Quoteঅমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ বিশেষ উপলক্ষে আমি দেশৰ সামূহিক শক্তি প্ৰত্যক্ষ কৰিছোঁ: প্ৰধানমন্ত্ৰী
Quoteহাজাৰ হাজাৰ বছৰ পূৰ্বে আমাৰ সংস্কৃতিত পানী আৰু পানী সংৰক্ষণৰ ওপৰত আলোকপাত কৰা হৈছে: প্ৰধানমন্ত্ৰী মোদী
Quoteঅমৃত সৰোবৰ নিৰ্মাণ এক গণ আন্দোলনত পৰিণত হৈছে: প্ৰধানমন্ত্ৰী মোদী
Quoteসকলোকে ছেপ্টেম্বৰত পোষণ মাহ অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ: প্ৰধানমন্ত্ৰী মোদী
Quoteৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গৃহীত কৰিছে: প্ৰধানমন্ত্ৰী
Quoteভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ বাজৰা উৎপাদক, ই ক্ষুদ্ৰ কৃষকসকলৰ বাবে লাভজনক: প্ৰধানমন্ত্ৰী মোদী
Quoteডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ বাবে দেশত ডিজিটেল উদ্যোগীৰ সংখ্যা বৃদ্ধি হৈছে: প্ৰধানমন্ত্ৰী

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আগষ্টৰ এই মাহত, আপোনালোকৰ সকলো চিঠি, বাৰ্তা আৰু কাৰ্ডে মোৰ কাৰ্যালয় ত্ৰিৰংগাময় কৰি তুলিছে। ত্ৰিৰংগা নথকা, বা ত্ৰিৰংগা আৰু স্বাধীনতাসম্পৰ্কীয় কোনো কথা নাই বুলি মই খুউব কমেই কোনো পত্ৰ পাইছোঁ। শিশু, যুৱ বন্ধুসকলেও অমৃত মহোৎসৱত অতি ধুনীয়া ছবি আৰু শিল্পকৰ্ম প্ৰেৰণ কৰিছে। স্বাধীনতা দিৱসৰ এই মাহটোত আমাৰ সমগ্ৰ দেশত, প্ৰতিখন চহৰত, প্ৰতিখন গাঁৱত অমৃত মহোৎসৱৰ অমৃত ধাৰা প্ৰবাহিত হৈ আছে। অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ এই বিশেষ পৰ্ব উপলক্ষে আমি দেশৰ সামূহিক শক্তি দেখিছো। এটা চেতনাৰ অনুভৱ হৈছে। ইমান ডাঙৰ দেশ, ইমানবোৰ বৈচিত্ৰ্য, কিন্তু যেতিয়া ত্ৰিৰংগা উত্তোলনৰ ক্ষেত্ৰত সকলোৰে অন্তৰত এটাই ভাৱনা প্ৰবাহিত হোৱা দেখা গ’ল। ত্ৰিৰংগাৰ গৌৰৱৰ প্ৰথম প্ৰহৰী হৈ, মানুহবোৰ নিজেই আগবাঢ়ি আহিল। আমি পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আৰু টীকাকৰণ অভিযানতো দেশৰ সত্বা প্ৰত্যক্ষ কৰিছিলো। অমৃত মহোৎসৱত, আমি পুনৰ দেশপ্ৰেমৰ একেই মনোভাৱ দেখিবলৈ পাইছো। আমাৰ সৈন্যসকলে ওখ পৰ্বতৰ শৃংগ, দেশৰ সীমা আৰু সাগৰৰ মাজত ত্ৰিৰংগা উত্তোলন কৰিছিল। মানুহে ত্ৰিৰংগা অভিযানৰ বাবে বিভিন্ন অভিনৱ ধাৰণাও উলিয়াইছিল। যুৱ সহকৰ্মী, কৃষনীল অনিল জীৰ দৰে, অনিল জী এজন পাজল শিল্পী আৰু তেওঁ অভিলেখ সময়ত সুন্দৰ ত্ৰিৰংগাৰ মোজাইক কলা সৃষ্টি কৰিছে। কৰ্ণাটকৰ কোলাৰত, মানুহে ৬৩০ ফুট দীঘল আৰু ২০৫ ফুট বহল ত্ৰিৰংগা ধৰি এক অনন্য দৃশ্য উপস্থাপন কৰিছিল। অসমত, চৰকাৰী কৰ্মচাৰীসকলে দিঘলীপুখুৰী যুদ্ধ স্মাৰকত ত্ৰিৰংগা উত্তোলন কৰিবলৈ হাতেৰে ২০ ফুট ত্ৰিৰংগা প্ৰস্তুত কৰিছিল। একেদৰে, ইন্দোৰৰ লোকসকলে মানৱ শৃংখলাৰ জৰিয়তে ভাৰতৰ মানচিত্ৰ তৈয়াৰ কৰিছিল। চণ্ডীগড়ত, যুৱকসকলে এক বিশাল মানৱ ত্ৰিৰংগাৰ সৃষ্টি কৰিছিল। এই দুয়োটা প্ৰচেষ্টা গিনিজ ৰেকৰ্ডতো লিপিবদ্ধ কৰা হৈছে। এই সকলোবোৰৰ মাজত হিমাচল প্ৰদেশৰ গাংগোট পঞ্চায়তৰ পৰাও এক ডাঙৰ অনুপ্ৰেৰণাদায়ক উদাহৰণ দেখা গৈছিল। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সন্তানক পঞ্চায়তত স্বাধীনতা দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।

বন্ধুসকল, অমৃত মহোৎসৱৰ এই ৰংবোৰ কেৱল ভাৰততে নহয়, বিশ্বৰ আন দেশতো দেখা গৈছিল। বটচৱানাত, স্থানীয় গায়কসকলে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিবলৈ ৭৫টা দেশপ্ৰেমমূলক গান গাইছিল। তাতোকৈও বিশেষ কথাটো হ'ল এই ৭৫টা গান হিন্দী, পাঞ্জাৱী, গুজৰাটী, বাংলা, অসমীয়া, তামিল, তেলেগু, কানাড়া আৰু সংস্কৃত আদি ভাষাত গোৱা হৈছিল। একেদৰে, নামিবিয়াই ভাৰত-নামিবিয়াৰ সাংস্কৃতিক-পৰম্পৰাগত সম্পৰ্কৰ ওপৰত এক বিশেষ ডাক-টিকট জাৰি কৰিছে।

বন্ধুসকল, মই আপোনাক আৰু এটা আনন্দৰ কথা ক'ব বিচাৰো। মাত্ৰ কেইদিনমান আগতে, মই ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কাৰ্যসূচীত উপস্থিত থকাৰ সুযোগ পাইছিলো। তাত তেওঁলোকে 'স্বৰাজ' দূৰদৰ্শন ধাৰাবাহিকৰ প্ৰদৰ্শন কৰিছিল।  মই প্ৰিমিয়াৰ চোৱাৰ সুযোগ পাইছিলো। স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা অখ্যাত নায়ক আৰু নায়িকাসকলৰ ত্যাগৰ সৈতে দেশৰ যুৱ প্ৰজন্মক পৰিচয় কৰাবলৈ এইটো এটা মহান পদক্ষেপ হিচাপে বিবেচিত হৈছে। দূৰদৰ্শনত, প্ৰতি দেওবাৰে নিশা ৯ বজাত এয়া সম্প্ৰচাৰ কৰা হয়। আৰু মোক কোৱা হৈছিল যে এই ধাৰাবাহিক ৭৫ সপ্তাহ ধৰি চলিব। মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে সময় উলিয়াই চাব আৰু লগতে আপোনালোকৰ ঘৰৰ ল'ৰা-ছোৱালীক দেখুৱাব আৰু বিদ্যালয় আৰু মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে ইয়াক ৰেকৰ্ড কৰিব পাৰে আৰু যেতিয়া সোমবাৰে বিদ্যালয় আৰু মহাবিদ্যালয় খোলা হয়, তেওঁলোকে এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে ইয়াক প্ৰদৰ্শন কৰিব পাৰে যাতে স্বাধীনতাৰ জন্মৰ এই মহান নায়কসকলৰ প্ৰতি আমাৰ দেশত এক নতুন সজাগতাৰ সৃষ্টি হয়। আজাদী কা অমৃত মহোৎসৱ অহা বছৰ অৰ্থাৎ আগষ্ট ২০২৩ লৈকে অব্যাহত থাকিব। দেশৰ বাবে, স্বাধীনতা সংগ্ৰামীসকলৰ বাবে, আমি যি লিখনি-আয়োজন আদি কৰি আছো, আমি সেইবোৰক অধিক আগুৱাই নিব লাগিব।

মোৰ মৰমৰ দেশবাসীসকল, আমাৰ পূৰ্বপুৰুষসকলৰ জ্ঞান, আমাৰ পূৰ্বপুৰুষসকলৰ দূৰদৃষ্টি আৰু আজিও আমাৰ পূৰ্বপুৰুষসকলৰ একাত্মচিন্তন কিমান গুৰুত্বপূৰ্ণ; যেতিয়া আমি ইয়াৰ গভীৰতালৈ যাওঁ, আমি আচৰিত হৈ পৰোঁ। হাজাৰ হাজাৰ বছৰ পুৰণি আমাৰ ঋগবেদ ৷  ঋগবেদে কয়:-

ओमान-मापो मानुषी: अमृक्तम् धात तोकाय तनयाय शं यो:।

यूयं हिष्ठा भिषजो मातृतमा विश्वस्य स्थातु: जगतो जनित्री:।|

অৰ্থাৎ, হে পানী, আপুনি মানৱতাৰ সৰ্বশ্ৰেষ্ঠ বন্ধু। আপুনি জীৱনদাতা, আপোনাৰ পৰা খাদ্য উৎপাদন কৰা হয়, আৰু আপোনাৰ পৰা আমাৰ সন্তানৰ হিত হয়। আপুনি, আমাক সুৰক্ষা প্ৰদান কৰিব আৰু আমাক সকলো অশুভ শক্তিৰ পৰা আঁতৰাই ৰাখিব। আপুনি সৰ্বশ্ৰেষ্ঠ ঔষধ, আৰু আপুনিয়েই এই বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা।

চিন্তা কৰক, আমাৰ সংস্কৃতিত হাজাৰ হাজাৰ বছৰ পূৰ্বে পানী আৰু পানী সংৰক্ষণৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে। যেতিয়া আমি এই জ্ঞান দেখিবলৈ পাওঁ, আজিৰ পৰিপ্ৰেক্ষিতত, আমি ৰোমাঞ্চিত হওঁ, কিন্তু, যেতিয়া দেশখনে এই জ্ঞানক ইয়াৰ শক্তি হিচাপে গ্ৰহণ কৰে, তেওঁলোকৰ শক্তি বহুগুণে বৃদ্ধি পায়। আপোনালোকৰ মনত থাকিব পাৰে, 'মন কী বাত'ত, চাৰি মাহ পূৰ্বে, মই অমৃত সৰোবৰৰ বিষয়ে কথা পাতিছিলো। তাৰ পিছত, স্থানীয় প্ৰশাসন বিভিন্ন জিলা একত্ৰিত হৈছিল, স্বেচ্ছাসেৱী সংগঠনবোৰ একত্ৰিত হৈছিল আৰু স্থানীয় লোকসকল একত্ৰিত হৈছিল – চাওঁতে চাওঁতে, অমৃত সৰোবৰৰ নিৰ্মাণ এক গণ আন্দোলনত পৰিণত হৈছে। যেতিয়া দেশৰ বাবে কিবা এটা কৰাৰ অনুভূতি থাকে, আপোনাৰ কৰ্তব্যৰ প্ৰতি উপলব্ধি থাকে, আগন্তুক প্ৰজন্মৰ বিষয়ে চিন্তা কৰে, তেতিয়া শক্তিও সংযোগ হয়, আৰু সংকল্পও পবিত্ৰ হৈ পৰে। মই তেলেংগানাৰ ৱাৰাংগলৰ এটা মহান প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰিছো। ইয়াত 'মাংট্য-ভালিয়া থাণ্ডা' নামৰ এখন নতুন গ্ৰাম পঞ্চায়ত গঠন কৰা হৈছে। এই গাওঁখন বনাঞ্চলৰ ওচৰত আছে। গাওঁখনৰ ওচৰত এডোখৰ ঠাইত বাৰিষাৰ সময়ত যথেষ্ট পানী সংগ্ৰহ কৰা হৈছিল। গাওঁবাসীৰ উদ্যোগত, এই ঠাইখন এতিয়া অমৃত সৰোবৰ অভিযানৰ অধীনত বিকশিত কৰা হৈছে। এইবাৰ, এই হ্ৰদটো বাৰিষাৰ সময়ত বৰষুণৰ পানীৰে প্লাবিত হৈছে।

মই আপোনাক মধ্য প্ৰদেশৰ মাণ্ডলাৰ মোচা গ্ৰাম পঞ্চায়তত নিৰ্মিত অমৃত সৰোবৰৰ বিষয়েও ক'ব বিচাৰো। এই অমৃত সৰোবৰ কানহা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত নিৰ্মাণ কৰা হৈছে আৰু ই এই অঞ্চলটোৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে। উত্তৰ প্ৰদেশৰ ললিতপুৰত নৱনিৰ্মিত শ্বহীদ ভগৎ সিং অমৃত সৰোবৰেও মানুহক যথেষ্ট আকৰ্ষিত কৰিছে। ইয়াত নিৱাৰী গ্ৰাম পঞ্চায়তত নিৰ্মিত, এই হ্ৰদটো ৪ একৰজুৰি ব্যাপি আছে। হ্ৰদৰ পাৰত থকা বৃক্ষৰোপণে ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। হ্ৰদটোৰ ওচৰত ৩৫ ফুট ওখ ত্ৰিৰংগা চাবলৈ মানুহো দূৰদূৰৰ পৰা আহে। কৰ্ণাটকত অমৃত সৰোবৰৰ এই অভিযানো পূৰ্ণ গতিত চলি আছে। মানুহে ইয়াত বাগালকোট জিলাৰ 'বিলকেৰুৰ' গাঁৱত এটা অতি সুন্দৰ অমৃত সৰোবৰ নিৰ্মাণ কৰিছে। দৰাচলতে, এই অঞ্চলত পৰ্বতৰ পৰা পানী ওলাই অহাৰ ফলত, মানুহবোৰৰ বাবে সমস্যা হৈছিল, কৃষক আৰু তেওঁলোকৰ শস্যও ক্ষতিগ্ৰস্ত হৈছিল। অমৃত সৰোবৰ নিৰ্মাণ কৰিবলৈ গাওঁখনৰ মানুহে সকলো পানী চেনেলাইজ কৰি এটা দিশলৈ লৈ আহিছিল। এইটোৱে অঞ্চলটোৰ বানপানীৰ সমস্যাও সমাধান কৰিছিল। অমৃত সৰোবৰ অভিযানে আজি কেৱল আমাৰ বহু সমস্যা সমাধান কৰাই নহয়, ই আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও সমানে প্ৰয়োজনীয়। এই অভিযানৰ অধীনত, বহু ঠাইত, পুৰণি জলাশয়বোৰো পুনৰুজ্জীৱিত কৰা হৈছে। অমৃত সৰোবৰক জীৱ-জন্তুৰ তৃষ্ণা নিবাৰণৰ লগতে খেতিৰ বাবেও ব্যৱহাৰ কৰা হৈছে। এই পুখুৰীবোৰৰ বাবে চাৰিওফালৰ এলেকাবোৰৰ ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি পাইছে। একে সময়তে ইয়াৰ চৌপাশে সেউজীয়াও বৃদ্ধি হৈছে। কেৱল এয়াই নহয়, বহু ঠাইত মানুহে অমৃত সৰোবৰত মীনপালনৰ প্ৰস্তুতিত নিয়োজিত হৈ আছে। মই আপোনালোক সকলোকে, বিশেষকৈ মোৰ যুৱ বন্ধুসকলক অমৃত সৰোবৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু পানী সংৰক্ষণ আৰু পানী সংৰক্ষণৰ এই প্ৰচেষ্টাবোৰক সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো।

মোৰ মৰমৰ দেশবাসীসকল, অসমৰ বঙাইগাঁৱত এটা আকৰ্ষণীয় প্ৰকল্প চলি আছে – প্ৰকল্প সম্পূৰ্ণা। এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু এই যুঁজৰ পথো অতি অনন্য। ইয়াৰ অধীনত, অংগনৱাড়ী কেন্দ্ৰৰ এটা স্বাস্থ্যৱান সন্তানৰ মাতৃয়ে প্ৰতি সপ্তাহত পুষ্টিহীন শিশুৰ মাতৃক সাক্ষাৎ কৰে আৰু পুষ্টি সম্পৰ্কীয় সকলো তথ্যৰ আলোচনা কৰে। অৰ্থাৎ এগৰাকী মাতৃয়ে আন এগৰাকী মাতৃৰ বন্ধু হৈ তেওঁক সহায় কৰে, শিকায়। এই প্ৰকল্পৰ সহায়ত, এবছৰত এই অঞ্চলৰ ৯০ শতাংশতকৈও অধিক শিশুৰ পুষ্টিহীনতা আঁতৰ কৰা হৈছে। আপুনি কল্পনা কৰিব পাৰে, পুষ্টিহীনতা আঁতৰাবলৈ গীত-সংগীত আৰু ভজনো ব্যৱহাৰ কৰিব পাৰিনে? মধ্য প্ৰদেশৰ দাতিয়া জিলাত আৰম্ভ হৈছে "মোৰ সন্তান অভিযান"! এই "মোৰ সন্তান অভিযান"ত ইয়াক সফলতাৰে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অধীনত জিলাখনত ভজন-কীৰ্তনৰ আয়োজন কৰা হৈছিল, য'ত নিউট্ৰিচন গুৰু নামৰ শিক্ষকসকলক মাতি অনা হৈছিল। তাত এটা মাটকা কাৰ্যসূচীও আছিল, য'ত মহিলাসকলে অংগনৱাড়ী কেন্দ্ৰৰ বাবে এমুঠি শস্য আনিছিল আৰু এই শস্যৰ সৈতে, শনিবাৰে 'বালভোজ' আয়োজন কৰা হয়। ই অংগনৱাড়ী কেন্দ্ৰত শিশুৰ উপস্থিতি বৃদ্ধি কৰাৰ লগতে পুষ্টিহীনতা হ্ৰাস কৰিছে। ঝাৰখণ্ডত পুষ্টিহীনতাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে এক অনন্য অভিযানো চলি আছে। ঝাৰখণ্ডৰ গিৰিদিহত সাপৰ জখলাৰ এখন খেল প্ৰস্তুত কৰা হৈছে। খেলৰ জৰিয়তে শিশুৱে ভাল আৰু বেয়া অভ্যাসৰ বিষয়ে শিকে।

বন্ধুসকল, পুষ্টিহীনতাৰ সৈতে সম্পৰ্কিত বহুতো অভিনৱ পৰীক্ষাৰ বিষয়ে, মই আপোনালোকক ইয়াৰ বিষয়ে কোৱাৰ কাৰণ হ’ল আমি সকলোৱে অহা মাহত এই অভিযানত যোগদান কৰিব লাগিব। ছেপ্টেম্বৰ মাহটো উৎসৱৰ লগতে পুষ্টি সম্পৰ্কীয় এটা ডাঙৰ অভিযানৰ বাবে উৎসৰ্গিত। আমি প্ৰতি বছৰে ১ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ পোষণ মাহ উদযাপন কৰোঁ। পুষ্টিহীনতাৰ বিৰুদ্ধে সমগ্ৰ দেশতে বহুতো সৃষ্টিশীল আৰু বিবিধ প্ৰচেষ্টা কৰা হৈছে। প্ৰযুক্তিৰ উন্নত ব্যৱহাৰ আৰু জনসাধাৰণৰ অংশগ্ৰহণো পোষণ অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। দেশৰ লাখ লাখ অংগনৱাড়ী কৰ্মীক মোবাইল ডিভাইচ দিয়াৰ পৰা অংগনৱাড়ী সেৱাৰ প্ৰসাৰ নিৰীক্ষণ কৰিবলৈ পোষণ ট্ৰেকাৰো মুকলি কৰা হৈছে। সকলো প্ৰত্যাশী জিলা আৰু উত্তৰ-পূবৰ ৰাজ্যত ১৪ ৰ পৰা ১৮ বছৰ বয়সৰ কন্যাসকলকো পোষণ অভিযানৰ অধীনলৈ অনা হৈছে। পুষ্টিহীনতাৰ সমস্যা সমাধান কেৱল এই পদক্ষেপবোৰতে সীমাবদ্ধ নহয় – এই যুঁজত, আন বহুতো পদক্ষেপেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। উদাহৰণস্বৰূপে, জল জীৱন মিছনক লৈ, এই অভিযানে ভাৰতক পুষ্টিহীনতামুক্ত কৰাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পেলাব। সামাজিক সজাগতাৰ সৈতে জড়িত প্ৰচেষ্টাই পুষ্টিহীনতাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই আপোনালোক সকলোকে আগন্তুক পুষ্টি মাহত পুষ্টিহীনতা বা কুপোষণ দূৰ কৰাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিম।

মোৰ মৰমৰ দেশবাসীসকল, চেন্নাইৰ শ্ৰীদেৱী বৰ্দৰাজনজীয়ে মোলৈ এটা স্মাৰক প্ৰেৰণ কৰিছে। তেওঁ মাইগভত এনেধৰণৰ কথা লিখিছে – নতুন বছৰৰ বাবে ৫ মাহতকৈও কম সময় বাকী আছে, আৰু আমি সকলোৱে জানো যে আগন্তুক নতুন বছৰটো আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে উদযাপন কৰা হ'ব। তেওঁ মোলৈ দেশৰ এখন বাজৰাৰ মানচিত্ৰও প্ৰেৰণ কৰিছিল আৰু সুধিছিল, "আপুনি আগন্তুক খণ্ডবোৰত 'মন কী বাত'ত আলোচনা কৰিব পাৰিবনে? দেশবাসীৰ এনে আৱেগ দেখি মই বৰ সুখী অনুভৱ কৰোঁ। আপোনাৰ মনত থাকিব পাৰে যে ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক (দুই হাজাৰ তেইছ) আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গৃহীত কৰিছে। ভাৰতৰ এই প্ৰস্তাৱটোৱে ৭০ খনতকৈও অধিক দেশৰ সমৰ্থন লাভ কৰিছে বুলি জানি আপোনালোক অতি আনন্দিত হ'ব। আজি, সমগ্ৰ বিশ্বতে, এই মোটা শস্য, বাজৰাৰ উন্মাদনা বৃদ্ধি পাইছে। বন্ধুসকল, যেতিয়া মই মোটা শস্যৰ কথা কওঁ, মই আজি মোৰ এটা প্ৰচেষ্টা আপোনালোকৰ সৈতে ভাগ বতৰা কৰিব বিচাৰো। কিছু সময়ৰ পৰা, যেতিয়া কোনো বিদেশী অতিথি ভাৰতলৈ আহে, যেতিয়া কোনো ৰাষ্ট্ৰপ্ৰধান ভাৰতলৈ আহে, মই ভাৰতৰ বাজৰাৰ দ্বাৰা নিৰ্মিত ব্যঞ্জন তৈয়াৰ কৰিবলৈ চেষ্টা কৰোঁ অৰ্থাৎ খাদ্যত আমাৰ মোটা শস্য আৰু আমি এই অভিজ্ঞতা লাভ কৰিছো, এই গণ্যমান্য ব্যক্তিসকলে এই ব্যঞ্জনবোৰ, বহুত ভাল পায়, আৰু আমাৰ মোটা শস্যৰ সন্দৰ্ভত, তেওঁলোকে বাজৰাৰ বিষয়ে বহুতো তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে। প্ৰাচীন কালৰ পৰাই বাজৰা, মোটা শস্য আমাৰ কৃষি, সংস্কৃতি আৰু সভ্যতাৰ অংশ হৈ আহিছে। আমাৰ বেদত বাজৰাৰ কথা উল্লেখ কৰা হৈছে, ঠিক সেইদৰে পুৰানানুৰু আৰু টোলকাপ্পিয়ামত, ইয়াৰ বিষয়েও কোৱা হৈছে। আপুনি দেশৰ যিকোনো প্ৰান্তলৈ যাওক, আপুনি নিশ্চিতভাৱে তাত থকা লোকসকলৰ খাদ্য আৰু পানীয়ত বিভিন্ন প্ৰকাৰৰ বাজৰা পাব। আমাৰ সংস্কৃতিৰ দৰে, বাজৰাবোৰতো যথেষ্ট বৈচিত্ৰতা আছে। জোৱাৰ, বাজৰা, ৰাগি, চাৱান, কাংনি, চাইনা, কোডো, কুটকি, কুট্টু, এই সকলোবোৰ বাজৰা। ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ বাজৰা উৎপাদক, সেয়েহে এই প্ৰচেষ্টা সফল কৰাৰ বৃহৎ দায়িত্ব আমাৰ ভাৰতীয়সকলৰ কান্ধত আছে। আমি সকলোৱে একেলগে ইয়াক জন আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব, আৰু লগতে দেশৰ জনসাধাৰণৰ মাজত বাজৰাৰ বিষয়ে সজাগতাও বৃদ্ধি কৰিব লাগিব। আৰু বন্ধুসকল, আপোনালোকে ভালদৰে জানে, বাজৰা কৃষকসকলৰ বাবেও লাভজনক আৰু সেয়াও বিশেষকৈ ক্ষুদ্ৰ কৃষকসকলৰ বাবে। প্ৰকৃততে, এই শস্য অতি কম সময়ৰ ভিতৰতে সাজু হয়, আৰু ইয়াত বেছি পানীৰ প্ৰয়োজন নহয়। বাজৰা আমাৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে বিশেষভাৱে লাভজনক। বাজৰাৰ তুঁহকো সৰ্বশ্ৰেষ্ঠ পশুখাদ্য বুলি গণ্য কৰা হয়। আজিকালি, যুৱ প্ৰজন্মই স্বাস্থ্যকৰ জীৱন যাপন আৰু খোৱাৰ ওপৰত যথেষ্ট মনোনিৱেশ কৰে। এই হিচাপত, বাজৰাত যথেষ্ট পৰিমাণে প্ৰ'টিন, আঁহ আৰু খনিজ থাকে। বহুলোকে ইয়াক চুপাৰ ফুড বুলিও কয়। বাজৰাৰ এটা নহয়, বহুতো লাভালাভ আছে। মেদবহুলতা হ্ৰাস কৰাৰ লগতে, ই ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰে। ইয়াৰ লগতে, সেইবোৰ পাকস্থলী আৰু যকৃতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয়। অলপ আগতে, আমি পুষ্টিহীনতাৰ বিষয়ে কথা পাতিছো। পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াত বাজৰাবোৰো যথেষ্ট উপকাৰী, কিয়নো সেইবোৰ প্ৰ'টিনৰ লগতে শক্তিৰে পৰিপূৰ্ণ। আজি দেশত বাজৰাৰ প্ৰচাৰৰ বাবে বহুতো কাম কৰা হৈছে। ইয়াৰ সৈতে সম্পৰ্কিত গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে এফপিঅ'বোৰক উৎসাহিত কৰা হৈছে, যাতে উৎপাদন বৃদ্ধি কৰিব পাৰি। মই মোৰ কৃষক ভাই-ভনীসকলক অনুৰোধ জনাইছো যে বাজৰা, অৰ্থাৎ মোটা খাদ্যশস্য, অধিক আৰু ইয়াৰ সুবিধা লাভ কৰক। মই ভাল পাইছো যে আজি এই সন্দৰ্ভত বহুতো ষ্টাৰ্ট-আপ উদ্ভৱ হৈছে, যিবোৰে বাজৰাৰ ওপৰত কাম কৰি আছে। তেওঁলোকৰ কিছুমানে বাজৰাৰ কুকি তৈয়াৰ কৰি আছে, আনহাতে কিছুমানে বাজৰাৰ পেন কেক আৰু দোচাও তৈয়াৰ কৰি আছে। কিছুমান আছে যিয়ে মিলেট এনাৰ্জী বাৰ আৰু মিলেট ব্ৰেকফাষ্ট প্ৰস্তুত কৰি আছে। মই এই ক্ষেত্ৰত কাম কৰা সকলোকে শুভেচ্ছা জনাইছো। এই উৎসৱৰ বতৰত, আমি বেছিভাগ ব্যঞ্জনত বাজৰা ব্যৱহাৰ কৰোঁ। আপোনালোকে আপোনালোকৰ ঘৰত তৈয়াৰ কৰা এনে ব্যঞ্জনৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিব যাতে ই মানুহৰ মাজত বাজৰাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰে।

মোৰ মৰমৰ দেশবাসীসকল, মাত্ৰ কেইদিনমান পূৰ্বে, মই অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ জোৰচিং গাঁৱৰ এটা বাতৰি দেখিছিলো। এই খবৰটো এনে এটা পৰিৱৰ্তনৰ বিষয়ে আছিল যাৰ বিষয়ে এই গাওঁখনৰ মানুহে বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। প্ৰকৃততে, স্বাধীনতা দিৱসত, এই মাহত জৰ্চিং গাঁৱত ৪জি ইণ্টাৰনেট সেৱা আৰম্ভ হৈছে। যেনে, আগতে যেতিয়া গাওঁখনত বিদ্যুৎ প্ৰথমবাৰৰ বাবে উপলব্ধ হৈছিল, এতিয়া, নতুন ভাৰতত, ৪জি পোৱাৰ সময়তো একেই সুখ অনুভূত হৈছে। অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দূৰৱৰ্তী অঞ্চলত ৪জিৰ ৰূপত এক নতুন সূৰ্যোদয় হৈছে, ইণ্টাৰনেট সংযোগে এক নতুন পুৱা কঢ়িয়াই আনিছে। এসময়ত কেৱল এইবোৰ সুবিধা ডাঙৰ চহৰত আছিল, ডিজিটেল ইণ্ডিয়াৰ সুবিধাবোৰে এইসমূহ প্ৰতিখন গাঁৱলৈ লৈ গৈছে। ইয়াৰ বাবে, দেশত নতুন ডিজিটেল উদ্যোগীৰ জন্ম হৈছে। ৰাজস্থানৰ আজমেৰ জিলাৰ চেথা সিং ৰাৱতজীয়ে 'দৰ্জী অনলাইন' 'ই-ষ্টোৰ' চলায়। আপোনালোক আচৰিত হ'ব যে কাম অনলাইন দৰ্জী কি!! প্ৰকৃততে, চেথা সিং ৰাৱাটে ক’ভিডৰ পূৰ্বে টেইলৰিঙৰ কাম কৰিছিল। যেতিয়া ক’ভিড আহিছিল, ৰাৱাটজীয়ে এই প্ৰত্যাহ্বানটো কঠিন হিচাপে নহয়, কিন্তু এটা সুযোগ হিচাপে লৈছিল। তেওঁ কমন চাৰ্ভিচ চেণ্টাৰ (চিএছচি) ই-ষ্টোৰত যোগদান কৰে আৰু অনলাইন কাম আৰম্ভ কৰে। তেওঁ লক্ষ্য কৰিছিল যে গ্ৰাহকসকলে, বৃহৎ সংখ্যাত, মাস্কৰ অৰ্ডাৰ কৰি আছে। তেওঁ কিছুমান মহিলাক নিয়োগ কৰিছিল আৰু মাস্ক বনাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত, তেওঁ 'দৰ্জী অনলাইন' নামৰ তেওঁৰ অনলাইন দোকান আৰম্ভ কৰে য'ত তেওঁ আন বহুতো উপায়েৰে কাপোৰ বিক্ৰী কৰা আৰম্ভ কৰে। আজি ডিজিটেল ইণ্ডিয়াৰ শক্তিৰ সৈতে চেঠা সিংজীৰ কাম ইমানেই বৃদ্ধি পাইছে যে এতিয়া তেওঁ সমগ্ৰ দেশৰ পৰা অৰ্ডাৰ লাভ কৰিছে। তেওঁ ইয়াত শ শ মহিলাক নিযুক্তি দিছে। ডিজিটেল ইণ্ডিয়াই উত্তৰ প্ৰদেশৰ উন্নাওত বাস কৰা ওম প্ৰকাশ সিংজীকো ডিজিটেল উদ্যোগী কৰি তুলিছে। তেওঁ নিজৰ গাঁৱত এক হাজাৰৰো অধিক ব্ৰডবেণ্ড সংযোগ স্থাপন কৰিছে। ওম প্ৰকাশজীয়ে তেওঁৰ কমন চাৰ্ভিচ চেণ্টাৰৰ চাৰিওফালে এটা বিনামূলীয়া ৱাইফাই জোন নিৰ্মাণ কৰিছে, যি দৰিদ্র লোকসকলক যথেষ্ট সহায় কৰি আছে। ওম প্ৰকাশজীৰ কাম এতিয়া ইমান বাঢ়িছে যে তেওঁ ২০জনতকৈও অধিক লোকক নিয়োগ কৰিছে। এই লোকসকলে গাওঁৰ বিদ্যালয়, চিকিৎসালয়, তহচিল কাৰ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহলৈ ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰি আছে আৰু ইয়াৰ পৰা নিযুক্তিও লাভ কৰিছে। কমন ছাৰ্ভিচ চেণ্টাৰৰ দৰে, চৰকাৰী ই-বজাৰ স্থান অৰ্থাৎ জিইএম পৰ্টেলত এনে কিমানটা সফলতাৰ কাহিনী দেখা গৈছে।

বন্ধুসকল, মই গাওঁবোৰৰ পৰা এনে বহুতো বাৰ্তা পাওঁ, যিবোৰে ইণ্টাৰনেটৰ দ্বাৰা হোৱা পৰিৱৰ্তনবোৰ মোৰ সৈতে ভাগ বতৰা কৰে। ইণ্টাৰনেটে আমাৰ যুৱ বন্ধুসকলৰ অধ্যয়ন আৰু শিকাৰ ধৰণ সলনি কৰিছে। উদাহৰণ স্বৰূপে, যেতিয়া উত্তৰ প্ৰদেশৰ গুড়িয়া সিঙে উন্নাওৰ আমোয়া গাঁৱত থকা তেওঁৰ শহুৰেকৰ ঘৰলৈ আহিছিল, তেতিয়া তেওঁ পঢ়াশুনাক লৈ চিন্তিত হৈছিল। কিন্তু, ভাৰতনেটে তেওঁৰ উদ্বেগ হ্ৰাস কৰিছিল। গুড়িয়াই ইণ্টাৰনেটৰ জৰিয়তে পঢ়া-শুনা কৰিছিল, আৰু স্নাতক ডিগ্ৰীও সম্পূৰ্ণ কৰিছিল। গাওঁবোৰত এনে বহুতো জীৱনে ডিজিটেল ইণ্ডিয়া অভিযানৰ পৰা নতুন শক্তি লাভ কৰিছে। আপোনালোকে মোক গাওঁবোৰৰ ডিজিটেল উদ্যোগীসকলৰ বিষয়ে যিমান সম্ভৱ সিমান বাৰ্তা প্ৰেৰণ কৰা উচিত, আৰু তেওঁলোকৰ সফলতাৰ কাহিনী সামাজিক মাধ্যমতো ভাগ-বতৰা কৰা উচিত।

মোৰ মৰমৰ দেশবাসীসকল, কিছু সময় পূৰ্বে, মই হিমাচল প্ৰদেশৰ 'মন কী বাত'ৰ শ্ৰোতা ৰমেশজীৰ পৰা এখন পত্ৰ পাইছিলো। ৰমেশজীয়ে তেওঁৰ পত্ৰখনত পৰ্বতবোৰৰ বহুতো বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ লিখিছিল, "পৰ্বতৰ ওপৰত বসতি বহু দূৰে দূৰে হ'ব পাৰে, কিন্তু মানুহৰ হৃদয় ইজনে-সিজনৰ অতি ওচৰত আছে। দৰাচলতে, আমি পাহাৰত বাস কৰা লোকসকলৰ জীৱনৰ পৰা বহুতো শিকিব পাৰোঁ। পৰ্বতৰ জীৱনশৈলী আৰু সংস্কৃতিৰ পৰা আমি প্ৰথম শিক্ষা এইটোৱেই লাভ কৰোঁ যে যদি আমি পৰিস্থিতিৰ চাপত নাহো, আমি সেইবোৰক সহজে জয় কৰিব পাৰোঁ, আৰু দ্বিতীয়তে, আমি কেনেকৈ স্থানীয় সম্পদৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰোঁ। মই উল্লেখ কৰা প্ৰথম শিক্ষণৰ এখন ধুনীয়া ছবি আজিকালি স্পিতি এলেকাত দেখা গৈছে। স্পিতি এটা জনজাতীয় অঞ্চল। ইয়াত, আজিকালি, মটৰ ছিঙাৰ কাম চলিছে ৷ পাহাৰীয়া এলেকাত এইটো এটা কঠোৰ পৰিশ্ৰমৰ আৰু কঠিন কাম। কিন্তু ইয়াত, গাওঁখনৰ মহিলাসকলে একেলগে ইজনে সিজনৰ পথাৰৰ পৰা মটৰ ছিঙি একত্ৰিত হয়। এই কামৰ লগতে মহিলাসকলে স্থানীয় গীত 'ছপ্ৰা মাঝি ছপ্ৰা'ও গায়। অৰ্থাৎ ইয়াত পাৰস্পৰিক সহযোগিতাও লোক পৰম্পৰাৰ এটা অংশ। স্পিতিত স্থানীয় সম্পদৰ উন্নত ব্যৱহাৰৰ এক উৎকৃষ্ট উদাহৰণ আছে। স্পিতিত, কৃষকসকলে তেওঁলোকৰ গৰুবোৰৰ গোবৰ শুকুৱাই বস্তাত ভৰাই দিয়ে। যেতিয়া শীত কাল আহে, এই বস্তাবোৰ গৰুৰ বাসস্থানত ৰখা হয়, যাক ইয়াত খুদ বুলি কোৱা হয়। তুষাৰপাতৰ মাজত, এই বস্তাবোৰে গৰুবোৰক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰে। শীতকাল যোৱাৰ পিছত, পথাৰত এইখিনিকে গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ, আৱৰ্জনাৰ পৰা জীৱ-জন্তুৰ সুৰক্ষা, আৰু লগতে পথাৰৰ বাবে সাৰ। খেতিৰ ব্যয়ো কম হয় আৰু পথাৰত উৎপাদনো অধিক হয়। সেয়েহে, আজিকালি এই অঞ্চলটো প্ৰাকৃতিক কৃষিৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে।

বন্ধুসকল, আমাৰ আন এখন পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডতো এনে ধৰণৰ প্ৰশংসনীয় প্ৰচেষ্টা দেখা গৈছে। উত্তৰাখণ্ডত বহু প্ৰকাৰৰ ঔষধী উদ্ভিদ পোৱা যায়। যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। তাৰে এটা হৈছে ফল – বেডু। ইয়াক হিমালয়ৰ ফিগ বুলিও কোৱা হয়। এই ফলত, খনিজ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়। মানুহে ইয়াক ফল হিচাপে গ্ৰহণ কৰে, লগতে ইয়াক বহুতো ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। এই ফলৰ এই গুণবোৰৰ প্ৰতি লক্ষ্য ৰাখি, এতিয়া বেডুৰ ৰস, ইয়াৰ পৰা তৈয়াৰ কৰা জাম, চাটনি, আচাৰ আৰু ফল শুকুৱাই প্ৰস্তুত কৰি বজাৰত মুকলি কৰা হৈছে। পিথোৰাগড় প্ৰশাসনৰ পদক্ষেপ আৰু স্থানীয় লোকসকলৰ সহযোগিতাৰ সৈতে, বেদুৱে বিভিন্ন ৰূপত বজাৰ লাভ কৰাত সফল হৈছে। বেডুক পাহাৰীয়া অঞ্জীৰ হিচাপেও চিহ্নিত কৰা হৈছে আৰু অনলাইন বজাৰলৈ অনা হৈছে। ই কেৱল কৃষকসকলক উপাৰ্জনৰ এক নতুন উৎস প্ৰদান কৰাই নহয়, লগতে বেডুৰ ঔষধি গুণাগুণৰ লাভালাভ দূৰ-দূৰণিলৈ যোৱা আৰম্ভ কৰিছে।

মোৰ মৰমৰ দেশবাসীসকল, 'মন কী বাত'ত, আজি আৰম্ভণিতে, আমি স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিষয়ে কথা পাতিছো। স্বাধীনতা দিৱসৰ মহান উৎসৱৰ লগতে অনাগত দিনত আৰু বহুতো উৎসৱ আহি আছে। মাত্ৰ কেইদিনমানৰ পিছত উদযাপন হ’বলগীয়া গণেশ চতুৰ্থী হৈছে ভগৱান গণেশৰ উপাসনা উৎসৱ। গণেশ চতুৰ্থী, অৰ্থাৎ গণপতি বাপ্পাৰ আশীৰ্বাদৰ উৎসৱ। গণেশ চতুৰ্থীৰ পূৰ্বে ওনাম উৎসৱো আৰম্ভ হৈছে। বিশেষকৈ কেৰালাত ওনাম শান্তি আৰু সমৃদ্ধিৰ ভাৱনাৰে উদযাপন কৰা হ'ব। ৩০ আগষ্টত হৰতালিকা তীজো আছে। ১ ছেপ্টেম্বৰত ওড়িশাত নুয়াখাই উৎসৱো পালন কৰা হ'ব। নুয়াখাই মানে নতুন খাদ্য, অৰ্থাৎ ই আমাৰ কৃষি পৰম্পৰাৰ সৈতে সম্পৰ্কিত এক উৎসৱ, আন কৃষিভিত্তিৰ উৎসৱৰ দৰে। ইফালে, জৈন সমাজৰ সম্ৱতসাৰী উৎসৱো অনুষ্ঠিত হ'ব। আমাৰ এই সকলোবোৰ উৎসৱ আমাৰ সাংস্কৃতিক সমৃদ্ধি আৰু জীৱন্ততাৰ সমাৰ্থক। মই আপোনালোকক এই উৎসৱ আৰু বিশেষ অনুষ্ঠানবোৰৰ বাবে শুভকামনা জনাইছো। এই উৎসৱসমূহৰ লগতে কাইলৈ মেজৰ ধ্যান চান্দজীৰ জন্ম জয়ন্তী অৰ্থাৎ ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসো উদযাপন কৰা হ'ব। আমাৰ যুৱ খেলুৱৈসকলে বিশ্বব্যাপী মঞ্চত আমাৰ ত্ৰিৰংগাৰ গৌৰৱ বঢ়াই থাকক, এইটো ধ্যান চান্দজীৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন হ'ব। আমি সকলোৱে দেশৰ বাবে একেলগে কাম কৰি যাওঁ, মই এই ইচ্ছাৰ সৈতে আজি সামৰণি মাৰিছোঁ ৷ দেশৰ মান বৃদ্ধি অব্যাহত থাকক। অহা মাহত, আপোনালোকৰ সৈতে আকৌ এবাৰ 'মন কী বাত'ত সাক্ষাৎ হ'ব।

অশেষ ধন্যবাদ ৷

  • Dr Srushti S Bhartiya June 18, 2025

    namo
  • Jitendra Kumar June 05, 2025

    🙏🙏🙏
  • Dheeraj Thakur February 13, 2025

    जय श्री राम,
  • Dheeraj Thakur February 13, 2025

    जय श्री राम
  • Priya Satheesh January 01, 2025

    🐯
  • Chhedilal Mishra November 26, 2024

    Jai shrikrishna
  • Srikanta kumar panigrahi November 15, 2024

    indiaaaaaaa
  • கார்த்திக் October 28, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🪷ଜୟ ଶ୍ରୀ ରାମ🪷Jai Shri Ram🪷🪷 🪷জয় শ্ৰী ৰাম 🪷ജയ് ശ്രീറാം 🪷జై శ్రీ రామ్ 🪷🪷
  • Vivek Kumar Gupta October 20, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 20, 2024

    नमो .........................🙏🙏🙏🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘Bharat looks bhavya': Gaganyatri Shubhanshu Shukla’s space mission inspires a nation

Media Coverage

‘Bharat looks bhavya': Gaganyatri Shubhanshu Shukla’s space mission inspires a nation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi’s remarks at the BRICS session: Environment, COP-30, and Global Health
July 07, 2025

Your Highness,
Excellencies,

I am glad that under the chairmanship of Brazil, BRICS has given high priority to important issues like environment and health security. These subjects are not only interconnected but are also extremely important for the bright future of humanity.

Friends,

This year, COP-30 is being held in Brazil, making discussions on the environment in BRICS both relevant and timely. Climate change and environmental safety have always been top priorities for India. For us, it's not just about energy, it's about maintaining a balance between life and nature. While some see it as just numbers, in India, it's part of our daily life and traditions. In our culture, the Earth is respected as a mother. That’s why, when Mother Earth needs us, we always respond. We are transforming our mindset, our behaviour, and our lifestyle.

Guided by the spirit of "People, Planet, and Progress”, India has launched several key initiatives — such as Mission LiFE (Lifestyle for Environment), 'Ek Ped Maa Ke Naam' (A Tree in the Name of Mother), the International Solar Alliance, the Coalition for Disaster Resilient Infrastructure, the Green Hydrogen Mission, the Global Biofuels Alliance, and the Big Cats Alliance.

During India’s G20 Presidency, we placed strong emphasis on sustainable development and bridging the gap between the Global North and South. With this objective, we achieved consensus among all countries on the Green Development Pact. To encourage environment-friendly actions, we also launched the Green Credits Initiative.

Despite being the world’s fastest-growing major economy, India is the first country to achieve its Paris commitments ahead of schedule. We are also making rapid progress toward our goal of achieving Net Zero by 2070. In the past decade, India has witnessed a remarkable 4000% increase in its installed capacity of solar energy. Through these efforts, we are laying a strong foundation for a sustainable and green future.

Friends,

For India, climate justice is not just a choice, it is a moral obligation. India firmly believes that without technology transfer and affordable financing for countries in need, climate action will remain confined to climate talk. Bridging the gap between climate ambition and climate financing is a special and significant responsibility of developed countries. We take along all nations, especially those facing food, fuel, fertilizer, and financial crises due to various global challenges.

These countries should have the same confidence that developed countries have in shaping their future. Sustainable and inclusive development of humanity cannot be achieved as long as double standards persist. The "Framework Declaration on Climate Finance” being released today is a commendable step in this direction. India fully supports this initiative.

Friends,

The health of the planet and the health of humanity are deeply intertwined. The COVID-19 pandemic taught us that viruses do not require visas, and solutions cannot be chosen based on passports. Shared challenges can only be addressed through collective efforts.

Guided by the mantra of 'One Earth, One Health,' India has expanded cooperation with all countries. Today, India is home to the world’s largest health insurance scheme "Ayushman Bharat”, which has become a lifeline for over 500 million people. An ecosystem for traditional medicine systems such as Ayurveda, Yoga, Unani, and Siddha has been established. Through Digital Health initiatives, we are delivering healthcare services to an increasing number of people across the remotest corners of the country. We would be happy to share India’s successful experiences in all these areas.

I am pleased that BRICS has also placed special emphasis on enhancing cooperation in the area of health. The BRICS Vaccine R&D Centre, launched in 2022, is a significant step in this direction. The Leader’s Statement on "BRICS Partnership for Elimination of Socially Determined Diseases” being issued today shall serve as new inspiration for strengthening our collaboration.

Friends,

I extend my sincere gratitude to all participants for today’s critical and constructive discussions. Under India’s BRICS chairmanship next year, we will continue to work closely on all key issues. Our goal will be to redefine BRICS as Building Resilience and Innovation for Cooperation and Sustainability. Just as we brought inclusivity to our G-20 Presidency and placed the concerns of the Global South at the forefront of the agenda, similarly, during our Presidency of BRICS, we will advance this forum with a people-centric approach and the spirit of ‘Humanity First.’

Once again, I extend my heartfelt congratulations to President Lula on this successful BRICS Summit.

Thank you very much.