The Budget for New India will energise the nation, says PM
Budget will empower the poor, give a boost to the farmer and an impetus to economic growth: PM
12 crore farmers and their families, 3 crores middle class taxpayers will be directly benefitted: PM
Farmers having land under 5 acres will be greatly helped by the PM Kisan Nidhi
Unorganised sector’s interests to be safeguarded more by the PM Shram Yogi Man Dhan Yojana

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত উত্থাপন কৰা বাজেটৰ ভূয়সী প্ৰশংসা কৰি কয় যেন নতুন ভাৰতৰ বাবে এই বাজেটে সমগ্ৰ দেশবাসীক উজ্জীৱিত কৰিব৷ ২০১৯-২০ বৰ্ষৰ অন্তৱর্তীকালীন বাজেট উত্থাপন কৰাৰ পাছত একাধিক টুইট বার্তাৰ লগতে এক বিবৃতিত প্ৰধানমন্ত্রীয়ে কয় যে ১২ কোটিৰ অধিক কৃষক আৰু তেওঁলোকৰ পৰিয়াল, ৩ কোটিতকৈ অধিক মধ্যবিত্ত শ্রেণীৰ কৰদাতা তথা তেওঁলোকৰ পৰিয়ালকে ধৰি ৩০-৪০ কোটি শ্ৰমজীৱি লোক নতুন ভাৰতৰ বাবে বাজেটৰ জৰিয়তে ধন্য হ’ব৷

প্ৰধানমন্ত্রীয়ে কয় যে এনডিএ চৰকাৰৰ উন্নয়নমূলক প্ৰচেষ্টাৱলীৰ ফলত বহু লোক উপকৃত হৈছে, যাৰ প্ৰতিফলন ঘটিছে এইবাৰৰ বাজেটত৷ এই বাজেটত কৃষক কল্যাণৰ পৰা মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ সুবিধালৈ, আয়কৰ ৰেহাই সীমাৰ পৰা আন্তঃগাঁথনিমূলক খণ্ডলৈকে, নিৰ্মাণ খণ্ডৰ পৰা এমএছএমই খণ্ডৰ কল্যাণৰ কথা চিন্তা কৰা হৈছে৷

দৰিদ্ৰতাৰ কৱলৰ পৰা বহু লোকক মুক্তি পোৱাক লৈ প্ৰধানমন্ত্রীয়ে সন্তোষ প্ৰকাশ কৰে৷ তেওঁ কয় যে আমাৰ নতুন মধ্যবিত্ত শ্রেণীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভানে তেওঁলোকৰ সপোনো বৃদ্ধি হৈছে৷ কৰ ৰেহাই পোৱাক লৈ মধ্যবিত্ত শ্রেণীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ উন্নয়নত মধ্যবিত্ত শ্রেণীৰ অপৰিসীম অৱদানৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছো৷

বাজেটত কৃষক কল্যাণমূলক প্ৰচেষ্টাৱলীৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে খেদ প্ৰকাশ কৰি কয় যে বিগত কেইটামান বছৰৰ পৰা কৃষকৰ স্বার্থত বহু প্ৰচেষ্টা লোৱা হৈছে যদিও, এই প্ৰচেষ্টাৱলীৰ সা-সুবিধাৰ পৰা কৃষকসকল বঞ্চিত হৈছে৷ প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিক কৃষক কল্যাণৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকল কৃষকৰ ৫ একৰতকৈ কম ভূমি আছে, সেইসকলৰ এই আঁচনিৰ জৰিয়তে বিশেষভাবে লাভান্বিত হ’ব৷ এই বাজেটত পশু পালন, মীনপাল খণ্ডৰ উন্নয়নত দিশতো কেতবোৰ প্ৰস্তাৱ লোৱা হৈছে বুলি প্ৰধানমন্ত্রীয়ে লগতে কয়৷
অসংগঠিত খণ্ডৰ স্বার্থ ৰক্ষাৰ প্ৰতি গুৰত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্রী শ্ৰম যোগী ধন যোজনাই এই ক্ষেত্রৰ ব্যাপকভাবে সহায় কৰিব৷ এই বাজেটত স্বাভাৱিকভাবেই অসংগঠিত খণ্ডৰ স্বার্থ ৰক্ষাত বিশেষ গুৰুত্ব দিয়া হৈছে৷ আয়ুষ্মান ভাৰত যোজনা আৰু সামাজিক সুৰক্ষাৰ দৰে আঁচনিসমূহে অসংগঠিত খণ্ডৰ সৈতে জড়িত লোক উপকৃত কৰিব বুলিও তেওঁ সদৰি কৰে৷

সমাজৰ সকলো শ্রেণীয়ে উন্নয়নৰ সুফলসমূহ উপভোগ কৰাটো সুনিশ্চিত কৰাটো অতিকে গুৰুত্বপূর্ণ বুলি মন্তব্য কৰি প্ৰধানমন্ত্রীয়ে কয়, “এই বাজেটে দুখীয়া লোকসকলক সবল কৰাৰ লগতে কৃষকসকলক উদ্গনি যোগাই অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগাব৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মে’ 2026
May 04, 2026

Green Roads, Smart Tolls, Trillion-Dollar Dreams: How PM Modi's Policies are Supercharging a Modern India