India and Mauritius are united by history, ancestry, culture, language and the shared waters of the Indian Ocean: PM Modi
Under our Vaccine Maitri programme, Mauritius was one of the first countries we were able to send COVID vaccines to: PM Modi
Mauritius is integral to our approach to the Indian Ocean: PM Modi

নমস্কাৰ!

মৰিছাছৰ প্রধানমন্ত্রী প্রবীন্দ কুমাৰ জগন্নাথজী,

ভদ্রমহোদয় / মহোদয়াসকল,

১৩০ কোটি ভাৰতবাসীৰ ফালৰ পৰা মৰিছাছৰ সকলো ভাতৃ-ভগ্নীক নমস্কাৰ, বনজুৰ আৰু পৱিত্র থাইপুসম কাভাদিৰ শুভকামনা জনাইছো।

আৰম্ভণিতেই মই ভাৰত-মৰিছাছ সম্পর্কক নিবিড় কৰাত প্রয়াত ছাৰ অনিৰুদ্ধ জগন্নাথৰ ভূমিকাৰ কথা উল্লেখ কৰিব খোজো। তেওঁ আছিল এজন দূৰদৃষ্টিসম্পন্ন নেতা, যি সমগ্ৰ ভাৰতত শ্রদ্ধেয় ব্যক্তিত্ব। তেওঁৰ প্রয়াণত আমি এদিন জাতীয় শোক পালনৰ কথা ঘোষণা কৰিছিলো আৰু আমাৰ সংসদত তেওঁৰ প্রতি শ্রদ্ধা জনাইছিলো। এইটো আমাৰ বাবে অত্যন্ত সৌভাগ্যৰ বিষয় যে আমি তেওঁক ২০২০-ত ‘পদ্মবিভূষণ’ সম্মানেৰে ভূষিত কৰো। কিন্তু দুর্ভাগ্যবশতঃ, মহামাৰীজনিত পৰিস্থিতিৰ ফলত জীৱিতকালত তেওঁ পুৰস্কাৰ গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল। সেয়ে আমি যোৱা নৱেম্বৰ মাহত তেওঁৰ পত্নী সৰোজিনী জগন্নাথৰ হাতত পুৰস্কাৰ তুলি দিছো। ছাৰ অনিৰুদ্ধ জগন্নাথৰ প্রয়াণৰ পিছত দুয়োখন দেশৰ মাজত এইটোৱেই প্রথম দ্বিপাক্ষিক অনুষ্ঠান। আমি অভিন্ন উন্নয়নৰ যাত্রাপথত আৰু এটা গুৰুত্বপূর্ণ মাইলফলক অর্জন কৰিছো। মই তেওঁৰ পৰিয়ালৰ আৰু মৰিছাছবাসীৰ প্রতি মোৰ গভীৰ সমবেদনা জনাইছো।

 

ভদ্রমহোদয় / মহোদয়াসকল,

ভাৰত আৰু মৰিছাছৰ মাজত এক অভিন্ন ঐতিহাসিক, সাংস্কৃতিক, পৈতৃক আৰু ভাষাগত সম্পর্ক আছে। দুই দেশে ভাৰত মহাসাগৰৰ সীমাহীন জলসীমানাও ভাগ কৰি লয়। আজি আমাৰ উন্নয়নমূলক অংশীদাৰিত্ব দুই দেশৰ নিবিড় সম্পর্কৰ ক্ষেত্রত গুৰুত্বপূর্ণ স্তম্ভ হৈ উঠিছে। ভাৰতৰ উন্নয়নমূলক অংশীদাৰিত্বৰ ক্ষেত্রত মৰিছাছ এটি উজ্জ্বল দৃষ্টান্ত। ভাৰতে উন্নয়নমূলক অংশীদাৰিত্বত সর্বদাই মিত্র দেশসমূহৰ সার্বভৌমত্বৰ প্রতি সন্মান জনাই আছে।

প্রবীন্দজী, মই আপোনাৰ সৈতে মেট্রো এক্সপ্রেছ প্রকল্প, নতুন ই.এন.টি. হাস্পতাল আৰু নতুন ছুপ্রিম কোর্ট ভৱন উদ্বোধনৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰিছো। মই এইটো জানিবলৈ পাই অত্যন্ত আনন্দিত যে, মেট্রো পৰিসেৱাৰ জনপ্রিয়তা ক্রমশঃ বাঢ়িছে আৰু ইতিমধ্যেই ৫৬ লাখৰ অধিক যাত্রীয়ে এই পৰিসেৱা ব্যৱহাৰ কৰিছে। মেট্রো পৰিসেৱাৰ আৰু সম্প্রসাৰণত সাহায্যৰ বাবেও আমি আগ্রহী। ইয়াৰ বাবে দুই দেশৰ মাজত আজি ১৯০ বিলিয়ন মার্কিন ডলাৰৰ এটি ঋণচুক্তি স্বাক্ষৰিত হৈছে। এইটো আমাৰ বাবে অত্যন্ত সন্তুষ্টি আৰু গর্বৰ বিষয় যে কোভিড-১৯ পৰিস্থিতি মোকাবিলাত নতুন ই.এন.টি. হাস্পতালখনে অত্যন্ত কার্যকৰী ভূমিকা লৈছে।

প্রকৃততে কোভিড-১৯ মহামাৰীৰ সময়ত আমাৰ দুই দেশৰ সহযোগিতাই নজিৰ সৃষ্টি কৰিছে। ‘ভেকচিন মৈত্রী’ কর্মসূচীৰ আওতাত মৰিছাছেই প্রথম দেশ য'লৈ আমি কোভিড টীকা পঠিয়াইছিলো। আজি আমি অত্যন্ত আনন্দিত যে, মৰিছাছ বিশ্বৰ অল্পসংখ্যক কেইখনমান দেশৰ ভিতৰত এখন য'ত মুঠ জনসংখ্যাৰ তিনি-চতুর্থাংশৰ টীকাকৰণ সম্পূর্ণ হৈছে। মৰিছাছ ভাৰত মহাসাগৰীয় অঞ্চলত আমাৰ উন্নয়নমূলক প্রয়াসৰ এক অভিন্ন অঙ্গ। ২০১৫-ত মৰিছাছ ভ্ৰমণৰ সময়ত নৌ-বাণিজ্য ক্ষেত্রত সহযোগিতা আৰু নিৰাপত্তাৰ বাবে মই ভাৰতৰ ‘সাগৰ’ (এই অঞ্চলৰ সকলো দেশৰ বাবে নিৰাপত্তা আৰু অভিন্ন অগ্রগতি) কর্মসূচীৰ কথা উল্লেখ কৰিছিলো।

মই অত্যন্ত আনন্দিত যে, নৌ-বাণিজ্যত নিৰাপত্তা সহ আমাৰ দ্বিপাক্ষিক সহযোগিতা এতিয়া পৰিকল্পনাৰ স্তৰৰ পৰা বাস্তবায়িত হৈছে। কোভিড মহামাৰীজনিত বাধা-বিপত্তি সত্ত্বেও আমি মৰিছাছৰ উপকূলৰক্ষী বাহিনীক লিজ বা চুক্তিৰ ভিত্তিত এখন ডর্নিয়াৰ যুদ্ধবিমান দিছো আৰু লগতে, বাৰাকুডা জাহাজৰ মেৰামতিৰ কাম শেষ কৰিছো। আমাৰ অভিন্ন নৌ-বাণিজ্য সম্পর্কীয় ঐতিহ্য সুৰক্ষাত দুই দেশৰ মাজত সহযোগিতাৰ আৰু এটা দৃষ্টান্ত হিচাপে আমি ওৱাকাছিও তৈল কূপৰ বাবে প্রয়োজনীয় সৰঞ্জাম আৰু বিশেষজ্ঞসকলক সাহায্য দিছো।

ভদ্রমহোদয় / মহোদয়াসকল,

আজিৰ এই অনুষ্ঠানে দুই দেশৰ মানুহৰ জীৱনযাপনৰ মানোন্নয়নত অভিন্ন অঙ্গীকাৰকেই প্রতিফলিত কৰে। প্রবীন্দজী, সামাজিক আবাসন কর্মসূচীৰ কাম শেষ হোৱাত পিছত ইয়াৰ উদ্বোধনী অনুষ্ঠানত আপোনাৰ সৈতে যোগ দিবলৈ পাই মই অত্যন্ত আনন্দিত। আমি বিশেষকৈ আনন্দিত যে, মৰিছাছৰ সাধাৰণ মানুহৰ বাবে আপোনালোকে সুলভ আবাসনৰ সংস্থান কৰিব পাৰিছে। আমি আৰু দুটা কর্মসূচী গ্রহণ কৰিছো যি দেশ গঠনত অত্যন্ত গুৰুত্বপূর্ণ। ইয়াৰ এটা হ'ল অত্যাধুনিক চিভিল ছার্ভিচ কলেজ, যি মৰিছাছৰ নিৰবচ্ছিন্ন অগ্রগতিত চৰকাৰী বিষয়াসকলৰ দক্ষতাৰ মানোন্নয়নত সাহায্য কৰিব। আৰু দ্বিতীয়টো হ'ল, ৮ মেগাৱাট ক্ষমতাবিশিষ্ট সৌৰবিদ্যুৎ উৎপাদন কেন্দ্র। এই কেন্দ্রটোৱে দ্বীপৰাষ্ট্র মৰিছাছক জলবায়ু পৰিবর্তনজনিত চেলেঞ্জ মোকাবিলাত অধিক শক্তিশালী কৰিব।

ভাৰতত আমিও ‘মিছন কর্মযোগী’ উদ্যোগৰ মাধ্যমত চিভিল ছার্ভিচৰ বিষয়াসকলৰ দক্ষতা বৃদ্ধিৰ বাবে একাধিক উদ্ভাবনমূলক প্রয়াস গ্রহণ কৰিছো। আমি মৰিছাছক চিভিল ছার্ভিচ ক্ষেত্রত আমাৰ অভিজ্ঞতা বিনিময় কৰিব পাৰিলে আনন্দিত হ'ম। আজি যেতিয়া ৮ মেগাৱাট ক্ষমতাবিশিষ্ট সৌৰবিদ্যুৎ উৎপাদন কেন্দ্রৰ সূচনা হ'বলৈ গৈছে সেই সময়ত যোৱা বছৰ গ্লাসগোত চিঅ'পি-২৬ বৈঠকৰ ফাঁকত ‘এক সূর্য, এক বিশ্ব, এক গ্রিড’ গঢ়ি তোলাৰ কথা মনত পৰিছে। ২০১৮ৰ অক্টোবৰত আন্তর্জাতিক সৌৰ জোটৰ প্রথমঅধিবেশনত প্রথমবাৰ মই ‘এক সূর্য, এক বিশ্ব, এক গ্রিড’ গঢ়ি তোলাৰ প্রস্তাব ৰাখিছিলো। এই উদ্যোগ কেৱল কার্বন নিঃসৰণৰ পৰিমাণ হ্রাস কৰিব এনে নহয়, তাৰ লগতে শক্তিখণ্ডত খৰচো ৰাহি হ'ব। আনকি বিভিন্ন দেশ আৰু অঞ্চলৰ মাজত এই উদ্যোগে সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব। সৌৰবিদ্যুৎ ক্ষেত্রত সহযোগিতাৰ বাবে ভাৰত আৰু মৰিছাছে দৃষ্টান্ত স্থাপন কৰিব বুলিও আমাৰ বিশ্বাস।

ক্ষুদ্র উন্নয়নমূলক প্রকল্পত আজি আমাৰ দুই দেশৰ মাজত যি চুক্তি হৈছে সি মৰিছাছৰ সার্বজনীন ক্ষেত্রত গভীৰ প্রভাব পেলাব। অনাগত দিনত আমি একাধিক গুৰুত্বপূর্ণ ক্ষেত্রত একেলগে কাম আৰম্ভ কৰিম। ইয়াৰ মাজত আছে – ৰেনাল ট্রান্সপ্ল্যান্ট ইউনিট, ফৰেন্সিক ছায়েন্স লেবৰেটৰী, জাতীয় গ্রন্থাগাৰ আৰু মহাফেজখানা, মৰিছাছৰ পুলিচ একাডেমি প্রভৃতি। মই আজি আকৌ এবাৰ এই কথা ক'ব খোজো যে, মৰিছাছৰ উন্নয়নৰ যাত্রাপথত ভাৰত সর্বদাই কাষত থাকিব।

মই মৰিছাছৰ সকলো ভাতৃ আৰু ভগ্নীসকলৰ সুস্থ, মঙ্গলময় জীৱন কামনা কৰিছো আৰু ইংৰাজী নৱবর্ষ, ২০২২ৰ শুভেচ্ছা জানাইছো।

ভাৰত আৰু মৰিছাছৰ মৈত্রী অমৰ হওক।

জয় হিন্দ!

বহুত বহুত ধন্যবাদ। নমস্কাৰ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold

Media Coverage

India's engineering goods exports rise 21 pc in June, Oman shipments jump five‑fold
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.

The Prime Minister said that her success is the result of her hard work and determination.

Shri Modi extended his best wishes to her for her future endeavours.

The Prime Minister wrote on X;

“Yet another medal for India in Weightlifting! Proud of Bindyarani Devi Sorokhaibam for winning a Bronze in the Women's 58kg event at the Glasgow Commonwealth Games. Her success is due to her hard work and determination. Wishing her the very best for the endeavours ahead.

#CWG2026”