প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ছান্না মেৰিনৰ মাজত অহা ১৬ মাৰ্চত এক ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত হ’ব।

 

ভাৰত আৰু ফিনলেণ্ডে গণতান্ত্ৰিক মূল্যবোধ, স্বাধীনতা আৰু আন্তৰ্জাতিক নিয়ম মানি চলাৰ ওপৰত ভিত্তি কৰি উষ্ণ আৰু সৌহাৰ্দপূৰ্ণ সম্পৰ্ক বজাই ৰাখি চলে। ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ, শিক্ষা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ অতি ঘনিষ্ঠ সহযোগিতা আছে। সামাজিক বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দুয়োপক্ষই কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি যৌথভাৱে কোৱাণ্টাম কম্পিউটাৰক লৈ কাম কৰিছে। টেলিকম, লিফ্ট, যন্ত্ৰাংশ আৰু নৱীকৰণযোগ্য শক্তিসহ বিদ্যুত্ খণ্ডকে ধৰি ভাৰতত বিভিন্ন খণ্ডত প্ৰায় ১০০টা ফিন্নিশ কোম্পানীয়ে সক্ৰিয়ভাৱে কাম কৰি আছে। আনহাতে ফিনলেণ্ডত মুখ্যতঃ আই টি, গাড়ীৰ যন্ত্ৰাংশ আৰু আতিথ্যৰ দৰে বিভিন্ন খণ্ডত প্ৰায় ৩০ টা ভাৰতীয় কোম্পানী সক্ৰিয় হৈ আছে।

 

সন্মিলনত, দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশক লৈ আলাপ-আলোচনা কৰিব। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু আন্তৰ্জাতিক বিভিন্ন বিষয়ৰ ওপৰতো মত বিনিময় কৰিব। ভাৰত-ফিনলেণ্ড অংশীদাৰিত্বক ভৱিষ্যতে আৰু অধিক সম্প্ৰসাৰিত কৰা আৰু এই সম্পৰ্কত বিবিধতা অনাৰ বাবে ভাৰ্চুৱেল সন্মিলনত পৰিকল্পনা কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Conferred With Uzbekistan's Highest Honour For Foreign Leaders

Media Coverage

PM Modi Conferred With Uzbekistan's Highest Honour For Foreign Leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour