প্ৰধানমন্ত্ৰীৰ ঝাঁচী ভ্ৰমণ

Published By : Admin | February 15, 2019 | 14:14 IST
India will give a befitting reply to the perpetrators of the Pulwama terror attack: PM Modi
Defence corridor in Bundelkhand will be a boon for the region: PM Modi
Guided by the mantra of 'Sabka Saath, Sabka Vikas', we are moving ahead on the path of development: PM Modi in Jhansi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাঁচী ভ্ৰমণ কৰে৷ ঝাঁচীত তেওঁ প্ৰতিৰক্ষা কৰিডৰৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷

উপস্থিত জনসাধাৰণক উদ্দেশ্যি তেওঁ কয়, ‘‘আমাৰ চুবুৰীয়াৰ গৰিহণামূলক কাৰ্যক ভাৰতৰ জনতাই উচিত প্ৰত্যুত্তৰ দিব৷ বিশ্বৰ বৃহৎ শক্তিসকল আমাৰ ওচৰত থিয় দিছে আৰু সমৰ্থন প্ৰদান কৰিছে৷ তেওঁলোকে প্ৰেৰণ কৰাৰ বাৰ্তাত কেৱল দুখেই নহয়, ক্ৰোধৰো আভাস পোৱা গৈছে৷ প্ৰত্যেকেই সন্ত্ৰাসবাদ নাশ কৰাৰ পক্ষত আছে৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ সাহসী সৈন্যসকলে তেওঁলোকৰ জীৱন ত্যাগ কৰিছে আৰু এই ত্যাগ অথলে যাবলৈ দিয়া নহ’ব৷ তেওঁ পুলৱামা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ তেওঁ কয়, ‘‘আমাৰ চুবুৰীয়া দেশে পাহৰি গৈছে যে এইখন নতুন ভাৰত৷ পাকিস্তানে সমগ্ৰ বিশ্বতে ভিক্ষাপাত্ৰ লৈ ঘূৰি ফুৰিছে কিন্তু কাৰো পৰা সহায় পোৱা নাই৷’’

প্ৰতিৰক্ষা কৰিডৰৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঝাঁচীৰ প্ৰতিৰক্ষা কৰিডৰে দেশৰ যুৱ প্ৰজন্মক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজনৰ সুবিধা প্ৰদান কৰিব৷ এই অঞ্চলটোত বহুতো দেশী-বিদেশী প্ৰতিৰক্ষা সম্বন্ধীয় উদ্যোগে বিনিয়োগ কৰিব৷ তেওঁলোকে দক্ষতা বৃদ্ধিৰো সুবিধা প্ৰদান কৰিব, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ এই প্ৰকল্পৰ গুৰুত্ব আলোকপাত কৰি কয় যে যুৱপ্ৰজন্মই ঘৰৰ কাষতে উপাৰ্জনৰ সুবিধা লাভ কৰিব, তেওঁলোক বাহিৰলৈ যোৱাৰ প্ৰয়োজন নহ’ব৷ এই প্ৰতিৰক্ষা কৰিডৰে প্ৰতিৰক্ষা উৎপাদনত ভাৰতক স্ব-নিৰ্ভৰশীল কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে বুন্দেলখণ্ডৰ গ্ৰামীণ এলেকাৰ বাবে পাইপযুক্ত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ কয় যে এয়া কেৱল পাইপ লাইন নহয়, ই অঞ্চলটোৰ জীৱন ৰেখা৷ ইয়াৰ দ্বাৰা মাতৃ আৰু ভগ্নীসকলে দূৰৈৰ পৰা পানী কঢ়িওৱাৰ কষ্টৰ পৰা মুক্ত হ’ব৷ প্ৰত্যেক ঘৰতে খোৱা পানীৰ পাইপৰ ব্যৱস্থা কৰা হ’ব৷

অমৃত যোজনাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ঝাঁচী নগৰ খোৱা পানী প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ কয় যে ৬০০ কোটি টকাৰ এই প্ৰকল্পৰ জৰিয়তে বেতৱা নদীৰ পৰা ঝাঁচী তথা পাৰ্শ্বৱৰ্তী গাঁওসমূহলৈ খোৱা পানীৰ যোগান ধৰা হ’ব৷

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ৪২৫ কিলোমিটাৰ দৈৰ্ঘৰ ঝাঁচী-মানিকপুৰ আৰু ভীমসেন-খাইৰাৰ ৰে’লৱে লাইনৰ দ্বৈতকৰণ তথা দবা পুনৰ মেৰামতি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ২৯৭ কিলোমিটাৰ দৈৰ্ঘৰ ঝাঁচী-খাইৰাৰ অংশৰ বৈদ্যুতিকীকৰণো মুকলি কৰে৷ এই প্ৰকল্পই নিয়োজনৰ সুবিধা সৃষ্টি কৰাৰ লগতে বুন্দেলখণ্ড অঞ্চলৰ উন্নয়নো সাধিত কৰিব৷ এই সংক্ৰান্তত প্ৰধানমন্ত্ৰীয়ে বুন্দেলখণ্ড অঞ্চলটো গুজৰাটৰ কচ্চৰ দৰে উন্নত হৈ উঠিব বুলি আশা প্ৰকাশ কৰে৷

পশ্চিম উত্তৰ প্ৰদেশত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ নিশ্চিতিৰে পশ্চিম-উত্তৰ আন্তঃ আঞ্চলিক শক্তি পৰিবহণ সৱলীকৰণ প্ৰকল্প দেশবাসীলৈ আজি উচৰ্গা কৰা হয়৷ ইয়াৰ দ্বাৰা অঞ্চলটোৰ দীৰ্ঘদিনীয়া বিদ্যুৎ চাহিদাৰ দাবী পূৰণ হ’ব৷

পাহাৰী বান্ধ আধুনিকীকৰণ প্ৰকল্পৰ মুকলি আছিল অন্য এটা উল্লেখযোগ্য পদক্ষেপ৷ এই প্ৰকল্পৰ দ্বাৰা বান্ধৰ পানীৰ ওলাই যোৱা হ্ৰাস হোৱাৰ জৰিয়তে কৃষকসকল উপকৃত হ’ব তথা খেতিৰ বাবে পৰ্যাপ্ত পানীৰ সুবিধাও লাভ কৰিব৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে এয়াও উল্লেখ কৰে যে প্ৰায় ৭.৫ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ দ্বাৰা কৃষকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে ধন জমা হ’ব৷ ঠিক সেইদৰে সাহায্য, জলপানি আদি প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰদান কৰাৰ জৰিয়তে ১ লাখ কোটি টকাৰ ছিদ্ৰ নোহোৱা কৰা হৈছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে জানিবলৈ দিয়ে৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.