প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাড়িয়া পূৰ্বৰ দুৰ্গম অঞ্চলৰ পৰা ৰূপান্তৰিত হৈ বিশ্বৰ ভিতৰতে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে বুলি মন্তব্য কৰে৷ কেৱাড়িয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আঠখন ৰে’লৰ যোগাযোগ ব্যৱস্থাৰ ফ্লেগ অফ কৰাৰ পিছত শ্ৰী মোদীয়ে তেওঁৰ ভাষণত এই কথা উল্লেখ কৰে৷

কেৱাড়িয়াৰ নিৰন্তৰ উন্নয়ন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ষ্টেচু অব্ ইউনিটীয়ে ষ্টেচু অব্ লিবাৰ্টীতকৈ অধিক সংখ্যক লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইয়াক মুকলি কৰাৰ পিছত এই পৰ্যন্ত ৫০ লক্ষাধিক দৰ্শকৰ এই স্থানলৈ সমাগম হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱাড়িয়া হ’ল অৰ্থনীতিৰ পৰিকল্পিত উন্নয়নৰ এক উৎকৃষ্ট উদাহৰণ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে কেৱাড়িয়াত পথ, বিদ্যুৎ, ৰে’ল, পৰ্যটকৰ বাবে সুবিধা নাছিল৷ এতিয়া কেৱাড়িয়া এক নতুন ৰূপত উদ্ভাসিত হৈছে৷ ষ্টেচু অব্ ইউনিটীৰ উপৰিও চৰ্দাৰ সৰোবৰ, চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক, আৰোগ্য বন আৰু জাংগল ছাফাৰী তথা পোষণ পাৰ্ক, গ্ল’ গাৰ্ডেন, একতা ক্ৰুজ আৰু জল ক্ৰীড়াৰ দৰো আমোদ-প্ৰমোদৰো ব্যৱস্থা কেৱাড়িয়াত কৰা হৈছে৷ একতা মলত স্থানীয় হস্ততাঁত কলাৰ নতুন সুবিধাও প্ৰদান কৰা হৈছে৷ তেওঁ আদিবাসী গাঁওসমূহত ২০০ হোম ষ্টে’ৰ সুবিধা বিকশিত কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰে’লৱেৰ লক্ষ্যকেন্দ্ৰিক প্ৰয়াসৰ ৰূপান্তৰণৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে পৰম্পৰাগত যাত্ৰীবাহী আৰু সামগ্ৰী পৰিবহণৰ উপৰিও ৰে’লৱেয়ে প্ৰত্যক্ষভাৱে পৰ্যটনস্থলী আৰু ধৰ্মীয়স্থানসমূহলৈ যোগাযোগৰ ব্যৱস্থা কৰিছে৷ আহমেদাবাদ-কেৱাড়িয়া জনশতাব্দীত আকৰ্ষণীয় ‘ভিষ্টা-ডম কোচেচ’ থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI to remain free for consumers, says Payments Council of India

Media Coverage

UPI to remain free for consumers, says Payments Council of India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch