Over 100 beneficiaries of the Pradhan Mantri Ujjwala Yojana meet PM Modi
Ujjwala Yojana beneficiaries share with PM Modi how LPG cylinders improved their lives
Need to end all forms of discrimination against the girl child: PM Modi

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ১০০ৰো অধিক উপভোক্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে৷

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন ৰাজ্যৰ মহিলা উপভোক্তাসকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত আজি পুৱাৰ ভাগত আয়োজন কৰা এলপিজি পঞ্চায়তত অংশ লোৱাৰ বাবে নতুন দিল্লীলৈ আহিছে৷

শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা অনানুষ্ঠানিক বাৰ্তালাপত উপভোক্তাসকলে বৰ্ণনা কৰে এলপিজি চিলিণ্ডাৰৰ ব্যৱহাৰে তেওঁলোকৰ জীৱন-ধাৰণৰ মান কিদৰে উন্নত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দৈনন্দিন জীৱনৰ বিভিন্ন দিশ উত্থাপন কৰিবলৈ উপভোক্তাসকলক আহ্বান জনায়৷ তেওঁলোকৰ বিভিন্ন অভাৱ-অভিযোগৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতি ভাৰতীয়লৈ বিদ্যুৎ যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সৌভাগ্য আঁচনি মুকলি কৰিছে৷ কন্যা শিশুৰ প্ৰতি সমাজত থকা সকলো বৈষম্য নাশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিয়ে৷ নিজৰ নিজৰ গাঁওখনক পৰিষ্কাৰ, পৰিচ্ছন্ন কৰি ৰাখিবলৈ সকলো ঐক্যবদ্ধ হৈ কাম কৰা উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে ইয়াৰ ফলস্বৰূপে গ্ৰামাঞ্চলৰ স্বাস্থ্যৰ পৰিৱেশ উন্নত হ’ব, যিদৰে উজ্জ্বলা যোজনাই পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্য উন্নত কৰিছে৷

উজ্জ্বলা যোজনাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰি একাংশ উপভোক্তাই আন কেতবোৰ দিশত সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে৷

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই সাক্ষাতৰ সময়ছোৱাত উপস্থিত আছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts

Media Coverage

Out-of-pocket expenditure on health shows declining trend, states latest National Health Accounts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to NTR Garu on his birth anniversary
May 28, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to NTR Garu on his birth anniversary.

The Prime Minister said that NTR Garu is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised.

The Prime Minister also noted that NTR Garu’s contributions to cinema continue to captivate generations and said that his life and ideals remain a source of immense inspiration.

The Prime Minister wrote on X;

“Tributes to the great NTR Garu on his birth anniversary. He is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised. His contributions to cinema continue to captivate generations. His life and ideals remain a source of immense inspiration. The NDA Government in Andhra Pradesh, under the leadership of my friend Chandrababu Naidu Garu, is committed to advancing the aspirations he cherished for the people.

@ncbn”