প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে ৩৯৩৬.০৫ কোটি টকা ব্যয়সাপেক্ষে বিহাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাগৰিয়া-পুৰ্নিয়া খণ্ডটো ফ’ৰলেনলৈলৈ (১৪৩.৫২৯ কিলোমিটাৰ) উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে।

বিহাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ খাগৰিয়া-পুৰ্নিয়া খণ্ডৰ প্ৰস্তাৱিত উন্নীতকৰণে খাগৰিয়া, ভাগলপুৰ, কাটিহাৰ আৰু পূৰ্ণিয়া জিলাৰ সমগ্ৰ নিৰ্মাণ অঞ্চলসমূহত জ্যামিতিক অভাৱ, তীব্ৰ বক্ৰতা আৰু জৰাজীৰ্ণতা দূৰ কৰিব। এই প্ৰকল্পৰ অংশ হিচাপে পুৰ্ণিয়া চহৰৰ ৬.৭২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সম্প্ৰসাৰিত গ্ৰীণফিল্ড বাইপাছ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পই গড় যাত্ৰাৰ গতি বৃদ্ধি কৰিব, যাত্ৰাৰ সময় প্ৰায় দুঘণ্টা হ্ৰাস কৰিব আৰু সামগ্ৰিক পথ সুৰক্ষা, ইন্ধন দক্ষতা আৰু বাহন পৰিচালনাৰ ব্যয় উন্নত কৰিব, যাৰ ফলত আঞ্চলিক গতিশীলতা আৰু আৰ্থ-সামাজিক বিকাশ বৃদ্ধি হ'ব।

এই প্ৰকল্পই বিহাৰৰ মুখ্য অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক ন'ডসমূহক নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব। তদুপৰি, উন্নত কৰিড'ৰে ৫ পিএম গতিশক্তি অৰ্থনৈতিক ন'ড (এটা বস্ত্ৰ ক্লাষ্টাৰ, ২খন মেগা ফুড পাৰ্ক, ২টা মীন-সামুদ্ৰিক খাদ্য পাৰ্ক) আৰু ১১টা লজিষ্টিক ন'ড (৪টা মুখ্য ৰে’ল ষ্টেচন, এটা বিমানবন্দৰ, ৪টা ৰাষ্ট্ৰীয় ঘাইপথ, ২টা উপ-মহাসাগৰ)ৰ সৈতে সংযোগ স্থাপনেৰে মাল্টি-মডেল একত্ৰীকৰণ উন্নত কৰিব।

কৰিডৰৰ মেপ:

 

পৰিশিষ্ট - I: প্ৰকল্পৰ সবিশেষ

বৈশিষ্ট্য

সবিশেষ

প্ৰকল্পৰ নাম

বিহাৰ ৰাজ্যত বি.অ’.টি. (টোল) পদ্ধতিত ৰাষ্ট্ৰীয় ঘাইপথ-৩১ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-২৩১ ৰ খাগাৰিয়া-পূৰ্ণিয়া শাখাক ৪-লেনযুক্ত মানকলৈ উন্নীতকৰণ (১৪৩.৫২৯ কিলোমিটাৰ)

কৰিডৰ

পাটনা-পূৰ্ণিয়া

দৈৰ্ঘ্য

১৪৩.৫২৯

মুঠ নিৰ্মাণ কাৰ্যৰ ব্যয় (কোটি টকা হিচাপত)

২৪৬৭.৭৭

ভূমি অধিগ্ৰহণৰ ব্যয়-কোটি টকা হিচাপত)

২৯০.১৬

মুঠ মূলধনী ব্যয় - কোটি টকা হিচাপত)

৩৯৩৬.০৫

শৈলী/পদ্ধতি

বি.অ’.টি. (টোল)

বাইপাছসমূহ

৬.৭২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড পূৰ্ণিয়া বাইপাছ

সংলগ্ন প্ৰধান পথসমূহ

ৰাষ্ট্ৰীয় ঘাইপথসমূহ –এনএইচ-২৭, এনএইচ -১৩, এনএইচ-১৩১ক আৰু এনএইচ-২৩১


 

ৰাজ্যিক ঘাইপথসমূহ –এছএইচ-৯৫আৰু এছএইচ-৭৭

সংলগ্ন অৰ্থনৈতিক / সামাজিক / পৰিবহন কেন্দ্ৰবিন্দুসমূহ

বিমানবন্দৰ: পূৰ্ণিয়া

ৰে’ল ষ্টেচনসমূহ: খাগাৰিয়া, ভাগলপুৰ, কাটিহাৰ, পূৰ্ণিয়া

অৰ্থনৈতিক কেন্দ্ৰবিন্দু: এটা বস্ত্ৰ শিল্প  ক্লাষ্টাৰ, ২টা মেগা ফুড পাৰ্ক, ২টা মীন-সামুদ্ৰিক খাদ্য পাৰ্ক

সংলগ্ন প্ৰধান চহৰ / নগৰসমূহ

খাগাৰিয়া, ভাগলপুৰ, কাটিহাৰ, পূৰ্ণিয়া

কৰ্মসংস্থাপন সৃষ্টিৰ সম্ভাৱনীয়তা

৩২.৫৯ লাখ মানৱ-দিন (প্ৰত্যক্ষ) আৰু ৪০.৫৫ লাখ মানৱ-দিন (পৰোক্ষ)

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership