প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত পঞ্চদশ বিত্ত আয়োগ ২০২১-২২ ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাত মুঠ ব্যয় ২২৭৭.৩৯৭ কোটি টকা ব্যয়সাপেক্ষ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (ডিএছআইআৰ)ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা/ঔদ্যোগিক গৱেষণা পৰিষদৰ আঁচনি ক্ষমতা নিৰ্মাণ আৰু মানৱ সম্পদ উন্নয়নত অনুমোদন জনাইছে।

 

চিএছআইআৰ-ৰ দ্বাৰা ৰূপায়িত এই আঁচনিখনৰ অধীনত সমগ্ৰ দেশৰে গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় গৱেষণাগাৰ,ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান, প্ৰখ্যাত প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় সামৰি লোৱা হ'ব। এই পদক্ষেপে বিশ্ববিদ্যালয়, উদ্যোগ, ৰাষ্ট্ৰীয় গৱেষণা আৰু উন্নয়ন পৰীক্ষাগাৰ তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহত কেৰিয়াৰ গঢ়াৰ অভিলাখ থকা যুৱ উৎসাহী গৱেষকসকলক এক বিস্তৃত মঞ্চ প্ৰদান কৰিছে। বিশিষ্ট বিজ্ঞানী তথা অধ্যাপকসকলৰ দ্বাৰা পৰিচালিত এই আঁচনিখনে বিজ্ঞান, প্ৰযুক্তি আৰু অভিযান্ত্ৰিক, চিকিৎসা আৰু গাণিতিক বিজ্ঞানৰ প্ৰগতি ত্বৰান্বিত কৰিব।

 

ভাৰতত প্ৰতি নিযুত জনসংখ্যাত গৱেষক বৃদ্ধি কৰি বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজিৰ সফলতাৰ ক্ষেত্ৰত সামৰ্থ্য নিৰ্মাণ আৰু মানৱ সম্পদ উন্নয়ন আঁচনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই আঁচনিখনে ক্ষমতা নিৰ্মাণ কৰি ইয়াৰ প্ৰাসংগিকতা প্ৰদৰ্শন কৰিছে আৰু বিজ্ঞান প্ৰযুক্তি খণ্ডত উচ্চ মানসম্পন্ন মানৱ সম্পদ বৃদ্ধি কৰিছে।

বিগত দশকত ভাৰত চৰকাৰে বিজ্ঞান আৰু প্ৰযুক্তি (এছ এণ্ড টিত গৱেষণা তথা বিকাশৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে আন্তৰ্জাতিক উদ্ভাৱন সূচকাংকত দেশৰ স্থিতি উন্নত কৰি ২০২৪ চনত বিশ্ব বৌদ্ধিক সম্পত্তি সংগঠন ৰেংকিং অনুসৰি ৩৯সংখ্যক স্থানলৈ উন্নীত কৰিছে। এই স্থান প্ৰধানমন্ত্ৰী দিকদৰ্শী নেতৃত্বত ভৱিষ্যতে অধিক উন্নত হ’ব বুলি আশা কৰিব পাৰি।আমেৰিকা যুক্তৰাষ্ট্ৰৰ এন এছ এফ-ৰ তথ্য অনুসৰি, ভাৰত এতিয়া বৈজ্ঞানিক কাকত প্ৰকাশনসমূহৰ ক্ষেত্ৰত শীৰ্ষ তিনিটা স্থানত আছে। ডিএছ আই আৰৰ আঁচনিখনে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডৰ সাফল্যত গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা হাজাৰ হাজাৰ গৱেষক আৰু বিজ্ঞানীক সমৰ্থন কৰিছে।

 

এই অনুমোদনে দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ গৱেষণা আৰু উন্নয়ন খণ্ডত প্ৰগতি ত্বৰান্বিত কৰা সৰ্বাত্মক আঁচনি ৰূপায়ণৰ জৰিয়তে ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণাৰ ৮৪ বছৰত চিএছআইআৰ-ত এক ঐতিহাসিক মাইলৰ খুঁটি সৃষ্টি কৰে। চিএছআইআৰৰ সৰ্বাত্মক আঁচনি ‘সামৰ্থ্য নিৰ্মাণ আৰু মানৱ সম্পদ উন্নয়ন’ৰ অধীনত থকা আন চাৰিখন উপ-আঁচনি হৈছে- (১) ডক্টৰেল আৰু পোষ্টডক্টৰেল ফেলশ্বিপ (২) এক্সট্ৰামুৰেল ৰিছাৰ্চ আঁচনি, এমেৰিটাছ বিজ্ঞানী আঁচনি আৰু ভাটনগৰ ফেল' শ্বিপ কাৰ্যসূচী। (৩) বঁটা আঁচনিৰ জৰিয়তে উৎকৃষ্টতাৰ প্ৰচাৰ আৰু স্বীকৃতি; (৪) ভ্ৰমণ আৰু চিম্পোচিয়া অনুদান আঁচনিৰ জৰিয়তে জ্ঞানৰ আদান-প্ৰদান কৰা।

 

এই পদক্ষেপে এক শক্তিশালী গৱেষণা আৰু উন্নয়ন চালিত উদ্ভাৱনী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ অংগীকাৰ প্ৰতিফলিত কৰাৰ লগতে একবিংশ শতিকাত আন্তৰ্জাতিক নেতৃত্বৰ বাবে ভাৰতীয় বিজ্ঞানক সাজু কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride