Share
 
Comments
Mann Ki Baat: PM Modi speaks about the tradition of storytelling
The agriculture sector of the country, our farmers, our villages, is the foundation of self-reliant India: PM Modi during Mann Ki Baat
In today's date, the more modern methods we apply to agriculture, the more the sector will flourish: Prime Minister during Mann Ki Baat
I bow to Shaheed Veer Bhagat Singh, an icon of courage and valour among all the countrymen: PM Modi
Mann Ki Baat: PM Modi remembers greats like Mahatma Gandhi, Jayprakash Narayan, Nanaji Deshmukh
Rajmata Vijayaraje Scindia dedicated her entire life to the service of the people: PM Modi during Mann Ki Baat
Wear masks properly, maintain social distancing to combat Coronavirus: PM Modi

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ ক’ৰোনাৰ এই সময়ছোৱাত সমগ্ৰ বিশ্বতে বহু পৰিৱৰ্তন হৈছে৷ আজি দুই গজৰ দুৰত্ব অনিবাৰ্য হোৱাৰ সময়তে পৰিয়ালৰ সদস্যসমূহক ওচৰ চপাই অনাৰ ঘটনাও সংঘটিত হৈছে৷ কিন্তু দীৰ্ঘসময়লৈ একে লগত থকা, সময় অতিবাহিত কৰা, প্ৰতিটো পল সুখেৰে ভৰা কিদৰে কৰিব পাৰে? কিছুমান পৰিয়ালত সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰণ হ’ল যে আমাৰ যি পৰম্পৰা আছিল, আজি ইয়াৰ অভাৱ অনুভূত হৈছে, এনে লাগিছে যেন এনে বহু পৰিয়াল আছে য’ত এইসমূহ নোহোৱা হৈ পৰিছে আৰু ফলস্বৰূপে এই সংকটৰ সময়ছোৱাতো পৰিয়ালৰ সৈতে একে লগতে সময় কটোৱাটো কঠিন হৈ পৰিছে৷ প্ৰতিটো পৰিয়ালত কোনোবা নহয় কোনোবাজন পৰিয়ালৰ বয়স্ক ব্যক্তিজনে কাহিনী শুনাইছিল আৰু ঘৰলৈ নতুন প্ৰেৰণা আৰু নতুন শক্তিৰ সঞ্চাৰ কৰিছিল৷ আমাৰ নিশ্চয়কৈ অনুভৱ হ’ব যে আমাৰ পূৰ্বপুৰুষসকলে যি বিধি প্ৰণয়ন কৰিছিল সেয়া আজিও কিমান গুৰুত্বপূৰ্ণ৷ এনেকুৱাই এক বিধি যি মই ক’লো, সেয়া হ’ল সাধু শুনোৱাৰ কলা, ষ্ট’ৰী টেলিং৷ বন্ধুসকল, সাধুৰ ইতিহাস সিমানেই পুৰণি যিমানেই পুৰণি মানৱ সভ্যতা৷

‘য’তেই আত্মা আছে তাতেই সাধু আছে’

সাধুৱে মানুহৰ ৰচনাত্মক আৰু সংবেদনশীল স্বভাৱক উন্মোচিত কৰে৷ সাধুৰ শক্তি অনুভূত কৰিবলৈ হ’লে যেতিয়া কোনো মাকে নিজৰ সৰু সন্তানক শোৱাবলৈ অথবা তাক খাদ্য খুৱাবলৈ সাধু শুনায়, সেয়া প্ৰত্যক্ষ কৰক৷ মই নিজৰ জীৱনত বহু সময়লৈ পৰিব্ৰাজকৰ দৰে অতিবাহিত কৰিছো৷ প্ৰতিদিনে নতুন গাঁও, নতুন লোক, নতুন পৰিয়াল..কিন্তু যেতিয়া মই পৰিয়ালবোৰৰ ওচৰলৈ গৈছিলো তেতিয়া মই শিশুসকলৰ সৈতে কথা পাতিছিলো  আৰু কেতিয়াবা কেতিয়াবা শিশুসকলক কৈছিলো যে মোক সাধু শুনোৱা৷ মই আচৰিত হৈ গৈছিল যেতিয়া শিশুসকলে মোক কৈছিল, নহয় খুড়া নহয়, সাধু নহয়, আমি কৌতুক শুনাম, আৰু মোকো তেওঁলোকে এয়াই কৈছিল যে খুড়া আপুনিও আমাক কৌতুক শুনাওক৷ অৰ্থাৎ তেওঁলোক সাধুৰ সৈতে পৰিচিত নাছিল৷ অধিকাংশৰ জীৱন কৌতুকতেই সীমাৱদ্ধ হৈ ৰৈছিল৷

বন্ধুসকল, ভাৰতত সাধু কোৱাৰ এক সমৃদ্ধ পৰম্পৰা আছে৷ আমি গৌৰৱান্বিত যে আমি সেই দেশৰ অধিবাসী য’ত হিতোপদেশ আৰু পঞ্চতন্ত্ৰৰ পৰম্পৰা আছে, য’ত কাহিনীত পশু-পক্ষী আৰু পৰীৰ কাল্পনিক বিশ্ব আছে যাতে বিবেক আৰু বুদ্ধিমত্তাৰ কথাসমূহ সহজে বুজি পাব পাৰি৷ আমাৰ ইয়াত সাধু কোৱাৰ পৰম্পৰা আছে৷ ইয়াত ধৰ্মমূলক কাহিনী কোৱাৰ পৰম্পৰা আছে৷ ইয়াৰে ভিতৰত ‘কতাকালক্ষেৱম’ অন্যতম৷ আমাৰ ইয়াত বিভিন্ন লোককথা প্ৰচলিত৷ তামিলনাডু আৰু কেৰালাত সাধু কোৱাৰ এক আমোদজনক পদ্ধতি আছে৷ ইয়াক ‘বিল্লু পাট’ বুলি কোৱা হয়৷ ইয়াত কাহিনী আৰু সংগীতৰ আকৰ্ষক সামঞ্জস্যতা আছে৷ ভাৰতত কাঠ-পুতলাৰ জীৱন্ত পৰম্পৰা আছে৷ আজিকালি বিজ্ঞান আৰু কল্পবিজ্ঞানৰ সৈতে জড়িত কাহিনী আৰু কাহিনী কোৱাৰ ৰীতি লোকপ্ৰিয় হ’বলৈ ধৰিছে৷ মই দেখিবলৈ পাইছো যে বহু লোকে সাধু কোৱাৰ কলাক আগুৱাই লৈ যোৱাৰ বাবে প্ৰশংসনীয় পদ্ধতি পালন কৰিছে৷ মই  gaathastory.inৰ দৰে ৱেবছাইটৰ বিষয়ে জানিবলৈ পালো যাক অমৰ ব্যাসে অন্য লোকৰ সৈতে চলাই আছে৷ অমৰ ব্যাস, আইআইএম, আহমেদাবাদৰ পৰা এমবিএ কৰাৰ পিছত বিদেশলৈ গুচি গৈছিল আৰু পুনৰ ঘূৰি আহিছিল৷ এতিয়া তেওঁ বেংগালুৰুত থাকে আৰু সময় উলিয়াই সাধুৰ সৈতে জড়িত এই প্ৰকাৰৰ আকৰ্ষণীয় কাম কৰে৷ বহু এনে প্ৰয়াসো আছে যি গ্ৰামীণ ভাৰতৰ কাহিনীসমূহৰ প্ৰচলন কৰিছে৷ বৈশালী ব্যৱহাৰে দেশপাণ্ডেৰ দৰে লোকে ইয়াক মাৰাঠীত জনপ্ৰিয় কৰি তোলাৰ দিশত অগ্ৰসৰ হৈছে৷

চেন্নাইৰ শ্ৰীবিদ্যা বীৰ ৰাঘৱনো আমাৰ সংস্কৃতিৰ সৈতে জড়িত কাহিনীসমূহক প্ৰচাৰিত, প্ৰসাৰিত কৰাৰ দিশত অগ্ৰসৰ গৈছে আৰু তেওঁ কথালয় তথা The Indian story telling network নামৰ দুটা ৱেবছাইটৰ জৰিয়তে সুন্দৰ কাম কৰি আছে৷ গীতা ৰামানুজনে kathalaya.org ত কাহিনীসমূহ একত্ৰিত কৰিছে আৰু  The Indian story telling network জৰিয়তে বিভিন্ন চহৰত ষ্ট’ৰী টেলাৰৰ নেটৱৰ্ক প্ৰস্তুত কৰিছে৷ বেংগালুৰু নিবাসী বিক্ৰম শ্ৰীধৰে বাপুৰ সৈতে জড়িত কাহিনীসমূহক লৈ অতি উৎসাহিত৷ আৰু বহুলোকে এই ক্ষেত্ৰত কাম কৰি আছে- আপোনালোকে তেওঁলোকৰ বিষয়ে ছ’চিয়েল মিডিয়াত নিশ্চয়কৈ প্ৰচাৰ কৰক৷ আজি আমাৰ সৈতে বেংগালুৰু Story telling society ভগ্নী অপৰ্ণা আথ্ৰেয় আৰু অন্য সদস্যসমূহ আছে৷ আহক, তেওঁলোকৰ সৈতে কথা পাতি তেওঁলোকৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰো৷

প্ৰধানমন্ত্ৰীঃ হেল্ল’

অপৰ্ণাঃ নমস্কাৰ আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাৰ ভালনে?

প্ৰধানমন্ত্ৰীঃ মোৰ ভাল৷ আপোনাৰ ভাল নে?

অপৰ্ণাঃ খুব ভাল মহোদয়৷ পোন প্ৰথমে মই আপোনাক Bangalore Story Telling Societyৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো কিয়নো আপুনি আমাৰ দৰে শিল্পীসকলক এই মঞ্চলৈ মাতিছে আৰু কথা পাতিছে৷

প্ৰধানমন্ত্ৰীঃ আৰু মই শুনিবলৈ পাইছো যে আজি গোটেই দলটো আপোনাৰ সৈতে বহি আছে৷

অপৰ্ণাঃ হয়..মহোদয়৷

প্ৰধানমন্ত্ৰীঃ তেন্তে আপুনি দলটোৰ সদস্যসকলৰ সৈতে পৰিচয় কৰাই দিলে ভাল হ’ব৷ যাতে ‘মন কী বাত’ৰ যিসকল শ্ৰোতা আছে তেওঁলোকেও আপোনালোকৰ অভিযানটোৰ বিষয়ে জানিবলৈ পাৰিব৷

অপৰ্ণাঃ মহোদয়৷ মই অপৰ্ণা আথ্ৰেয়, মই দুটা সন্তানৰ মাক, এজন ভাৰতীয় বায়ু সেনা বিষয়াৰ পত্নী আৰু এগৰাকী উৎসাহী ষ্ট’ৰীটেলাৰ৷ সাধু কোৱাৰ আৰম্ভণি ১৫ বছৰ পূৰ্বে হৈছিল যেতিয়া মই এটা ছফটৱেৰ উদ্যোগত কাম কৰিছিলো৷ তেতিয়া মই এটা চিএছআৰ প্ৰকল্পত স্বেচ্ছামূলকভাৱে কাম কৰিবলৈ গৈছিলো আৰু তেতিয়াই সহস্ৰাধিক শিশুক কাহিনীৰ মাধ্যমেৰে শিক্ষা প্ৰদানৰ সুযোগ পাইছিল৷ আৰু মই নিজৰ আইতাৰ পৰা শুনা সাধুবোৰ তেওঁলোকক শুনাইছিলো৷ কিন্তু সাধু শুনোৱাৰ সময়ত তেওঁলোকৰ মুখত যি সুখৰ আভাস দেখা পাইছিলো, মই আপোনাক কি ক’ম, ইমানেই সন্তোষ পাইছিলো যে সাধু কোৱাই মোৰ জীৱনৰ লক্ষ্য হিচাপে গঢ়ি তুলিছিলো৷

প্ৰধানমন্ত্ৰীঃ আপোনাৰ দলত আৰু কোন কোন আছে?

অপৰ্ণাঃ মোৰ সৈতে আছে শৈলজা সম্পত৷

শৈলজাঃ নমস্কাৰ মহোদয়৷

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ৷

শৈলজাঃ মই শৈলজা সম্পতে কৈ আছো৷ মই প্ৰথমে শিক্ষকতা কৰিছিলো আৰু তাৰ পিছত যেতিয়া মোৰ সন্তানৰ জন্ম হ’ল তেতিয়া মই থিয়েটাৰত কাম আৰম্ভ কৰিলো আৰু শেষত সাধু শুনোৱাত মন দিলো৷

প্ৰধানমন্ত্ৰীঃ ধন্যবাদ৷

শৈলজাঃ মোৰ সৈতে সৌম্যা আছে৷

সৌম্যাঃ নমস্কাৰ মহোদয়৷

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ৷

সৌম্যাঃ মই সৌম্যা শ্ৰীনিবাসন৷  মই এজন মনোবিদ৷ মই যেতিয়া কাম কৰো তেতিয়া  শিশু আৰু ডাঙৰ লোকৰ সৈতে কাহিনীৰ দ্বাৰা মনুষ্যৰ নবৰসক জাগ্ৰত কৰিবলৈ প্ৰয়াস কৰো আৰু তেওঁলোকৰ সৈতে চৰ্চাও কৰো৷ মোৰ লক্ষ্য হ’ল ‘Healing and transformative storytelling’

অপৰ্ণাঃ নমস্কাৰ মহোদয়৷

প্ৰধানমন্ত্ৰীঃ নমস্কাৰ৷

অপৰ্ণাঃ মোৰ নাম অপৰ্ণা জয়শংকৰ৷ মোৰ সৌভাগ্য যে মই নিজৰ ককা-আইতাৰ সৈতে এই দেশৰ বিভিন্ন স্থানত ডাঙৰ-দীঘল হৈছে আৰু সেইবাবে ৰামায়ণ, পুৰণা আৰু গীতাৰ বহু কাহিনী মই শুনিছো আৰু Bangalore Storytelling Society আছে যেতিয়া মই ষ্ট’ৰীটেলাৰ হ’বলগীয়া আছিলেই৷ মোৰ সৈতে আছে লাৱণ্য প্ৰসাদ৷

প্ৰধানমন্ত্ৰীঃ লাৱণ্য মহোদয়া, নমস্কাৰ৷

লাৱণ্যঃ নমস্কাৰ মহোদয়৷ মই এজন বিদ্যুৎ অভিযন্তা৷ আৰু এতিয়া পেছাদাৰী ষ্ট’ৰীটেলাৰ৷ মই মোৰ ককাৰ পৰা বিভিন্ন কাহিনী শুনি ডাঙৰ দীঘল হৈছো৷ মই জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে কম কৰিছো৷ ‘ৰুটছ’ শীৰ্ষক এক বিশেষ প্ৰকল্পত মই তেওঁলোকৰ পৰিয়ালৰ জীৱন কাহিনীৰ ওপৰত তথ্য চিত্ৰও নিৰ্মাণ কৰিছো৷

প্ৰধানমন্ত্ৰীঃ লাৱণ্য মহোদয়, আপোনাক অশেষ অভিনন্দন৷ আৰু যিদৰে আপুনি ক’লে, মইও এবাৰ ‘মন কী বাত’ত সকলোকে কৈছিলো যে পৰিয়ালত নিজৰ ককা-আইতাৰ পৰা তেওঁলোকৰ শৈশৱৰ কাহিনী সোধক, সেইসমূহ টেপ কৰক আৰু এয়া পিছলৈ বহু কামত আহিব৷ কিন্তু মোৰ ভাল লাগিছে যে আপোনালোক যিসকলে পৰিচয় দিলে তাতো আপোনালোকৰ কলা, আপোনালোকৰ যোগাযোগ দক্ষতা অতিশয় কম শব্দতেই সুন্দৰৰূপত প্ৰকাশ কৰিলে৷ সেইবাবেও মই আপোনালোকক অভিনন্দন জনাইছো৷

লাৱণ্যঃ ধন্যবাদ মহোদয়৷

এতিয়া আমাৰ ‘মন কী বাত’ৰ শ্ৰোতাসকলেও কাহিনী শুনিবলৈ মন কৰিছে৷ মই আপোনালোকক এটা-দুটা সাধু শুনাবলৈ অনুৰোধ কৰিব পাৰো নে?

সামূহিক স্বৰঃ নিশ্চয়, এয়াতো আমাৰ সৌভাগ্য৷

‘‘আহক, এজন ৰজাৰ সাধু শুনো৷ ৰজাজনৰ নাম আছিল কৃষ্ণ দেৱ ৰায় আৰু তেওঁৰ ৰাজ্যখনৰ নাম আছিল বিজয়নগৰ৷ আমাৰ ৰজাজন অতিশয় গুণৱান আছিল৷ যদি তেওঁৰ কোনো দোষ আছিল সেয়া হ’ল নিজৰ মন্ত্ৰী তেনালী ৰামাৰ প্ৰতি ভাল পোনা আৰু আনটো ভোজন বিলাসিতা৷ ৰজাই প্ৰতিদিনে দুপৰীয়াৰ আহাৰত সুমিষ্ট আহাৰৰ আশা কৰিছিল যদিও ৰান্ধনিয়ে সদায় তেওঁক নিৰস শাক-পাচলি ৰান্ধি খুৱাইছিল৷ এদিন ৰজাই খঙতে আহাৰৰ থালি দলিয়াই দি ৰান্ধনিক ক’লে যে কাইলৈ যদি ৰান্ধনিয়ে তেওঁক সুস্বাদু খাদ্য ৰান্ধি খুৱাব নোৱাৰে তেন্তে তেওঁক শূলত দিব৷ ৰান্ধনিয়ে ভয় খাই চিধাই তেনালী ৰামাৰ ওচৰলৈ গ’ল৷ তেনালী ৰামে সকলোবোৰ শুনি ৰান্ধনিক এটা উপায় দিলে৷ পিছদিনা ৰজাই দুপৰীয়াৰ ভোজনৰ বাবে ৰান্ধনিক মাতিলে৷ তেওঁ ক’লে আজি সুস্বাদু খাদ্য ৰান্ধিছা নে মই শূল প্ৰস্তুত কৰো? ভয়ে ভয়ে ৰান্ধনিয়ে থালি সজাই ৰজাক দিলে৷ থালিত আছিল নতুন খাদ্য৷ ৰজা উৎসাহিত হৈ সামান্য জিভাত ল’লে৷ ৱাহ! কি খাদ্য৷ ৰজাই আঙুলি চেলেকি সন্তুষ্ট হৈ ৰান্ধনিক মাতি পঠিয়ালে আৰু সুধিলে আৰু এই খাদ্যবিধৰ নাম কি? ৰান্ধনিক যিদৰে শিকোৱা হৈছিল সেইদৰেই উত্তৰ দি ক’লে, মহাৰাজ এয়া মুকুটধাৰী বেঙেনা৷ প্ৰভু, আপোনাৰ দৰে এইবিধ শাক-পাচলিৰ ৰজা আৰু সেইবাবে বাকীবোৰ শাক-পাচলিয়ে বেঙেনাক মুকুট পিন্ধাইছে৷ ৰজা সন্তুষ্ট হ’ল আৰু ঘোষণা কৰিলে যে আজিৰ পৰা তেওঁ এই মুকুটধাৰী বেঙেনাই খাব৷  আৰু কেৱল তেওঁৱেই নহয়, ৰাজ্যত কেৱল বেঙেনাই ৰন্ধা হ’ব, অন্য শাক-পাচলি ৰন্ধা নহ’ব৷ ৰজা আৰু প্ৰজা উভয়ে সুখী হ’ল৷ অৰ্থাৎ প্ৰথমে সকলো সুখী হ’ল কিয়নো তেওঁলোকে নতুন পাচলি লাভ কৰিছে কিন্তু দিন যোৱাৰ লগে লগে সকলোৰে মন তিতা পৰি আহিবলৈ ধৰিলে৷ প্ৰতিখন ঘৰতে বেঙেনাৰ ব্যঞ্জন৷ এটা বেঙেনাই বেচেৰা কিমান ৰূপ ধাৰণ কৰিব৷ প্ৰতিদিনেই বেঙেনা৷ লাহে লাহে ৰজাও বিৰক্ত হৈ আহিবলৈ ধৰিলে৷ আৰু এদিনাখন ৰজাই ৰান্ধনিক মাতি আনি খুব গালি দিলে৷ তোমাক কোনে ক’লে যে বেঙেনাৰ শিৰত মুকুট আছে৷ এতিয়াৰে পৰা এই ৰাজ্যত কোনেও বেঙেনা খাব নোৱাৰিব৷ কাইলৈ বেলেগ পাচলিৰ ব্যঞ্জন ৰান্ধিবা কিন্তু বেঙেনা নহয়৷ আপোনাৰ আজ্ঞা শিৰোধাৰ্য বুলি সৈ ৰান্ধনি পোনেই তেনালী ৰামৰ ওচৰলৈ গ’ল৷ তেনালী ৰামৰ ভৰিত পৰি ৰান্ধনিয়ে ক’লে আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিলে৷ আপোনাৰ পৰামৰ্শৰ ফলতেই এতিয়া মই যিকোনো পাচলি ৰজাক ৰান্ধি খুৱাব পাৰো৷ তেনালী ৰামাই হাঁহি ক’লে, সেই মন্ত্ৰীয়েই বা কি কামৰ যিয়ে ৰজাক সুখী কৰিব নোৱাৰে৷ আৰু এইদৰে ৰজা কৃষ্ণ দেৱ ৰায় আৰু মন্ত্ৰী তেনালীৰ ৰামাৰ কাহিনী মানুহে শুনি আহিছে৷ ধন্যবাদ৷

প্ৰধানমন্ত্ৰীঃ আপোনালোকৰ কথাত ইমান যথাৰ্থতা আছিল, ইমান সুন্দৰকৈ বৰ্ণনা কৰিলে যে  মই ভাবো, যিসকল শিশুৱে শুনিব তেওঁলোকে মনতো ৰাখিব৷ অতিশয় সুন্দৰ শৈলীৰে আপোনালোকে এয়া বৰ্ণনা কৰিলে আৰু কাকতলীয়ভাৱে দেশত পোষণ মাহ উদযাপিত হৈ আছে আৰু আপোনালোকৰ সাধুত ভোজনৰ কথা উল্লেখ আছে৷ আৰু আপোনালোকৰ দৰে ষ্ট’ৰীটেলাৰ যিসকল অন্য লোক আছে, আমি কিদৰে আমাৰ নতুন প্ৰজন্মক আমাৰ মহান মহাপুৰুষ, মহান মাতৃ-ভগ্নীসকলৰ কাহিনীৰ সৈতে তেওঁলোকক জড়িত কৰোৱাব পাৰো৷ আমাৰ কথা-শাস্ত্ৰসমূহক কিদৰে অধিক প্ৰচাৰিত কৰিব পাৰো আৰু প্ৰতিখন ঘৰত এই ভাল কথাসমূহৰ প্ৰচাৰৰ দ্বাৰা জন-জীৱনো সুন্দৰ হ’ব পাৰে৷ এই পৰিবেশ কিদৰে সৃষ্টি কৰিব পাৰি, সেই দিশত আমি সকলোৱে লগ হৈ কাম কৰিব লাগে৷ আৰু আপোনালোকৰ সৈতে কথা পাতি মোৰ খুব ভাল লাগিল, আপোনালোক সকলোলৈ অশেষ অভিনন্দন জনাইছো৷ ধন্যবাদ৷

সামূহিক স্বৰঃ ধন্যবাদ মহোদয়৷

কাহিনীৰ দ্বাৰা সংস্কাৰ চৰিতাক আগুৱাই নিয়া এই ভগ্নীসকলৰ কথা আমি শুনিলো৷ মই যেতিয়া এওঁলোকৰ সৈতে ফোনত কথা পাতি আছিলো, তেতিয়া ইমান দীঘলীয়া কথা আছিল যে মই ভাবিলো, ‘মন কী বাত’ত এটা সময়ৰ সীমা আছে, মই তেওঁলোকৰ সৈতে পতা কথাসমূহ মোৰ নৰেন্দ্ৰ মোদী এপত আপলোড কৰিম, তাতে আপোনালোকে নিশ্চয়কৈ শুনিব৷ এতিয়া ‘মন কী বাত’ত তেওঁলোকৰ কথা-বাৰ্তাৰ এক ক্ষুদ্ৰ অংশ আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিছো৷ মই নিশ্চিতভাৱে আপোনালোকক আহ্বান জনাইছো যে পৰিয়ালত প্ৰতি সপ্তাহত আপোনালোকে সাধুৰ বাবে অলপ সময় উলিয়াওক৷

আপোনালোকে চাওক, পৰিয়ালত এয়া কিমান ডাঙৰ সম্পদৰ দৰে হৈ পৰিব পাৰে, গৱেষণাৰ কিমান বঢ়িয়া কাম হ’ব পাৰে, পৰিয়াললৈ যেতিয়া এক নতুন প্ৰাণ, নতুন শক্তি আহিব তেতিয়া কিমান আনন্দ পোৱা যাব৷ মই সাধু শুনোৱা লোকসকলক আহ্বান জনাম যে স্বাধীনতাৰ ৭৫ বৰ্ষ পালন কৰিবলৈ যোৱাৰ প্ৰাক্-মুহূৰ্তত আমি আমাৰ সাধুত দাসত্বৰ সময়ছোৱাত যিমানবোৰ অনুপ্ৰেৰণাদায়ী ঘটনা আছিল সেয়া কাহিনী হিচাপে প্ৰচাৰ কৰিব নোৱাৰো নে? বিশেষকৈ ১৮৫৭ৰ পৰা ১৯৪৭ চনলৈ যিমানবোৰ সৰু-ডাঙৰ ঘটনা আছিল, সেইবোৰ আমি নতুন প্ৰজন্মক সাধুৰ দ্বাৰা পৰিচিত কৰিব পাৰো৷ মোৰ বিশ্বাস যে আপোনালোকে নিশ্চিতভাৱে এই কামটো কৰিব৷ সাধু কোৱাৰ এই কলা দেশত অধিক শক্তিশালী হওক, অধিক প্ৰচাৰিত হওক৷ আহক, আমি ইয়াৰ বাবে প্ৰয়াস কৰো৷

মোৰ মৰমৰ দেশবাসীসকল, আহক, সাধুৰ পৃথিৱীৰ পৰা এতিয়া আমি সাত সমুদ্ৰৰ সিপাৰলৈ যাও৷

‘নমস্কাৰ,ভাতৃ আৰু ভগ্নীসকল, মোৰ নাম সেতু দেমবেলে৷ মই দক্ষিণ আফ্ৰিকাৰ মালী প্ৰদেশৰ বাসিন্দা৷ মই ফেব্ৰুৱাৰীত ভাৰতলৈ কুম্ভ মেলা পৰিদৰ্শনৰ বাবে আহিছিলো৷ মোৰ বাবে এয়া অতিশয় গৌৰৱৰ কথা৷ কুম্ভ মেলালৈ আহি মোৰ খুব ভাল লাগিল আৰু ভাৰতীয় সংস্কৃতিৰ পৰা বহুত কথা শিকিবলৈ পালো৷ মই নিবেদন কৰিছো যে আমাক পুনৰ বাৰ ভাৰত পৰিদৰ্শন কৰাৰ সুযোগ দিয়া হওক যাতে আমি ভাৰতৰ বিষয়ে শিকিব পাৰো৷ নমস্কাৰ৷’’

প্ৰধানমন্ত্ৰীঃ হয় নে আমোদজনক৷ এওঁ আছিল মালীৰ সেদু দেমবেলে৷ মালী ভাৰতৰ পৰা দূৰৈতে পশ্চিম আফ্ৰিকাৰ এক বৃহৎ আৰু ভূমিৰে আগুৰা এখন দেশ৷ সেদু দেমবেলে মালীৰ এখন চহৰ কিটাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক৷ তেওঁ শিশুসকলক ইংৰাজী, সংগীত আৰু চিত্ৰকলা শিকায়৷ কিন্তু তেওঁৰ আন এটা পৰিচয় আছে- মানুহে তেওঁ মালীৰ হিন্দুস্তানৰ বাবু বুলি কয় আৰু তেওঁ গৰ্ব অনুভৱ কৰে৷ প্ৰত্যেক দেওবাৰে দুপৰীয়াৰ পিছত তেওঁ মালীত এক ঘণ্টাৰ ৰেডিঅ’ কাৰ্যসূচী প্ৰস্তুত কৰে আৰু এই কাৰ্যসূচীৰ নাম হ’ল Indian frequency on Bollywood songs৷ বিগত ২৩ বছৰ ধৰি তেওঁ এই কাৰ্যসূচী প্ৰস্তুত কৰি আহিছে৷ এই কাৰ্যসূচীৰ মাজত তেওঁ ফ্ৰান্সৰ সৈতে মালীৰ লোকভাষা ‘বমবাৰা’তো ধাৰভাষ্য প্ৰদান কৰে আৰু বৰ নাটকীয় ভংগীৰে কৰে৷ ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম অগাধ৷ ভাৰতৰ সৈতে তেওঁ সম্পৰ্ক অটুট হোৱাৰ কাৰণ হ’ল তেওঁৰ জন্মও ১৫ আগষ্ট তাৰিখে হৈছিল৷ সেদুজীৰ পিতৃয়ে তেওঁৰ ভাৰতীয় সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছিল৷ তেওঁ পিতৃয়ে চিনেমা, থিয়েটাৰত কাম কৰিছিল আৰু তাত ভাৰতীয় চিনেমাও প্ৰদৰ্শন কৰা হৈছিল৷ এইবাৰৰ ১৫ আগষ্টত তেওঁ হিন্দীত এক ভিডিঅ’ৰ জৰিয়তে ভাৰতৰ জনসাধাৰণত স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছিল৷ আজি তেওঁলোকৰ সন্তানে ভাৰতৰ ৰাষ্ট্ৰগান সহজে গাব পাৰে৷ সেদুজীয়ে যেতিয়া কুম্ভলৈ আহিছিল তেতিয়া তেওঁ মই সাক্ষাৎ কৰা প্ৰতিনিধি মণ্ডলৰ অংশ আছিল৷

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ ইয়াত কোৱা হয় যে যি যিমানেই ভূমিৰ সংস্পৰ্শত থাকে সিমানেই সি ডাঙৰ ডাঙৰ ধুমুহাক বাধা দিবলৈ সক্ষম হয়৷ ক’ৰোনাৰ এই কঠিন সময়ছোৱাত আমাৰ কৃষি ক্ষেত্ৰ, আমাৰ কৃষক ইয়াৰ জীৱন্ত উদাহৰণ হিচাপে বিবেচিত হৈছে৷ সংকটৰ এই সময়ছোৱাতো কৃষি ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শিত কৰিছে৷ বন্ধুসকল, দেশৰ কৃষি ক্ষেত্ৰ, আমাৰ কৃষক, আমাৰ গাঁও হ’ল আত্মনিৰ্ভৰ ভাৰতৰ আধাৰ৷ ই শক্তিশালী হ’লেহে আত্মনিৰ্ভৰ ভাৰতৰ ভেঁটি শক্তিশালী হ’ব৷ বিগত কিছুসময়ত এই  ক্ষেত্ৰটোৱে নিজকে অনেক বাধাৰ পৰা মুক্ত কৰিছে৷ মই এনে বহু কৃষকৰ পৰা চিঠি পাইছো, কৃষক সংগঠনৰ সৈতে মোৰ কথা হয়, তেওঁলোকে কয় যে খেতিত নতুন নতুন পদক্ষেপ সংযোজিত হৈছে, পৰিৱৰ্তন সাধন হৈছে৷ মই তেওঁলোকৰ পৰা যি শুনিছো, আজি ‘মন কী বাত’ত সেই কৃষকসকলৰ কিছু কথা মই আপোনালোকক শুনাব বিচাৰিছো৷ হাৰিয়ানাৰ সোনীপত জিলাত আমাৰ এজন কৃষক ভাই থাকে, তেওঁৰ নাম শ্ৰী কম্বৰ চৌহান৷ তেওঁ কৈছে যে কিদৰে  এটা সময়ত তেওঁ বজাৰৰ বাহিৰত নিজৰ ফল আৰু শাক-পাচলি বিক্ৰী কৰিবলৈ সমস্যাৰ সন্মুখীন হৈছিল৷  যদি তেওঁ বজাৰৰ বাহিৰত নিজৰ ফল আৰু শাক-পাচলি বিক্ৰী কৰিছিল তেতিয়া তেওঁৰ ফলভৰ্তি বাহন জব্দ কৰা হৈছিল৷ কিন্তু ২০১৪ চনত ফল আৰু শাক-পাচলিক এপিএমচি আইনৰ আওতাৰ বাহিৰত ৰখা হ’ল৷ চাৰি বছৰ পূৰ্বে তেওঁ নিজৰ গাঁৱৰ কৃষক ভাইসকলৰ সৈতে লগ হৈ কৃষক উৎপাদক গোটৰ স্থাপন কৰিলে৷ আজি গাঁৱৰ কৃষকে ছুইট কৰ্ণ আৰু বেবী কৰ্ণৰ খেতি কৰে৷ তেওঁলোকৰ উৎপাদন আজি দিল্লীৰ আজাদপুৰ বজাৰ, বৃহৎ ৰিটেইল চেইন তথা পঞ্চ তাৰকাযুক্ত হোটেলত পোনে পোনে বিক্ৰী হয়৷ আজি গাঁৱৰ কৃষকসকলে ছুইট কৰ্ণ আৰু বেবী কৰ্ণৰ খেতি কৰি প্ৰতি হেক্টৰ ভূমিত আঢ়ৈৰ পৰা তিনি লাখ টকালৈ উপাৰ্জন কৰি আছে৷ এয়াই নহয়, এইখন গাঁৱৰে ৬০তকৈও অধিক কৃষকে নেট হাউচ বনাই, পলী হাউচ বনাই বিলাহী, তিয়ঁহ, ছিমলা জলকীয়াৰ বিভিন্নটা প্ৰকাৰ উৎপাদন কৰি প্ৰতি বছৰে ১০ লাখ টকাৰ পৰা ১২ লাখ টকা উপাৰ্জন কৰি আছে৷ জানে নে এই কৃষকসকলৰ ওচৰত কি আছে? তেওঁলোকৰ ওচৰত নিজৰ ফল, শাক-পাচলি যিকোনো স্থানত, যাকে-তাকে বিক্ৰী শক্তি আছে৷

বন্ধুসকল, তিনি চাৰি বছৰ পূৰ্বে মহাৰাষ্ট্ৰত ফল আৰু শাক-পাচলিক এপিএমচিৰ আওতাৰ বাহিৰত ৰখা হৈছিল৷ Sri Swami Samarth Farmer’s producer company limited শীৰ্ষক এটা কৃষকৰ সংগঠন আছে৷ পুণে আৰু মুম্বাইত এওঁলোকে কৃষক সাপ্তাহিক বজাৰ নিজে চলায়৷ এই বজাৰসমূহত প্ৰায় ৭০খন গাঁৱৰ চাৰে চাৰি হাজাৰ কৃষকৰ উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে বিক্ৰী হয়-মাজত কোনো মধ্যভোগী নাই৷ গ্ৰামীণ যুৱকে পোনে পোনে বজাৰত, খেতি আৰু বিক্ৰী প্ৰক্ৰিয়াৰ সৈতে জড়িত হ’ব পাৰে৷

আৰু এটা উদাহৰণ তামিলনাডু থেনি জিলাত আমি পাও৷ ইয়াত আছে তামিলনাডু কল কৃষক উৎপাদন উদ্যোগ৷ ইয়াৰ ব্যৱস্থাসমূহ অতিশয় নমনীয় আৰু তাৰো পাঁচ-ছবছৰ পূৰ্বে ইয়াক প্ৰস্তুত কৰা হৈছে৷ ইয়াৰে কৃষক গোটে লকডাউনৰ সময়ছোৱাত নিকটৱৰ্তী গাঁলৰ পৰা শতাধিক মেট্ৰিকটন শাক-পাচলি, ফল আৰু কল ক্ৰয় কৰিছিল আৰু চেন্নাই চহৰত শাক-পাচলিৰ কম্বো কিট দিছিল৷ আপুনি চিন্তা কৰক, কিমানজন তৰুণক তেওঁলোকে চাকৰি দিছিল আৰু মাজত কোনো মধ্যভোগী নাছিল৷ লক্ষ্ণৌতো কৃষকৰ এনে এক গোট আছে৷ তেওঁলোকে ইয়াৰ নাম ৰাখিছে ‘ইৰাদা ফাৰ্মাৰ প্ৰডিউচাৰ’৷ তেওঁলোকেও লকডাউনৰ সময়ছোৱাত কৃষকৰ খেতিৰ পৰা পোনে পোনে ফল আৰু শাক-পাচলি ক্ৰয় কৰি লক্ষ্ণৌৰ বজাৰত বেচিছিল৷ গুজৰাটত বনাসংকাঠাৰ ৰামপুৱা গাঁৱত ইছমাইল ভাই নামৰ এজন কৃষক আছে৷ তেওঁৰ কাহিনীও আমোদজনক৷ ইছমাইল ভায়ে খেতি কৰিবলৈ বিচাৰিছিল৷ তেওঁৰ পিতৃয়ে খেতি কৰিছিল৷ কিন্তু প্ৰথমে লোকচানেই হৈছিল৷ সেয়ে পিতৃ আৰু পৰিয়ালৰ লোকে তেওঁক খেতি কৰিবলৈ মানা কৰিছিল৷ তথাপিও তেওঁ খেতি কৰিবলৈ দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিছিল৷  তেওঁ খেতি উদ্ভাৱনী ৰূপত আৰম্ভ কৰিলে৷ তেওঁ ড্ৰিপৰে জলসিঞ্চন কৰি আলু খেতি আৰম্ভ কৰিলে৷ আজি তেওঁ আলু খেতিৰ বাবে বিখ্যাত৷ তেওঁ অতি উন্নতমানৰ আলু উৎপাদন কৰে৷  ইছমাইল ভায়ে এই আলু ডাঙৰ ডাঙৰ কোম্পানীক বিক্ৰী কৰে, মধ্যভোগীৰ তাত চিন-মোকাম নাই৷ আৰু পৰিণামস্বৰূপে তেওঁ লাভ অৰ্জন কৰি আছে৷ এতিয়া তেওঁ নিজৰ পিতৃৰ সকলো ঋণ পৰিশোধ কৰিছে৷ তাতোকৈ ডাঙৰ কথা হ’ল, তেওঁ আজি নিজৰ এলেকাৰ শতাধিক কৃষকক সহায়ো কৰি আছে৷

বন্ধুসকল, আজিৰ তাৰিখত আমি খেতিক যিমানেই আধুনিক বিকল্প প্ৰদান কৰিম সিমানেই ই আগবাঢ়িব৷ মণিপুৰৰ বাসিন্দা বিজয়শান্তিয়ে এক নতুন উদ্ভাৱন ব্যৱহাৰ কৰিছে যি খুব চৰ্চাত আছে৷ তেওঁ পদুমৰ ঠাঁৰিৰ পৰা সুতা বনোৱাৰ ষ্টাৰ্ট-আপৰ কাম আৰম্ভ কৰিছে৷ আজি তেওঁৰ এই উদ্ভাৱনৰ দ্বাৰা পদুমৰ খেতি আৰু বস্ত্ৰ খণ্ডত নতুন পথ মুকলি হৈছে৷

মোৰ মৰমৰ দেশবাসীসকল, মই আপোনালোকক অতীতৰ এটা অংশলৈ লৈ যাব গুচিছো৷ এশ এক বছৰ পুৰণি কথা৷ ১৯১৯ চনৰ কথা৷ ইংৰাজী শাসকসকলে জালিয়ানাৱালাৱাগত বহু নিৰ্দোষ লোকক হত্যা কৰিছিল৷ এই নৰসংহাৰৰ পিছত এজন বাৰ বছৰীয়া ল’ৰা সেই ঘটনাস্থলীলৈ গ’ল৷ ল’ৰাজন চঞ্চল আছিল যদিও তেওঁ জালিয়ানাৱালাবাগত যিটো দেখিলে সিয়েই তেওঁৰ জীৱন পৰিৱৰ্তন কৰিলে৷ কোনোবা ইমান কিদৰে নিৰ্দয়ী হ’ব পাৰে সেই ভাবি তেওঁ স্তব্ধ হৈ গৈছিল৷ ক্ৰোধত তেওঁ উত্তপ্ত হৈ পৰিছিল৷ সেই জালিয়ানাৱালাবাগতেই তেওঁ ইংৰাজী শাসনৰ বিৰুদ্ধে যুদ্ধ কৰাৰ প্ৰতিজ্ঞা কৰিলে৷ আপোনালোকে গম পাইছে নে মই কাৰ কথা কৈছো? মই শ্বহীদ বীৰ ভগৎ সিঙৰ কথা কৈছো৷ কাইলৈ ২৮ ছেপ্টেম্বৰত আমি শ্বহীৰ বীৰ ভগৎ সিঙৰ জয়ন্তী পালন কৰিম৷ মই সমস্ত দেশবাসীৰ সৈতে সাহস আৰু বীৰত্বৰ প্ৰতিমূৰ্তি শ্বহীদ বীৰ ভগৎ সিঙক প্ৰণাম জনাইছো৷ আপোনালোকে কল্পনা কৰিব পাৰেনে, এক শাসকপক্ষ যি সমগ্ৰ পৃথিৱীতে ৰাজত্ব কৰিছিল, তেওঁলোকৰ বিষয়ে কোৱা হয় যে তেওঁলোকৰ শাসনত কেতিয়াও সূৰ্য অস্ত নগৈছিল৷ এনে শক্তিশালী শাসকে এজন ২৩ বছৰীয়া যুৱকৰ ভয়ত কঁপি উঠিছিল৷ শ্বহীদ বীৰ ভগৎ সিঙৰ জীৱনৰ আন এক সুন্দৰ কথা এয়ে যে তেওঁ দলীয় কৰ্মৰ মহত্ব ভালদৰেই বুজি পাইছিল৷ তেওঁ জীয়াই থকালৈ কেৱল এটা অভিযানৰ বাবে নিজৰ জীৱন বলিদান দিছিল- সেই অভিযান আছিল ভাৰতক অন্যায় আৰু ইংৰাজ শাসনৰ পৰা মুক্তি দিয়া৷ মই নমো এপত হায়দৰাবাদৰ অজয় এজ মহোদয়ৰ এটা মন্তব্য পঢ়িছো৷ তেওঁ লিখিছে- আজিৰ তৰুণ প্ৰজন্ম কিদৰে ভগৎ সিং হ’ব পাৰে? চাওক, আমি ভগৎ সিং হ’ব পাৰো নে নোৱাকো নাজানো কিন্তু ভগৎ সিঙৰ দৰে দেশ প্ৰেম, দেশৰ বাবে কিবা এটা কৰাৰ ইচ্ছা আমাৰ হৃদয়ত থাকিব পাৰে৷ এয়াই হ’ব শ্বহীদ ভগৎ সিঙৰ প্ৰতি আমাৰ সবাতোকৈ বৃহৎ শ্ৰদ্ধাঞ্জলি৷ চাৰি বছৰ পূৰ্বে এই সময়ছোৱাতেই ছাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ছোৱাত বিশ্বই আমাৰ জোৱানসকলৰ সাহস, শৌৰ্য আৰু নিৰ্ভীকতা প্ৰত্যক্ষ কৰিছিল৷  আমাৰ সাহসী সেনাসকলৰ এটাই লক্ষ্য আছিল, যিকোনো মূল্যত ভাৰত মাতৃৰ গৌৰৱ আৰু সন্মানৰ ৰক্ষা কৰা৷

মোৰ মৰমৰ দেশবাসীসকল, আগন্তুক কেইটামান দিনত আমি বহু মহান লোকক স্মৰণ কৰিম যিয়ে ভাৰত নিৰ্মাণলৈ অতুলনীয় অৱদান আগবঢ়াইছে৷ ২ অক্টোবৰ আমাৰ সকলোৰে বাবে পবিত্ৰ আৰু অনুপ্ৰেৰণাদায়ী দিন৷ এই দিনটো মা ভাৰতীৰ দুজন মহান সন্তান মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ কৰাৰ দিন৷

পূজ্য বাপুৰ বিচাৰ আৰু আদৰ্শ আজি পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে৷ মহাত্মা গান্ধীৰ যি আৰ্থিক চিন্তন আছিল, সেই সত্বা যদি ধৰি ৰখা হ’লহেঁতেন, সেই পথত যদি চলা হ’লহেঁতেন তেন্তে আজি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰয়োজন নহ’লহেঁতেন৷ পূজ্য বাপুৰ জীৱনে আমাক এয়া স্মৰণ কৰায় যে আমাৰ কাৰ্যসমূহ এনে হ’ব লাগে য’ত দৰিদ্ৰতম ব্যক্তিৰো যাতে কল্যাণ হয়৷ ঠিক সেইদৰে শাস্ত্ৰীজীৰ জীৱনেও আমাক বিনম্ৰতা আৰু সহনশীলতাৰ শিক্ষা দিয়ে৷ ১১ অক্টোবৰৰ দিনটোও আমাৰ বাবে এক বিশেষ দিন৷ সিদিনা আমি ভাৰতৰত্ন লোকনায়ক জয় প্ৰকাশজীক স্মৰণ কৰো৷ ভাৰতৰত্ন নানাজী দেশমুখৰো ১১ তাৰিখেই জয়ন্তী৷ এই ১২ অক্টোবৰ তাৰিখে ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াৰো জয়ন্তী যিয়ে তেওঁৰ সমগ্ৰ জীৱন জনতাৰ সেৱাত সমৰ্পিত কৰিছিল৷ তেওঁৰ হৃদয় বহু উদাৰ আছিল৷  আজি মোৰ এটা কথা ক’বলৈ খুব মন গৈছে৷ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আমি একতা যাত্ৰাৰ বাবে ওলাইছিলো৷ ডাঃ মুৰলী মনোহৰ যোশীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হৈছিল৷ ডিচেম্বৰ, জানুৱাৰীৰ দিন আছিল৷ আমি নিশা প্ৰায় ১২-১টা বজাত মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ ওচৰৰ শিৱপুৰী পালো, নিৱাস স্থান পাই দিনটোৰ ভাগৰ আঁতৰাই ৰাতিপুৱাৰ বাবে প্ৰস্তুতি কৰি আছিলো৷ প্ৰায় ২টা বাজিছিল নেকি..মই গা- পা ধুই শোৱাৰ প্ৰস্তুতি চলাইছিলো, তেতিয়াই দুৱাৰত কোনোবাই টুকুৰিয়ালে৷ মই দুৱাৰ খোলাত ৰাজমাতা বাহিৰত থিয় দি আছিল৷ সেই হিমচেঁচা শীতত ৰাজমাতাক দেখি মই হায়ৰাণ হৈ পৰিলো৷ মই সেই মাতৃক প্ৰণাম কৰিলো৷ মই ক’লো, মা ইমান ৰাতি আপুনি? তেওঁ ক’লে, নহয় বাচা, আপুনি এটা কাম কৰক, এই গৰম গাখীৰ খাই শুই পৰক৷ হালধিমিশ্ৰিত গাখীৰ তেওঁ নিজে লৈ আহিছিল৷ কিন্তু দ্বিতীয় দিনা দেখিলো, তেওঁ কেৱল মোকেই নহয়, আমাৰ যাত্ৰাৰ ৩০-৪০ জন লোকক, তাতে গাড়ীৰ চালকো আছিল, প্ৰত্যেকৰে কোঠালিলৈ গৈ নিজে ২ বজাৰ গাখীৰ খাবলৈ দিছিল৷ মাৰ মৰম কি, বাৎসল্য কি, সেই ঘটনা মই কেতিয়াও পাহৰিব নোৱাৰো৷ আমাৰেই সৌভাগ্য যে এনে মহান বিভূতিয়ে আমাৰ ধৰিত্ৰীক নিজৰ তপস্যা আৰু ত্যাগেৰে সিঞ্চন কৰিছে৷ আহক, আমি সকলোৱে লগ হৈ এনে এক ভাৰতৰ নিৰ্মাণ কৰো য’ত এই মহাপুৰুষসকলৰ গৰ্ব অনুভূত হওক৷ তেওঁলোকৰ সপোন বাস্তৱায়িত হওক৷ 

মোৰ মৰমৰ দেশবাসীসকল, ক’ৰোনাৰ এই সময়ছোৱাত মই পুনৰবাৰ আপোনালোকক স্মৰণ কৰাই দিবলৈ বিচাৰিছো৷ মাস্ক পৰিধান কৰক৷ ফে’চ ক’ভাৰ অবিহনে বাহিৰলৈ নাযাব৷ দুই গজৰ দূৰত্ব বৰ্তাই ৰাখক৷ নিজক বচাওক আৰু পৰিয়ালকো বচাওক৷  এই নিয়মসমূহ পালন কৰি এই ক’ৰোনাৰ বিৰুদ্ধে প্ৰতিজন নাগৰিকৰ জীৱন ৰক্ষা কৰাৰ ভূমিকা পালন কৰক৷ আৰু আমি পাহৰিব নালাগিব যে যেতিয়ালৈ দৰৱ নোলায় তেতিয়ালৈ সাৱধানে থাকিব লাগিব৷ আপোনালোক সুস্থ হৈ থাকক, আপোনাৰ পৰিয়াল সুস্থ হৈ থাকক৷ এই শুভকামনাৰ সৈতে অশেষ ধন্যবাদ৷ নমস্কাৰ৷

 

সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
What PM Gati Shakti plan means for the nation

Media Coverage

What PM Gati Shakti plan means for the nation
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share
 
Comments
“In post-independence India, health infrastructure did not get the required attention for a very long time and citizens had to run from pillar to post for proper treatment, leading to worsening of the condition and financial strain”
“Government at the Center and in the state understands the pain of the poor, downtrodden, oppressed, backward and middle class”
“Through PM Ayushman Bharat Health Infrastructure Mission an entire ecosystem for services from treatment to critical research will be created in every corner of the country”
“PM Ayushman Bharat Health Infrastructure Mission, along with health, is also a medium of aatmnirbharta.”
“Heart of Kashi is the same, the mind is the same, but sincere efforts are being made to improve the body”
“Today, from technology to health, unprecedented facilities are being created in BHU. Young friends from all over the country are coming here for studies”

Prime Minister Shri Narendra Modi launched PM Ayushman Bharat Health Infrastructure Mission. He also inaugurated various development projects worth around Rs 5200 crore for Varanasi. Governor and Chief Minister of Uttar Pradesh, Union Ministers, Dr Mansukh Mandaviya, Dr Mahendra Nath Pandey, State Ministers and people’s representatives were among those present on the occasion.

Addressing the gathering, the Prime Minister said the country has achieved a major milestone of 100 crore vaccine doses in its fight against the corona epidemic. “With the blessings of Baba Vishwanath, with the unwavering glory of Maa Ganga, with the unshakable faith of the people of Kashi, the campaign of free vaccine for all is progressing successfully”, the Prime Minister said.

The Prime Minister lamented that in post-independent India, health infrastructure did not get the required attention for a very long time and citizens had to run from pillar to post for proper treatment, leading to worsening of the condition and financial strain. This led to a persistent worry about medical treatment in the hearts of the middle class and poor people. Those whose governments remained in the country for a long time, instead of the all-around development of the country's healthcare system, kept it deprived of facilities.

The Prime Minister said that PM Ayushman Bharat Health Infrastructure Mission aims to tackle this deficiency. The aim is to strengthen the critical healthcare network from village to block to the district to the regional and national level in the next 4-5 years. Describing the initiative taken by the government under the new Mission, the Prime Minister said that there are 3 major aspects of the Ayushman Bharat Health Infrastructure Mission to address the different gaps in the health sector of the country. The first is related to the creation of elaborate facilities for diagnostics and treatment. Under this, Health and Wellness Centers are being opened in villages and cities, where there will be facilities for early detection of diseases. Facilities like free medical consultation, free tests, free medicine will be available in these centres. For serious illness, 35 thousand new critical care-related beds are being added in 600 districts and referral facilities will be given in 125 districts.

The second aspect of the scheme, the Prime Minister said, is related to the testing network for the diagnosis of diseases. Under this mission, the necessary infrastructure will be developed for the diagnosis and monitoring of diseases. 730 districts of the country will get Integrated Public Health labs and 3 thousand blocks will get Block Public Health Units. Apart from that, 5 Regional National Centers for Disease Control, 20 Metropolitan units, and 15 BSL labs will further strengthen this network, said the Prime Minister.

The Third aspect, according to the Prime Minister, is the expansion of existing research institutions that study pandemics. Existing 80 Viral Diagnostic and research labs will be strengthened, 15 Biosafety level 15 labs will be operationalized, 4 new National institutes of Virology and a National Institute for One Health are being established. WHO regional research platform for South Asia will also strengthen this network. “This means, through PM Ayushman Bharat Health Infrastructure Mission an entire ecosystem for services from treatment to critical research will be created in every corner of the country”, said the Prime Minister.

The Prime Minister highlighted the employment potential of these measures and said that PM Ayushman Bharat Health Infrastructure Mission, along with health, is also a medium of aatmnirbharta. “It is a part of the effort to achieve holistic health care. Which means healthcare that is affordable and accessible to all.” Shri Modi said that holistic healthcare focuses on wellness along with health. Schemes like Swachh Bharat Mission, Jal Jeevan Mission, Ujjwala, Poshan Abhiyan, Mission Indradhanush have saved crores of people from disease. More than 2 crore poor people got free treatment under Ayushman Bharat Yojna and Many health related issues are being solved through Ayushman Bharat Digital Mission, the Prime Minister said.

The Prime Minister remarked that today there is a government at the Center and in the state which understands the pain of the poor, downtrodden, oppressed, backward and middle class. “We are working day and night to improve health facilities in the country”, said the Prime Minister.

The Prime Minister said the speed with which new medical colleges are being opened in Uttar Pradesh will have a great impact on the number of medical seats and doctors in the state. Due to more seats, now the children of poor parents will also be able to dream of becoming a doctor and fulfil it, he added.

Speaking about the past plight of the holy city of Kashi, the Prime Minister said that people were almost resigned to the pathetic state of affairs of the city’s infrastructure. Things changed and today the heart of Kashi is the same, the mind is the same, but sincere efforts are being made to improve the body. “The work done in Varanasi in the last 7 years was not done in the last several decades”, he said.

The Prime Minister singled out the progress of BHU towards global excellence as one of the key achievements of Kashi over the past years. “Today, from technology to health, unprecedented facilities are being created in BHU. Young friends from all over the country are coming here for studies”, he pointed out.

Praising the 60 per cent growth in production and 90 per cent growth in sales of Khadi and other cottage industry products in the last 5 years in Varanasi, the Prime Minister once again exhorted the countrymen to promote local products and get ‘vocal for local’. He said that local doesn’t mean just a few products like diyas but any product that is the result of the hard work of countrymen needs the promotion and patronage of all the countrymen during the festival period.