শিক্ষাৰ উচ্চ গুণগতমান স্পৰ্শ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্ণী কাৰ্যক্ৰমৰ জৰিয়তে সকলো শিক্ষা ঋণ আৰু জলপানিসমূহ নিৰীক্ষণ কৰিবলৈ সম্পূৰ্ণ প্ৰযুক্তিভিত্তিক বিত্তীয় সাহায্য প্ৰাধিকৰণ স্থাপন কৰা হৈছে৷ শিক্ষণৰ মান উন্নত কৰিবলৈ শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে পণ্ডিত মদন মোহন মালব্য অভিযানৰ সূচনা কৰা হৈছে৷
ভাৰতীয় শিক্ষাৰ্থীসকলক আন্তৰ্জাতিক শিক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ গ্ল’বেল ইনিচিয়েটিভ অব্ একাডেমিক নেটৱৰ্ক (জিআইএন) আঁচনিৰ অধীনত গ্ৰীষ্ম আৰু শীতৰ বন্ধৰ সময়চোৱাত দেশ-বিদেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা শিক্ষক, বিজ্ঞানী, উদ্যমীসকলক আমন্ত্ৰণ কৰা হৈছে৷ অনলাইন শিক্ষা উপলব্ধ কৰিবলৈ ‘স্বয়ম’ৰ দ্বাৰা ‘মাছিভ অ’পেন অনলাইন কৰ্ছেছ (এমঅ’অ’চি)’ৰ প্ৰণয়ন কৰা হৈছে৷ ৰাষ্ট্ৰীয় ই-লাইব্ৰেৰীত বিশ্বমানৰ শৈক্ষিক সামগ্ৰী আৰু জ্ঞানৰ ভঁৰাল উপলব্ধ কৰোৱা হৈছে৷ শালা দৰ্পণ ম’বাইল প্ৰযুক্তিৰ জৰিয়তে অভিভাৱকসকলে বিদ্যালয়সমূহৰ সৈতে জড়িত হৈ থাকি তেওঁলোকৰ সন্তানৰ উত্তৰণ নিৰীক্ষণ কৰিব পৰা সুবিধা প্ৰদান কৰা হৈছে৷
কন্যা শিক্ষাৰ্থীৰ বাবে বিশেষভাৱে উত্সৰ্গিত উড়ান আঁচনিয়ে কন্যা শিক্ষাৰ্থীৰ বিদ্যালয়ত নামভৰ্তিকৰণ নিশ্চিত কৰিছে৷ ঈশান বিকাশ আঁচনিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ নিৰ্বাচিত শিক্ষাৰ্থীসকলক তেওঁলোকৰ বন্ধৰ সময়চোৱাত আমন্ত্ৰণ কৰি আনি আইআইটি, এনআইটি আৰু আইআইএছইআৰৰ সৈতে জড়িত কৰোৱা হৈছে৷ পৰম্পৰাগত কলা/শিল্পক উত্সাহ প্ৰদান কৰাৰ বাবে উস্তাদ আঁচনি প্ৰণয়ন কৰা হৈছে৷ এই আঁচনিৰ দ্বাৰা পৰম্পৰাগত শিল্পৰ শিল্পীসকলক সামৰ্থ নিৰ্মাণৰ জৰিয়তে বজাৰমুখী কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷
দক্ষ ভাৰতক প্ৰধানমন্ত্ৰীয়ে যিধৰণে গুৰুত্ব প্ৰদান কৰিছে সেয়া সৰ্বজনবিদিত৷ আমাৰ তৰুণ প্ৰজন্মক সৱলীকৰণ কৰাৰ বাবে চৰকাৰে দক্ষতা বিকাশ মন্ত্ৰালয় গঠন কৰিছে৷ বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা যুৱ সমাজৰ ৭৬লাখ তৰুণক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ ‘স্কুল টু স্কিল’ আঁচনিৰ অধীনত শৈক্ষিক স্বীকৃতিপত্ৰৰ লগে লগে দক্ষতা স্বীকৃতিপত্ৰও প্ৰদান কৰা হৈছে৷ ১,৫০০ কোটি টকা আৱণ্টনেৰে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অনুমোদন জনোৱা হৈছে৷ পণ্ডিত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত ৩ বছৰত ১০ লাখ গ্ৰামীণ তৰুণক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷
অন-দা-জব্ প্ৰশিক্ষণত অধিক সুবিধা প্ৰদান কৰাৰ বাবে শিক্ষানবিচ আইনৰ সংশোধন কৰা হৈছে৷ চৰকাৰে অনাগত আঢ়ৈ বছৰত ৫০% ভাত্তা প্ৰদানৰ জৰিয়তে ১ লাখ শিক্ষানবিচক সাহায্য প্ৰদান কৰিব৷ তাৰোপৰি চৰকাৰে অনাগত কেইটামান বৰ্ষৰ ভিতৰতে বিদ্যমান ২.৯ লাখ শিক্ষানবিচৰ স্থানত ২০ লাখ শিক্ষানবিচ অন্তৰ্ভুক্তিৰ পৰিকল্পনা কৰিছে৷ নেচনেল কেৰিয়াৰ চেণ্টাৰে অনলাইন সেৱাৰ বাবে ৰাষ্ট্ৰজুৰি সুবিধা তথা একেটা স্থানতে লাভ কৰিব পৰা সুবিধা প্ৰণয়ন কৰিছে৷ তেওঁলোকে যুৱ প্ৰজন্মক কেৰিয়াৰ সম্বন্ধীয় তথ্য আৰু স্ব-মূল্যায়ন সঁজুলিৰ দ্বাৰাও সহায় কৰিব৷ যুৱ প্ৰজন্মৰ বাবে উপদেষ্টাৰ এক নেটৱৰ্কো স্থাপন কৰা হৈছে৷
PM Modi at the launch of Pandit Madan Mohan Malviya Mission for Teacher Training