ভূপেন দালৈ শ্ৰদ্ধাঞ্জলি

Published By : Admin | September 8, 2025 | 08:30 IST

আজি ৮ ছেপ্টেম্বৰৰ দিনটো, ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্ৰতি অনুৰাগী প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক অতি বিশেষ দিন। বিশেষকৈ, অসমৰ মোৰ ভাই-ভনীসকলৰ বাবে এই দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ। কাৰণ, ভাৰতৰ অন্যতম অসাধাৰণ কণ্ঠ ড°ভূপেন হাজৰিকাৰ আজি জন্ম বাৰ্ষিকী। আপোনালোক সকলোৱে জানে যে চলিত বৰ্ষতে তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি হৈছে। এয়া ভাৰতীয় কলাত্মক প্ৰকাশ আৰু জন সচেতনতাৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানক স্মৰণ কৰাৰ এক সুযোগ।

ভূপেনদাই আমাক যি দিলে, সেয়া সংগীততকৈ অধিক সূদূৰপ্ৰসাৰী। তেওঁ ৰচনাৰাজিত কেৱল সুৰকে নহয়, আৱেগকো মূৰ্ত কৰি তুলিছিল। কেৱল এক কণ্ঠতকৈ তেওঁ আছিল ৰাইজৰ হৃদস্পন্দন। কেইবাটাও প্ৰজন্ম তেওঁৰ গীত শুনি ডাঙৰ হৈছে, যাৰ গীতৰ প্ৰতিটো শব্দতে মমতা, সামাজিক ন্যায়, ঐক্য আৰু গভীৰ শিপা নিহিত হৈ আছে।

অসমৰ পৰা এনে এক কণ্ঠৰ আবিৰ্ভাৱ হৈছিল, যাৰ কণ্ঠস্বৰ ভৌগোলিক সীমা আৰু সংস্কৃতি অতিক্ৰমী, মানৱতাৰ আত্মাক লগত লৈ কালজয়ী বোৱতী নদীৰ দৰেই বৈ গৈছিল। ভূপেন দাই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল, সমাজৰ সকলো শ্ৰেণীৰ দিগ্গজক লগ পাইছিল, তথাপি তেওঁ অসমৰ শিপাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ আছিল। অসমৰ চহকী মৌখিক পৰম্পৰা, লোকগীত আৰু সমূদায়ৰ কাহিনী কোৱাৰ প্ৰথাই তেওঁৰ শৈশৱক গভীৰভাৱে গঢ় দিছিল। এই অভিজ্ঞতাই তেওঁৰ কলাত্মক শব্দভাণ্ডাৰৰ আধাৰ গঢ়ি তুলিছিল। তেওঁ সদায় নিজৰ লগত অসমৰ খিলঞ্জীয়া পৰিচয় আৰু জনসাধাৰণৰ নীতি-নিয়মক কঢ়িয়াই লৈ ফুৰিছিল।

ভূপেন দাৰ প্ৰতিভা অতি কম বয়সতে স্পষ্ট হৈ পৰিছিল। মাত্ৰ পাঁচ বছৰ বয়সতে ৰাজহুৱা অনুষ্ঠানত গীত গাই পলকতে অসমীয়া সাহিত্যৰ ৰূপকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কৈশোৰ কালতে তেওঁ প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল। কিন্তু সংগীত তেওঁৰ ব্যক্তিত্বৰ এটা অংশহে আছিল। ভূপেন দা আছিল অন্তৰত এজন বুদ্ধিজীৱী... কৌতুহলী, স্পষ্টবাদী আৰু পৃথিৱীখনক বুজি পোৱাৰ এক অতৃপ্ত হেঁপাহৰ দ্বাৰা পৰিচালিত ব্যক্তি। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সাংস্কৃতিক কিংবদন্তিয়ে তেওঁৰ মনত গভীৰ ছাপ পেলোৱাৰ লগতে অনুসন্ধিৎসু মনোভাৱ গাঢ় কৰি তুলিছিল।

শিকাৰ এই আগ্ৰহৰ বাবে তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পাৰদৰ্শিতা দেখুওৱাই নহয়, এই উদ্যমে তেওঁক আমেৰিকালৈ লৈ গৈছিল, য’ত তেওঁ সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ, চিন্তাবিদ আৰু সংগীতজ্ঞসকলৰ সৈতে মত বিনিময় কৰিছিল। তেওঁ মহান শিল্পী তথা নাগৰিক অধিকাৰৰ নেতা পল ৰবছনক লগ পাইছিল। ৰবছনৰ গীত "অল মেন ৰিভাৰ" ভূপেন দাৰ বহুল সমাদৃত "বিস্তীৰ্ণ পাৰৰে" গীতটিৰ সৃষ্টিত প্ৰেৰণা হৈ পৰিছিল। আমেৰিকাৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী এলিন’ৰ ৰুছভেল্টে ভাৰতীয় লোকসংগীত পৰিবেশনৰ বাবে তেওঁক সোণৰ পদক প্ৰদান কৰিছিল।

ভূপেন দাই আমেৰিকাত থকাৰ সুযোগ পাইছিল যদিও ভাৰতলৈ উভতি আহি সংগীতৰ মাজত নিজকে বিলীন কৰি দিছিল। ৰেডিঅ’ৰ পৰা থিয়েটাৰ, চলচ্চিত্ৰৰ পৰা শিক্ষামূলক তথ্যচিত্ৰলৈকে এই সকলো মাধ্যমতে তেওঁ পাকৈত আছিল। তেওঁ যি ঠাইলৈকে গৈছিল, তাতেই যুৱ প্ৰতিভাক উৎসাহিত কৰাত গুৰুত্ব দিছিল। তেওঁৰ ৰচনাসমূহ গীতিময় হোৱাৰ লগতে তাত সামাজিক বাৰ্তাও আছিল, যিয়ে দুখীয়াৰ ন্যায়, গ্ৰামোন্নয়ন, সাধাৰণ নাগৰিকৰ ক্ষমতা ইত্যাদি বিষয় সামৰি লৈছিল। সংগীতৰ জৰিয়তে তেওঁ নাৱৰীয়া, চাহ বাগিচাৰ শ্ৰমিক, মহিলা, কৃষক আদিৰ আকাংক্ষাক ফুটাই তুলিছিল। পুৰণি স্মৃতি সতেজ কৰাৰ লগতে ভূপেন দাৰ ৰচনাসমূহ আধুনিকতাক চোৱাৰ এক শক্তিশালী মাধ্যম হৈ পৰিছিল। বিশেষকৈ সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বহু লোকে তেওঁৰ সংগীতৰ পৰা শক্তি লাভ কৰাৰ লগতে আশাৰ ৰেঙণি দেখিছিল।

ভূপেন হাজৰিকাৰ জীৱন যাত্ৰাত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱৰ এক শক্তিশালী দিশ পৰিস্ফূট হৈছিল। তেওঁৰ ৰচনাসমূহে ভাষিক আৰু আঞ্চলিক সীমা অতিক্ৰম কৰি সমগ্ৰ দেশৰ মানুহক একত্ৰিত কৰিছিল। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ ছবিৰ বাবে সংগীত ৰচনা কৰিছিল। তেওঁ অসমক ভাৰতৰ বাকী অংশৰ বাবে দৃশ্যমান আৰু ইয়াৰ কণ্ঠ শুনিবলৈ যোগ্য কৰি তুলিছিল। ৰাজ্যবাসী আৰু সমগ্ৰ বিশ্বতে সিঁচৰিত হৈ থকা অসমীয়া উভয়ৰে বাবে আধুনিক অসমৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত তেওঁ অৰিহণা যোগাইছিল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

ভূপেন দা এজন ৰাজনৈতিক ব্যক্তি নাছিল যদিও, জনসেৱাৰ জগতখনৰ সৈতে সংযুক্ত হৈ থাকিল। ১৯৬৭ চনত তেওঁ অসমৰ নাওবৈচা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত তেওঁৰ ৰাজহুৱা ব্যক্তিত্ব জনসাধাৰণৰ আস্থাত কিমান গভীৰভাৱে শিপাই আছিল সেয়া স্পষ্ট হৈ পৰিছিল। যদিও তেওঁ কেতিয়াও পেছাদাৰী ৰাজনীতিবিদ নাছিল, তথাপিও আনৰ সেৱাৰ প্ৰতি তেওঁৰ আবেগ অত্যন্ত প্ৰভাৱশালী আছিল।

ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰে বিগত বছৰবোৰত তেওঁৰ অপৰিসীম অৱদানক স্বীকৃতি দি আহিছে। পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে বঁটাকে ধৰি কেইবাটাও বঁটাৰে তেওঁক সন্মানিত কৰা হয়। ২০১৯ চনত আমাৰ কাৰ্যকালত তেওঁক ভাৰতৰত্ন সন্মান প্ৰদান কৰাটো মোৰ ব্যক্তিগতভাৱে তথা এনডিএ চৰকাৰৰ বাবেও এক সন্মানৰ কথা আছিল। সমগ্ৰ বিশ্বৰ মানুহে, বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে তেওঁক প্ৰদান কৰা এই সন্মানত আনন্দিত হৈছিল। এই সন্মানে ভূপেন দাই হৃদয়ৰ নিভৃত কোণত ৰখা নীতিক উদযাপন কৰিছিল, যিটো হৈছে সংগীতে সত্যৰ ওপৰত ভিত্তি কৰি সকলো বাধা অতিক্ৰম কৰিব পাৰে। কিয়নো এটা গীতে এটা জনগোষ্ঠীৰ সপোনৰ ওজন বহন কৰিব পাৰে আৰু সমগ্ৰ বিশ্বৰে হৃদয় স্পৰ্শ কৰিব পাৰে।

২০১১ চনত ভূপেন দাৰ মৃত্যুৰ সময়ৰ স্মৃতি মোৰ মনত আছে। টেলিভিছনত দেখিছিলো তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কেনেদৰে লাখ লাখ জনতাই অংশ লৈছিল। সেই সময়ত প্ৰতিগৰাকী ব্যক্তিৰ চকু সেমেকি উঠিছিল। মৃত্যুৰ সময়তো তেওঁৰ বৰ্ণিল জীৱনৰ দৰেই সমগ্ৰ জনতাক একত্ৰিত কৰিছিল। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ জালুকবাৰীৰ পাহাৰৰ দাঁতিত তেওঁক সৎকাৰ কৰাটো উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে, কিয়নো এই নদীখন তেওঁৰ সংগীত, উপমা আৰু স্মৃতিৰ জীৱনৰেখা আছিল। যুৱক-যুৱতীসকলৰ মাজত তেওঁৰ জীৱন যাত্ৰাক জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাম-কাজত অসম চৰকাৰে সহযোগিতা আগবঢ়োৱাটো আনন্দৰ কথা।

ভূপেন হাজৰিকাৰ জীৱনে আমাক সহানুভূতিৰ শক্তি, জনতাৰ কণ্ঠ শুনাৰ শক্তি আৰু আমাক আমাৰ শিপাৰ লগত সংযুক্ত হৈ থকাৰ শক্তিৰ বিষয়ে শিকাইছে। তেওঁৰ গীতবোৰ আজিও শিশুৰ পৰা বৃদ্ধলৈ সকলোৱেই গাই আহিছে। তেওঁৰ সংগীতে আমাক দয়ালু আৰু সাহসী হ’বলৈ শিকাইছে। এই গীতবোৰে আমাক আমাৰ নদী, আমাৰ শ্ৰমিক, আমাৰ চাহ বাগিচা, আমাৰ নাৰী শক্তি আৰু আমাৰ যুৱ শক্তিক স্মৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। এই গীতবোৰে আমাক বৈচিত্ৰ্যতাৰ মাজত ঐক্যত বিশ্বাস কৰিবলৈ উৎসাহিত কৰে।

ভূপেন হাজৰিকাক লৈ ধন্য ভাৰত। আহক, তেওঁৰ জন্ম শতবৰ্ষ আৰম্ভ হোৱাৰ এই শুভক্ষণত তেওঁৰ বাৰ্তা দূৰ-দূৰণিলৈ প্ৰচাৰ-প্ৰসাৰৰ সংকল্প পুনৰ দৃঢ় কৰোঁ। এই সংকল্পই লগতে আমাক সংগীত, শিল্প আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে ভাৰতক সৃষ্টিশীলতা আৰু শিল্পকলাৰ উৎকৰ্ষতাৰ আখৰা থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ।

ভাৰতৰ অন্যতম উল্লেখযোগ্য আন্তঃগাঁথনি প্ৰকল্প ধলা- শদিয়া সংযোগী দলংখনে ভূপেন হাজৰিকাৰ নাম বহন কৰাটো অতি উপযুক্ত হৈছে। তেওঁৰ গীতসমূহে যিদৰে অঞ্চলসমূহৰ হৃদয়ক সংযোগ কৰে, এই দলংখনে ভূমি আৰু মানুহক সংযোগ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Very Proud': PM Modi Hails Mirabai Chanu, Rishikanta Singh For Clinching Medals In Commonwealth Game

Media Coverage

'Very Proud': PM Modi Hails Mirabai Chanu, Rishikanta Singh For Clinching Medals In Commonwealth Game
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।