প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটে আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ‘ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (পিটুএম) নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিত নিম্নলিখিত ৰূপত অনুমোদন জনাইছে:

i. নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন (P2M) প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিখন ০১-০৪-২০২৪ৰ পৰা ৩১-০৩-২০২৫লৈকে ১,৫০০ কোটি টকাৰ আনুমানিক ব্যয়ৰে কাৰ্যকৰী কৰা হ’ব।

ii. এই আঁচনিখনৰ অধীনত কেৱল ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে ২০০০ টকা পৰ্যন্ত UPI (P2M) লেনদেন অন্তৰ্ভুক্ত কৰা হৈছে।

 

শ্ৰেণী

ক্ষুদ্ৰ ব্যৱসায়ী

ডাঙৰ ব্যৱসায়ী

 হাজাৰ টকা পৰ্যন্ত

শূন্য এমডিআৰ/উদ্গনি (@.১৫%)

শূন্য এমডিআৰ/কোনো উদ্গনি নাই

২ হাজাৰ টকাতকৈ অধিক

শূন্য এমডিআৰ/কোনো উদ্গনি নাই

শূন্য এমডিআৰ/কোনো উদ্গনি নাই

 

iii. লঘু ব্যৱসায়ীৰ শ্ৰেণীৰ অন্তৰ্গত ২০০০ টকা পৰ্যন্ত লেনদেনৰ বাবে প্ৰতিটো লেনদেনৰ মূল্যৰ ওপৰত ০.১৫ শতাংশ হাৰত উদ্গনি প্ৰদান কৰা হ’ব।

iv. আঁচনিখনৰ সকলো ত্ৰৈমাসিকৰ বাবে অধিগ্ৰহণকাৰী বেংকৰ দ্বাৰা অনুমোদিত দাবী কৰা ধনৰ ৮০ শতাংশ কোনো চৰ্ত নোহোৱাকৈ বিতৰণ কৰা হ’ব।

v. প্ৰতিটো ত্ৰৈমাসিকৰ বাবে অনুমোদিত দাবী কৰা ধনৰ বাকী থকা ২০ শতাংশৰ পৰিশোধ তলত দিয়া চৰ্তসমূহৰ ওপৰত নিৰ্ভৰশীল হ'ব:

  • অনুমোদিত দাবীৰ ১০ শতাংশ কেৱল তেতিয়াহে প্ৰদান কৰা হ’ব যেতিয়া অধিগ্ৰহণকাৰী বেংকৰ কাৰিকৰী অৱনতি ০.৭৫ শতাংশতকৈ কম হ’ব।
  • আৰু, অনুমোদিত দাবীৰ বাকী থকা ১০ শতাংশ কেৱল তেতিয়াহে প্ৰদান কৰা হ’ব যেতিয়া অধিগ্ৰহণকাৰী বেংকৰ ছিষ্টেম আপটাইম ৯৯.৫ শতাংশতকৈ অধিক হ’ব।

লাভ:

১। ডিজিটেল ফুটপ্ৰিণ্টৰ জৰিয়তে সুবিধাজনক, সুৰক্ষিত, দ্ৰুত নগদ ধনৰ প্ৰবাহ আৰু ঋণ পৰ্যন্ত উন্নত প্ৰৱেশ।

২। কোনো অতিৰিক্ত চাৰ্জ নোহোৱাকৈ সহজ পৰিশোধৰ সুবিধাৰ ফলত সাধাৰণ নাগৰিকসকলৰ লাভ হ’ব।

৩। ক্ষুদ্ৰ ব্যৱসায়ীসকলক কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ ইউপিআই সেৱা লাভ কৰিবলৈ সক্ষম কৰা। যিহেতু ক্ষুদ্ৰ ব্যৱসায়ীসকল মূল্যৰ প্ৰতি সংবেদনশীল, সেয়ে এই পদক্ষেপে তেওঁলোকক ইউপিআই পেমেণ্ট গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব।

৪। ডিজিটেল ৰূপত লেনদেনক আনুষ্ঠানিক কৰা আৰু তাৰ হিচাপ-নিকাচ ৰখাৰ জৰিয়তে ই কম নগদ ধনৰ অৰ্থনীতিৰ চৰকাৰৰ দৃষ্টিভংগীক সমৰ্থন কৰে।

৫। দক্ষতা লাভ – ২০ শতাংশ উদ্গনি বেংকসমূহে উচ্চ ছিষ্টেম আপটাইম আৰু কম কাৰিকৰী অৱনতি বজাই ৰখাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ দ্বাৰা নাগৰিকসকলৰ বাবে ২৪ ঘণ্টাই পেমেণ্ট সেৱাৰ উপলব্ধতা নিশ্চিত হ’ব।

৬। ইউপিআইৰ লেনদেনৰ বৃদ্ধি আৰু চৰকাৰী ৰাজকোষৰ ওপৰত ন্যূনতম আৰ্থিক বোজা দুয়োটাৰে মাজত এক বিচক্ষণ ভাৰসাম্য।

উদ্দেশ্য:

  • থলুৱা ভীম-উপিআই মঞ্চক প্ৰসাৰিত কৰা। ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ২০,০০০ কোটি টকাৰ লেনদেনৰ লক্ষ্যত উপনীত হোৱা।
  • পেমেণ্ট ব্যৱস্থাৰ অংশগ্ৰহণকাৰীসকলক এটা শক্তিশালী আৰু সুৰক্ষিত ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি গঢ়ি তোলাত সহায় কৰা।
  • ফিচাৰ ফোন ভিত্তিক (ইউপিআই ১২৩পে) আৰু অফলাইন (ইউপিআই লাইট/ইউপিআই লাইটএক্স) পেমেণ্ট সমাধানৰ দৰে উদ্ভাৱনীমূলক সামগ্ৰীৰ প্ৰচাৰ কৰি টিয়াৰ ৩ৰ পৰা ৬ পৰ্যন্ত চহৰত, বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত ইউপিআইৰ প্ৰৱেশ।
  • উচ্চ ছিষ্টেম আপটাইম বজাই ৰখা আৰু কাৰিকৰী অৱনতি কম কৰা।

পৃষ্ঠভূমি:

ডিজিটেল পেমেণ্টক প্ৰসাৰ কৰাটো বিত্তীয় সমাৱেশনৰ বাবে চৰকাৰৰ ৰণনীতিৰ এক অবিচ্ছেদ্য অংশ আৰু ই সাধাৰণ মানুহক ব্যাপক পেমেণ্টৰ বিকল্প প্ৰদান কৰে। ডিজিটেল পেমেণ্ট উদ্যোগে নিজৰ গ্ৰাহক/ব্যৱসায়ীক সেৱা প্ৰদান কৰাৰ সময়ত কৰা খৰচ মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ) চাৰ্জৰ জৰিয়তে আদায় কৰা হয়।

আৰবিআইৰ মতে, সকলো কাৰ্ড নেটৱৰ্কত (ডেবিট কাৰ্ডৰ বাবে) লেনদেনৰ মূল্যৰ ০.৯০ শতাংশলৈকে এমডিআৰ প্ৰযোজ্য। এনপিচিআইৰ মতে, ইউপিআই পিটুএম লেনদেনৰ বাবে লেনদেনৰ মূল্যৰ ০.৩০ শতাংশ পৰ্যন্ত এমডিআৰ প্ৰযোজ্য। ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ডিজিটেল লেনদেনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে পেমেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেমছ এক্ট, ২০০৭ৰ ধাৰা ১০এ আৰু আয়কৰ অধিনিয়ম, ১৯৬১ৰ ধাৰা ২৬৯এছইউৰ সংশোধনৰ জৰিয়তে ৰূপে ডেবিট কাৰ্ড আৰু ভীম-ইউপিআই লেনদেনৰ বাবে এমডিআৰ শূন্য কৰা হৈছিল।

সেৱাৰ ফলপ্ৰসূ বিতৰণত পেমেণ্ট ইক’-ছিষ্টেমৰ অংশগ্ৰহণকাৰীসকলক সহায় কৰিবলৈ কেবিনেটৰ অনুমোদন সাপেক্ষে “ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ বিএইচআইএম-ইউপিআই লেনদেন (পিটুএম)ৰ প্ৰসাৰৰ বাবে উদ্গনিমূলক আঁচনি” ৰূপায়ণ কৰা হৈছে। যোৱা তিনিটা বিত্তীয় বৰ্ষত চৰকাৰে প্ৰদান কৰা বছৰেকীয়া উদ্গনিমূলক পৰিশোধ (কোটি টকাত):

 

বিত্তীয় বৰ্ষ

ভাৰত চৰকাৰ পৰিশোধ

ৰূপে ডেবিট কাৰ্ড

ভীম-ইউপিআই

বিত্তীয় বৰ্ষ ২০২১-২০২২

১,৩৮৯

৪৩২

৯৫৭

বিত্তীয় বৰ্ষ ২০২২-২০২৩

২,২১০

৪০৮

১,৮০২

বিত্তীয় বৰ্ষ ২০২৩-২০২৪

৩,৬৩১

৩৬৩

৩,২৬৮

 

চৰকাৰে উদ্গনিৰ পৰিশোধ অধিগ্ৰহণকাৰী বেংক (ব্যৱসায়ীৰ বেংক)ক প্ৰদান কৰে আৰু তাৰ পিছত অন্যান্য অংশীদাৰসকলৰ মাজত ভাগ কৰা হয়: ইছ্যু কৰা বেংক (গ্ৰাহকৰ বেংক), পেমেণ্ট সেৱা প্ৰদানকাৰী বেংক (ইউপিআইএপ/এপিআই একীকৰণত গ্ৰাহকক অন্তৰ্ভুক্ত কৰাৰ সুবিধা প্ৰদান কৰে) আৰু এপ প্ৰদানকাৰী (টিপিএপি)।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy