১। ২৮ ছেপ্টেম্বৰ, ২০২০ত ভাৰতৰদ্বাৰা প্ৰধানমন্ত্ৰী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকচেনৰ মাজত এখনি ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনৰ আয়োজন কৰা হৈছে।

২। নিয়মীয়া উচ্চ স্তৰীয় আদান-প্ৰদান আৰু ঐতিহাসিক যোগসূত্ৰ, সাধাৰণ গণতান্ত্ৰিক পৰম্পৰা আৰু আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুস্থিৰতাৰ অৰ্থে ইচ্ছাৰ আদান-প্ৰদানৰ ভিত্তিত ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্ক প্ৰতিষ্ঠিত।

৩। ২০১৬ত ২.৮২ বিলিয়ন আমেৰিকান ডলাৰৰপৰা ২০১৯ত ৩.৬৮ বিলিয়ন আমেৰিকান ডলাৰলৈ ভাৰত আৰু ডেনমাৰ্কৰ দ্ৰব্য আৰু সেৱাৰ দ্বিপাক্ষিক বাণিজ্য ৩০.৪৯% লৈ বৃদ্ধি পায়। জাহাজ, নৱীকৰণযোগ্য শক্তি, পৰিবেশ, কৃষি, খাদ্য সংসাধন, স্মাৰ্ট নগৰ উন্নয়নৰ দৰে খণ্ডসমূহত প্ৰায় ২০০ ডেনিছ কোম্পানীয়ে ভাৰতত বিনিয়োগেৰে বহু গুৰু ডেনিছ কোম্পানীয়ে ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ অধীনত নতুন নিৰ্মাণ ফেক্টৰী প্ৰতিষ্ঠা কৰিছে। ডেনমাৰ্কত আইটি, নৱীকৰণযোগ্য শক্তি আৰু অভিযান্ত্ৰিকত প্ৰায় ২৫ ভাৰতীয় কোম্পানী বিদ্যমান।

৪। এই কাৰ্যসূচীত ভাৰত আৰু ডেনমাৰ্কৰ মাজত বৌদ্ধিক সম্পদৰ সহযোগিতা সন্দৰ্ভত এখনি বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হ’ব। আন গুৰু ফলশ্ৰুতি হিচাপে ডেনমাৰ্কে ইন্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স (আইএছএ)ত যোগদান কৰিব।

৫। এই ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনে দুয়োগৰাকী নেতাক ৰাষ্ট্ৰ দুখনৰ মাজত সময়-পৰীক্ষিত বন্ধুত্ব সম্পৰ্কৰ প্ৰেক্ষাপটত দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত কাৰ্যপন্থাৰ সামগ্ৰিক পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব আৰু পাৰস্পৰিক স্বাৰ্থৰ মূল প্ৰসংগত সহযোগিতামূলক বন্ধুত্বৰ সুদৃঢ়কৰণ আৰু নিৰ্ভৰশীলতাৰ অৰ্থে বিস্তৃত ৰাজনৈতিক মাৰ্গদৰ্শন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future