বিশ্ববন্ধু হিচাপে ভাৰতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ লগতে অভাৱগ্ৰস্ত দেশৰ বাবে ভাৰত কেনেকৈ প্ৰথম সঁহাৰিদাতা হিচাপে আত্মপ্ৰকাশ কৰিছে তাৰ উদাহৰণ দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে
২০৪৭ চনৰ ভিতৰত দেশখনে উন্নত হোৱাৰ লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে ভৱিষ্যতৰ কূটনীতিবিদ হিচাপে তেওঁলোকৰ ভূমিকাত প্ৰশিক্ষণৰত বিষয়াসকলৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰযুক্তিচালিত পৃথিৱীত যোগাযোগৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
প্ৰশিক্ষাৰ্থীসকলক কুইজ আৰু বিতৰ্কৰ জৰিয়তে বিভিন্ন দেশৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ বিষয়ে কৌতুহল সৃষ্টি কৰিবলৈ আহ্বান
বিশ্বজুৰি ব্যক্তিগত কোম্পানীসমূহৰ বাবে অপৰিসীম সুযোগৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহাকাশ খণ্ডত ভাৰতৰ এই স্থান পূৰণ কৰাৰ সম্ভাৱনা আছে

ভাৰতীয় বৈদেশিক সেৱাৰ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত বিষয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৪ বৰ্ষৰ বেটছত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩জন আইএফএছ প্ৰশিক্ষাৰ্থী বিষয়া আছে।

প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ বহুমেৰু বিশ্ব আৰু সকলোৰে সৈতে মৈত্ৰীক নিশ্চিত কৰা বিশ্ব বন্ধু (বিশ্ব ভাতৃত্ববোধ) হিচাপে ভাৰতৰ অনন্য ভূমিকা সম্পৰ্কে আলোচনা কৰে। অভাৱগ্ৰস্ত দেশৰ প্রথম সঁহাৰিদাতা হিচাপে ভাৰত কেনেদৰে আত্মপ্ৰকাশ কৰিছে তাৰ উদাহৰণো দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ গ্ল’বেল ছাউথক সহায় কৰিবলৈ ভাৰতে গ্ৰহণ কৰা সামৰ্থ্য বিকাশৰ প্ৰচেষ্টা আৰু অন্যান্য পদক্ষেপৰ ওপৰতো আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতিৰ উদীয়মান ক্ষেত্ৰ আৰু বিশ্ব মঞ্চত ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে। বিশ্ববন্ধু (বিশ্ব ভাতৃত্ববোধ) হিচাপে দেশৰ বিকাশৰ ক্ষেত্ৰত কূটনীতিবিদসকলে বিশ্বৰ মঞ্চত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে সেই বিষয়ে তেওঁ কয়। ২০৪৭ চনৰ ভিতৰত দেশখনে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ভৱিষ্যতৰ কূটনীতিবিদ হিচাপে প্ৰশিক্ষণৰত বিষয়াসকলৰ ভূমিকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন দিশত মত বিনিময় কৰে আৰু চৰকাৰী সেৱাত যোগদান কৰাৰ পিছৰ পৰা তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে সোধা-পোছা কৰে। প্ৰশিক্ষণৰত বিষয়াসকলে সামুদ্ৰিক কূটনীতি, এআই আৰু অৰ্ধপৰিবাহী, আয়ুৰ্বেদ, সাংস্কৃতিক দিশ, খাদ্য আৰু ছফটপাৱাৰ আদি বিষয়ৰ ওপৰত তেওঁলোকৰ প্ৰশিক্ষণ আৰু গৱেষণামূলক কামৰ অভিজ্ঞতা শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিভিন্ন দেশৰ যুৱক-যুৱতীসকলৰ মাজত “আপোনাৰ ভাৰতক জানক” কুইজ আৰু বিতৰ্কৰ জৰিয়তে ভাৰতৰ বিষয়ে কৌতুহল জগাই তুলিব লাগিব। তেওঁ লগতে এই কুইজসমূহত থকা প্ৰশ্নসমূহ নিয়মিতভাৱে আপডেট কৰি ভাৰতৰ সমসাময়িক বিষয় যেনে মহাকুম্ভ, গংগাইকোণ্ড চোলাপুৰম মন্দিৰৰ ১০০০ বছৰীয়া প্ৰতিষ্ঠাপক দিৱস উদযাপন ইত্যাদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিচালিত বিশ্বত যোগাযোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰশিক্ষণৰত বিষয়াসকলক মিছনসমূহৰ সকলো ৱেবছাইট অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে ফলপ্ৰসূ যোগাযোগৰ বাবে এই ৱেবছাইটসমূহৰ উন্নতিৰ বাবে কি কৰিব পাৰি সেই বিষয়ে জানিবলৈ আহ্বান জনায়।

ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে মহাকাশ খণ্ড মুকলি কৰাৰ বিষয়ে আলোচনা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই খণ্ডত আহি থকা ভাৰতীয় ষ্টাৰ্টআপৰ পৰিসৰ বৃদ্ধিৰ বাবে আন দেশৰ সুযোগ বিচাৰি উলিওৱাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মহাকাশ খণ্ডত ভাৰতৰ এই ব্যৱধান পূৰণৰ সম্ভাৱনা আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India