প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাবি ঋতু, ২০২৪ (০১.১০.২০২৪ৰ পৰা ৩১.০৩.২০২৫লৈ)ৰ বাবে ফছফেটিক আৰু পটাচিক (P&K) সাৰৰ ওপৰত পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

২০২৪ চনৰ ৰবি ঋতুৰ বাবে আনুমানিক বাজেটৰ প্ৰয়োজনীয়তা প্ৰায় ২৪,৪৭৫.৫৩ কোটি টকা।

লাভালাভবোৰ:

  • কৃষকসকলক ৰাজসাহায্যযুক্ত, সুলভ, আৰু যুক্তিসংগত মূল্যত সাৰ উপলব্ধ কৰা হ’ব।
  • আন্তঃৰাষ্ট্ৰীয় সাৰ আৰু ইনপুটৰ মূল্যৰ শেহতীয়া ধাৰাসমূহৰ পোহৰত পি এণ্ড কে সাৰৰ ওপৰত দিয়া ৰাজসাহায্য যুক্তিসংগত কৰা হ’ব।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্য:

২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈ কাৰ্যকৰী হোৱা ৰবি ২০২৪ৰ অনুমোদিত হাৰ অনুসৰি পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰা হ’ব, যাৰ ফলত কৃষকসকলে সুলভ মূল্যত এই সাৰসমূহ সুচাৰুৰূপে লাভ কৰিব পাৰে।

পটভূমি:

উৎপাদক আৰু আমদানিকাৰকৰ জৰিয়তে কৃষকক ৰাজসাহায্যযুক্ত মূল্যত ২৮ গ্ৰেডৰ পি এণ্ড কে সাৰ যোগান ধৰিছে। ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্য এন বি এছ আঁচনিৰ দ্বাৰা পৰিচালিত হৈছে। কৃষক অনুকূল পন্থাৰ লগত সংগতি ৰাখি চৰকাৰে সুলভ মূল্যত কৃষকসকলৰ বাবে পি এণ্ড কে সাৰ উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সাৰ আৰু ইউৰিয়া, ডি এ পি, এম অ’ পি, আৰু চালফাৰৰ দৰে সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া ধাৰা বিবেচনা কৰি চৰকাৰে ফছফেটিক আৰু পটাছিক সাৰৰ বাবে ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈকে কাৰ্যকৰী হোৱা ৰাবি ২০২৪ৰ বাবে এন বি এছ হাৰত অনুমোদন জনাইছে। কৃষকসকলে যাতে উচিত মূল্যত এই সাৰসমূহ লাভ কৰিব পাৰে তাৰ বাবে অনুমোদিত হাৰৰ ভিত্তিত সাৰ কোম্পানীসমূহক এই ৰাজসাহায্য প্ৰদান কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s maternal mortality drops nearly 80% since 1990: Global study

Media Coverage

India’s maternal mortality drops nearly 80% since 1990: Global study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2026
March 29, 2026

Citizens Praise PM Modi for The Visionary Shift: Empowering Every Citizen in an Uncertain World