প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে উত্তৰ-পূৰ্বাঞ্চলৰ (NER) জল বিদ্যুৎ প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহলৈ তেওঁলোকৰ ইকুইটি অংশগ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ মাজত যৌথ উদ্যোগ (JV) সহযোগিতাৰ জৰিয়তে কেন্দ্ৰীয় আৰ্থিক সাহায্য (CFA) আগবঢ়াবলৈ শক্তি মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

৪১৩৬ কোটি টকা ব্যয়-সাপেক্ষে ২০২৪-২৫ বিত্তীয় বৰ্ষৰপৰা ২০৩১-৩২ বিত্তীয় বৰ্ষলৈ আঁচনিখন ৰূপায়ণ কৰা হ’ব। এই আঁচনিয়ে প্ৰায় ১৫০০০ মেগাৱাট সঞ্চিত জল ক্ষমতাক সমৰ্থন কৰিব। এই আঁচনিৰ বাবে শক্তি মন্ত্ৰালয়ৰ মুঠ ব্যয়ৰপৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১০% মুঠ বাজেট সমৰ্থন (GBS)ৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হ’ব।

শক্তি মন্ত্ৰালয়ে প্ৰণয়ন কৰা আঁচনিখনত ৰাজ্য চৰকাৰৰ সৈতে কেন্দ্ৰীয় পিএছইউৰ সকলো প্ৰকল্পৰ বাবে যৌথ উদ্যোগ (JV) কোম্পানী গঠনৰ ব্যৱস্থা কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰৰ ইকুইটি অংশৰ দিশত এই অনুদানৰ সীমা হ’ব প্ৰতিটো প্ৰকল্পৰ বাবে সৰ্বাধিক ৭৫০ কোটি টকা অনুসাৰে মুঠ প্ৰকল্প ইকুইটিৰ ২৪%। প্ৰয়োজন সাপেক্ষে প্ৰতিটো প্ৰকল্পৰ বাবে ৭৫০ কোটি টকাৰ সীমা পুনৰ বিবেচনা কৰা হ’ব। অনুদান প্ৰদানৰ সময়ত জেভিত চিপিএছইউ আৰু ৰাজ্য চৰকাৰৰ ইকুইটিৰ অনুপাত অক্ষুণ্ণ ৰখা হ’ব।

কেন্দ্ৰীয় আৰ্থিক সাহায্য কেৱল কাৰ্য্যক্ষম জল বিদ্যুৎ প্ৰকল্পৰ মাজতে সীমাবদ্ধ থাকিব। ৰাজ্যসমূহে প্ৰকল্পটো কাৰ্য্যক্ষম কৰি তুলিবলৈ বিনামূলীয়া শক্তি ৰেহাই / ষ্টেগাৰ আৰু / বা এছজিএছটি পৰিশোধ কৰিব লাগিব।

এই আঁচনি প্ৰৱৰ্তন কাৰ্য্যই জল উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ অংশগ্ৰহণক উৎসাহিত কৰিব তথা বিপদাশংকা আৰু দায়িত্বসমূহ অধিক সমতাপূৰ্ণভাৱে ভাগ কৰিব। ৰাজ্য চৰকাৰসমূহ অংশীদাৰ হোৱাৰ লগে-লগে ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনৰ সংস্থাপন তথা স্থানীয় আইন-শৃংখলাৰ বিষয়সমূহ সহজ হৈ পৰিব। ইয়াৰ ফলত প্ৰকল্পসমূহৰ সময় আৰু ব্যয় হ্ৰাস পাব।

এই আঁচনিখনে উত্তৰ-পূৰ্বাঞ্চলৰ জলবিদ্যুৎ খণ্ডৰ সম্ভাৱনাৰাজিৰ সদ্ব্যৱহাৰত এটি উল্লেখযোগ্য ভূমিকা পালন কৰিব। ই উত্তৰ-পূৰ্বাঞ্চললৈ বৃহৎ বিনিয়োগৰ সঞ্চাৰ আৰু পৰিবহণ, পৰ্যটন, ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে পৰোক্ষ নিয়োগ / উদ্যমিতাৰ সুযোগৰ লগতে স্থানীয় জনসাধাৰণলৈ প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সুযোগ প্ৰশস্ত কৰিব। জলবিদ্যুৎ প্ৰকল্পসমূহৰ উন্নয়নে ২০৩০ৰ ভিতৰত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা সংস্থাপনৰ অৰ্থে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (INDC)ৰ লক্ষ্য বাস্তৱায়িতকৰণত অৰিহণা যোগাব আৰু গ্ৰীডত আৰই উৎসসমূহৰ একত্ৰীকৰণত সহায় কৰিব, যাৰ ফলত ৰাষ্ট্ৰীয় গ্ৰীডৰ নমনীয়তা, সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি পাব।

জল শক্তি উন্নয়নত বাধাৰ সৃষ্টি কৰা সমস্যাসমূহ সমাধানৰ বাবে ভাৰত চৰকাৰে একাধিক নীতিগত পদক্ষেপ গ্ৰহণ কৰিছে। জল শক্তি খণ্ডটোক প্ৰোৎসাহিত কৰিবলৈ আৰু ইয়াক অধিক কাৰ্য্যক্ষম কৰি তুলিবলৈ কেবিনেটে ২০১৯ৰ ৭ মাৰ্চত কেইবাটাও ব্যৱস্থাত অনুমোদন জনাইছিল যিয়ে বৃহৎ জল শক্তি প্ৰকল্পসমূহক নবীকৰণযোগ্য শক্তিৰ উৎস হিচাপে ঘোষণা কৰা, জল শক্তি ক্ৰয় বাধ্যবাধকতা (HPO), শুল্ক যুক্তিসংগতকৰণ ব্যৱস্থাৰ জৰিয়তে শুল্ক বৃদ্ধি, ষ্টৰেজ এইচইপিত বান নিয়ন্ত্ৰণ তথা পথ আৰু দলং নিৰ্মাণৰ দৰে আন্তঃগাঁথনি বৃদ্ধিৰ বাবে বাজেটৰ সমৰ্থনৰ পথ প্ৰশস্ত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi