প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণ

Published By : Admin | February 24, 2026 | 17:34 IST

ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ২৫-২৬ ফেব্ৰুৱাৰীত ইজৰাইললৈ চৰকাৰী ভ্ৰমণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীৰ দ্বিতীয় ইজৰাইল ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ সৈতে মিলিত হৈ ভাৰত - ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ উল্লেখযোগ্য অগ্ৰগতিৰ পৰ্য্যালোচনা কৰিব তথা বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, কৃষি, জল ব্যৱস্থাপনা, বাণিজ্য আৰু অৰ্থনীতি, জনসাধাৰণৰ মাজৰ সম্পৰ্ককে প্ৰমুখ্য কৰি একাধিক ক্ষেত্ৰত সহযোগিতাৰ অধিক সুযোগ সম্পৰ্কে আলোচনা কৰিব। নেতাসকলে পাৰস্পৰিক স্বাৰ্থজনিত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো দৃষ্টিভংগীৰ আদান-প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰী ইজৰাইলৰ ৰাষ্ট্ৰপতি মহামহিম আইজ্যাক হাৰজোগৰ সৈতেও মিলিত হ’ব।

এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ গভীৰ আৰু দীৰ্ঘ-দিনীয়া কৌশলগত অংশীদাৰিত্বক পুনৰ দৃঢ় কৰিব। উক্ত ভ্ৰমণ কালত উমৈহতীয়া প্ৰত্যাহ্বানৰাজি সম্পৰ্কে পৰ্য্যালোচনা কৰাৰ লগতে দুই স্থিতিস্থাপক গণতন্ত্ৰৰ মাজত এক শক্তিশালী অংশীদাৰিত্বৰ বাবে উমৈহতীয়া দৃষ্টিভংগীত উপনীত হোৱাৰ দিশত প্ৰচেষ্টাসমূহক পুনৰ সংহত কৰাৰ সুযোগৰ সঞ্চাৰ ঘটিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's food services market to reach USD 150 billion by FY31, online share to rise to 18%: Report

Media Coverage

India's food services market to reach USD 150 billion by FY31, online share to rise to 18%: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জুলাই 2026
July 10, 2026

Building Viksit Bharat: PM Modi Accelerating India's Growth at Home and Across the World