প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসম আৰু ত্ৰিপুৰালৈ মুঠ ৪,২৫০ কোটি টকা ব্যয় সাপেক্ষে বিশেষ উন্নয়ন পেকেজৰ (SDP) বৰ্তমানৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত চাৰি নতুন উপাংশত অনুমোদন জনায়।

সবিশেষঃ

  • অসমৰ আদিবাসী গোটৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে স্বাক্ষৰিত কৰা মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS) অনুসৰি অসমৰ আদিবাসী বসতিপ্ৰধান গাঁও/এলেকাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০০ কোটি টকা।
  • ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অসমৰ ডিমাছা নেচনেল লিবাৰেচন আৰ্মি (DNLA)/ ডিমাছা পিপুলছ ছুপ্ৰিম কাউন্সিল (DPSC) গোটৰ সৈতে স্বাক্ষৰিত কৰা মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS) অনুসৰি অসমৰ ডিমাছা নেচনেল লিবাৰেচন আৰ্মিৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ (NCHAC) এলেকা/ ডিমাছা পিপুলছ ছুপ্ৰিম কাউন্সিলৰ বসতিপ্ৰধান গাঁও/ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০০ কোটি টকা।
  • ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অসমৰ আলফা গোটৰ সৈতে স্বাক্ষৰিত কৰা মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS) অনুসৰি অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩,০০০ কোটি টকা।
  • ত্ৰিপুৰাৰ নেচনেল লিবাৰেচন ফ্ৰন্ট অৱ ত্ৰিপুৰা (NLFT) আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ (ATTF) গোটৰ সৈতে ভাৰত চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰে স্বাক্ষৰিত কৰা মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS) অনুসৰি ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে ২৫০ কোটি টকা।

বিত্তীয় দিশঃ

প্ৰস্তাৱিত চাৰি নতুন উপাংশত সামগ্ৰিক ব্যয় হ’ব ৭,২৫০ কোটি টকা। ইয়াৰে ৪,২৫০ কোটি টকা অসম (৪০০০ কোটি টকা) আৰু ত্ৰিপুৰালৈ (২৫০ কোটি টকা) বিশেষ উন্নয়ন পেকেজৰ বৰ্তমানৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত আগবঢ়োৱা হ’ব আৰু বাকী ৩,০০০ কোটি টকা অসম চৰকাৰে নিজ সম্পদৰ পৰা বৰঙণি আগবঢ়াব।

অসম আৰু ত্ৰিপুৰাৰ নৃগোষ্ঠীয় গোটৰ সৈতে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰে স্বাক্ষৰিত কৰা মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS) অনুসৰি ৪,২৫০ কোটি টকাৰ ভিতৰত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০২৯-৩০ লৈকে পাঁচ বছৰৰ বাবে অসমৰ তিনিটা উপাংশৰ ক্ষেত্ৰত ৪,০০০ কোটি টকা ব্যয় আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ লৈকে চাৰি বছৰৰ বাবে ত্ৰিপুৰাৰ এটা উপাংশৰ ক্ষেত্ৰত ২৫০ কোটি টকা ব্যয় কৰা হ’ব।

নিয়োগ সৃষ্টিৰ সম্ভাৱনাকে প্ৰমুখ্য কৰি প্ৰভাৱঃ

  • আন্তঃগাঁথনি আৰু জীৱিকা প্ৰকল্পই কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব
  • দক্ষতা বিকাশ, আয় সৃষ্টি আৰু স্থানীয় উদ্যমিতাই যুৱক-যুৱতী আৰু মহিলাসকলক উপকৃত কৰিব
  • প্ৰভাৱিত সমাজসমূহৰ মাজত সুস্থিৰতাৰ সঞ্চাৰ আৰু তেওঁলোকক মূলসুঁতিলৈ আনিব বুলি আশা কৰা হৈছে

লাভা-লাভসমূহঃ

এই আঁচনিখনৰ জৰিয়তে বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম আৰু ত্ৰিপুৰাক লক্ষ্য কৰি লোৱা হৈছে। ই ইকুইটিক প্ৰসাৰিত কৰিবঃ

  • বৰ্তমানৰ ভিন্ন চৰকাৰী আঁচনিৰ পৰা পৰ্য্যাপ্তভাৱে লাভৱান নোহোৱা দুৰ্বল আৰু প্ৰান্তীয় লোকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধন;
  • নিয়োগৰ সুযোগ বৃদ্ধি, স্বাস্থ্য সেৱা প্ৰদান, যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে জীৱিকাৰ কাৰ্য্যকলাপৰ জৰিয়তে শিক্ষা আৰু দক্ষতা তথা আয়ৰ প্ৰসাৰ;
  • দেশৰ আন-আন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন বৃদ্ধি, ইয়াৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে অতিৰিক্ত কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগৰ উন্মেষ ঘটিব।

ইয়াৰ জৰিয়তে সমগ্ৰ অসমৰ আদিবাসী আৰু ডিমাছা জনগোষ্ঠীৰ লক্ষ-লক্ষ লোক, অসমৰ ভিন্ন জিলাত বসবাস কৰা লোক আৰু ত্ৰিপুৰাৰ জনজাতীয় সমাজসমূহৰ লাখ-লাখ লোক উপকৃত হ’ব।

বিশেষ উন্নয়ন পেকেজৰ অব্যাহত কেন্দ্ৰীয় খণ্ডৰ আঁচনিৰ অধীনত এই নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। পূৰ্বৰ মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS)-ভিত্তিক পেকেজসমূহে (যেনেঃ বড়ো আৰু কাৰ্বি গোটৰ বাবে) শান্তি-স্থাপন আৰু উন্নয়ন সাধনৰ ক্ষেত্ৰত ইতিবাচক ফলাফল প্ৰদৰ্শন কৰিছে।

পটভূমিঃ

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰে সংশ্লিষ্ট নৃগোষ্ঠীয় গোট (আদিবাসী গোট – ২০২২, ডিএনএলএ/ ডিপিএছচি – ২০২৩, আলফা – ২০২৩, এনএলএফটি/ এটিটিএফ – ২০২৪)-ৰ সৈতে মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS) স্বাক্ষৰিত কৰিছিল। উক্ত মেমৰেণ্ডাম অৱ চেটেলমেন্ট (MoS)-সমূহৰ লক্ষ্য হৈছে আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক প্ৰকল্পৰাজিৰ জৰিয়তে শান্তি, সৰ্বাংগীন উন্নয়ন আৰু পুনৰ্বাসনক প্ৰসাৰ কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.