Departure Statement by the Prime Minister

নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শ্বেৰ বাহাদুৰ দেউবাৰ আমন্ত্ৰণ মৰ্মে মই ২০২২ ৰ ১৬ মে’ত নেপালৰ লুম্বিনী ভ্ৰমণ কৰিম।

বুদ্ধ জয়ন্তীৰ শুভ উপলক্ষত মায়াদেৱী মন্দিৰত প্ৰাৰ্থনা জনাবলৈ আগ্ৰহী হৈ উঠিছো। ভগৱান বুদ্ধৰ জন্মৰ পবিত্ৰ স্থানটিত লাখ-লাখ ভাৰতীয়ৰ পদাংক অনুসৰণেৰে শ্ৰদ্ধা জনাবলৈ মই সন্তোষ পাইছো।

যোৱা মাহত প্ৰধানমন্ত্ৰী দেউবাৰ ভাৰত ভ্ৰমণৰ সময়ত আমাৰ ফলপ্ৰসূ আলোচনাৰ অন্তত পুনৰ তেওঁৰে মিলিত হ’বলৈয়ো মই আগ্ৰহী হৈ উঠিছো। আমি জলবিদ্যুৎ, উন্নয়ন আৰু যোগাযোগকে ধৰি একাধিক ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে আমাৰ সহভাজিত বুজাবুজি অব্যাহত ৰাখিম।

পবিত্ৰ মায়াদেৱী মন্দিৰ দৰ্শনৰ উপৰিও মই লুম্বিনী মঠ অঞ্চলৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংস্কৃতি ও ঐতিহ্য কেন্দ্ৰৰ “শিলান্যাস” অনুষ্ঠানত অংশগ্ৰহণ কৰিম। নেপাল চৰকাৰে আয়োজন কৰা বুদ্ধ জয়ন্তী উদযাপনৰ কাৰ্য্যসূচীতো মই অংশগ্ৰহণ কৰিম।

নেপালৰ সৈতে আমাৰ সম্পৰ্ক অতুলনীয়। ভাৰত আৰু নেপালৰ মাজৰ সভ্যতামূলক আৰু জনসাধাৰণৰ সংস্পৰ্শই আমাৰ ঘনিষ্ঠ সম্পৰ্কৰ চিৰস্থায়ী সৌধ নিৰ্মাণ কৰিছে। শতিকাজুৰি লালিত-পালিত আৰু আমাৰ আন্তঃসংযোগৰ দীৰ্ঘ ইতিহাসত লিপিবদ্ধ এই সময়-সন্মত সংযোগসমূহক স্মৰণ আৰু অধিক গভীৰ কৰাই মোৰ ভ্ৰমণৰ উদ্দেশ্য।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA

Media Coverage

India Exports 3.15 lakh Tonnes Sugar in Oct-Feb of 2025-26 Marketing Year: AISTA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares a Sanskrit Subhashitam highlights the significance of bravery and courage in influencing the world
March 18, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the importance of valor and the profound impact a brave individual can have on the entire world.

The Prime Minister remarked that bravery and prowess are the capital through which every difficulty can be faced. Shri Modi affirmed that the courage and self-confidence of India's youth serve as an inspiration in this regard.

The Prime Minister wrote on X;

"वीरता और पराक्रम वो पूंजी है, जिससे हर कठिनाई का सामना किया जा सकता है। भारत के युवाओं का साहस और आत्मविश्वास इसी की प्रेरणा देता है।

एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥"

Just as the sun lights the whole earth with its bright rays, in the same way a brave person can influence the whole world with his courage.