প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC)ক কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি (CSS) হিচাপে ০১-০৪-২০২৩ ৰপৰা ৩১-০৩-২০২৬লৈ অব্যাহত ৰখাত অনুমোদন জনাইছে। ইয়াৰ বাবে ১৯৫২.২৩ কোটি টকা (কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ১২০৭.২৪ কোটি টকা আৰু ৰাজ্যিক অংশীদাৰিত্ব হিচাপে ৭৪৪.৯৯ কোটি টকা) নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় অংশ নিৰ্ভয়া পুঁজিৰপৰা আগবঢ়োৱা হ’ব। ০২-১০-২০১৯ত এই আঁচনিৰ শুভাৰম্ভ হৈছিল।

‘বেটি বচাও বেটি পঢ়াও’ কাৰ্য্যক্ৰমৰ দৰে এলানি পদক্ষেপে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিতকৰণৰ অৰ্থে চৰকাৰৰ অদম্য অগ্ৰাধিকাৰক স্পষ্ট কৰি তুলিছে। কন্যা শিশু আৰু মহিলাক ধৰ্ষণৰ দৰে অনাকাংক্ষিত ঘটনাসমূহে ৰাষ্ট্ৰখনক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এনে কাণ্ডৰ সঘনতা আৰু অপৰাধীৰ দীৰ্ঘদিনীয়া বিচাৰৰ বাবে, বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিব পৰাকৈ আৰু যৌন অপৰাধৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলক তাৎক্ষণিকভাৱে সকাহ দিবলৈ এক সমৰ্পিত আদালত ব্যৱস্থাৰ স্থাপন আৱশ্যকীয় হৈ পৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে "ফৌজদাৰী আইন (সংশোধনী) আইন, ২০১৮" প্ৰণয়ন কৰে, যি ধৰ্ষণৰ অপৰাধীৰ মৃত্যুদণ্ডকে ধৰি কঠোৰ শাস্তি প্ৰশস্ত কৰে আৰু ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC) গঠন কৰে।

সমৰ্পিত আদালত হিচাপে গঠন কৰা এফটিএছচিসমূহে দ্ৰুত ন্যায় ব্যৱস্থা নিশ্চিতকৰণেৰে ভুক্তভোগীসকলক ক্ষীপ্ৰতাৰে সকাহ প্ৰদানৰ লগতে যৌন অপৰাধ প্ৰতিৰোধৰ কাঠামো সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।

ভাৰতীয় ইউনিয়নে আগষ্ট, ২০১৯ত ধৰ্ষণ আৰু যৌন অপৰাধৰপৰা শিশুৰ সুৰক্ষা আইন (POCSO Act) সম্পৰ্কীয় গোচৰৰ সময়োচিত নিষ্পত্তিকৰণৰ বাবে এফটিএছচি স্থাপনৰ অৰ্থে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা আঁচনি যুগুত কৰিছিল। ২৫-০৭-২০১৯ৰ নিজাববীয়া লেখ আবেদন (ফৌজদাৰী) নং ১/২০১৯ সন্দৰ্ভত ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসাৰে, আঁচনিখনৰ অধীনত ১০০ ৰোধিক পকচো আইনৰ গোচৰ থকা জিলাসমূহৰ বাবে একচেটিয়া পকচো আদালত স্থাপনৰ নিৰ্দেশ প্ৰদান কৰা হয়। আৰম্ভণিতে অক্টোবৰ, ২০১৯ত এবছৰৰ বাবে আৰম্ভ কৰা আঁচনিখন অতিৰিক্ত দুবছৰৰ বাবে ৩১-০৩-২০২৩লৈ সম্প্ৰসাৰিত কৰা হৈছিল। এতিয়া, ইয়াক ৩১-০৩-২০২৬লৈ সম্প্ৰসাৰিত কৰা হৈছে। এই ক্ষেত্ৰত ১৯৫২.২৩ কোটি টকা বিত্তীয় ব্যয় নিৰ্ধাৰণ কৰা হৈছে আৰু নিৰ্ভয়া পুঁজিৰপৰা কেন্দ্ৰীয় অংশ আগবঢ়োৱা হ’ব।

আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগে ৰূপায়ণ কৰা এফটিএছচি-কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনিখনে সমগ্ৰ দেশতে এফটিএছচি স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ ক্ষমতা বৃদ্ধিৰে ধৰ্ষণ আৰু পকচো আইনৰে জড়িত গোচৰসমূহৰ ক্ষীপ্ৰ নিষ্পত্তি নিশ্চিত কৰিছে।

ত্ৰিশখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ কৰা আঁচনিখনে ৪১৪ খন বিশেষ পকচো আদালতকে ধৰি ৭৬১ খন এফটিএছচি কাৰ্য্যকৰী কৰিছে, যিসমূহে ১,৯৫,০০০ ৰোধিক গোচৰ সমাধা কৰিছে। এই আদালতসমূহে যৌন অপৰাধৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলক সময়মতে ন্যায় প্ৰদানৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে। আনকি প্ৰত্যন্ত অঞ্চলসমূহতো এনে আদালত স্থাপন কৰা হৈছে।

আঁচনিখনৰপৰা আশা কৰা ফলাফলসমূহ তলত উল্লেখ কৰা হ’লঃ

  • যৌন আৰু লিংগ-ভিত্তিক হিংসাৰ অৱসান ঘটাবলৈ ৰাষ্ট্ৰখনৰ দায়বদ্ধতাৰ প্ৰতিফলন।
  • ধৰ্ষণ আৰু পচকো আইনৰ বিচাৰাধীন গোচৰসমূহ হ্ৰাসেৰে ন্যায়িক ব্যৱস্থাত থকা বোজাৰ উপশম ঘটোৱা।
  • উন্নত সুবিধা আৰু ক্ষীপ্ৰ বিচাৰৰ জৰিয়তে যৌন অপৰাধৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলৰ বাবে ন্যায়ৰ দ্ৰুত সুবিধা নিশ্চিতকৰণ।
  • গোচৰৰ বোজা পৰিচালনাযোগ্য পৰিসংখ্যালৈ হ্ৰাস কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional