Budget belied the apprehensions of experts regarding new taxes: PM
Earlier, Budget was just bahi-khata of the vote-bank calculations, now the nation has changed approach: PM
Budget has taken many steps for the empowerment of the farmers: PM
Transformation for AtmaNirbharta is a tribute to all the freedom fighters: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ যোগেদি উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি-চৌৰাত ‘চৌৰি-চৌৰা’ শতাব্দী সমাৰোহৰ উদঘাটন কৰে৷ আজি চৌৰি-চৌৰা ঘটনাৰ শতবৰ্ষ সম্পূৰ্ণ হৈছে৷ এই ঘটনা স্বতন্ত্ৰতাৰ বাবে দেশৰ যুদ্ধৰ এক ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে চৌৰি-চৌৰাৰ শতাব্দী সমাৰোহৰ বাবে সমৰ্পিত এক ডাক-টিকট মুকলি কৰে৷ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত আছিল৷

প্ৰধানমন্ত্ৰীয়ে সাহসী শ্বহীদসকললৈ প্ৰণাম যাঁচি কয় যে চৌৰি-চৌৰাৰ বলিদানে দেশৰ স্বতন্ত্ৰতা সংগ্ৰামক এক নতুন দিশ প্ৰদান কৰিছে৷ তেওঁ কয় যে চৌৰি-চৌৰাত এশ বছৰ পূৰ্বে হোৱা এই ঘটনাই ব্যাপক বাৰ্তা প্ৰদান কৰিছিল৷ এই অগ্নিকাণ্ডৰ ঘটনা কি পৰিস্থিতিত হৈছিল আৰু ইয়াৰ অন্তৰালত কি কাৰণ আছিল, এই আটাইবোৰ সমানেই গুৰুত্বপূৰ্ণ৷ তেওঁ কয় যে এতিয়া আমাৰ দেশৰ ইতিহাসত চৌৰি-চৌৰাৰ ঐতিহাসিক সংঘৰ্ষক উচিত গুৰুত্ব প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে চৌৰি-চৌৰাৰ সৈতে প্ৰতিখন গাঁৱে সম্পূৰ্ণ বৰ্ষজুৰি আয়োজিত হ’বলগীয়া কাৰ্যসূচীত এই ঘটনাৰ বীৰ বলিদানক স্মৰণ কৰিব৷ তেওঁ কয় যে  এই সমাৰোহ এনে সময়ত আয়োজিত হৈছে য’ত দেশে নিজৰ স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিছে৷ ইয়াৰ দ্বাৰা এই আয়োজন অধিক প্ৰাসংগিক হৈ উঠিছে৷ তেওঁ চৌৰি-চৌৰাৰ শ্বহীদসমূহৰ বিষয়ে চৰ্চা কম হোৱাত বিষেদগাৰ প্ৰকাশ কৰে৷ তেওঁ কয় যে এই ঘটনাৰ শ্বহীদসকলৰ বিষয়ে ইতিহাসৰ পৃষ্ঠাত উল্লেখ নহ’লেও তেওঁলোকৰ ৰক্ত নিশ্চিত ৰূপত স্বতন্ত্ৰতাৰ যুদ্ধত দেশৰ ভূমিত অৱশ্যেই মিলিত হৈছে৷

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক বাবা ৰাঘৱদাস আৰু মহামান্য মদন মোহল মালব্যৰ প্ৰয়াসক স্মৰণ কৰিবলৈ অনুৰোধ কৰে যাৰ বাবে এই বিশেষ দিনটোত প্ৰায় ১৫০ গৰাকী স্বতন্ত্ৰতা সেনানী ফাঁচীকাঠত ওলমাৰ পৰা ৰক্ষা পৰিছিল৷ তেওঁ এই বিষয় প্ৰসন্নতা প্ৰকাশ কৰি কয় যে এই অভিযানত ছাত্ৰও জড়িত আছে যাৰ দ্বাৰা স্বতন্ত্ৰতা সংগ্ৰামৰ বহু অজানা পদক্ষেপৰ বিষয়ে তেওঁলোকৰ সজাগতা বৃদ্ধি হ’ব৷ তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ে স্বতন্ত্ৰতা সংগ্ৰামৰ ৭৫তম বৰ্ষ পূৰ্ণ হোৱাত স্বতন্ত্ৰতা সংগ্ৰামৰ অজ্ঞাত বলিদানসমূহৰ বিষয়ে এখন গ্ৰন্থ লিখিবলৈ যুৱ লেখকসকলক আমন্ত্ৰণ জনাইছে৷ আমাৰ স্বতন্ত্ৰতা সেনানীসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ ৰূপত স্থানীয় কলা আৰু সংস্কৃতিৰ সৈতে জড়িত হোৱাৰ এই কাৰ্যসূচী আয়োজিত কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যি সামূহিক শক্তিয়ে দাসত্বৰ শিকলি ছিঙি পেলাইছে সেই শক্তিয়েই ভাৰতক বিশ্বৰ সবাতোকৈ বৃহৎ শক্তি হিচাপে পৰিগণিত কৰাব৷ সামূহিকতাৰ এই শক্তিয়েই হ’ল আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আধাৰ৷ তেওঁ কয় যে ক’ৰোনাৰ এই সময়ছোৱাৰ ভিতৰত ভাৰতে ১৫০তকৈও অধিক দেশ নাগৰিকৰ সহায়ৰ বাবে প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছে৷ ভাৰতে মানৱ জীৱন ৰক্ষা কৰাৰ বাবে অনেক দেশক প্ৰতিষেধক প্ৰদান কৰিছে যাতে আমাৰ স্বতন্ত্ৰতা সেনানীসকলে এই কথাৰ ওপৰত গৌৰৱ কৰিব পাৰে৷

শেহতীয়া বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেট ক’ৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ প্ৰয়াসসমূহক এক নতুন বল প্ৰদান কৰিব৷ তেওঁ কয় যে বাজেটে অনেক বিশেষজ্ঞৰ এই আশংকা দূৰ কৰিবলৈ সমৰ্থ হৈছে যে সাধাৰণ নাগৰিকৰ ওপৰত নতুন কৰৰ বোজা বৃদ্ধি হ’ব৷ চৰকাৰে দেশৰ দ্ৰুত বিকাশৰ বাবে অধিক ৰাশি ব্যয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ব্যয় পথ, দলং, ৰে’লৱে পথ, নতুন ৰে’ল আৰু বাছ, বজাৰ তথা মণ্ডীৰ সৈতে যোগাযোগৰ দৰে বুনিয়াদী সুবিধাৰ বাবে কৰা হ’ব৷ এই বাজেটে আমাৰ যুৱচামৰ বাবে উন্নত শিক্ষা তথা উন্নত অৱকাশৰ পথ প্ৰশস্ত কৰিছে৷ এই গতিবিধিসমূহৰ দ্বাৰা লক্ষাধিক যুৱক-যুৱতীয়ে ৰোজগাৰ লাভ কৰিব৷ ইয়াৰ পূৰ্বৰ বাজেটসমূহৰ উদ্দেশ্য কেতিয়াও পূৰণ নোহোৱা যোজনাসমূহৰ ঘোষণা কৰাৰ বাবে আছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বাজেটক ভোট বেংকৰ ‘বহী-খাতা’লৈ পৰিৱৰ্তিত কৰা হৈছিল৷ এতিয়া দেশে নতুন পৃষ্ঠা লুটিয়াইছে আৰু নিজৰ দৃষ্টিভংগীও পৰিৱৰ্তিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে এয়াও কয় যে ভাৰতে এই মহামাৰীৰ মোকাবিলাৰ পিছত চৌদিশে প্ৰশংসিত হৈছে৷ আজি দেশে গাঁও আৰু সৰু চহৰসমূহত চিকিৎসা সুবিধা শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ স্বাস্থ্য খণ্ডৰ বাবে আৱণ্টিত বাজেট বৃদ্ধি কৰা হৈছে৷ জিলা পৰ্যায়ত উন্নত পৰীক্ষণ সুবিধাসমূহ বিকশিত কৰা হৈছে৷

কৃষকসকলক দেশৰ উন্নতিৰ আধাৰ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ছবছৰত কৃষকসকলৰ কল্যাণৰ বাবে কৰা প্ৰয়াসসমূহ আলোকপাত কৰে৷ তেওঁ কয় যে মহামাৰীৰ সমস্যা স্বত্বেও কৃষকসকলে অভিলেখসংখ্যক উৎপাদন অৰ্জিত কৰিছে৷ বাজেটত কৃষকসকলৰ সশক্তিকৰণৰ বাবে বহু  নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ কৃষকসকলৰ বাবে শস্যসমূহৰ বিক্ৰী সৰল কৰি তোলাৰ বাবে এক হাজাৰ মণ্ডীক ই-নামৰ সৈতে সংযোজিত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গ্ৰামীণ বুনিয়াদী আন্তঃগাঁথনি নিধি বৃদ্ধি কৰি ৪০ হাজাৰ কোটি টকা কৰা হৈছে৷ এই পদক্ষেপৰ জৰিয়তে কৃষক আত্মনিৰ্ভৰ হ’ব আৰু কৃষি লাভদায়ক হ’ব৷ স্বামীত্ব যোজনাৰ দ্বাৰা গাঁওসমূহৰ জনসাধাৰণে তেওঁলোকৰ ভূমি আৰু আৱাসী সম্পত্তিৰ স্বামীত্বৰ দস্তাৱেজ লাভ কৰিব৷ উচিত দস্তাৱেজৰ দ্বাৰা তেওঁলোকে নিজৰ সম্পত্তিৰ উন্নত মূল্য লাভ কৰিব আৰু পৰিয়ালসমূহ বেংক ঋণৰ পৰাও মুক্ত হ’ব তথা তেওঁলোকে ভূমি দখলকাৰীসকলৰ পৰা সুৰক্ষিত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলো পদক্ষেপৰ দ্বাৰা গোৰখপুৰো লাভান্বিত হ’ব যি বন্ধ মিল, বেয়া পথ আৰু দূৰ্দশাগ্ৰস্ত চিকিৎসালয়ৰ বাবে সমস্যাৰে জৰ্জৰিত হৈ আছিল৷ এতিয়া এক স্থানীয় উৰ্বৰক কাৰখানা পুনৰ আৰম্ভ কৰা হৈছে যাৰ দ্বাৰা কৃষক আৰু যুৱক-যুৱতীসকল উপকৃত হ’ব৷ চহৰখনত এখন এইমছ স্থাপন কৰিবলৈ লোৱা হৈছে৷ মেডিকেল কলেজসমূহে সহস্ৰাধিক শিশুৰ জীৱন ৰক্ষা কৰিছে৷ দেৱৰীয়া, কুশীনগৰ, বস্তী মহাৰাজনগৰ আৰু সিদ্ধাৰ্থ নগৰত নতুন মেডিকেল কলেজ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে৷ তেওঁ এয়াও কয় যে এই ক্ষেত্ৰৰ যোগাযোগ ব্যৱস্থাও সংশোধিত হৈছে কিয়নো চাৰিটা লেন আৰু ছটা-লেনৰ নিৰ্মাণ হৈ আছে তথা গোৰখপুৰৰ পৰা ৮খন চহৰলৈ বিমানসেৱাও আৰম্ভ কৰা হৈছে৷ নিৰ্মীয়মান অৱস্থাত থকা কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে পৰ্যটনো বিকশিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰতাৰ বাবে এই পৰিৱৰ্তন সকলো স্বতন্ত্ৰতা সেনানীৰ বাবে এক শ্ৰদ্ধাঞ্জলি হিচাপে বিবেচিত হৈছে৷

Click here to read PM's speech

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"