প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বুদ্ধ পূৰ্ণিমা উপলক্ষে বেশক গ্ল’বেল উদযাপনৰ কাৰ্যসূচীত মূল ভাষণ আগবঢ়ায়। এই কাৰ্যসূচীত ভেন্যড মহাসংঘৰ সদস্যসকল, নেপাল আৰু শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী প্ৰহ্লাদ সিং আৰু শ্ৰী কিৰেণ ৰিজিজু, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেশ্যনৰ সচিব প্ৰধান, ভিনেবল ডাক্তৰ ধম্মপিয়া উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বেশক হৈছে ভগৱান বুদ্ধৰ জীৱনটো উদযাপনৰ অৰ্থে এটা দিন আৰু ইয়াক পালনৰ উদ্দেশ্য হৈছে আমাৰ গ্ৰহৰ উন্নতিসাধানৰ অৰ্থে তেওঁ কৰা ত্যাগ আৰু মহৎ চিন্তাসমূহৰ অনুৰণন। তেখেতে লগতে কয় যে তেখেতে যোৱা বৰ্ষৰ বেশক দিৱসৰ কাৰ্যসূচী ক’ভিড-১৯ মহামাৰীটোৰ বিৰুদ্ধে মানৱ জাতিৰ যুঁজখনত নেতৃত্ব প্ৰদান কৰা সকলো ফ্ৰন্ট-লাইন কৰ্মীলৈ সমৰ্পিত কৰিছিল। এবছৰ পাছত, ক’ভিড-১৯ মহামাৰী এতিয়াও শাম কটা নাই আৰু ভাৰতকে ধৰি বহু ৰাষ্ট্ৰই দ্বিতীয় ঢৌৰ সন্মুখীন হৈছে। তেখেতে উল্লেখ কৰে যে এই মহামাৰীটোৱে দুখ কঢ়িয়াই আনিছে আৰু বহুতৰ জীৱন-জীৱিকালৈ অমানিশা কঢ়িয়াইছে তথা প্ৰতিখন ৰাষ্ট্ৰকে প্ৰভাৱিত কৰিছে। তেখেতে কয়, মহামাৰীটো সৃষ্ট অৰ্থনৈতিক প্ৰভাৱ বৃহৎ আৰু ক’ভিড-১৯ ৰ পাছত আমাৰ গ্ৰহটো একে নাথাকিব। তেখেতে কয়, যোৱা বৰ্ষৰ দৰে বহু লক্ষ্যণীয় অগ্ৰগতি লাভ কৰা হৈছে, যথাঃ মহামাৰীটো সম্পৰ্কত ভালদৰে বুজি উঠা আদি, যিয়ে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ কৌশলক সুদৃঢ় কৰি তুলিছে আৰু ভেকচিন লাভ কৰাত, জীৱন ৰক্ষা আৰু মহামাৰীটোক পৰাভূত কৰিবলৈ একেবাৰে গুৰুত্বপূৰ্ণ হৈ উঠিছে। তেখেতে এবছৰৰ ভিতৰতে ক’ভিড-১৯ ৰ ভেকচিনসমূহ যুগুত কৰিবলৈ বিজ্ঞানীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু কয়, ই মানৱ জাতিৰ সংকল্প আৰু দৃঢ়তাৰ শক্তি প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান বুদ্ধৰ জীৱনৰ চাৰিটা দৰ্শনে তেখেতক মানৱ জাতিৰ কষ্ট লাঘৱৰ অৰ্থে তেখেতৰ জীৱনটো সমৰ্পিত কৰিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল। তেখেতে কয় যে যোৱা বৰ্ষত, এই কাৰ্যসূচীলৈ বহু ব্যক্তি আৰু সংস্থাই সমৰ্থন আগবঢ়াইছিল আৰু মানৱ জাতিৰ দুখ হ্ৰাস কৰিবলৈ সম্ভৱপৰ সকলোখিনি কৰিছিল। বিশ্বৰ ভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মীয় সংগঠন আৰু বৌদ্ধ ধৰ্মৰ অনুগামীসকলে সা-সৰঞ্জাম আৰু সা-সামগ্ৰী মুক্তহস্তে আগবঢ়াইছিল। তেখেতে উল্লেখ কৰে যে ভগৱান বুদ্ধৰ উপদেশ যথাঃ ভবতু সৰ্ব মংগলম (সকলোৰে আশীর্বাদ, মমতা আৰু কল্যাণ) অনুসাৰে এনে কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি থকা সময়তে, জলবায়ু পৰিৱৰ্তন ইত্যাদিৰ দৰে মানৱ জাতিয়ে মুখামুখি হোৱা আন প্ৰত্যাহ্বানসমূহৰ ওপৰত দৃষ্টি অৱশ্যেই পাহৰি যাব নালাগে। তেখেতে লগতে কয় যে বৰ্তমান প্ৰজন্মসমূহৰ অসাৱধান জীৱন-শৈলীয়ে ভৱিষ্যৎ প্ৰজন্মসমূহক ভীতিগ্ৰস্ত কৰিছে আৰু আমাৰ গ্ৰহটোক অভিহত নহ’বলৈ কৰা সংকল্পক প্ৰভাৱিত কৰিছে। তেখেতে ভগৱান বুদ্ধৰ উদ্ধৃতিৰে কয় যে মাতৃ প্ৰকৃতিৰ প্ৰতি সন্মান জীৱনৰ পন্থাৰ প্ৰধানতম বুলি উল্লেখ কৰে। তেখেতে পেৰিছ টাৰ্গেটত উপনীত হোৱাৰ পথত থকা কেইখনমান বৃহৎ অৰ্থনীতিৰ অন্যতম ভাৰত বুলি ঘোষণা কৰে। তেখেতে কয়, ভাৰতৰ বাবে বহনক্ষম জীৱন মানে কেৱল সঠিক শব্দ হোৱাৰ বিপৰীতে সঠিক কৰ্মকে ই সূচিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গৌতম বুদ্ধৰ জীৱন শান্তি, ঐক্য আৰু সহাৱস্থানেৰে পৰিপূৰ্ণ। কিন্তু আজি, এনে কিছু শক্তি আছে যাৰ অস্তিত্ব ঘৃণা, সন্ত্ৰাসবাদ আৰু নিৰ্বোধ হিংসা বিয়পোৱাতে বৰ্তি আছে। তেখেতে কয়, এনে শক্তিসমূহে উদাৰ গণতান্ত্ৰিক নীতিক বিশ্বাস কৰিব নোৱাৰে আৰু সেয়েহে মানৱতাত বিশ্বাসী সকলোকে একত্ৰিত হ’বলৈ আৰু সন্ত্ৰাসবাদ-কট্টৰতাক পৰাভূত কৰিবলৈ আহ্বান জনায়। তেখেতে কয়, ভগৱান বুদ্ধৰ উপদেশ আৰু সামাজিক ন্যায়ৰ অৰ্থে প্ৰদান কৰা গুৰুত্ব এটা বিশ্ব ঐক্যবদ্ধ শক্তি হ’ব পাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভগৱান বুদ্ধ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বাবেই অত্যুজ্বলতাৰ ভাণ্ডাৰ আছিল। তেওঁৰপৰা আমি সকলোৱে সময়ে-সময়ে পোহৰৰ অন্বেষণ কৰিব পাৰো আৰু কৰুণা, সৰ্বজনীন দায়বদ্ধতা আৰু কল্যাণৰ পথ গ্ৰহণ কৰিব পাৰো। মহাত্মা গান্ধীয়ে কৈ যোৱা “বুদ্ধই আমাক উপস্থিতি অস্বীকাৰ কৰিবলৈ আৰু সত্য আৰু প্ৰেমৰ চূড়ান্ত জয়ত বিশ্বাস কৰিবলৈ শিকাইছে” ৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে ভগৱান বুদ্ধৰ আদৰ্শৰাজিৰে তেওঁলোকৰ অংগীকাৰ পুনৰুজ্জীৱিত কৰিবলৈ শিকাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিদিনেই আনক সেৱা জনাবলৈ নিঃস্বাৰ্থভাৱে নিজৰ জীৱনৰ কথা পাহৰি যোৱা প্ৰথম সঁহাৰি জনাওঁতা, ফ্ৰন্ট-লাইন হেল্থ কেয়াৰ কৰ্মী, চিকিৎসক, নাৰ্ছ আৰু স্বেচ্ছাসেৱকসকলক ধন্যবাদ জনায়। তেখেতে দুখ-কষ্ট ভুগি থকা তথা ঘনিষ্ঠ আৰু প্ৰিয়জনক হেৰুৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”