পূৰ্বৰ লাইনৰ ক্ষমতা বৃদ্ধি কৰিবলৈ, ৰে’লৰ চলাচল মসৃণ কৰা, ভিৰ হ্ৰাস কৰা আৰু ভ্ৰমণ তথা পৰিবহন ব্যৱস্থা সহজ কৰাত সহায় কৰা
প্ৰকল্পৰ নিৰ্মাণৰ সময়ত ৭.০৬ কোটি মানৱ দিন প্ৰত্যক্ষ নিযুক্তিৰ সৃষ্টি কৰিব
ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ২০০ এমটিপিএ প্ৰাবল্যৰ অতিৰিক্ত মালবাহী যাতায়ত হ'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ ১০০%পুঁজি ব্যয়েৰে ৰে' মন্ত্ৰালয়ৰ প্ৰায় ৩২,৫০০ কোটি টকাৰ আনুমানিক ব্যয়ৰ সাতটা প্ৰকল্পত অনুমোদন জনায়। মাল্টি-ট্ৰেকিঙৰ প্ৰস্তাৱসমূহে ৰে’লৰ চলাচল সহজ কৰিব আৰু ভিৰ হ্ৰাস কৰিব, যাৰ ফলত সমগ্ৰ ভাৰতীয় ৰে'লৱেৰ ব্যস্ততম অংশবোৰত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত উন্নয়ন হ’ব।

উত্তৰ প্ৰদেশবিহাৰতেলেংগানাঅন্ধ্ৰ প্ৰদেশমহাৰাষ্ট্ৰগুজৰাটওড়িশাঝাৰখণ্ড আৰু পশ্চিমবংগককে ধৰি ৯খন ৰাজ্যৰ ৩৫ খন জিলা সামৰি লোৱা প্ৰকল্পসমূহে ভাৰতীয় ৰে'লৰ পূৰ্বৰ নেটৱৰ্ক ,৩৩৯ কিলোমিটাৰ বৃদ্ধি কৰিব। তদুপৰি, ৰাজ্যসমূহৰ বহু লোকক ৭.০৬ কোটি মানৱ-দিনৰ নিযুক্তি প্ৰদান কৰিব।

 

প্ৰকল্পসমূহ হৈছেঃ-

ক্ৰ.নং

প্ৰকল্পৰ নাম

প্ৰকল্পৰ ধৰণ

গোৰখপুৰ-কেণ্টনমেণ্ট-বাল্মীকি নগৰ

বৰ্তমানৰ ৰে’ল লাইনসমূহক ডাবল লাইনলৈ ৰূপান্তৰ কৰা

সোণ নগৰ-অণ্ডাল মাল্টি-ট্ৰেকিং প্ৰকল্প

মাল্টি-ট্ৰেকিং

নাৰগুণ্ডি-বাৰাং আৰু খুৰ্দা ৰোড-বিজয়নগৰম

তিনিটা লাইন

মুদখেদ-মেদচল আৰু মেহবুবনগৰ-ধন

বৰ্তমানৰ ৰে’ল লাইনসমূহক ডাবল লাইনলৈ ৰূপান্তৰ কৰা

গুন্টুৰ-বিবিনগৰ

বৰ্তমানৰ ৰে’ল লাইনসমূহক দ্বৈত লাইনলৈ ৰূপান্তৰ কৰা

চপ-চুনাৰ

বৰ্তমানৰ ৰে’ল লাইনসমূহক দ্বৈত লাইনলৈ ৰূপান্তৰ কৰা

চামাখিয়ালী-গান্ধীধাম

পূ্ৰ্বৰ ৰে’ল লাইনবোৰ চাৰি টা লাইনলৈ ৰূপান্তৰ কৰা হৈছে

 

এই পথসমূহেৰে ৰে'লৱেই নিয়মীয়াকৈ খাদ্যশস্য, সাৰ, কয়লা, চিমেণ্ট, ফ্লাইএছ, লো, তীখা, ঝামা, খাৰুৱা তেল, চুনশিল, ভোজ্য তেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী নিয়মীয়াকৈ পৰিবহন কৰে। ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ২০০ এমটিপিএ প্ৰাবল্যৰ অতিৰিক্ত মালবাহী ৰে’ল যাতায়ত কৰিব৷

এতিয়া ৰে'লৱে পৰিৱেশ-অনুকূল আৰু পৰিবহণৰ শক্তি সক্ষম হৈ পৰিছে, সেয়েহে ই জলবায়ু লক্ষ্যৰ লগতে সামগ্ৰী পৰিবহণৰ ব্যয়ো হ্ৰাস কৰিব৷ এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰীৰ 'আত্মনিৰভৰ ভাৰত' গঢ়ি তোলাৰ সংকল্প আৰু দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা হ'ব। আনহাতে, 'প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন' কাৰ্যসূচীয়েও এই আঁচনি ৰূপায়ণত উদগনি যোগাব৷



Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's yuva shakti continues to make global impact: PM Modi

Media Coverage

India's yuva shakti continues to make global impact: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight