মুঠ ২৫ কোটি টকাৰ শ্বেয়াৰ কেপিটেল সহ নিগমটো এই কেন্দ্রশাসিত অঞ্চলৰ উন্নয়নৰ এনেকুৱা প্রথম প্রতিষ্ঠান হৈ উঠিব
এই নিগমে শিল্প, পর্যটন, পৰিবহণ সহ স্থানীয় পণ্য আৰু হস্তশিল্পৰ বিপণনত কাম কৰিব
লাদাখৰ পৰিকাঠামো উন্নয়নত প্রধান নির্মাণকাৰী সংস্থা হিচাপে এই নিগমে কাম কৰিব
কর্মসংস্থানৰ সুযোগ সৃষ্টিৰ লগতে লাদাখ অঞ্চলৰ সার্বিক আৰু সুসংহত বিকাশৰ মাধ্যমত এই নিগমে আত্মনির্ভৰ ভাৰতৰ উদ্দেশ্য বাস্তবায়িত কৰিব

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাই কেন্দ্রশাসিত লাদাখৰ বাবে এটা সুসংবদ্ধ বহু উদ্দেশ্যসাধক পৰিকাঠামো উন্নয়ন নিগমৰ প্রস্তাব অনুমোদন কৰিছে।

লগতে মন্ত্রীসভাই এই নিগমৰ মেনেজিং ডায়ৰেক্টৰ পদ সৃষ্টি সহ বেতনক্রম ১ লক্ষ ৪৪ হাজাৰ ২০০ টকাৰ পৰা ২ লক্ষ ১৮ হাজাৰ ২০০ টকাৰ মাহিলী বেতনৰ প্রস্তাবো মঞ্জুৰ কৰিছে।

এই নিগমৰ স্বীকৃত শ্বেয়াৰ মূলধনৰ পৰিমাণ হ'ব ২৫ কোটি টকা আৰু নিগমৰ কামকাজ পৰিচালনাত বার্ষিক খৰচৰ পৰিমাণ হ'বগৈ প্রায় ২ কোটি ৪২ লক্ষ টকা। লাদাখ অঞ্চলত এই নিগম এনেকুৱা নতুন প্রতিষ্ঠান হৈ উঠিবলৈ গৈছে। উল্লেখ কৰিব পাৰি যে নবগঠিত লাদাখ কেন্দ্রশাসিত অঞ্চলত এনেকুৱা কোনো প্রতিষ্ঠান নাই। এই প্রতিষ্ঠানটো গঢ়ি উঠিলে কর্মসংস্থানৰ সুযোগ সৃষ্টিৰ লগতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কর্মকাণ্ড আৰু ত্বৰান্বিত হ'ব। এই নিগমে শিল্প, সংস্থা, পর্যটন, পরিবহণ সহ স্থানীয় পণ্যসামগ্রী আৰু হস্তশিল্পৰ বিপণনতো কাম কৰিব। আনকি, লাদাখত পৰিকাঠামোৰ উন্নয়নত প্রধান নির্মাণকাৰী সংস্থা হিচাপেও নিগমে দায়িত্ব পালন কৰিব।

এই নিগম গঢ়ি উঠিলে কেন্দ্রশাসিত লাদাখৰ সুসংবদ্ধ আৰু সার্বিক উন্নয়ন আৰু ত্বৰান্বিত হ'ব। সমান্তৰালকৈ, কেন্দ্রশাসিত এই অঞ্চলৰ সাধাৰণ মানুহৰ আর্থ-সামাজিক উন্নয়নত আৰু অগ্রগতি হ'ব।

এই প্রতিষ্ঠানটোৰ ফলত উন্নয়নমূলক কর্মকাণ্ডই বহুমুখী ৰূপ পাব। ইয়াৰ ফলত মানবসম্পদৰ বিকাশ ঘটিব আৰু এই সম্পদৰ সর্বাধিক সদ্ব্যৱহাৰ সুনিশ্চিত হ'ব। আনকি, এই নিগমে কেন্দ্রশাসিত লাদাখত পণ্য উৎপাদন আৰু পৰিসেৱাৰ ক্ষেত্রত ডাঙৰ ভূমিকা পালন কৰিব আৰু পণ্যৰ সুষ্ঠ সৰবৰাহত সহায় কৰিব। সামগ্রিকভাবে এই নিগমে আত্মনির্ভৰ ভাৰতৰ উদ্দেশ্য বাস্তবায়নত সুদূৰপ্রসাৰী ভূমিকা গ্ৰহণ কৰিব।

প্রেক্ষাপট

১) জম্মু আৰু কাশ্মীৰ পুনর্গঠন, ২০১৯ অনুযায়ী, পূর্বতন জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ পুনর্গঠনৰ ওপৰত ভিত্তি কৰি কেন্দ্রশাসিত লাদাখ ২০১৯ৰ ৩১ ডিচেম্বৰত গঠিত হয়। অৱশ্যে, এই কেন্দ্রশাসিত অঞ্চলত কোনো বিধানসভা নাই।

২) জম্মু আৰু কাশ্মীৰ পুনর্গঠন আইন, ২০১৯ৰ ৮৫ নং ধাৰাৰ আওতাত এখন পৰামর্শদাতা কমিটি গঠন কৰা হৈছিল। এই কমিটি পূর্বতন জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ সম্পদৰ বন্টন আৰু দায়বদ্ধতা সম্পর্কে পৰামৰ্শ দিয়াৰ বাবে গঠন কৰা হৈছে। নবগঠিত দুই কেন্দ্রশাসিত অঞ্চল জম্মু আৰু কাশ্মীৰ তথা লাদাখৰ মাজত সম্পদৰ বন্টন আৰু দায়বদ্ধতাৰ বিষয়টোত সুপাৰিশ জনাবলৈ কমিটি গঠন কৰা হৈছিল। এই কমিটিয়ে তাৰ অন্তর্বর্তীকালীন সুপাৰিশত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ সুসংবদ্ধ উন্নয়ন নিগম লিমিটেডৰ দৰে এটা সুসংবদ্ধ পৰিকাঠামো উন্নয়ন লিমিটেড কেন্দ্রশাসিত লাদাখত গঠনৰ সুপাৰিশ কৰে। লাদাখৰ চাহিদা অনুযায়ী বিভিন্ন উন্নয়নমূলক কর্মকাণ্ড পৰিচালনাৰ দায়িত্ব গ্রহণৰ লক্ষ্যত এই নিগম গঠনৰ সুপাৰিশ কৰা হয়।

৩) কমিটিৰ সুপাৰিশ অনুযায়ী, কেন্দ্রশাসিত লাদাখে এনেকুৱা নিগম গঠনৰ বাবে সংশ্লিষ্ট মন্ত্রালয়ৰ ওচৰলৈ প্রস্তাব প্ৰেৰণ কৰে। লাদাখৰ এই প্রস্তাব অর্থ মন্ত্রালয়ৰ প্রতিষ্ঠান স্থাপন সংক্রান্তীয় ব্যয় নির্বাহ কমিটিয়ে যোৱা এপ্রিল মাহত মঞ্জুৰ কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian coffee exports reach 140 countries in FY2025–26

Media Coverage

Indian coffee exports reach 140 countries in FY2025–26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥