Share
 
Comments
#মনকী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে ড০ শ্ৰীশ্ৰীশ্ৰী শিৱকুমাৰ স্বামীগালুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ সজ শিক্ষাৰ কথা স্মৰণ কৰে
আমাৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি থকা প্ৰচেষ্টাৱলীৰ মই প্ৰশংসা কৰিছোঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
অহা লোকসভা নিৰ্বাচন হৈছে প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া একবিংশ শতিকাৰ ভোটাৰসকলে দেশৰ দায়িত্ব কান্ধ পাতি লোৱাৰ এক সুযোগঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
সুভাষ বাবুক সদায় এগৰাকী বীৰ যোদ্ধা আৰু দক্ষ সংগঠক হিচাপে সকলোৱে মনত ৰাখিবঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
বহু বছৰ ধৰি নেতাজীৰ ফাইলসমূহ ৰাজহুৱা কৰাৰ বাবে ৰাইজে দাবী কৰি আহিছিল আৰু আমি সেই দাবী পূৰণ কৰিবলৈ পাই মই সুখীঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
ৰেডিঅ’ৰ সৈতে নেতাজীৰ এক গভীৰ সম্পৰ্ক আছিল আৰু তেওঁ ইয়াক দেশবাসীৰ সৈতে যোগাযোগৰ এক মাধ্যম হিচাপে লৈছিলঃ #মন কী বাতৰ সময়ত আজাদ হিন্দৰ প্ৰসংগত এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে
আমি সকলোৱে জানো যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ এগৰাকী বিশিষ্ট লেখক তথা সংগীতজ্ঞ আছিল৷ তদুপৰি, গুৰুদেৱ এগৰাকী মহান চিত্ৰকৰো আছিল৷ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
#মন কী বাতঃ প্ৰধানমন্ত্ৰীয়ে সন্ত ৰবিদাসৰ মূল্যবান শিক্ষাক স্মৰণ কৰি কয় যে তেওঁ সদায় ‘শ্ৰম’ আৰু ‘শ্ৰমিক’ৰ গুৰুত্বৰ বিষয়ে শিক্ষা দিছিল
ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ প্ৰতি ড০ বিক্ৰম ছাৰাভাইৰ বৰঙণি অতুলনীয়ঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
দেশৰ স্বাধীনতাৰ পৰা ২০১৪চনলৈ যিমান মহাকাশ অভিযান চলোৱা হৈছে, বিগত চাৰি বছৰত সমান সংখ্যক মহাকাশ অভিযান হাতত লোৱা হৈছেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
চন্দ্ৰায়ন-২ অভিযানৰ জৰিয়তে ভাৰতে শীঘ্ৰে চন্দ্ৰত ইয়াত উপস্থিতি নিশ্চিত কৰিবঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
#মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰীঃ আমি চৰকাৰৰ উন্নত সেৱা প্ৰদান আৰু দায়বদ্ধতাৰ হকে মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰিছো
#মন কী বাতঃ আমাৰ উপগ্ৰহসমূহক বৰ্তমান দেশৰ শক্তি বৃদ্ধিৰ এক প্ৰতীক বুলি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
যিসকলে খেলে তেওঁলোক উজ্বলি উঠে; যেতিয়া এগৰাকী খেলুৱৈয়ে স্থানীয় পৰ্যায়ত ভাল প্ৰদৰ্শন কৰে, তেতিয়া তেওঁ বিশ্ব পৰ্যায়তো উজ্বলি উঠেঃ #মন কী বাতত প্ৰধানমন্ত্ৰী
ভাৰতবাসীৰ সহযোগত বৰ্তমান ভাৰতে ক্ষীপ্ৰগতিত এখন মুকলি স্থানত মলত্যাগমুক্ত দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে ধাবিত হৈছেঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
৫ লাখতকৈও অধিক গাওঁ আৰু ৬০০তকৈও অধিক জিলা বৰ্তমান মুকলি স্থানত মলত্যাগমুক্ত হিচাপে ঘোষণা কৰা হৈছে৷ ভাৰতৰ গ্ৰামাঞ্চলৰ ৯৮%ক অনাময়ে সামৰি লৈছেঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ এই মাহৰ ২১ তাৰিখে আমি এক শোকবাৰ্তা পালো৷ কৰ্ণাটকৰ টুমকুৰ জিলাৰ শ্ৰী সিদ্ধগংগা মঠৰ চিকিৎসক শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰজীয়ে দেহত্যাগ কৰিলে৷ শিৱকুমাৰ স্বামীজীয়ে নিজৰ সম্পূৰ্ণ জীৱন সমাজ সেৱাত সমৰ্পিত কৰিছিল৷ ভগৱান বাসৱেশ্বৰে আমাক শিকাইছে- ‘‘কায়কাৱে কৈলাশ’’- অৰ্থাৎ কঠিন পৰিশ্ৰমেৰে নিজৰ দায়িত্ব পালন কৰাটো ভগৱান শিৱৰ বাসস্থান কৈলাশ ধামলৈ যোৱাৰ সমান হয়৷ শিৱকুমাৰ স্বামীজীয়ে এই দৰ্শনৰ আধাৰতে নিজৰ ১১১ বৰ্ষীয় জীৱনকালত সহস্ৰাধিক লোকৰ সামাজিক, শৈক্ষিক আৰু আৰ্থিক উত্থানৰ বাবে কাম কৰিছিল৷ তেওঁৰ খ্যাতি এনে এক বিদ্বানৰ ৰূপত আছিল যাৰ ইংৰাজী, সংস্কৃত আৰু কন্নড় এই তিনিওটা ভাষাতে সমানে বুৎপত্তি আছিল৷ তেওঁ এজন সমাজ সংস্কাৰক আছিল৷ জনসাধাৰণতে যাতে ভোজন, আশ্ৰয়, শিক্ষা আৰু আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰে, তাৰবাবে তেওঁ সমগ্ৰ জীৱন প্ৰয়াস কৰিছিল৷ কৃষকসকলৰ সকলো দিশৰ পৰা যাতে কল্যাণ হয় এয়া স্বামীজীৰ জীৱনৰ প্ৰাথমিকতা আছিল৷ সিদ্ধগংগা মঠত নিয়মিতৰূপে পশু আৰু কৃষক মেলাৰ আয়োজন কৰিছিল৷ মই বহুবাৰ পৰম পূজনীয় স্বামীজীৰ আশীৰ্বাদন লাভ কৰাৰ সৌভাগ্য লাভ কৰিছো৷ ২০০৭ চনত শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ শতাব্দী বৰ্ষ উৎসৱ সমাৰোহলৈ আমাৰ ভুতপূৰ্ব ৰাষ্ট্ৰপতি ডঃ এ.পি.জে. আব্দুল কালাম গৈছিল৷ কালাম চাহাবে এই উপলক্ষে পূজ্য স্বামীজীৰ বাবে এটা কবিতা শুনাইছিল৷ তেওঁ কৈছিলঃ

“O my fellow citizens – In giving, you receive happiness,

In Body and Soul – You have everything to give.

If you have knowledge – share it

If you have resources – share them with the needy.

You, your mind and heart

To remove the pain of the suffering, And, cheer the sad hearts.

In giving, you receive happiness Almighty will bless, all your actions.”

ডঃ কালাম চাহাবৰ এই কবিতা শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজীৰ জীৱন আৰু সিদ্ধগংগা মঠৰ অভিযানক সুন্দৰভাৱে চিত্ৰায়িত কৰে৷ পুনৰবাৰ মই এই মহাপুৰুষলৈ মোৰ শ্ৰদ্ধা নিবেদিছো৷

মোৰ মৰমৰ দেশবাসীসকল৷ ২৬ জানুৱাৰী ১৯৫০ত আমাৰ দেশত সংবিধান প্ৰণয়ন হৈছিল আৰু সেইদিন ধৰি আমাৰ দেশত গণতন্ত্ৰ স্থাপিত হৈছে আৰু কালি আমি ধুমধামেৰে গণতন্ত্ৰ দিৱস পালন কৰিলো৷ কিন্তু আজি মই কেইটামান কথা ক’বলৈ বিচাৰিছো৷ আমাৰ দেশত এটা গুৰুত্বপূৰ্ণ সংস্থা আছে যি আমাৰ গণতন্ত্ৰৰ অভিন্ন অংগ হোৱাৰ লগতে আমাৰ গণতন্ত্ৰতকৈও প্ৰাচীন- মই ভাৰতৰ নিৰ্বাচন আয়োগৰ বিষয়ে কৈছো৷ ২৫ জানুৱাৰীত নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস আছিল৷ এই দিনটোক ‘ৰাষ্ট্ৰীয় ভোটদাতা দিৱস’ হিচাপে পালন কৰা হয়৷ ভাৰতত যি পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় সেয়া দেখি বিশ্বৰ অন্য প্ৰান্তৰ লোক আচৰিত হয়৷ আমাৰ নিৰ্বাচন আয়োগে যি দক্ষতাৰে ইয়াৰ আয়োজন কৰে সেয়া প্ৰত্যক্ষ কৰি প্ৰত্যেক দেশবাসীয়ে নিৰ্বাচন আয়োগক লৈ গৌৰৱ কৰাটো স্বাভাৱিক৷ আমাৰ দেশত এয়া সুনিশ্চিত কৰাৰ বাবে কোনো ক্ৰুটি ৰখা নহয় যে ভাৰতৰ প্ৰত্যেক নাগৰিক যি এক পঞ্জীকৃত ভোটদাতা- তেওঁ যাতে ভোটদান কৰাৰ অৱকাশ লাভ কৰিব পাৰে৷

যেতিয়া আমি শুনো যে হিমাচল প্ৰদেশত সমুদ্ৰপৃষ্ঠৰ পৰা ১৫,০০০ ফুট উচ্চতাত ভোটদান কেন্দ্ৰ স্থাপন কৰা হৈছে, আন্দামান নিকোবৰ দ্বীপপুঞ্জত দূৰণিত দ্বীপত ভোটিঙৰ ব্যৱস্থা কৰা হৈছে, আৰু আমাৰ গুজৰাটৰ বিষয়েতো আপোনালোকে নিশ্চয় শুনিছে যে গিৰ হাবিত, এক সুদূৰ ক্ষেত্ৰত এটা ভোটিং কেন্দ্ৰ স্থাপন কৰা হৈছে য’ত কেৱল এজন ভোটদাতা আছে৷ কল্পনা কৰক…কেৱল এজন ভোটদাতাৰ বাবে৷ যেতিয়া এই কথাবোৰ শুনো তেতিয়া নিৰ্বাচন আয়োগৰ ওপৰত গৌৰৱবোধ হোৱাটো স্বাভাৱিক৷ সেই এজন ভোটদাতাক গুৰুত্ব প্ৰদান কৰি, সেই ভোটদাতাই যাতে ভোটদান কৰিব পাৰে, ইয়াৰ বাবে নিৰ্বাচন আয়োগৰ কৰ্মচাৰীসকলৰ সম্পূৰ্ণ দল দূৰ-দুৰণিলৈ গৈ ভোটিঙৰ ব্যৱস্থা কৰে আৰু ইয়াতেই আমাৰ গণতন্ত্ৰৰ সৌন্দৰ্যতা প্ৰকাশ পায়৷

মই আমাৰ গণতন্ত্ৰক নিৰন্তৰভাৱে সৱলীকৰণ কৰাৰ প্ৰয়াসৰ বাবে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিছো৷ মই সকলো ৰাজ্যৰ নিৰ্বাচন আয়োগৰ সকলো সুৰক্ষা কৰ্মীক, অন্য সকলো কৰ্মচাৰীকো প্ৰশংসা কৰিছো যিসকলে এই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু স্বতন্ত্ৰ তথা নিৰপেক্ষ নিৰ্বাচন সুনিশ্চিত কৰে৷

এই বছৰত আমাৰ দেশত লোকসভাৰ নিৰ্বাচন হ’ব৷ এইবাৰ একবিংশ শতিকাত জন্ম হোৱা তৰুণ প্ৰজন্মই লোকসভাৰ নিৰ্বাচনত ভোটদান কৰিব৷ তেওঁলোকৰ বাবে দেশৰ দায়িত্ব নিজৰ কান্ধত লোৱাৰ সময় আহি পৰিছে৷ এতিয়া তেওঁলোকে দেশৰ নিৰ্ণয় প্ৰক্ৰিয়াৰ অংশীদাৰ হ’ব৷ নিজৰ সপোন, দেশৰ সপোনৰ সৈতে সংবদ্ধ হোৱাৰ সময় আহি পৰিছে৷ মই যুৱ প্ৰজন্মক আহ্বান জনাব খুজিছো যে যদি তেওঁলোক ভোটদানৰ বাবে যোগ্য হৈছে তেন্তে নিশ্চয়কৈ ভোটদাতাৰ ৰূপত পঞ্জীয়ন কৰক৷ আমি প্ৰত্যেকেই এয়া অনুধাৱন কৰিব লাগে যে দেশত ভোটাদন কৰা, ভোটৰ অধিকাৰ লাভ কৰা, এয়া জীৱনৰ গুৰুত্বপূৰ্ণ উপলব্ধিসমূহৰ মাজৰ এটা৷ ইয়াৰ লগতে ভোটদান কৰা মোৰ এক কৰ্তব্য- এই ভাব আমাৰ অন্তৰ্ভাগত থাকিব লাগে৷ জীৱনত যদি কেতিয়াবা ভোটদান কৰিবলৈ নাপায় তেন্তে তেওঁ পীড়া অনুভৱ কৰিব লাগে৷ কেতিয়াবা ক’ৰবাত দেশত বেয়া কাম হ’লে দুখ অনুভৱ কৰিব লাগে৷ হয়! মই ভোট দিয়া নাছিলো, সেইদিনা মই ভোট দিবলৈ যোৱা নাছিলো- ইয়াৰ ফল আজি দেশে ভোগ কৰিছে৷ আমি এই দায়িত্ব অনুভৱ কৰিব লাগে৷ এয়া আমাৰ বৃত্তি, এয়া আমাৰ প্ৰবৃত্তি হ’ব লাগে৷ এয়া আমাৰ সংস্কাৰ হ’ব লাগে৷ মই দেশৰ খ্যাতিমান লোকসকলক আহ্বান জনাইছো যে আমি সকলোৱে লগ হৈ ভোটাৰ পঞ্জীয়নেই হওক অথবা ভোটদানৰ দিনা ভোট প্ৰদানেই হওক, এই সন্দৰ্ভত অভিযানৰ দ্বাৰা জনসাধাৰণক সজাগ কৰিব লাগে৷ মই আশা কৰিছো যে বৃহৎ সংখ্যাত তৰুণ প্ৰজন্মই ভোটদানৰ বাবে পঞ্জীকৃত হ’ব আৰু নিজৰ অংশগ্ৰহণৰ দ্বাৰা আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব৷

মোৰ মৰমৰ দেশবাসীসকল, ভাৰতৰ এই মহান ভূমিত বহু মহাপুৰুষে জন্ম লৈছে আৰু সেই মহাপুৰুষসকলে মানৱতাৰ বাবে অদ্ভুত, অবিস্মৰণীয় কাৰ্য কৰিছে৷ আমাৰ দেশ বহুৰত্না-বসুন্ধৰা৷ এনে এজন মহাপুৰুষ আছিল নেতাজী সুভাষ চন্দ্ৰ বসু৷ ২৩ জানুৱাৰী তাৰিখে সমগ্ৰ দেশে বিভিন্ন ধৰণে তেওঁৰ জন্ম জয়ন্তী পালন কৰিলে৷ নেতাজীৰ জন্ম জয়ন্তীত মই ভাৰতৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰা বীৰসকলৰ উদ্দেশ্যে সমৰ্পিত এক সংগ্ৰহালয় মুকলি কৰাৰ সৌভাগ্য লাভ কৰিলো৷ আপোনালোকে জানে যে লালকিল্লাৰ ভিতৰত স্বাধীনতাৰ পিছত এনেকুৱা বহু কোঠালি, ভৱন বন্ধ হৈ আছিল৷ সেই বন্ধ লালকিল্লাৰ কোঠালিসমূহক সুন্দৰ সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰা হৈছে৷ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ইণ্ডিয়ান নেচনেল আৰ্মীৰ প্ৰতি সমৰ্পিত সংগ্ৰহালয়; ‘য়াদ-এ-জলিয়া’; আৰু ১৮৫৭- ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধৰ প্ৰতি সমৰ্পিত সংগ্ৰহালয় আৰু এই সম্পূৰ্ণ পৰিসৰক ‘ক্ৰান্তি মন্দিৰ’ৰ ৰূপত দেশক সমৰ্পণ কৰা হৈছে৷ এই সংগ্ৰহালয়ৰ এটা এটা ইটাত আমাৰ গৌৰৱশালী ইতিহাসৰ সুগন্ধ বিয়পিছে৷ সংগ্ৰহালয়ৰ প্ৰতিটো কোণত আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলৰ গাঁথা স্মৰণ কৰা কথাই আমাক ইতিহাসৰ ভিতৰলৈ যোৱাৰ বাবে প্ৰেৰণা দিয়ে৷ এই স্থানতেই ভাৰত মাতাৰ বীৰ সন্তান- কৰ্ণেল প্ৰেম চেহগল, কৰ্ণেল গুৰবক্স সিং ঢিল্লো আৰু মেজৰ জেনেৰেন শাহনবাজ খাঁৰ ওপৰত ইংৰাজ শাসনবৰ্গই মোকৰ্দমা জাৰি কৰিছিল৷

যেতিয়া মই লালকিল্লাৰ ক্ৰান্তি মন্দিৰত নেতাজীৰ সৈতে জড়িত সোঁৱৰণসমূহ দৰ্শন কৰি আছিলো তেতিয়া মোক নেতাজীৰ পৰিয়ালৰ সদস্যই এটা বিশেষ টুপী উপহাৰ দিলে৷ নেতাজীয়ে এসময়ত সেই টুপীটো পৰিধান কৰিছিল৷ মই সেই টুপীটো সংগ্ৰহালয়তেই ৰখাৰ ব্যৱস্থা কৰিলো৷ ইয়াৰ দ্বাৰা তালৈ অহা লোকে সেই টুপীটো পৰিধান কৰি দেশভক্তিৰ প্ৰেৰণা লাভ কৰিব পাৰিব৷ দৰাচলতে আমাৰ নায়কসকলৰ শৌৰ্য আৰু দেশভক্তিক নতুন প্ৰজন্মলৈ বিশেষ বিশেধ ধৰণে নিৰন্তৰে প্ৰদান কৰাটো প্ৰয়োজন৷ যোৱা মাহৰ ৩০ ডিচেম্বৰ তাৰিখে মই আন্দামান আৰু নিকোবৰলৈ গৈছিলো৷ এটা কাৰ্যসূচীত ঠিক সেই স্থানতে ত্ৰিৰংগা উত্তোলন কৰা হ’ল য’ত নেতাজী সুভাষ বসুৱে ৭৫ বছৰ পূৰ্বে ত্ৰিৰংগা উৰুৱাইছিল৷ এইদৰে ২০১৮ চনৰ অক্টোবৰ মাহত যেতিয়া মই লালকিল্লাত ত্ৰিৰংগা উৰুৱালো তেতিয়া সকলো আচৰিত হ’ল৷ কিয়নো তাত ১৫ আগষ্টৰ দিনাহে পতাকা উৰুওৱাৰ পৰম্পৰা আছে৷ কিন্তু সিদিনা আজাদ হিন্দ চৰকাৰ গঠনৰ ৭৫ বৰ্ষ সমাপ্ত হোৱাৰ দিন আছিল৷

সুভাষ বাবুক সদায়েই এজন বীৰ সৈনিক আৰু কুশলী সংগঠনকৰ্তাৰ ৰূপত স্মৰণ কৰা হ’ব৷ এনেকুৱা এজন বীৰ যি স্বাধীনতাৰ যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ‘‘দিল্লী চলো’’, ‘‘তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম’’ আদিৰ দৰে তেজস্বী ধ্বনিৰে নেতাজীয়ে সকলো ভাৰতীয়ৰ হৃদয়ত স্থান অধিকাৰ কৰিছিল৷ বহু বছৰলৈ এই দাবী উত্থাপন হৈ আছিল যে নেতাজীৰ সৈতে জড়িত ফাইলসমূহ সাৰ্বজনিক কৰা হওক আৰু মই সুখী যে এই কাম আমি কৰিব পাৰিলো৷ মোৰ সেই দিনটো মনত আছে যেতিয়া নেতাজীৰ পৰিয়ালৰ সকলো সদস্য প্ৰধানমন্ত্ৰী ভৱনলৈ আহিছিল৷ আমি নেতাজীৰ সৈতে জড়িত বহু কথা পাতিছিলো আৰু নেতাজী সুভাষ বসুক শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিছিলো৷

মই সুখী কিয়নো ভাৰতৰ মহান নায়কসকলৰ সৈতে জড়িত বহু স্থানক দিল্লীত বিকশিত কৰাৰ প্ৰয়াস কৰা হৈছে৷ সেয়া লাগিলে বাবা চাহেব আম্বেদকাৰৰ সৈতে জড়িত ২৬, আলীপুৰ পথেই হওক অথবা চৰ্দাৰ পেটেল সংগ্ৰহালয়েই হওক অথবা ক্ৰান্তি মন্দিৰেই হওক৷ যদি আপুনি দিল্লীলৈ আহে তেতিয়াই সেই স্থানসমূহ যাতে নিশ্চয়কৈ দৰ্শন কৰে৷

মোৰ মৰহমৰ দেশবাসীসকল, আজি যেতিয়া মই নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে চৰ্চা কৰি আছো, আৰু সেয়াও ‘মন কী বাত’ত৷ মই আপোনালোকৰ সৈতে নেতাজীৰ জীৱনৰ সৈতে জড়িত এটা কাহিনী শুনাব বিচাৰিছো৷ মই জনসাধাৰণৰ সৈতে জড়িত হোৱাৰ বাবে ৰেডিঅ’ক এক বৃহৎ মাধ্যম হিচাপে গণ্য কৰি আহিছো৷ ঠিক সেইদৰে নেতাজীৰো ৰেডিঅ’ৰ সৈতে গভীৰ সম্পৰ্ক আছিল আৰু তেওঁও দেশবাসীক সম্বোধন কৰিবলৈ ৰেডিঅ’ক বাচনি কৰিছিল৷

১৯৪২ চনত সুভাষ বাবুয়ে আজাদ হিন্দ ৰেডিঅ’ৰ শুভাৰম্ভ কৰিছিল আৰু ৰেডিঅ’ৰ মাধ্যমেৰে ‘আজাদ হিন্দ ফৌজ’ৰ সৈন্যৰ দ্বাৰা দেশৰ জনতাক সম্বোধন কৰিছিল৷ সুভাষ বাবুয়ে ৰেডিঅ’ত এক ভিন্ন ধৰণতে কথা-বাৰ্তা আৰম্ভ কৰিছিল৷ তেওঁ সম্বোধন কৰাৰ পূৰ্বে কৈছিল- This is Subhash Chandra Bose speaking to you over the Azad Hind Radio আৰু এয়া শুনিয়েই শ্ৰোতাসকলৰ মনত এক নতুন উদ্দীপনা, আশাৰ সঞ্চাৰ হৈছিল৷

মোক কোৱা হৈছে যে এই ৰেডিঅ’ ষ্টেচনত সাপ্তাহিক বাতৰিও প্ৰচাৰিত হৈছিল য’ত ইংৰাজী, হিন্দী, তামিল, বাংলা, মাৰাঠী, পঞ্জাৱী, উৰ্দু আদি ভাষা ব্যৱহৃত হৈছিল৷ এই ৰেডিঅ’ ষ্টেচনৰ সঞ্চালনত গুজৰাটৰ এম.আৰ.ব্যাসজীয়ে বৃহৎ ভূমিকা পালন কৰিছিল৷ আজাদ হিন্দ ৰেডিঅ’ত প্ৰচাৰিত হোৱা কাৰ্যসূচী জনসাধাৰণৰ মাজত অতিশয় জনপ্ৰিয় হৈছিল আৰু সেই কাৰ্যসূচীৰ দ্বাৰা আমাৰ স্বাধীনতা সংগ্ৰামৰ যোদ্ধাসকলে যথেষ্ট প্ৰেৰণা পাইছিল৷

এই ক্ৰান্তি মন্দিৰত এক দৃশ্যকলা সংগ্ৰহালয়ো নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় কলা আৰু সংস্কৃতিক অতিশয় আকৰ্ষণীয় ধৰণে দেখুওৱাৰ প্ৰয়াস কৰা হৈছে৷ সংগ্ৰহালয়ত ৪টা ঐতিহাসিক প্ৰদৰ্শনী আছে আৰু তাত তিনিটা শতিকা পুৰণি ৪৫০তকৈও অধিক চিত্ৰকলা আৰু শিল্পকৰ্ম অন্তৰ্ভুক্ত কৰা হৈছে৷ সংগ্ৰহালয়ত অমৃতা শ্বেৰগিল, ৰাজা ৰবি বৰ্মা, অৱনীন্দ্ৰ নাথ ঠাকুৰ, গগনেন্দ্ৰ নাথ ঠাকুৰ, নন্দলাল বসু, যামিনী ৰায়, শৈলজা মুখাৰ্জীৰ দৰে মহান কলাকাৰসকলৰ উৎকৃষ্ট কৰ্মসমূহক সুন্দৰকৈ প্ৰদৰ্শন কৰা হৈছে৷ আৰু মই আপোনালোকক বিশেষভাৱে আহ্বান কৰিম যে আপোনালোক তালৈ যাওক আৰু গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰো কৰ্মসমূহ নিশ্চয়কৈ চাওক৷

এতিয়া হয়তো আপোনালোকে ভাবিছে যে ইয়াত কলাৰ কথা কোৱা হৈছে আৰু মই আপোনালোকক গুৰুদেৱ ঠাকুৰৰ উৎকৃষ্ট কৰ্মসমূহ প্ৰত্যক্ষ কৰাৰ কথা কৈ আছোঁ৷ আপোনালোকে এই পৰ্যন্ত গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক এক লেখক আৰু সংগীতকাৰ হিচাপে জানিছিল৷ কিন্তু মই ক’ব বিচাৰিছো যে গুৰুদেৱ এজন চিত্ৰকাৰো আছিল৷ তেওঁ বহু বিষয়ত চিত্ৰ নিৰ্মাণ কৰিছিল৷ তেওঁ পশু-পক্ষীৰো চিত্ৰ আঁকিছিল, তেওঁ বিভিন্ন প্ৰাকৃতিক দৃশ্যও আঁকিছিল আৰু এয়াই নহয়, তেওঁ মানৱ চৰিত্ৰকো কলাৰ মাধ্যমেৰে কেনভাছত অংকন কৰিছিল৷ গুৰুত্বপূৰ্ণ কথা এয়েই যে গুৰুদেৱ ঠাকুৰে নিজৰ অধিকাংশ কৰ্মৰে নাম দিয়া নাছিল৷ তেওঁ ভাবিছিল যে তেওঁৰ চিত্ৰ প্ৰত্যক্ষ কৰা ব্যক্তিয়ে নিজেই এই চিত্ৰ বুজি পাওক, চিত্ৰৰ দ্বাৰা প্ৰদৰ্শিত বাৰ্তা নিজৰ দৃষ্টিৰে উপলব্ধি কৰক৷ তেওঁৰ চিত্ৰকলাসমূহ ইউৰোপীয় দেশ, ৰাছিয়া, আমেৰিকা আদিত প্ৰদৰ্শিত কৰা হৈছে৷

মোৰ এয়াই আশা যে আপোনালোকে ক্ৰান্তি মন্দিৰত তেওঁৰ সেই চিত্ৰকলা নিশ্চয়কৈ প্ৰত্যক্ষ কৰক৷

মোৰ মৰমৰ দেশবাসীসকল, ভাৰত সন্তৰ ভূমি৷ আমাৰ সন্তসকলে নিজৰ চিন্তাধাৰা আৰু কৰ্মৰ মাধ্যমেৰে সদ্ভাৱ, সমতা আৰু সামাজিক সৱলীকৰণৰ বাৰ্তা প্ৰদান কৰিছে৷ এনেকুৱা এজন সন্ত আছিল- সন্ত ৰবিদাস৷ ১৯ ফেব্ৰুৱাৰীত সন্ত ৰবিদাসৰ জয়ন্তী৷ সন্ত ৰবিদাসৰ দোহা অতিশয় জনপ্ৰিয়৷ সন্ত ৰবিদাসে কিছুমান দোহাৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছিল৷ তেওঁ কৈছিল-

“জাতি-জাতি মে জাতি হে,

জো কেতন কে পাত,

ৰেইদাস মনুষ না জুড় সকে

জব তক জাতি ন জাত”

যিদৰে কলগছৰ বাকলি এৰালে পাতৰ তলত আৰু পাত আৰু শেষত একো পোৱা নাযায়, কিন্তু সমগ্ৰ গছডালেই শেষ হৈ যায়, ঠিক সেইদৰে মানুহকো জাতিৰ ভিত্তিত ভাগ কৰা হৈছে আৰু মানুহেই নোহোৱা হৈ গৈছে৷ তেওঁ কৈছিল যে যদি বাস্তৱত ভগৱান প্ৰতিজন মানুহৰ অন্তৰত আছে তেন্তে তেওঁক জাতি, পন্থ আৰু অন্য সামাজিক আধাৰত বিভক্ত কৰা উচিত নহয়৷

গুৰু ৰবিদাসৰ জন্ম বাৰাণসীৰ পবিত্ৰ ভূমিত হৈছিল৷ সন্ত ৰবিদাসে নিজৰ বাৰ্তাৰ মাধ্যমেৰে সমগ্ৰ জীৱনকালত শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব বুজোৱাৰ বাবে প্ৰয়াস কৰিছিল৷ এয়া ক’লে ভুল নহ’ব যে তেওঁ বিশ্বক শ্ৰমৰ প্ৰতিষ্ঠাৰ বাস্তৱিক অৰ্থ প্ৰদান কৰিছিল৷ তেওঁ কৈছিল-

‘‘মন চংগা তো কঠোতি মে গংগা’’

অৰ্থাৎ যদি আপোনাৰ মন আৰু হৃদয় পবিত্ৰ তেন্তে স্বয়ং ঈশ্বৰে আপোনাৰ হৃদয়ত বাস কৰে৷ সন্ত ৰবিদাসৰ বাৰ্তাই সকলো বৰ্গৰ লোককে প্ৰভাৱিত কৰিছে৷ চিতোড়ৰ মহাৰাজা অথবা মহাৰাণী, মীৰাবাই, এওঁলোক সকলো তেওঁৰ অনুগামী আছিল৷
মই পুনৰ বাৰ সন্ত ৰবিদাসক প্ৰণাম জনাইছো৷

মোৰ মৰমৰ দেশবাসীসকল, কিৰণ সিদৰে মাইগভত লিখিছে মই ভাৰতৰ মহাকাশ কাৰ্যসূচী আৰু ইয়াৰ ভৱিষ্যতৰ সৈতে জড়িত পদক্ষেপসমূহক যাতে গুৰুত্ব দিওঁ৷ তেওঁ মোৰ পৰা এয়াও বিচাৰিছে যে বিদ্যাৰ্থীসকলক যাতে মহাকাশ কাৰ্যসূচীত আগ্ৰহ প্ৰকাশ কৰি আকাশতকৈও আগলৈ যোৱাৰ বাবে আহ্বান কৰো- কিৰণজী, মই আপোনাৰ এই বিচাৰ আৰু বিশেষকৈ আমাৰ ল’ৰা-ছোৱালীসকলক বাবে প্ৰদান কৰা বাৰ্তাক প্ৰশংসা কৰিছো৷

কিছুদিন পূৰ্বে মই আহমেদাবাদত আছিলো৷ তাত ডঃ বিক্ৰম সাৰাভাইৰ প্ৰতিমা অনাৱৰণ কৰাৰ মই সৌভাগ্য লাভ কৰিছিলো৷ ডঃ বিক্ৰম সাৰাভাইয়ে ভাৰতৰ মহাকাশ কাৰ্যসূচীত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ আমাৰ মহাকাশ কাৰ্যসূতীত দেশৰ অসংখ্য যুৱ বৈজ্ঞানিকৰো অৱদান আছে৷ মই গৰ্ব কৰো যে আজি আমাৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা উপগ্ৰহণ আৰু ছাউণ্ডিং ৰকেট মহাকাশলৈ উৎক্ষেপণ কৰা হৈছে৷ ২৪ জানুৱাৰীত আমাৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা ‘কালাম-ছেট’ উৎক্ষেপণ কৰা হৈছে৷ দেশত স্বাধীনতাৰ সময়ৰ পৰা ২০১৪ চনলৈ যিমানবোৰ মহাকাশ অভিযান কৰা হৈছে, প্ৰায় সিমান সংখ্যক অভিযানেই বিগত চাৰিটা বৰ্ষত কৰা হৈছে৷ আমি এখন মহাকাশযানতেই ১০৪টা উপগ্ৰহ উৎক্ষেপণ কৰি বিশ্ব অভিলেখৰ সৃষ্টি কৰিছিলো৷ অতি শীঘ্ৰেই চন্দ্ৰযান-২ৰ অভিযানৰ মাধ্যমৰ জৰিয়তে চন্দ্ৰতো ভাৰতৰ উপস্থিতি নিশ্চিত কৰিম৷

আমাৰ দেশ মহাকাশ প্ৰযুক্তিৰ উপযোগিতা জনসাধাৰণৰ ৰক্ষাতো ব্যৱহাৰ কৰা হৈছে৷ সেয়া লাগিলে চাইক্লনেই হওক, ৰে’ল অথবা পথ সুৰক্ষাই হওক, এই সকলোতে মহাকাশ প্ৰযুক্তিৰ দ্বাৰা যথেষ্ট লাভ হৈছে৷ আমাৰ মাছমৰীয়া ভাইসকলক নাবিক ডিভাইচ প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ সুৰক্ষাৰ সৈতে আৰ্থিক উন্নতিতো সহায়ক হৈছে৷ আমি মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ চৰকাৰী সেৱাসমূহৰ ডেলিভাৰী আৰু হিচাপসমূহ উন্নত কৰাৰ বাবেও কৰিছো৷ ‘‘হাউচিং ফৰ অল’’ অৰ্থাৎ ‘‘সকলোৰে বাবে গৃহ’’- এই যোজনাত ২৩খন ৰাজ্যৰ প্ৰায় ৪০ লাখ গৃহক জিঅ’-টেগ কৰা হৈছে৷ ইয়াৰ সৈতে মনৰেগাৰ অধীনত প্ৰায় চাৰে তিনি কোটি সম্পত্তিকো জিঅ’-টেগ কৰা হৈছে৷ আমাৰ উপগ্ৰহ আজিৰ দেশৰ বৰ্ধিত শক্তি হিচাপে পৰিচিত হৈছে৷ বিশ্বৰ বিভিন্ন দেশৰ সৈতে আমাৰ উন্নত সম্বন্ধত ইয়াৰ বৃহৎ অৱদান আছে৷ দক্ষিণ এছিয়া উপগ্ৰহ এক এনেকুৱা পদক্ষেপ যিয়ে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বিকাশতো সহায় কৰিছে৷ আমাৰ উন্নত কম্পিটিটিভ লঞ্চ ছাৰ্ভিচৰ অধীনত ভাৰতে আজি কেৱল উন্নত দেশৰেই নহয়, উন্নয়নশীল দেশৰো উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ ধৰিছে৷ সৰু লৰা-ছোৱালীৰ বাবে আকাশ আৰু তৰা সদায়েই আকৰ্ষণৰ বস্তু৷ আমাৰ মহাকাশ কাৰ্যসূচীয়ে ল’ৰা-ছোৱালীবোৰত ডাঙৰ চিন্তা কৰিবলৈ আৰু সেই সীমাৰ ঊৰ্ধলৈ যাবলৈ অৱকাশ প্ৰদান কৰে৷ ই আমাৰ ল’ৰা-ছোৱালীসকলৰ বাবে তৰাবোৰ চোৱাৰ উপৰিও নতুন নতুন তৰা সন্ধান কৰাৰ বাবে প্ৰেৰণা দিয়ে৷

মোৰ মৰমৰ দেশবাসীসকল, মই সদায়েই কওঁ, যিয়ে খেলে সিয়েই প্ৰস্ফুটিত হয় আৰু এইবাৰ ‘খেলো ইণ্ডিয়া’ত বৃহৎ সংখ্যক তৰুণ খেলুৱৈৰ অভিষেক ঘটিছে৷ জানুৱাৰী মাহত পুণেত ‘খেলো ইণ্ডিয়া’ত ইয়ুথ গেমছৰ ১৮টা খেলত প্ৰায় ৬,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ আমাৰ ক্ৰীড়াৰ স্থানীয় পৰিবেশতন্ত্ৰ যেতিয়াই শক্তিশালী হ’ব অৰ্থাৎ আমাৰ ভেঁটি যেতিয়াই সুদৃঢ় হ’ব তেতিয়াই আমাৰ তৰুণসকলে দেশ আৰু বিশ্বত নিজৰ ক্ষমতাৰ উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব৷ যেতিয়াই স্থানীয় পৰ্যায়ত খেলুৱৈসকলে উত্তম প্ৰদৰ্শন কৰিব তেতিয়াই বিশ্বজনীন পৰ্যায়তো উন্নত প্ৰদৰ্শন হ’ব৷ এইবাৰ ‘খেলো ইণ্ডিয়া’ত প্ৰতিখন ৰাজ্যৰ খেলুৱৈয়ে নিজৰ নিজৰ পৰ্যায়ত উন্নত প্ৰদৰ্শন কৰিছে৷ মেডেল বিজয়ী বহু খেলুৱৈৰ জীৱন কাহিনীয়ে সাংঘাটিক প্ৰেৰণা দিয়ে৷

মল্লযুঁজত যুৱ খেলুৱৈ আকাশ গোৰ্খাই ৰূপৰ পদক জয় কৰিছে৷ মই পঢ়িবলৈ পাইছিলো, আকাশৰ পিতৃ ৰমেশজীয়ে পুণেৰ এক কমপ্লেক্সত চকীদাৰৰ কাম কৰে৷ তেওঁ নিজৰ পৰিয়ালৰ সৈতে এক পাৰ্কিং স্থানত বাস কৰিছিল৷ মহাৰাষ্ট্ৰৰ ২১-অনুৰ্ধ মহিলা কাবাডী দলৰ কেপ্টেইন সোণালী হেলৱী সতাৰাত থাকে৷ তেওঁ অতি কম বয়সতেই পিতৃক হেৰুৱাইছিল আৰু তেওঁৰ মাতৃ তথা ভাতৃয়ে সোণালীৰ এই প্ৰতিভাক উৎসাহিত কৰিছিল৷ প্ৰায়েই দেখা যায় যে কাবাডীৰ দৰে খেলসমূহত কন্যা সন্তানসকলক অধিক উৎসাহ প্ৰদান কৰা নহয়৷ ইয়াৰ পিছতো সোণালীয়ে কাবাডীক বাচনি কৰিছিল আৰু উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল৷ আচনচোলৰ ১০ বছৰীয়া অভিনৱ শ্ব’য়ে ‘খেলো ইণ্ডিয়া ইয়ুথ গেমছ’ত আটাইতকৈ কম বয়সতে সোণৰ পদক জয় কৰিছে৷ কৰ্ণাটকৰ কৃষক কন্যা অক্ষতা বাসৱানী কামতে ভাৰাত্তোলনত সোণৰ পদক জয় কৰিছে৷ তেওঁ নিজৰ জয় পিতৃলৈ উচৰ্গা কৰিছে৷ তেওঁ পিতৃ বেলগামৰ এজন কৃষক৷ যেতিয়া মই ভাৰত নিৰ্মাণৰ কথা কওঁ, দৰাচলতে সেয়া যুৱশক্তিৰ সংকল্পৰ নতুন ভাৰতৰ কথা কওঁ৷ ‘খেলো ইণ্ডিয়া’ৰ এই কাহিনীসমূহে নতুন ভাৰতৰ নিৰ্মাণত কেৱল ডাঙৰ চহৰসমূহৰ জনসাধাৰণৰ অৱদানেই নহয়, সৰু চহৰৰ, গাঁৱৰ পৰা অহা যুৱপ্ৰজন্ম, ল’ৰা-ছোৱালী, যুৱ ক্ৰীড়া প্ৰতিভা, তেওঁলোকৰো যোগদান আছে বুলি প্ৰদৰ্শিত কৰে৷

মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে বহুতো জনপ্ৰিয় সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ বিষয়ে শুনিছে৷ কিন্তু টয়লেট চমকোৱাৰ প্ৰতিযোগিতাৰ বিষয়ে শুনিছে নে? যোৱা প্ৰায় এমাহৰ পৰা এই আচৰিত প্ৰতিযোগিতা ৫০লাখতকৈও অধিক শৌচালয়ে অংশগ্ৰহণ কৰিছে৷ এই আচৰিত প্ৰতিযোগিতাৰ নাম হ’ল ‘‘স্বচ্ছ সুন্দৰ শৌচালয়’’৷ জনসাধাৰণে নিজৰ শৌচালয় স্বচ্ছ কৰাৰ উপৰিও চিত্ৰ অংকন কৰি সুন্দৰ কৰি তুলিচে৷ আপোনালোকে কাশ্মীৰৰ পৰা কন্যাকুমাৰলৈ, কচ্ছৰ পৰা কামৰূপলৈ ‘‘স্বচ্ছ সুন্দৰ শৌচালয়’’ৰ অলেখ চিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰত্যক্ষ কৰিব পাৰিব৷ মই সকলো পঞ্চায়ত আৰু গাঁওবুঢ়াক এই অভিযানৰ নেতৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছো৷ নিজৰ ‘‘স্বচ্ছ সুন্দৰ শৌচালয়’’ৰ আলোকচিত্ৰ #মাইইজ্জতঘৰৰ সৈতে ছ’চিয়েল মিডিয়াত নিশ্চয়কৈ বিনিময় কৰক৷

বন্ধুসকল, ২ অক্টোবৰ ২০১৪ চনত আমি দেশক স্বচ্ছ কৰি তুলিবলৈ আৰু মুক্ত স্থানত কৰা মলত্যাগৰ পৰা মুক্ত কৰিবলৈ একত্ৰিতভাৱে চিৰস্মৰণীয় যাত্ৰাৰ সূচনা কৰিছিলো৷ ভাৰতৰ জনসাধাৰণৰ সহযোগত আজি ভাৰত ২ অক্টোবৰ ২০১৯ চনৰ বহু পূৰ্বেই মুক্ত স্থানত মলত্যাগ কৰাৰ পৰা মুক্ত হোৱাৰ দিশত অগ্ৰসৰ হৈছে যাতে বাপুক তেওঁৰ ১৫০তম জয়ন্তীত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিব পাৰি৷

স্বচ্ছ ভাৰতৰ এই চিৰস্মৰণীয় যাত্ৰাত ‘মন কী বাত’ৰ শ্ৰোতাসকলৰো বৃহৎ অৱদান আছে আৰু সেইবাবে আপোনালোকৰ সৈতে এয়া বিনিময় কৰি সুখী অনুভৱ কৰিছো যে পাঁচ লাখ পঞ্চাশ হাজাৰতকৈও অধিক গাঁও আৰু ৬০০ জিলাই নিজকে মুক্ত স্থানত মলত্যাগ মুক্ত স্থান বুলি ঘোষণা কৰিছে আৰু গ্ৰামীণ ভাৰতত স্বচ্ছতা ব্যাপ্তি ৯৮% অতিক্ৰম কৰিছে৷ প্ৰায় ৯ কোটি পৰিয়ালক শৌচালয়ৰ সুবিধা উপলব্ধ কৰোৱা হৈছে৷

মোৰ সৰু সৰু বন্ধুসকল, পৰীক্ষাৰ দিন সমাগত৷ হিমাচল প্ৰদেশৰ অংশুল শৰ্মাই মাইগভত লিখিছে যে মই পৰীক্ষা আৰু এগজাম ৱাৰিয়ৰ্ছৰ সন্দৰ্ভত কথা ক’ব লাগে৷ অংশুলজী, এই বিষয় উত্থাপন কৰাৰ বাবে আপোনাক ধন্যবাদ৷ বহু পৰিয়ালৰ বাবে বছৰৰ প্ৰথম আৰম্ভণি পৰীক্ষাৰ ঋতুৰ পৰাই আৰম্ভ হয়৷ বিদ্যাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি শিক্ষকলৈ সকলো লোক পৰীক্ষাৰ সৈতে জড়িত হৈ পৰে৷

মই সকলো বিদ্যাৰ্থী, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলক শুভকামনা জনাইছো৷ মই এই বিষয়ত আজিৰ ‘মন কী বাত’ৰ এই কাৰ্যসূচীত চৰ্চা কৰিবলৈ নিশ্চয় বিচাৰিম৷ কিন্তু আপোনালোকে জানি সুখী হ’ব যে ২৯ জানুৱাৰীৰ ৰাতিপুৱা ১১ বজাত ‘‘পৰীক্ষা পে চৰ্চা’’ শীৰ্ষক কাৰ্যসূচীত মই দেশৰ সমগ্ৰ বিদ্যাৰ্থীসকলৰ সৈতে কথা পাতিম৷ এই বাৰ শিক্ষাৰ্থীৰ সৈতে অভিভাৱক আৰু শিক্ষকসকলেও এই কাৰ্যসূচীৰ অংশীদাৰ হ’ব৷ আৰু এইবাৰ বিভিন্ন দেশৰ শিক্ষাৰ্থীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ এই ‘পৰীক্ষা পে চৰ্চা’ত পৰীক্ষাৰ সৈতে জড়িত সকলো পদক্ষেপ, বিশেষ ৰূপত উদ্বিগ্নমুক্ত পৰীক্ষা সন্দৰ্ভত আমাৰ যুৱ মিত্ৰসকলৰ সৈতে বহু কথা পাতিম৷ মই ইয়াৰ বাবে জনতাক ইনপুট আৰু চিন্তাধাৰা প্ৰদান কৰাৰ বাবে আহ্বান জনাইছিলো; আৰু মই সুখী যে মাইগভত বৃহৎ সংখ্যক লোকে নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিছে৷ ইয়াৰে কিছুমান চিন্তাধাৰা আৰু প্ৰস্তাৱক মই নিশ্চিতভাৱে টাউন হ’লৰ কাৰ্যসূচীৰ সময়ত আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিম৷ আপোনালোক নিশ্চয় এই কাৰ্যসূচীৰ অংশীদাৰ হওক…ছ’চিয়েল মিডিয়া তথা নমো এপৰ জৰিয়তে আপোনালোকে ইয়াৰ লাইভ সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিব পাৰিব৷

মোৰ মৰমৰ দেশবাসীসকল৷ ৩০ জানুৱাৰীত পূজ্য বাপুৰ পুণ্যতিথি৷ ১১ বজাত সমগ্ৰ দেশে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ আমিও য’তেও থাকো তাৰে পৰাই দুই মিনিটৰ বাবে শ্বহীদসকল নিশ্চিয় শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিম৷ পূজ্য বাপুক স্মৰণ কৰক আৰু তেওঁৰ সপোনক বাস্তৱায়িত কৰি নতুন ভাৰত নিৰ্মাণ তথা নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন- এই সংকল্পৰ সৈতে আহক আমি আগবাঢ়োঁ৷ ২০১৯ চনৰ এই যাত্ৰাক সফলতাৰে আগুৱাই লৈ যাও৷ আপোনালোক সকলোলৈ অশেষ শুভকামনা থাকিল, বহুত বহুত ধন্যবাদ৷

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
India creates history, vaccinates five times more than the entire population of New Zealand in just one day

Media Coverage

India creates history, vaccinates five times more than the entire population of New Zealand in just one day
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives due to drowning in Latehar district, Jharkhand
September 18, 2021
Share
 
Comments

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to drowning in Latehar district, Jharkhand. 

The Prime Minister Office tweeted;

"Shocked by the loss of young lives due to drowning in Latehar district, Jharkhand. In this hour of sadness, condolences to the bereaved families: PM @narendramodi"