ক্ৰিকেটাৰ বিৰাট কোহলিয়ে আগবঢ়োৱা ফিটনেছ চেলেঞ্জ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটি ভিডিঅ’ শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘এয়া মোৰ পুৱাৰ ব্যায়ামৰ ভিডিঅ’৷ যোগাৰ লগতে মই এখন বিশেষ ট্ৰেকত খোজকাঢ়ো, যিখন প্ৰকৃতিৰ ৫ তত্ত্ব অৰ্থাৎ পৃথ্বী, জল, অগ্নি, বায়ু আৰু আকাশৰে গঠিত৷ ইয়ে মোক সাংঘাটিকভাৱে সতেজ আৰু উজ্জীৱিত কৰে৷ মই উশাহ-নিশাহৰো ব্যায়াম কৰো৷ #হাম ফিট টো ইণ্ডিয়া ফিট

মই প্ৰতিগৰাকী ভাৰতীয়ক অনুৰোধ জনাও যে সকলোৱে স্বাস্থ্যৰ বাবে কিছু সময় ব্যৱহাৰ কৰক৷

আপোনাৰ বাবে আৰামদায়ক যিকোনো ব্যায়াম অভ্যাস কৰক৷ ইয়াৰ ফলত আপুনি নিজৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব৷ #ফিটনেছ চেলেঞ্জ # হাম ফিট টো ইণ্ডিয়া ফিট’৷

ফিটনেছ চেলেঞ্জক অধিক আগুৱাই নি প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰস্বামী, টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰা আৰু সকলো আইপিএছ বিষয়া, বিশেষকৈ যিসকলৰ বয়স ৪০ অতিক্ৰম কৰিছে, তেওঁলোকক ফিটনেছৰ প্ৰত্যাহ্বান জনাইছে৷

“ফিটনেছ চেলেঞ্জৰ বাবে মই নিম্নোক্ত ব্যক্তিসকলক মনোনীত কৰিলো:

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী এইচ ডি কুমাৰস্বামী

ভাৰতৰ গৌৰৱ আৰু ২০১৮ৰ কমনৱেলথ গেমছত দেশৰ হৈ সৰ্বাধিক পদক জয় কৰা মণিকা বাট্ৰা

দেশৰ সকলো সাহসী আইপিএছ বিষয়া, বিশেষকৈ যিসকলৰ বয়স ৪০ বছৰ অতিক্ৰম কৰিছে৷”, প্ৰধানমন্ত্ৰীয়ে কয়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 আগষ্ট 2026
August 18, 2026

PM Modi’s 12 Years of Structural Power: Manufacturing, FTAs, Airports & Uncompromising Security