৯০,০০০ কোটি টকাৰো অধিক মূল্যমানৰ আঠটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে
হিতাধিকাৰীৰ চিনাক্তকৰণ যাতে নিতান্তই ‘বায়োমেট্ৰিক’ আধাৰিত ‘আধাৰ প্ৰমাণীকৰণ’ৰ জৰিয়তেহে কৰাটো নিশ্চিত কৰিবলৈ সকলো মন্ত্ৰালয় আৰু বিভাগক প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে
চহৰসমূহৰ বিকাশৰ গতিধাৰাৰ সৈতে সংগতি ৰখা ‘ৰিং ৰোড’ক বিস্তৃত নগৰ পৰিকল্পনাৰ এক মুখ্য উপাদান হিচাপে সংলগ্ন কৰা উচিত: প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে ‘জল মাৰ্গ বিকাশ প্ৰকল্প’ৰ পৰ্যালোচনা কৰে আৰু ‘ক্ৰুজ পৰ্যটন’ক উত্সাহিত কৰিব পৰাকৈ প্ৰসাৰিত অঞ্চলসমূহত এক শক্তিশালী সামাজিক সংযোগ স্থাপনৰ প্ৰয়াস কৰিবলৈ নিৰ্দেশ দিয়ে
প্ৰধানমন্ত্ৰীয়ে সামগ্ৰিক আৰু ভৱিষ্যদৰ্শী পৰিকল্পনা সম্ভৱ কৰাৰ বাবে ‘প্ৰধানমন্ত্ৰী গাতি শক্তি’কে ধৰি অন্যান্য সংহত মঞ্চসমূহ সদ্ব্যৱহাৰৰ গুৰুত্ব দোহাৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক অন্তৰ্ভুক্ত কৰি সক্ৰিয় শাসন আৰু নিৰ্দ্ধাৰিত সময়সূচী অনুসৰি  ৰূপায়ণ নিশ্চিত কৰাৰ বাবে ‘আইচিটি’-আধাৰিত বহুমুখী মঞ্চ ‘প্ৰাগতি’ৰ ৪৬ সংখ্যক সংস্কৰণৰ এখন বৈঠকত সভাপতিত্ব কৰে।

বৈঠকত আঠটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ পৰ্যালোচনা কৰা হয়, যাৰ ভিতৰত আছে তিনিটা পথ প্ৰকল্প, ৰে'ল আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথৰ দুটা কৈ প্ৰকল্প। বিভিন্ন সমূহ বিয়পি থকা এই প্ৰকল্পসমূহৰ সম্মিলিত ব্যয় হৈছে প্ৰায় ৯০,০০০ কোটি টকা।

‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ (পিএমএমভিৱাই) সম্পৰ্কীয় অভিযোগ নিষ্পত্তি সংক্ৰান্তীয় প্ৰসংগ  পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে সকলো মন্ত্ৰালয় আৰু বিভাগক হিতাধিকাৰীৰ চিনাক্তকৰণ ‘বায়োমেট্ৰিক’ আধাৰিত ‘আধাৰ প্ৰমাণীকৰণ’ৰ জৰিয়তেহে  সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ত অতিৰিক্ত কাৰ্যসূচীসমূহ, বিশেষকৈ শিশুৰ যতনক উদগণি দিয়া, স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ পদ্ধতি উন্নত কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰা আৰু মাতৃ আৰু নৱজাতকৰ সামগ্ৰিক কল্যাণত অৰিহণা যোগোৱা অন্যান্য সম্পৰ্কীয় দিশসমূহ একত্ৰিত কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈও নিৰ্দেশ দিয়ে।

 ৰিং ৰোডৰ উন্নয়ন সম্পৰ্কীয় আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ৰিং ৰোডৰ উন্নয়নক বিস্তৃত নগৰ পৰিকল্পনাৰ এক মুখ্য উপাদান হিচাপে সংলগ্ন কৰাৰ পোষকতা কৰে। উন্নয়নক পৰৱৰ্তী ২৫ ৰ পৰা ৩০ বছৰত চহৰৰ বিকাশৰ গতিধাৰাৰ সৈতে সংগতি ৰখা আৰু সমৰ্থন কৰিব পৰাকৈ সামগ্ৰিক দৃষ্টিভংগীৰে আগুৱাই নিয়াটো নিশ্চিত কৰিব লাগিব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ‘ৰিং ৰোড’সমূহৰ দীৰ্ঘম্যাদী কাৰ্যকৰীতা আৰু দক্ষ ব্যৱস্থাপনাৰ ক্ষেত্ৰত স্ব-বহণক্ষমতা বৃদ্ধি কৰাৰ দৰে প্ৰসংগসমূহত গুৰুত্ব আৰোপ কৰি বিভিন্ন পৰিকল্পনা আৰ্হিসমূহ অধ্যয়ন কৰাৰো নিৰ্দেশ দিয়ে। তেওঁ লগতে ৰাজহুৱা পৰিবহনৰ বাবে পৰিপূৰক আৰু বহনক্ষম বিকল্প হিচাপে চহৰৰ পৰিবহন আন্তঃগাঁথনিৰ ভিতৰত এটা ‘ ৰে’ল নেটৱৰ্ক সংলগ্ন কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈও আহ্বান জনায়।

জল মাৰ্গ বিকাশ প্ৰকল্পৰ পৰ্যালোচনা কালত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ক্ৰুজ পৰ্যটন’ বৃদ্ধিৰ বাবে এক শক্তিশালী সামাজিক সংযোগ স্থাপনৰ প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। ই ব্যৱসায় বিকাশৰ, বিশেষকৈ 'এক জিলা এক সামগ্ৰী' (ওডিওপি) উদ্যোগ আৰু অন্যান্য স্থানীয় কাৰুশিল্পৰ সৈতে জড়িত শিল্পী আৰু উদ্যোগীসকলৰ বাবে সুযোগ সৃষ্টি কৰি এক প্ৰাণোচ্চল স্থানীয় পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব। এই পদ্ধতিৰ উদ্দেশ্য কেৱল সামূহিক ব্যস্ততা বৃদ্ধি কৰাই নহয়, লগতে জলপথৰ সৈতে সংলগ্ন অঞ্চলসমূহত অৰ্থনৈতিক কাৰ্যকলাপ আৰু জীৱিকা সৃষ্টিক উৎসাহিত কৰা। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এনে আভ্যন্তৰীণ জলপথসমূহ পৰ্যটনৰ ক্ষেত্ৰৰো চালক হোৱা উচিত।

এই আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সামগ্ৰিক আৰু অগ্ৰগামী পৰিকল্পনা সক্ষম কৰাৰ বাবে ‘প্ৰধানমন্ত্ৰী গীতিশক্তি’ আৰু অন্যান্য একত্ৰিত মঞ্চসমূহৰ দৰে সঁজুলিৰ ব্যৱহাৰৰ গুৰুত্বৰ কথা দোহাৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ক্ষেত্ৰত সমন্বয় সাব্যস্ত কৰা আৰু দক্ষ আন্তঃগাঁথনি উন্নয়ন নিশ্চিত কৰাৰ বাবে এনে সঁজুলিৰ ব্যৱহাৰ হৈছে অতিকে গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে সকলো অংশীদাৰক তেওঁলোকৰ সংশ্লিষ্ট ‘ডাটাবেচ’ নিয়মীয়াকৈ ‘ আৰু সঠিকভাৱে সংৰক্ষিত কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে, কিয়নো অৱগত সিদ্ধান্ত গ্ৰহণ আৰু কাৰ্যকৰী পৰিকল্পনাৰ বাবে নিৰ্ভৰযোগ্য আৰু সাম্প্ৰতিক তথ্য নিতান্তই অত্যাৱশ্যকীয়।
প্ৰগতি বৈঠকৰ ৪৬ সংখ্যক সংস্কৰণ পৰ্যন্ত মুঠ ব্যয় প্ৰায় ২০ লাখ কোটি টকা ব্যয়সাপেক্ষ ৩৭০ টা প্ৰকল্পৰ পৰ্যালোচনা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi

Media Coverage

Make nutrition a true 'Jan Andolan': Union Minister Annpurna Devi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”