ভাৰতে শীঘ্ৰেই সোণালী চতুৰ্ভুজৰ আধাৰত ঔদ্যোগিক স্মাৰ্ট চিটীৰ এক বৃহৎ শৃংখল স্থাপন কৰিব
ভাৰতৰ ঔদ্যোগিক পৰিৱেশত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ ২৮,৬০২ কোটি টকাৰ ১২টা প্ৰকল্পত চৰকাৰৰ সেউজ সংকেত
‘প্লাগ-এন-প্লে’ আৰু ‘ৱাক-টু-ৱৰ্ক’ ধাৰণাৰে নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিৰ্মাণ হ’ব বিশ্বমানৰ গ্ৰীণফিল্ড ঔদ্যোগিক স্মাৰ্ট চিটী
বিনিয়োগ আৰু সুষম আঞ্চলিক উন্নয়নক প্ৰসাৰিত কৰিবলৈ গঢ় দিব শক্তিশালী, বহনক্ষম আন্তঃগাঁথনি
বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি এই প্ৰকল্পসমূহে বিনিয়োগকাৰীৰ বাবে উপলব্ধ ভূমিৰ সৈতে বৈশ্বিক মূল্য শৃংখলত ভাৰতৰ ভূমিকা শক্তিশালী কৰিব

ভাৰতে অতি সোনকালে ঔদ্যোগিক স্মাৰ্ট চিটীৰ এক বৃহৎ শৃংখল স্থাপনৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচী(এনআইচিডিপি)ৰ অধীনত ২৮,৬০২ কোটি টকাৰ আনুমানিক বিনিয়োগেৰে ১২টা নতুন প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনায়। এই পদক্ষেপে দেশৰ ঔদ্যোগিক পৰিৱেশৰ ৰূপান্তৰ ঘটোৱাৰ লগতে, ঔদ্যোগিক ন’ড আৰু চহৰৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব যিয়ে অৰ্থনৈতিক বিকাশ আৰু বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব।

১০খন ৰাজ্য আৰু ৬টা কৌশলগতভাৱে পৰিকল্পিত বৃহৎ কৰিডৰক সামৰি লোৱা এই প্ৰকল্পসমূহে ভাৰতৰ উৎপাদন ক্ষমতা আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য উত্থান কৰিব। এই উদ্যোগ এলেকাসমূহ উত্তৰাখণ্ডৰ খুৰপিয়া, পঞ্জাৱৰ ৰাজপুৰা-পাটিয়ালা, মহাৰাষ্ট্ৰৰ দিঘী, কেৰালাৰ পালাক্কাড়, উত্তৰপ্ৰদেশৰ আগ্ৰা আৰু প্ৰয়াগৰাজ, বিহাৰৰ গয়া, তেলেংগানাৰ জহীৰাবাদ, অন্ধ্ৰপ্ৰদেশৰ অৰভাকল আৰু কোপ্পাৰ্থী আৰু ৰাজস্থানৰ যোধপুৰ-পালি।

মুখ্য দিশসমূহ

কৌশলগত বিনিয়োগঃ বৃহৎ এংকৰ উদ্যোগ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই) উভয়ৰে পৰা বিনিয়োগৰ সুবিধা প্ৰদান কৰি এক সজীৱ ঔদ্যোগিক পৰিৱেশ প্ৰসাৰিত কৰাকৈ এনআইচিডিপিৰ প্ৰস্তুত কৰা হৈছে। এই ঔদ্যোগিক ন’ডসমূহে ২০৩০ চনৰ ভিতৰত ২ ট্ৰিলিয়ন ডলাৰৰ ৰপ্তানি লাভৰ বাবে অনুঘটক হিচাপে কাম কৰিব, যিয়ে চৰকাৰৰ আত্মনিৰ্ভৰশীল আৰু বৈশ্বিক প্ৰতিযোগিতামূলক ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিব।

স্মাৰ্ট চিটী আৰু আধুনিক আন্তঃগাঁথনিঃ নতুন ঔদ্যোগিক চহৰসমূহক বৈশ্বিক মানদণ্ডৰ গ্ৰীণফিল্ড স্মাৰ্ট চিটী হিচাপে বিকশিত কৰা হ'ব, যিবোৰ 'প্লাগ-এন-প্লে' আৰু 'ৱাক-টু-ৱৰ্ক' ধাৰণাত "নিৰ্ধাৰিত সময়"ৰ পূৰ্বে নিৰ্মাণ কৰা হ'ব। এই পদ্ধতিয়ে নিশ্চিত কৰে যে চহৰসমূহ উন্নতমানৰ আন্তঃগাঁথনিৰে সজ্জিত কৰা হ’ব, যিয়ে বহনক্ষম আৰু দক্ষ ঔদ্যোগিক কাৰ্যকলাপক সমৰ্থন কৰে।

পিএম গতিশক্তি সন্দৰ্ভত আঞ্চলিক দৃষ্টিভংগীঃ পিএম গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰকল্পসমূহত মাল্টিমডেল সংযোগ আন্তঃগাঁথনি থাকিব, যাৰ ফলত মানুহ, সামগ্ৰী আৰু সেৱাৰ নিৰৱচ্ছিন্ন গতিবিধি নিশ্চিত হ’ব। ঔদ্যোগিক চহৰসমূহ সমগ্ৰ অঞ্চলটোৰ ৰূপান্তৰৰ বাবে বিকাশৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ কল্পনা কৰা হৈছে।

এখন বিকশিত ভাৰতৰ সপোনঃ

এই প্ৰকল্পসমূহৰ অনুমোদন ‘বিকশিত ভাৰত’ - উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক পদক্ষেপ। ভাৰতক বৈশ্বিক মূল্য শৃংখল (জিভিচি)ত শক্তিশালী প্ৰতিযোগী হিচাপে স্থান দি এনআইচিডিপিয়ে ভূমি আবণ্টনৰ উন্নত প্ৰক্ৰিয়া সহজে উপলব্ধ কৰি তুলিব, যাৰ ফলত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীয়ে ভাৰতত উৎপাদন গোট স্থাপন কৰাত সহজ হ’ব। এয়া ‘আত্মনিৰ্ভৰ ভাৰত’ বা স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ সুদূৰপ্ৰসাৰী উদ্দেশ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ, যিয়ে বৰ্ধিত ঔদ্যোগিক উৎপাদন আৰু কৰ্মসংস্থাপনৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ ঘটায়।

অৰ্থনৈতিক প্ৰভাৱ আৰু নিয়োগ সৃষ্টি:

এনআইচিডিপিয়ে পৰিকল্পিত ঔদ্যোগীকৰণৰ জৰিয়তে প্ৰায় ১০ লাখ প্ৰত্যক্ষ চাকৰি আৰু ৩০ লাখ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা কেৱল জীৱিকাৰ সুযোগেই নহয়, এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা অঞ্চলসমূহৰ আৰ্থ-সামাজিক উত্থানতো অৰিহণা যোগাব।

বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাঃ

এনআইচিডিপিৰ অধীনত প্ৰকল্পসমূহ বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হৈছে, পৰিৱেশৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আইচিটি-সক্ষম উপযোগীতা আৰু সেউজ প্ৰযুক্তিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। মানসম্পন্ন, নিৰ্ভৰযোগ্য আৰু বহনক্ষম আন্তঃগাঁথনি প্ৰদান কৰি চৰকাৰে এনে ঔদ্যোগিক চহৰ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে, যিবোৰ কেৱল অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু নহয়, পৰিৱেশ সুৰক্ষাৰো আৰ্হি হৈ পৰিছে৷

এনআইচিডিপিৰ অধীনত ১২টা নতুন ঔদ্যোগিক ন’ডৰ অনুমোদন ভাৰতৰ বৈশ্বিক উৎপাদন শক্তি হোৱাৰ যাত্ৰাত এক উল্লেখযোগ্য সফলতা। সংহত উন্নয়ন, বহনক্ষম আন্তঃগাঁথনি আৰু নিৰৱচ্ছিন্ন সংযোগৰ ওপৰত কৌশলগতভাৱে গুৰুত্ব আৰোপ কৰি এই প্ৰকল্পসমূহে ভাৰতৰ ঔদ্যোগিক পৰিৱেশক পুনৰ সংজ্ঞায়িত কৰাৰ লগতে আগন্তুক বছৰসমূহত দেশৰ অৰ্থনৈতিক বিকাশক আগুৱাই নিবলৈ সাজু হৈছে।

এই নতুন অনুমোদনসমূহৰ উপৰিও এনআইচিডিপিয়ে ইতিমধ্যে চাৰিটা প্ৰকল্প সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান আৰু চাৰিটা প্ৰকল্প কাম ৰূপায়ণ হৈ আছে। এই অবিৰত অগ্ৰগতিয়ে ভাৰতৰ ঔদ্যোগিক খণ্ডৰ পৰিৱৰ্তন আৰু সজীৱ, বহনক্ষম আৰু সৰ্বাংগীন অৰ্থনৈতিক পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM

Media Coverage

Auto industry contributes over ₹22.75 lakh crore to Indian economy: SIAM
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"