নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত কৌশলগত মিত্ৰ মঞ্চ (ইউ এছ আই এছ পি এফ)ৰ সদস্যসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ প্ৰতিনিধিৰ দলটোক নেতৃত্ব প্ৰদান কৰিছিল ইউ এছ আই এছ পি এফৰ অধ্যক্ষ জন চেম্বাৰে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধিৰ দলটোক ভাৰতৰ অৰ্থনীতিৰ ওপৰত প্ৰদৰ্শন কৰা আস্থাৰ বাবে ধন্যবাদ প্ৰদান কৰে৷ তেওঁ দেশত উদ্ভাসিত ষ্টাৰ্ট-আপৰ পৰিবেশ তন্ত্ৰ আৰু দেশৰ তৰুণ প্ৰজন্মৰ উদ্যমিতা ক্ষতিশংকা গ্ৰহণ কৰিব পৰা সামৰ্থৰ বিষয়ে উল্লেখ কৰে৷ এই ক্ষেত্ৰত চৰকাৰে অটল টিংকাৰিং লেবকে ধৰি উদ্ভাৱন প্ৰসাৰণৰ পদক্ষেপ হেকাথনৰ বিষয়েও আলোকপাত কৰে৷
প্ৰধানমন্ত্ৰীয়ে ঔদ্যোগিক কৰ হ্ৰাস আৰু শ্ৰম সংশোধন নীতি আদিৰ পদক্ষেপেৰে চৰকাৰে গ্ৰহণ কৰা ইজ অব্ ডুয়িং বিজনেছৰ নিশ্চিতিকৰণৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ চৰকাৰৰ ইজ অব্ লিভিঙৰ লক্ষ্যৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় ভাৰতৰ শক্তি তিনিটা প্ৰধান ‘ডি’ৰ ওপৰত নিৰ্ভৰ কৰে৷ সেয়া হ’ল- ডেম’ক্ৰেচী, ডেম’গ্ৰাফী আৰু ‘ডিমাগ (মগজু)’৷

প্ৰতিনিধিৰ দলটোৱে দেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ দুৰদৃষ্টিৰ ওপৰত নিজৰ আস্থা প্ৰকাশ কৰি কয় যে আগন্তুক পাঁচটা বৰ্ষত ভাৰতে বিশ্বৰ আগন্তুক পঁচিশটা বছৰ নিৰ্ধাৰণ কৰিব৷

ইউ এছ আই এছ পি এফৰ বিষয়ে

আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত কৌশলগত মিত্ৰ মঞ্চ (ইউ এছ আই এছ পি এফ) হ’ল এক মুনাফাবিহীন সংস্থা যিয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক আৰু কৌশলগত সহযোগিতাৰ জৰিয়তে অৰ্থনীতি, উদ্যমিতা, নিয়োজন-সৃষ্টি আৰু উদ্ভাৱনৰ উন্নতিৰ ওপৰত কাম কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small tickets but big shift in MF investing: How Gen Z is rewriting India’s investment playbook

Media Coverage

Small tickets but big shift in MF investing: How Gen Z is rewriting India’s investment playbook
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জানুৱাৰী 2026
January 06, 2026

Aatmanirbhar Accelerates: PM Modi’s Vision Delivering Infrastructure, Innovation and Inclusion