পৱিত্ৰ গুৰু পৰ্ব আৰু কৰতাৰপুৰ চাহিব কৰিডৰৰ পুনৰ মুকলি সন্দৰ্ভত দেশক অভিনন্দন
"আজি মই আপোনালোকক, সমগ্ৰ দেশক, এই কথা ক'বলৈ আহিছো যে আমি তিনিওখন কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত লৈছো; এই মাহৰ শেষত আৰম্ভ হ'বলগীয়া সংসদৰ অধিৱেশনত, আমি এই তিনিওখন কৃষি আইন ৰদ কৰাৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম"
"যেতিয়া মই ২০১৪ত প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰাৰ সুযোগ পাওঁ, তেতিয়া আমি কৃষি বিকাশ আৰু কৃষক কল্যাণক সৰ্বোচ্চ প্ৰাথমিকতা দিওঁ"
"আমি কেৱল এমএছপিত বৃদ্ধি কৰা নাই, বৰং ৰেকৰ্ড সংখ্যাত চৰকাৰী ক্ৰয় কেন্দ্ৰও বনালো; আমাৰ চৰকাৰৰ দ্বাৰা কৰা শস্যৰ ক্ৰয়ে যোৱা কেইবাদশকৰ ৰেকৰ্ড ভংগ কৰিছে"
"তিনিওখন কৃষি আইনৰ উদ্দেশ্য এইটো আছিল যে দেশৰ কৃষকক, বিশেষকৈ ক্ষুদ্ৰ কৃষকে অধিক শক্তি লাভ কৰক, তেওঁলোকে নিজৰ ফচলৰ সঠিক মূল্য আৰু ফচল বিক্ৰীৰ বাবে সৰ্বাধিক বিকল্প পাওক"
"এই আইন সম্পূৰ্ণ সত্য নিষ্ঠা, কৃষকৰ প্ৰতি সমৰ্পনৰ ভাব আৰু সততাৰে, বিশেষকৈ ক্ষুদ্ৰ কৃষকৰ কল্যাণৰ বাবে, কৃষি ক্ষেত্ৰৰ হিতৰ বাবে তথা 'গাঁও-গৰীব'ৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অনা হৈছিল"
"আমি কেৱল এমএছপিত বৃদ্ধি কৰা নাই, বৰং ৰেকৰ্ড সংখ্যাত চৰকাৰী ক্ৰয় কেন্দ্ৰও বনালো; আমাৰ চৰকাৰৰ দ্বাৰা কৰা শস্যৰ ক্ৰয়ে যোৱা কেইবাদশকৰ ৰেকৰ্ড ভংগ কৰিছে"
প্ৰধানমন্ত্ৰীয়ে কয়, "নিজৰ পাঁচ দশকৰ ৰাজহুৱা জীৱনত মই কৃষকসকলৰ প্ৰত্যাহ্বানক বহুত ওচৰৰ পৰা দেখিছো। সেয়ে, যেতিয়া দেশে মোক ২০১৪ত প্ৰধানমন্ত্ৰীৰ ৰূপত সেৱাৰ সুযোগ দিলে, তেতিয়া আমি কৃষি বিকাশ, কৃষক কল্যাণক সৰ্বোচ্চ প্ৰাথমিকতা দিওঁ।" প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ কৃষকসকলৰ অৱস্থা ভাল কৰিবলৈ আমি বীজ, বীমা, বজাৰ আৰু ৰেহাই, এই সকলোৰে ওপৰত চাৰিওফালে কাম কৰিলো। তেওঁ কয় যে চৰকাৰে ভালধৰণৰ বীজৰ লগতহে নীম কোটেড ইউৰিয়া, মৃদা স্বাস্থ্য কাৰ্ড, সূক্ষ্ম সিঞ্চনৰ দৰে সুবিধাৰ সৈতেও কৃষকসকলক সংযুক্ত কৰে।

মোৰ প্রিয় দেশবাসী, নমস্কাৰ!

 

আজি দেৱ দীপাৱলিৰ পৱিত্র উৎসৱ। সেয়ে আজি গুৰুনানক দেৱজীৰ পৱিত্র পূণ্য প্রকাশ পৰব। মই সমগ্ৰ পৃথিৱীত সিঁচৰতি হৈ থকা সমস্ত দেশবাসীক এই পৱিত্র উৎসৱৰ আন্তৰিক শুভকামনা জনাইছো। এইটোও অত্যন্ত সুখকৰ যে দেৰ বছৰ বন্ধ থকাৰ পিছত কর্তাৰপুৰ চাহিব কৰিডৰ আকৌ মুকলি হৈছে।

 

বন্ধুসকল,

 

গুৰুনানকজীয়ে কৈছিল –

“ৱিচ্চ দুনিয়া সেও কমাইয়ে তা দৰগাহ বৈসন পাইয়ে”

অর্থাৎ, পৃথিৱীত সেৱাৰ পথ বাছি ল'লেই জীৱন সফল হয়। আমাৰ চৰকাৰ এই সেৱা ভাবনা লৈয়েই দেশবাসীৰ জীৱন সহজ কৰি তোলাৰ কামত নিয়োজিত। নাজানো কিমান প্রজন্মৰ স্বপ্নৰাজি বাস্তবায়নৰ অপেক্ষাত আছিল। ভাৰতে আজি এই স্বপ্নৰাজি বাস্তবায়নৰ আপ্রাণ চেষ্টা কৰিছে।

 

বন্ধুসকল,

 

মোৰ পাঁচ দশকৰ ৰাজহুৱা জীৱনত মই কৃষকসকলৰ সমস্যাসমূহক, তেওঁলোকৰ বিভিন্ন প্রতিকূলতাক অত্যন্ত ঘনিষ্ঠভাৱে দেখিছো, অনুভৱ কৰিছো। সেয়ে যেতিয়া দেশে মোক ২০১৪ চনত প্রধানমন্ত্রী ৰূপে সেৱা কৰাৰ সুযোগ দিয়ে, তেতিয়া মই কৃষি বিকাশ, কৃষক কল্যাণক সর্বোচ্চ অগ্রাধিকাৰ দিছো।

 

বন্ধুসকল,

 

এই সত্য সম্পর্কে অনেকেই নাজানে যে দেশৰ প্রতি ১০০জনৰ ভিতৰত ৮০জন কৃষকেই ক্ষুদ্র কৃষক। তেওঁলোকৰ ওচৰত ২ হেক্টৰৰো কম মাটি আছে। আপোনালোকে কল্পনা কৰিব পাৰে যে এই ক্ষুদ্র কৃষকসকলৰ সংখ্যা ১০ কোটিৰো অধিক! তেওঁলোকৰ সম্পূর্ণ জীৱনৰ সম্বল এই ক্ষুদ্ৰ মাটি টুকুৰা। এইটোৱেই তেওঁলোকৰ জীৱন আৰু এই ক্ষুদ্ৰ মাটি টুকুৰাকে সম্বল কৰিয়েই তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ জীৱন নির্বাহ কৰে। প্রজন্মৰ পৰা প্রজন্মান্তৰে পৰিয়ালৰ ভিতৰতে এই সম্পত্তিৰ বিভাজনে এই মাটিৰ টুকুৰাক আৰু সৰু কৰি দিছে।

 

সেয়ে দেশৰ ক্ষুদ্র কৃষকসকলৰ প্রতিকূলতাবিলাক দূৰ কৰাৰ বাবে আমি বীজ, বীমা, বজাৰ আৰু সঞ্চয় – এই সকলো ক্ষেত্রত চতুর্মুখী কাম কৰিছো। চৰকাৰে উন্নতমানৰ বীজৰ সমান্তৰালকৈ কৃষকসকলক নিম আচ্ছাদিত ইউৰিয়া, মৃত্তিকা স্বাস্থ্য কার্ড, ক্ষুদ্র সিঞ্চন প্রকল্পৰ দৰে পৰিসেৱাৰ সৈতে যুক্ত কৰিছে। আমি ২২ কোটি মৃত্তিকা স্বাস্থ্য কার্ড কৃষকসকলক দিছো আৰু এই বৈজ্ঞানিক অভিযানৰ ফলত কৃষিৰ ফলনো বৃদ্ধি পাইছে।

 

বন্ধুসকল,

 

আমি ফচল বীমা যোজনাক অধিক কার্যকৰী কৰি তুলিছো। তাৰ পৰিধিত আৰু বহু অধিক কৃষকক অন্তর্ভুক্ত কৰিছো। বিপর্যয়ৰ সময়ত অধিকাংশ কৃষকে যাতে সহজেই ৰেহাই পাব পাৰে, তাৰবাবেও পুৰণা নিয়ম বদলাইছো। ইয়াৰ ফলত, বিগত চাৰি বছৰত ১ লাখ কোটি টকাৰো অধিক ভর্তুকি আমাৰ কৃষক ভাই-ভনীসকলে পাইছে। আমি ক্ষুদ্র কৃষক আৰু কৃষিত কর্মৰত শ্রমিকসকলৰ বীমা আৰু পেন্সনৰ সুবিধাও আৰম্ভ কৰিছো। ক্ষুদ্র কৃষকসকলৰ প্রয়োজনসমূহ পূৰাবৰ বাবে পোনপটীয়াকৈ তেওঁলোকৰ বেঙ্ক একাউন্টত ১ লাখ ৬২ হাজাৰ কোটি টকা জমা কৰিছো, পোনপটীয়াকৈ তেওঁলোকৰ বেঙ্ক একাউন্টত।

 

বন্ধুসকল,

 

কৃষকসকলে যাতে তেওঁলোকৰ পৰিশ্রমৰ বিনিময়ত উৎপন্ন ফচলৰ সঠিক দাম পায় সেয়া সুনিশ্চিত কৰিবলৈ অনেক পদক্ষেপ লোৱা হৈছে। দেশে তাৰ গ্রামীণ বজাৰ পৰিকাঠামোক শক্তিশালী কৰিছে। আমি ন্যূনতম সহায়ক মূল্য বঢ়াইছো। সমান্তৰালকৈ, ৰেকর্ড পৰিমাণ চৰকাৰী ক্রয়কেন্দ্রও প্ৰস্তুত কৰিছো। আমাৰ চৰকাৰে ন্যূনতম সহায়ক মূল্যত ফচল কিনাৰ কেইবা দশকৰ ৰেকর্ড ভাঙি দিছে। দেশৰ এক হাজাৰৰো বেছি মান্ডিক ‘ই-নেম’ প্রকল্পৰ সৈতে যুক্ত কৰি আমি কৃষকসকলক যিকোনো ঠাইতে, যিকোনো লোকক উৎপাদিত ফচল বিক্রীৰ এখন মঞ্চ দিছো আৰু ইয়াৰ লগে লগে সমগ্ৰ দেশৰ কৃষি মান্ডিবিলাকৰ আধুনিকীকৰণ খাতাত আমি কোটি কোটি টকা খৰচ কৰিছো।

 

বন্ধুসকল,

 

আজি কেন্দ্রীয় চৰকাৰৰ কৃষি বাজেট আগৰ তুলনাত পাঁচগুণ বৃদ্ধি পাইছে। প্রত্যেক বছৰ ১ লাখ ২৫ হাজাৰ কোটি টকাৰো অধিক কৃষিত খৰচ কৰা হৈছে। ১ লাখ কোটি টকাৰ কৃষি পৰিকাঠামো তহবিলৰ মাধ্যমত গাঁও আৰু কৃষিক্ষেত্রৰ ওচৰাওচৰিকৈ গুদামজাতকৰণৰ ব্যৱস্থা, কৃষি সৰঞ্জামৰ দৰে অনেক পৰিসেৱাৰ বিস্তাৰ – এই সমস্ত কাম দ্রুতগতিত আগবাঢ়ি গৈছে।

 

ক্ষুদ্র কৃষকসকলৰ ক্ষমতা বৃদ্ধিৰ বাবে ১০ হাজাৰ এফপিও বা কৃষক উৎপাদক সংগঠন গঢ়ি তোলাৰ অভিযানো আৰম্ভ হৈছে। এই ক্ষেত্রতো প্রায় সাত হাজাৰ কোটি টকা খৰচ কৰা হৈছে। ক্ষুদ্র সিঞ্চন তহবিল খাতাত ব্যয় দ্বিগুণ কৰি ১০ হাজাৰ কোটি টকা কৰি দিয়া হৈছে। আমি কৃষিঋণো দ্বিগুণ কৰিছো যি এই বছৰ ১৬ লাখ কোটি টকাৰ মাত্রা স্পর্শ কৰিব। এতিয়া পশুপালকসকলৰ আৰু মৎস্যপালকৰ সৈতে যুক্ত আমাৰ কৃষকসকলো কিষাণ ক্রেডিট কার্ডৰ মাধ্যমত লাভবান হৈছে। অর্থাৎ, আমাৰ চৰকাৰে কৃষকসকলৰ কল্যাণত সকলোধৰণৰ সম্ভাব্য পদক্ষেপ গ্ৰহণ কৰিছে। ক্রমাগত এটাৰ পিছত এটা নতুন পদক্ষেপ লৈছে। কৃষকসকলৰ অর্থনৈতিক উন্নয়ন কৰিবলৈ, তেওঁলোকৰ সামাজিক অৱস্থা মজবুত কৰিবলৈ সম্পূর্ণ সততাৰে কাম কৰি গৈছে।

 

বন্ধুসকল,

 

কৃষকসকলৰ আর্থিক অৱস্থা উন্নত কৰাৰ এই মহাঅভিযানত দেশত তিনিখন কৃষি আইন অনা হৈছিল। উদ্দেশ্য আছিল, দেশৰ কৃষকসকলৰ, বিশেষকৈ ক্ষুদ্র কৃষকসকলৰ অধিক ক্ষমতা বৃদ্ধি কৰা, যাতে তেওঁলোকে নিজৰ উৎপাদিত ফচলৰ সঠিক দাম পায় আৰু সেই ফচল বিক্রীৰ বাবে অধিক বিকল্প পায়। বহু বছৰ ধৰি এই দাবী দেশৰ কৃষক, দেশৰ কৃষি বিশেষজ্ঞ, দেশৰ কৃষি অর্থনীতিবিদ, দেশৰ কৃষক সংগঠনসমূহে ক্রমাগত জনাই আহিছিল। আগতেও বহু চৰকাৰে এই বিষয়ত আলাপ-আলোচনা কৰিছে। এইবাৰো সংসদত আলাপ-আলোচনা হৈছে, চিন্তা-মন্থন হৈছে আৰু এই আইন প্রণয়ন কৰা হৈছে। দেশৰ কোণে কোণে কোটি কোটি কৃষক, অনেক কৃষক সংগঠনে ইয়াক আদৰণি জনাইছে, সমর্থন জনাইছে। মই আজি তেওঁলোক সকলোৰে ওচৰত অনেক অনেক কৃতজ্ঞ, তেওঁলোকক ধন্যবাদ জনাব বিচাৰো।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে, বিশেষকৈ ক্ষুদ্র কৃষকসকলৰ কল্যাণৰ বাবে, দেশৰ কৃষি জগতৰ কল্যাণৰ বাবে, দেশৰ কল্যাণৰ বাবে, গাঁও-গৰীবৰ উজ্জ্বল ভবিষ্যতৰ বাবে সম্পূর্ণ সত্যনিষ্ঠাৰে কৃষকসকলৰ প্রতি পূর্ণ সমর্পণভাব লৈ, সৎ মনোভাব লৈ এই আইনবিলাক প্রণয়ন কৰিছিলো। কিন্তু, এই পৱিত্র ভাবনা, পূর্ণ ৰূপত শুদ্ধ, কৃষকসকলৰ কল্যাণৰ কথা, আমি চেষ্টা কৰিও একো কথা কৃষকক বুজাব নোৱাৰিলো।

 

যদিও কৃষকসকলৰ এটা অংশই ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু তথাপিও ই আমাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ আছিল। কৃষি অর্থনীতিবিদসকল, বৈজ্ঞানিকসকল, প্রগতিশীল কৃষকসকলেও তেওঁলোকক এই কৃষি আইনকেইখনৰ গুৰুত্ব সম্পর্কে বুজোৱাৰ আপ্রাণ চেষ্টা কৰিছে। আমি সম্পূর্ণ বিনম্রতাৰে, খোলা মনেৰে কৃষকসকলক বুজোৱাৰ চেষ্টা কৰি গৈছো। অনেক মাধ্যমত, ব্যক্তিগত আৰু সামগ্রিক আলাপ-আলোচনাও ক্রমাগত জাৰি আছিল। আমি কৃষকসকলৰ সৈতে কথা পতা, তেওঁলোকৰ যুক্তিবিলাক বুজাৰ বাবে কোনো চেষ্টাৰ ত্রুটি ৰখা নাই।

 

এই আইন তিনিখনৰ যি অংশ সম্পর্কে তেওঁলোকৰ আপত্তি আছিল চৰকাৰ সেইবিলাক পৰিবর্তনৰ বাবেও প্রস্তুত আছিল। দুবছৰ পর্যন্ত আমি এই আইনকেইখনক মুলতবী ৰখাৰ প্রস্তাবো ৰাখিছিলো। এই সময়ৰ ভিতৰত বিষয়টো মাননীয় সর্বোচ্চ ন্যায়ালয়ৰ ওচৰলৈও গুছি যায়। এই সকলো তথ্য দেশৰ সন্মুখত আছে। সেয়ে মই এই বিষয়ত আৰু বিস্তাৰিত ক'ব নোখোজো।

 

বন্ধুসকল,

 

মই আজি দেশবাসীৰ ওচৰত ক্ষমা প্রার্থনা কৰি, শুদ্ধ মনেৰে আৰু পৱিত্র হৃদয়েৰে ক'ব খোজো যে হয়তো আমাৰ তপস্যাতেই কিছু ত্রুটি ৰৈ গৈছিল যাৰবাবে প্রদীপৰ আলোৰ দৰে সত্য কৃষক ভাইসকলক আমি বুজাব নোৱাৰিলো।

 

আজি গুৰুনানক দেৱজীৰ পৱিত্র প্রকাশ পৰব জন্মদিন। এই দিনটো কাকো দোষাৰোপ কৰাৰ দিন নহয়। আজি মই আপোনালোকক, সম্পূর্ণ দেশক এই কথা ক'বলৈ আহিছো যে আমি তিনিওখন কৃষি আইন ওভতাই লোৱাৰ, ৰিপিল কৰাৰ সিদ্ধান্ত লৈছো। এই মাহৰ শেষত সংসদৰ যি অধিবেশন আৰম্ভ হ'বলৈ গৈছে, সেই অধিবেশনত আমি এই তিনিওখন কৃষি আইনক ৰিপিল কৰাৰ সাংবিধানিক প্রক্রিয়া সম্পূর্ণ কৰিম।

 

বন্ধুসকল,

 

মই আজি আমাৰ সমস্ত আন্দোলনৰত কৃষক বন্ধুসকলক অনুৰোধ জনাওঁ যে আজি গুৰু পৰবৰ পৱিত্র দিন। এতিয়া আপোনালোক নিজৰ নিজৰ ঘৰলৈ ঘুৰি যাওক, নিজৰ নিজৰ কৃষিক্ষেত্রলৈ উভতি যাওক, নিজৰ পৰিয়ালৰ মানুহৰ ওচৰলৈ যাওক। আহক, এটা নতুন সূচনা কৰো। নতুনকৈ আগুৱাই যাওঁ।

 

বন্ধুসকল,

 

আজি এই চৰকাৰে কৃষিক্ষেত্রৰ সৈতে যুক্ত আৰু এটা গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে। জিৰো বাজেট খেতি, অর্থাৎ প্রাকৃতিক খেতিক উৎসাহ প্রদানৰ বাবে দেশৰ পৰিবর্তিত প্রজন্মসমূহৰ কথা মনত ৰাখি, ক্রপ পেটার্নক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা পৰিবর্তনৰ বাবে, ন্যূনতম সহায়ক মূল্যক আৰু অধিক কার্যকৰী আৰু স্বচ্ছ কৰি তোলাৰ বাবে এনে ধৰণৰ সমস্ত বিষয় লৈ, ভবিষ্যতৰ কথা মনত ৰাখি সিদ্ধান্ত লোৱাৰ বাবে এখন কমিটি গঠন  কৰা হ'ব। এই কমিটিত কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহৰ প্রতিনিধিসকল থাকিব, কৃষকসকল থাকিব, কৃষি বৈজ্ঞানিকসকল থাকিব, কৃষি অর্থনীতিবিদসকল থাকিব।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে কৃষকসকলৰ কল্যাণত কাম কৰি গৈছে আৰু ভৱিষ্যতলৈও কৰি থাকিব আৰু গুৰু গোবিন্দ সিং-জীৰ ভাবনাৰে মোৰ কথা সমাপ্ত কৰিম –

“দেহ সিওৱা বৰু মোহি বিহৈ সুভ কৰমন তে কবহূঁ ন তৰোঁ।”

অর্থাৎ, হে দেৱী, আমাক বৰ দিয়া যাতে আমি শুভ কাম কৰাৰ সময়ত পিছুৱাই নাযাওঁ।

 

মই যি কৰিছো কৃষকসকলৰ বাবে কৰিছো, যি কৰিছো দেশৰ বাবে কৰিছো। আপোনালোকৰ সকলোৰে আশীর্বাদত মোৰ পৰিশ্রমত আগতেও কোনো ত্রুটি ৰখা নাই, আজিও মই আপোনালোকক আশ্বস্ত কৰিছো যে এতিয়া আৰু অধিক পৰিশ্রম কৰিম যাতে আপোনালোকৰ স্বপ্নৰাজি বাস্তবায়িত হ'ব পাৰে, দেশৰ স্বপ্নৰাজি বাস্তবায়িত হ'ব পাৰে।

 

আপোনালোকক বহুত বহুত ধন্যবাদ! নমস্কাৰ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!