প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি অসমৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ (BVFCL)  বৰ্তমানৰ চৌহদত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন (LMT) ইউৰিয়া উৎপাদনৰ ক্ষমতা সম্পন্ন এটি নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ আনুমানিক মুঠ প্ৰকল্প ব্যয় হ’ব নতুন বিনিয়োগ নীতি, ২০১২ আৰু ৭ অক্টোবৰ, ২০১৪ত ইয়াৰ সংশোধনীৰ অধীনত জইন্ট ভেন্সাৰ (JV)ৰ জৰিয়তে ৭০:৩০ ঋণ ইকুইটি অনুপাতৰে ১০,৬০১.৪০ কোটি টকা। নামৰূপ-৪ৰ্থ প্ৰকল্প কাৰ্য্যক্ষম হৈ উঠাৰ আনুমানিক সামগ্ৰিক সময়সীমা ৪৮ মাহ।

ইয়াৰ উপৰিও কেবিনেটে ৰাজহুৱা উদ্যোগ বিভাগৰ (DPE) গাইডলাইনত নিৰ্ধাৰিত সীমা শিথিলেৰে নেচনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড (NFL)ৰ ১৮% ইকুইটি অংশগ্ৰহণ আৰু নামৰূপ-৪ৰ্থ সাৰ প্ৰকল্প স্থাপনৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ এখন আন্তঃমন্ত্ৰালয় কমিটি (IMC) গঠনত অনুমোদন জনায়।

প্ৰস্তাৱিত জেভিৰ ইকুইটি পেটাৰ্ণ তলত উল্লেখ কৰা হ’লঃ

  1. অসম চৰকাৰঃ    ৪০%
  2. ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড (BVFCL):   ১১%
  3. হিন্দুস্তান উৰ্বৰক আৰু ৰসায়ন লিমিটেড (HURL): ১৩%

(iv) নেচনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেড (NFL):     ১৮%

  1. অইল ইণ্ডিয়া লিমিটেড (OIL): ১৮%

 

বিভিএফচিএলৰ ইকুইটিৰ অংশ স্পষ্ট সম্পত্তিত পৰিগণিত হ’ব।

এই প্ৰকল্পৰ জৰিয়তে দেশৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ঘৰুৱা ইউৰিয়া উৎপাদন ক্ষমতা বৃদ্ধি পাব। ই উত্তৰ-পূব, বিহাৰ, পশ্চিম বংগ, পূব উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ ইউৰিয়া সাৰৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব। নামৰূপ-৪ৰ্থ ইউনিট স্থাপনৰ জৰিয়তে অধিক শক্তি সঞ্চয় হ’ব। ইয়াৰ উপৰিও অঞ্চলটোৰ জনসাধাৰণৰ বাবে অতিৰিক্ত প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ পথ মুকলি হ’ব। প্ৰকল্পটোৱে দেশৰ ইউৰিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হৈ উঠাৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণত সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 আগষ্ট 2026
August 10, 2026

History, Heritage & High Growth: Why India’s Youth Feel Unstoppable Under PM Modi’s Leadership