চৰকাৰৰ কৃষক অনুকূল পদক্ষেপসমূহক অগ্ৰগতি প্ৰদান কৰাৰ লগতে অন্নদাতাসকলৰ প্ৰতি নিজৰ দায়ৱদ্ধতাক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে এক নতুন যোজনা ‘‘প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান’’ (পিএম–আশা)ক অনুমোদন প্ৰদান কৰিছে৷ এই যোজনাৰ উদ্দেশ্য হ’ল কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য লাভ কৰিব পাৰে৷ এই ঘোষণা ২০১৮ চনৰ কেন্দ্ৰীয় বাজেটৰ সময়ত কৰা হৈছিল৷

এয়া কৃষকসকলৰ আয়ৰ সংৰক্ষণৰ দিশত ভাৰত চৰকাৰে গ্ৰহণ কৰা এক অতুলনীয় পদক্ষেপ যাৰ দ্বাৰা কৃষকসকল যথেষ্টভাৱে উপকৃত হ’ব৷ চৰকাৰে উৎপাদন ব্যয়ৰ ডেৰ গুণ স্থিৰ কৰাৰ সিদ্ধান্ত অনুসৰি খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ইতিমধ্যেই বৃদ্ধি কৰিছে৷ এয়া আশা কৰা হৈছে যে এমএছপি বৃদ্ধি কৰাৰ ফলত ৰাজ্য চৰকাৰৰ সহযোগিতাত ক্ৰয় ব্যৱস্থাত অগ্ৰগতি প্ৰদান হ’ব আৰু ইয়াৰ দ্বাৰা কৃষকসকল লাভান্বিত হ’ব৷

পিএম–আশাৰ অংশসমূহ হ’ল–

নতুন যোজনাত কৃষকৰ বাবে উচিত মূল্য সুনিশ্চিত কৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ অধীনত নিম্ন উল্লিখিত বিষয়সমূহ আছে–

  • মূল্য সমৰ্থন যোজনা (পিএছএছ)
  • মূল্য হ্ৰাস পৰিশোধ আঁচনি (পিডিপিএছ)
  • ব্যক্তিগত ক্ৰয় তথা ষ্ট’কিষ্ট পাইলট যোজনা (পিপিপিএছ)

ধান, ঘেঁহু তথা পোষক শস্য/গোটা শস্যৰ ক্ৰয়ৰ বাবে খাদ্য তথা ৰাজহুৱা বিতৰণ বিভাগ (ডিএফপিডি)ৰ ইতিমধ্যেই বাহাল থকা যোজনাসমূহৰ সৈতে কপাহ তথা মৰাপাটৰ ক্ৰয়ৰ বাবে বয়ন মন্ত্ৰালয়ৰ অন্য বিদ্যমান যোজনাসমূহো বাহাল থাকিব যাতে কৃষকসকলে এই শস্যসমূহ উচিত এমএছপি লাভ কৰিব পাৰে৷

কেবিনেটে এয়াও সিদ্ধান্ত লৈছে যে ক্ৰয় পৰিচালনাত ব্যক্তিগত খণ্ডৰ অংশীদাৰীত্বও প্ৰয়োগিক দিশত সুনিশ্চিত কৰা প্ৰয়োজন যাতে এই সময়চোৱাত প্ৰাপ্ত হোৱা তথ্যসমূহৰ ভিত্তিত ক্ৰয় পৰিচালনাত ব্যক্তিগত ক্ষেত্ৰৰ অংশীদাৰীত্ব বৃদ্ধি কৰিব পাৰে৷ এয়া পিডিপিএছত অতিৰিক্ত সংযোজন৷

তেলৰ বীজৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্যসমূহৰ ওচৰত এয়া বিকল্প থাকিব যে তেওঁলোকে নিৰ্বাচিত জিলাসমূহত এপিএমচিত প্ৰয়োগিক আধাৰত ব্যক্তিগত ক্ৰয় ষ্ট’কিষ্ট যোজনা (পিপিএছএছ) আৰম্ভ কৰিব পাৰে য’ত ব্যক্তিগত ষ্ট’কিষ্টৰ অংশীদাৰীত্বও থাকিব৷ প্ৰয়োগিক ভিত্তিত নিৰ্বাচিত জিলাত নিৰ্বাচিত এপিএমচি তেলৰ বীজ অথবা ইয়াতকৈ অধিক ফচলক সামৰি ল’ব যাৰ বাবে এমএছপি অধিসূচীত কৰা হৈছে৷ যিহেতু এই যোজনা পিএছএছৰ সৈতে একেই, সেয়ে এয়া প্ৰয়োগিক ভিত্তিত নিৰ্বাচিত জিলাসমূহত পিএছএছ/পিডিপিএছক প্ৰতিষ্ঠাপিত কৰিব৷

যেতিয়াই বজাৰত মূল্য অধিসূচীত এমএছপিৰ তললৈ আহিব তেতিয়া নিৰ্বাচিত ব্যক্তিগত এজেন্সী পিপিএছএছৰ সৈতে জড়িত দিশ–নিৰ্দেশনাসমূহৰ প্ৰতি ধ্যান ৰাখি পঞ্জীকৃত কৃষকসমূহৰ পৰা অধিসূচীত সময়চোৱাত অধিসূচীত বজাৰসমূহত এমএছপিত সামগ্ৰীসমূহ ক্ৰয় কৰিব৷ যেতিয়াই ব্যক্তিগতভাৱে নিৰ্বাচিত এজেন্সীসমূহক বজাৰত নামিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰৰ দ্বাৰা অধিকৃত কৰা হ’ব আৰু অধিসূচীত এমএছপিৰ ১৫ শতাংশ পৰ্যন্ত অধিকতম সেৱা শুল্ক দেয় হ’ব, তেতিয়াই এই ব্যৱস্থা প্ৰণয়ন কৰা হ’ব৷

ব্যয়ঃ

কেবিনেটে ১৬,৫৫০ কোটি টকাৰ অতিৰিক্ত চৰকাৰী গেৰাণ্টী প্ৰদানৰ সিদ্ধান্ত লৈছে য’ত এই সকলো মিলাই ৪৫,৫৫০ কোটি টকা স্পৰ্শ কৰিছে৷ ইয়াৰোপৰি ক্ৰয় পৰিচালনাৰ বাবে বাজেটৰ আৱণ্টনো বৃদ্ধি কৰা হৈছে আৰু পিএম–আশাৰ প্ৰণয়নৰ বাবে ১৫,০৫৩ কোটি টকাৰ অনুমোদন প্ৰদান কৰা হৈছে৷ এতিয়াৰে পৰা এয়া আমাৰ ‘অন্নদাতা’সকলৰ প্ৰতি চৰকাৰৰ দায়ৱদ্ধতা তথা সমৰ্পণৰ এক প্ৰতিবিম্বস্বৰূপ বিবেচিত হ’ব৷

 

বিগত বৰ্ষত কৰা ক্ৰয়সমূহঃ

২০১০–১৪ বিত্তীয় বৰ্ষত কেৱল ৩৫০০ কোটি টকা মূল্যৰ মুঠ ক্ৰয় কৰা হৈছিল, আনহাতে ২০১৪–১৮ বিত্তীয় বৰ্ষত এয়া দহ গুণ বৃদ্ধি কৰা হ’ল আৰু ৩৪,০০০ কোটি টকাৰ সীমা স্পৰ্শ কৰিলে৷ বিত্তীয় বৰ্ষ ২০১০–১৪ৰ সময়চোৱাত এই কৃষিজাত সামগ্ৰীসমূহৰ ক্ৰয়ৰ বাবে কেৱল ৩০০ কোটি টকা ব্যয়ৰ সৈতে ২৫০০ কোটি টকাৰ চৰকাৰী গেৰান্টী প্ৰদান কৰা হৈছিল, আনহাতে ২০১৪–১৮ বিত্তীয় বৰ্ষত ১,০০০ কোটি টকাৰ ব্যয়ৰ সৈতে ২৯,০০০ কোটি টকাৰ চৰকাৰী গেৰাণ্টী প্ৰদান কৰা হৈছে৷

ভাৰত চৰকাৰে যিকোনো পদক্ষেপ টুকুৰা–টুকুৰা পৰ্যায়ত প্ৰণয়ন কৰাৰ পৰিৱৰ্তে সামুহিক ৰূপত সমাধান কৰাৰ দিশত কাম কৰি আছে৷ এমএছপি বৃদ্ধি কৰাই পৰ্যাপ্ত নহয় আৰু ইয়াতকৈও অধিক গুৰুত্বপূৰ্ণ এয়া যে কৃষকসকলে যাতে ঘোষিত এমএছপিৰ সম্পূৰ্ণ লাভ আদায় কৰিব পাৰে৷ এই দিশত চৰকাৰে ইয়াৰ প্ৰয়োজনীয়তা অনুধাৱন কৰিছে যে যদি বজাৰত কৃষিজাত সামগ্ৰীৰ মূল্য এমএছপিতকৈ কম হয় তেতিয়া তেনে পৰিস্থিতিত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে ইয়াক এমএছপিত ক্ৰয় কৰিব লাগে অথবা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে অন্য কোনো ব্যৱস্থাৰ জৰিয়তে কৃষকসকলৰ এমএছপি সুনিশ্চিত হয়৷ এইটো কথাক গুৰুত্ব প্ৰদান কৰি চৰকাৰে তিনিটা উপ যোজনাৰ সৈতে মূল যোজনা পিএম–আশাক অনুমোদন প্ৰদান কৰিছে৷ মূল্য সমৰ্থন যোজনা(পিএছএছ), মূল্য হ্ৰাস পৰিশোধ আঁচনি (পিডিপিএছ) আৰু ব্যক্তিগত ক্ৰয় তথা ষ্ট’কিষ্ট পাইলট যোজনা (পিপিপিএছ) এই উপ যোজনাসমূহত অন্তৰ্ভুক্ত কৰা হৈছে৷

মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ অধীনত তেলৰ বীজ আৰু নাৰিকলৰ ভৌতিক ক্ৰয় ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগিতাত কেন্দ্ৰীয় নোডেল এজেন্সীৰ দ্বাৰা কৰা হ’ব৷ এয়া নিৰ্ণয় লোৱা হৈছে যে নেফেড (NAFED)ৰ উপৰিও ভাৰতীয় খাদ্য নিগম (এফচিআই)য়েও ৰাজ্য/জিলাত পিএছএছৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিব৷ ক্ৰয়ত হোৱা ব্যয় আৰু ক্ৰয়ৰ সময়ৰ হোৱা লোকচান কেন্দ্ৰীয় চৰকাৰে মানক অনুসাৰে বহন কৰিব৷

মূল্য হ্ৰাস পৰিশোধ আঁচনি (পিডিপিএছ)ৰ অধীনত সকলো তেলৰ বীজক সামৰি লোৱাৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছে৷ যাৰ বাবে এমএছপিক অধিসূচীত কৰা হৈছে৷ ইয়াৰ অধীনত এমএছপি আৰু বিক্ৰী/আদৰ্শ (মডেল)মূল্যৰ মাজৰ অন্তৰাল প্ৰত্যক্ষ পৰিশোধ পূৰ্বে পঞ্জীকৃত সেইসমূহ কৃষকক কৰা হ’ব যি এক কাৰ্যকৰী নিলামী প্ৰক্ৰিয়াৰ জৰিয়তে অধিসূচীত বজাৰত নিজৰ উপজাত সামগ্ৰী বিক্ৰী কৰিব৷ সমস্ত পৰিশোধ প্ৰত্যক্ষভাৱে কৃষকৰ পঞ্জীকৃত বেংক একাউণ্টত কৰা হ’ব৷ এই যোজনাৰ অধীনত শস্যসমূহৰ কোনো ভৌতিক ক্ৰয় কৰা নহয় কাৰণ অধিসূচীত বজাৰত বিক্ৰী কৰিলে এমএছপি আৰু বিক্ৰী/আদৰ্শ (মডেল)মূল্যৰ মাজৰ অন্তৰালৰ পৰিশোধ কৃষকক কৰা হয়৷ পিডিপিএছৰ বাবে চৰকাৰৰ দ্বাৰা সাহায্য নিৰ্ধাৰণ মানক অনুসাৰে প্ৰদান কৰা হ’ব৷

চৰকাৰৰ কৃষক অনুকূল পদক্ষেপসমূহঃ

চৰকাৰে ২০২২ চন পৰ্যন্ত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ৷ ইয়াৰ অধীনত উৎপাদনশীলতা বৃদ্ধি, খেতিৰ ব্যয় হ্ৰাস আৰু বজাৰৰ পৰিকাঠামোসহিতে শস্য কটাৰ পিচত ব্যৱস্থাপনা সুদৃঢ় কৰাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ বিভিন্ন বজাৰ সংশোধন প্ৰক্ৰিয় প্ৰণয়ন কৰা হৈছে৷ এইসমূহৰ ভিতৰত মডেল কৃষি উপজাত তথা পশুধন বিপণন অধিনিয়ম,২০১৭ আৰু মডেল ঠিকাভিত্তিক কৃষি তথা সেৱা অধিনিয়ম, ২০১৮ও অন্তৰ্ভুক্ত কৰা হৈছে৷ বিভিন্ন ৰাজ্যত আইনৰ জৰিয়তে ইয়াক প্ৰণয়ন কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

এক নতুন বজাৰৰ পৰিকাঠামো স্থাপন কৰাৰ বাবেও প্ৰয়াস কৰা হৈছে যাতে কৃষকসকলে তেওঁলোকৰ উপজাত সামগ্ৰীৰ উচিত অথবা লাভদায়ক মূল্য লাভ কৰিব পাৰে৷ এইসমূহৰ ভিতৰত গ্ৰামীণ কৃষি বজাৰ (গ্ৰাম)ৰ স্থাপন কৰাও অন্তৰ্ভুক্ত কৰা হৈছে যাতে খেতিৰ নিকটতেই ২২,০০০ খন খুচুৰা বিপণীক উৎসাহিত কৰিব পাৰি৷ এইদৰে ই–নামৰ জৰিয়তে এপিএমচিত প্ৰতিস্পৰ্ধী তথা পাৰদৰ্শী ব্যৱসায় সুনিশ্চিত কৰা আৰু এক সুব্যৱস্থিত তথা কৃষক অনুকূল ৰপ্তানি নীতি প্ৰস্তুত কৰাও এই প্ৰয়াসসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে৷

ইয়াৰোপৰি অন্য বহুধৰণৰ কৃষক অনুকূল পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এইসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা তথা পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ প্ৰণয়ন কৰা আৰু ভূমি স্বাস্থ্য কাৰ্যৰ বিতৰণ কৰাও অন্তৰ্ভুক্ত হৈছে৷ খেতিৰ ব্যয়ৰ ডেৰ গুণ নীতিৰ আধাৰত ন্যূনতম সমৰ্থন মূল্যৰ ঘোষণা কৰাৰ অসাধাৰণ সিদ্ধান্তও কৃষকৰ কল্যাণৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister praises efforts by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts
March 31, 2026

Prime Minister Shri Narendra Modi, appreciated the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. “I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history”, Shri Modi remarked.

The Prime Minister posted on X;

“Saw a glimpse of the work being done by Acharya Shri Kailasasagarsuri Gyanmandir towards preserving manuscripts. I am proud that our nation has many such passionate teams that are at the forefront of this, ensuring that the coming generations remain connected to our rich history.”