পৱিত্র বুদ্ধ পূর্ণিমা উদযাপন উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি (১৬ মে') নেপালৰ লুম্বিনী ভ্ৰমণ কৰে। সেই দেশৰ প্রধানমন্ত্রী শ্রী শেৰ বাহাদুৰ দেউবাৰ আমন্ত্রণত শ্রী মোদীৰ এই ভ্ৰমণ। প্রধানমন্ত্রী হিচাপে এয়া তেওঁৰ পঞ্চম নেপাল আৰু প্রথম লুম্বিনী ভ্ৰমণ। সেই দেশৰ প্রধানমন্ত্রী শ্রী শেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ডঃ আর্জু ৰাণা দেউবা; সেই দেশৰ গৃহ মন্ত্রী বালকৃষ্ণ খন্দ; বিদেশ মন্ত্রী ডঃ নাৰায়ণ খাদকা; বাহ্যিক আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্রী শ্রীমতী ৰেণু কুমাৰী যাদব; বিদ্যুৎ জলসম্পদ আৰু জলসিঞ্চন মন্ত্রী শ্রীমতী পম্ফা ভূষাল; সংস্কৃতি, অসামৰিক বিমান পৰিবহণ তথা পর্যটন মন্ত্রী শ্রী প্রেমবাহাদুৰ আলে; শিক্ষামন্ত্রী শ্রী দেৱেন্দ্র পৌড়েল; আইন আৰু বিচাৰ তথা সংসদ বিষয়ক মন্ত্রী শ্রী গোবিন্দ প্রসাদ শর্মা আৰু লুম্বিনী প্রদেশৰ মুখ্যমন্ত্রী শ্রী কুলপ্রসাদ কে চিয়ে প্রধানমন্ত্রী শ্রী মোদীক উষ্ণ অভ্যর্থনা জনায়।

লুম্বিনীত উপস্থিত হোৱাৰ পিছত দুই প্রধানমন্ত্রীয়ে পৱিত্র মায়াদেৱী মন্দিৰ পৰিদর্শন কৰে। ইয়াতেই আছে ভগবান বুদ্ধৰ আবির্ভাৱ ভূমি। মন্দিৰত দুই প্রধানমন্ত্রীয়ে বৌদ্ধ ৰীতি-নীতি মানি প্রার্থনাসভাত যোগ দিয়ে আৰু পূজা-অর্চনাত অংশ লয়। ইয়াৰ পিছতে দুই প্রধানমন্ত্রীয়ে ঐতিহাসিক অশোক স্তম্ভ পৰিদর্শন কৰি বন্তি প্রজ্জ্বলন কৰে। উল্লেখ কৰিব পাৰি, এই অশোক স্তম্ভই ভগৱান বুদ্ধৰ আবির্ভাৱ স্থল হিচাপে লুম্বিনীৰ প্রথম প্রামাণিক সাক্ষ্য বহন কৰিছে। তাত যি পৱিত্র বোধি বৃক্ষ আছে, তাত দুই প্রধানমন্ত্রীয়ে জল দিয়ে। ২০১৪-ত নেপাল ভ্ৰমণৰ সময়ত প্রধানমন্ত্রী শ্রী মোদীয়ে উপহাৰ হিচাপে এই গাছজোপা লৈ আহিছিল।

সেই দেশৰ প্রধানমন্ত্রী শ্রী দেউবাৰ সৈতে প্রধানমন্ত্রী শ্রী মোদীয়ে নতুন দিল্লী ভিত্তিক আন্তর্জাতিক বৌদ্ধ কনফেডাৰেশ্যনৰ এক্তিয়াৰত থকা লুম্বিনীৰ এক ভূখণ্ডত ভাৰত আন্তর্জাতিক বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্রৰ নির্মাণ কামৰ শিলান্যাস অনুষ্ঠানত যোগ দিয়ে। লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্টে যোৱা নৱেম্বৰ মাহত এই ভূখণ্ড নতুন দিল্লীৰ আন্তর্জাতিক বৌদ্ধ কনফেডাৰেশ্যনৰ হাতত তুলি দিয়ে। শিলান্যাস অনুষ্ঠানৰ পিছত দুই প্রধানমন্ত্রীয়ে এটা বৌদ্ধ চেণ্টাৰৰ মডেলৰ আৱৰণ উন্মোচন কৰে। এই কেন্দ্রটোত যাৱতীয় বিশ্বমানৰ সুযোগ-সুবিধা থাকিব। ইয়াৰ মাজত আছে - প্রার্থনাসভা গৃহ, ধ্যান কেন্দ্র, গ্রন্থাগাৰ, প্রদর্শনী কক্ষ, ক্যাফেটেৰিয়া প্রভৃতি। সমগ্ৰ বিশ্বৰ বৌদ্ধ পুণ্যার্থী আৰু পর্যটকসকলৰ বাবে এই সকলো সুযোগ-সুবিধা গঢ়ি তোলাৰ পৰিকল্পনা লোৱা হৈছে।

দুই প্রধানমন্ত্রীয়ে এক দ্বিপাক্ষিক বৈঠকত নতুন দিল্লীত যোৱা দুই এপ্ৰিলত আয়োজিত তেওঁলোকৰ আলাপ-আলোচনাৰ সূত্র ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। দুই দেশৰ প্রধানমন্ত্রীৰ মাজত আজিৰ বৈঠকত বিভিন্ন ক্ষেত্রত সহযোগিতাক অধিক নিবিড় কৰাৰ নানা দিশ সন্দৰ্ভত আলোচনা হয়। ইয়াৰ মাজত আছে সংস্কৃতি, অর্থনীতি, বাণিজ্য, যোগাযোগ স্থাপন, বিদ্যুৎ আৰু উন্নয়নমূলক অংশীদাৰিত্ব। সেই দেশৰ লুম্বিনী আৰু ভাৰতৰ কুশি নগৰৰ মাজত (এই দুখন চহৰক ছিষ্টাৰ চিটি হিচাপে গণ্য কৰা হয়) যোগাযোগ স্থাপনৰ ক্ষেত্ৰতো উভয় পক্ষ নৈতিকভাৱে সন্মত হৈছে। এই দুখন চহৰ বৌদ্ধ ধর্মাৱলম্বীসকলৰ বাবে অত্যন্ত পৱিত্র, যি দুই দেশৰ মাজত অভিন্ন বৌদ্ধ পৰম্পৰাক প্রতিফলিত কৰে।

সাম্প্রতিক মাহবিলাকত বিদ্যুৎ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাত যি অগ্রগতি হৈছে, তাত দুয়োজন প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰে। উল্লেখ কৰিব পাৰি, বিভিন্ন বিদ্যুৎ প্রকল্পৰ পৰা উৎপাদন আৰম্ভ, বিদ্যুৎ সৰবৰাহ পৰিকাঠামো আৰু বিদ্যুৎ লেনদেনৰ ক্ষেত্রত সাম্প্রতিক মাহবিলাকত উল্লেখযোগ্য অগ্রগতি হৈছে। সেই দেশৰ প্রধানমন্ত্রী শ্রী দেউবাই পশ্চিম সেতি জলবিদ্যুৎ প্রকল্পৰ সার্বিক উন্নয়নত ভাৰতীয় সংস্থাসমূহক অংশগ্রহণৰ আহ্বান জনায়। নেপালৰ জলবিদ্যুৎ ক্ষেত্রৰ উন্নয়নত শ্রী মোদীয়ে ভাৰতৰ ফালৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। দুই দেশৰ প্রধানমন্ত্রীয়ে মানুহৰ সৈতে মানুহৰ শিক্ষা আৰু সাংস্কৃতিক আদান-প্রদান অধিক সম্প্রসাৰিত কৰাৰ ক্ষেত্ৰতো সহমত প্রকাশ কৰে। সেই দেশৰ প্রধানমন্ত্রী শ্রী দেউবাই প্রধানমন্ত্রী শ্রী মোদীৰ সম্মানাৰ্থে এটি মধ্যাহ্ন ভোজনৰ আয়োজন কৰে।

নেপাল চৰকাৰৰ তত্ত্বাৱধানত লুম্বিনী ডেভেলপমেণ্ট ট্রাষ্টৰ ফালৰ পৰা ২৫৬৬তম বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত দুয়োজন প্রধানমন্ত্রীয়ে যোগ দিয়ে। এই উপলক্ষে প্রধানমন্ত্রী শ্রী মোদীয়ে এখন সমাবেশত ভাষণ দিয়ে। এই সমাবেশত বৌদ্ধ সন্ন্যাসী, বিষয়া, অতিথি আৰু বৌদ্ধ জগতৰ সৈতে যুক্ত ব্যক্তিসকল উপস্থিত আছিল।

উল্লেখ কৰিব পাৰি যে নেপালৰ প্রধানমন্ত্রী শ্রী দেউবাই যোৱা একৰ পৰা তিনি এপ্রিলত দিল্লী আৰু বাৰাণসী ভ্ৰমণ কৰে। তেওঁৰ এই ভ্ৰমণৰ আঁত ধৰিয়েই প্রধানমন্ত্রী শ্রী মোদীৰ আজিৰ এই লুম্বিনী ভ্ৰমণ। শ্রী মোদীৰ আজিৰ এই ভ্ৰমণে শিক্ষা, সংস্কৃতি, বিদ্যুৎ আৰু মানুহৰ সৈতে মানুহৰ সম্পর্ক অধিক নিবিড় কৰি তোলাৰ দৰে ক্ষেত্রত দুই দেশৰ মাজত বহুমাত্রিক অংশীদাৰিত্বত অধিক গতি সঞ্চাৰ কৰিব। প্রতিবেশী দুই দেশ ভাৰত আৰু নেপালৰ মাজত সভ্যতাগত যি নিবিড় আৰু সমৃদ্ধ সম্পর্ক আছে সেয়া আৰু প্রসাৰিত কৰাৰ উদ্যোগ প্রধানমন্ত্রী শ্রী মোদীৰ এই ভ্ৰমণৰ মাজেৰে পুনৰায় প্রতিফলিত হয়।

শ্রী মোদীৰ এই ভ্ৰমণৰ সময়ত যিবোৰ বিষয়ত নথিপত্র বিনিময় হৈছে তাৰ তালিকা এই লিঙ্কত ক্লিক কৰি চাব পাৰিব - https://mea.gov.in/bilateral-documents.htm?dtl/35314

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister lauds India’s 7.8% GDP growth
August 31, 2026

The Prime Minister, Shri Narendra Modi has termed India’s 7.8% GDP growth in first quarter of FY 2026-27 a “herculean feat”. Shri Modi said that the achievement reflects the collective strength and resilience of the people of India, despite oil price shocks, supply chain disruptions and global uncertainties.

Shri Modi posted on X:

India’s exemplary GDP growth of 7.8% during Q1 of FY 2026-27 is a herculean feat.

The collective strength of our people ensured India delivered such growth despite oil price shocks and supply chain issues in the midst of global uncertainties.

Doomsayers were doomed and India bloomed…yet again!