনি কৰিবলৈ খেতিয়কসকলক বিকল্প প্ৰদান কৰিব।

ৰূপায়ণ ৰণনীতি আৰু লক্ষ্যসমূহ:

কৃষকসকলক সুলভ মূল্যত এই সাৰৰ সহজ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ২০২৪ৰ খৰিফ ঋতুৰ বাবে অনুমোদিত হাৰক আধাৰ কৰি (০১.০৪.২০২৪ ৰ পৰা ৩০.০৯.২০২৪ লৈ প্ৰযোজ্য) ‘পি এণ্ড কে’ সাৰৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰা হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India