প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰশংসা কৰি ইয়াক "সৱলীকৰণ আৰু উদ্যমশীলতা"ৰ যাত্ৰা বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে সঠিক সহযোগিতাৰ দ্বাৰা ভাৰতৰ জনসাধাৰণে আশ্চৰ্যকৰ কাৰ্য সম্পাদিত কৰিব পাৰে।

ইয়াৰ আৰম্ভণিৰ পৰা, মুদ্ৰা যোজনাৰ জৰিয়তে ৩৩ লাখ কোটি টকাৰ ৫২ কোটিতকৈয়ো অধিক জামানত-মুক্ত ঋণ বিতৰণ কৰা হৈছে, প্ৰায় ৭০% ঋণ মহিলালৈ গৈছে আৰু ৫০% অনুসূচিত জাতি/অনুসূচিত জনজাতি/অ’বিচি উদ্যোগীক লাভান্বিত কৰিছে। ই প্ৰথমবাৰৰ বাবে ব্যৱসায় কৰা মালিকসকলক ১০ লাখ কোটি টকাৰ ঋণৰ সৈতে সামৰ্থ্য প্ৰদান কৰিছে আৰু প্ৰথম তিনিটা বছৰত ১ কোটিৰো অধিক নিয়োগ সম্ভাৱনা সৃষ্টি কৰিছে। বিহাৰৰ দৰে ৰাজ্যসমূহে নেতাৰ ৰূপত আত্মপ্ৰকাশ কৰিছে, প্ৰায় ৬ কোটি ঋণ মঞ্জুৰ কৰা হৈছে, যি সমগ্ৰ ভাৰতত উদ্যোগৰ এক শক্তিশালী মনোভাৱ প্ৰদৰ্শন কৰিছে।

জীৱনৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ‘মুদ্ৰা যোজনা’ৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে ‘মাইগভইণ্ডিয়া’ৰ ‘এক্স থ্ৰেড’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"#10YearsofMUDRA সৱলীকৰণ আৰু উদ্যোগৰ বিষয়ে আছিল। সঠিক সহযোগিতা আগবঢ়ালেযে ভাৰতৰ জনসাধাৰণে আশ্চৰ্যকৰ কাৰ্য সম্পাদিত কৰিব পাৰে ই সেই কথাকে প্ৰদৰ্শিত কৰিছে!"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India