প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে ভাৰতৰ ক’ভিড-১৯ টিকাকৰণ অভিযান অতি মানৱীয় আৰু গুৰুত্বপূর্ণ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হৈছে৷ যিসকলক টিকাৰ আটাইতকৈ বেছি প্রয়োজন তেওঁলোকক প্রথমে টিকাকৰণ কৰা হ’ব। আনকি যিসকলকৰ সংক্রমণৰ আশংকা সর্বাধিক তেওঁলোকক প্রথমে টিকা প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় যে আমাৰ চিকিৎসক, নাৰ্ছ, হাস্পতালৰ চাফাই কর্মী আৰু পেৰামেডিকেল ষ্টাফসকলে প্রথমে টিকাৰ সুবিধা লাভ কৰিব। চৰকাৰী আৰু বেচৰকাৰী উভয় ক্ষেত্রত হাস্পতালসমূহৰ কর্মচাৰীসকলে টিকাকৰণত অগ্রাধিকাৰ পাব। প্রধানমন্ত্রীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশজোৰা ক’ভিড-১৯ টিকাকৰণ কাৰ্যসূচীৰ আৰম্ভ কৰি ভাষণ আগবঢ়ায়৷

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চিকিৎসাকর্মীসকলৰ পাছত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰী আৰু দেশৰ নিৰাপত্তা তথা আইন-শৃংখলাৰ সৈতে জড়িত ব্যক্তিসকলক টিকাকৰণ কৰা হ’ব। আমাৰ নিৰাপত্তা বাহিনী, আৰক্ষী বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, চাফাই কর্মীসকলক টিকাকৰণত অগ্রাধিকাৰ প্ৰদান কৰা হ’ব। চিকিৎসাকর্মীসকলৰ পাছত যিসকলক টিকাকৰণ কৰা হ’ব তেওঁলোকৰ সংখ্যা প্রায় ৩ কোটি। প্রধানমন্ত্রীয়ে কয় যে ভাৰত চৰকাৰে এই সকলোৰে টিকাকৰণৰ ব্যয় বহন কৰিব।

এই টিকাকৰণ অভিযানৰ সুপৰিকল্পিত ব্যৱস্থা সম্পর্কে প্রধানমন্ত্রীয়ে টিকাৰ দুটা পালিৰ এটাও এনেই যাবলৈ যাতে নিদিয়ে তাৰবাবে সাধাৰণ জনতাক সতর্ক কৰি দিয়ে৷ তেওঁ কয় যে প্রথম টিকা লোৱাৰ পাছত দ্বিতীয় টিকাৰ ক্ষেত্রত এমাহৰ ব্যৱধান থাকিব৷ প্রধানমন্ত্রীয়ে সাধাৰণ জনসাধাৰণক টিকা লোৱাৰ প্রক্রিয়া শেষ হোৱাৰ পাছতো নিজৰ সুৰক্ষাক লৈ সতর্ক হৈ থকাৰ পৰামর্শ দি কয় যে দ্বিতীয় পালি লোৱাৰ দুসপ্তাহ পাছত মানৱ দেহত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজনীয় ৰোগ প্রতিৰোধক ক্ষমতা গঢ় লয়৷

প্রধানমন্ত্রীয়ে সমগ্ৰ দেশবাসীক ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ সময়ত যি ধৈর্য্য আৰু সংযম দেখুৱাইছিল, টিকাকৰণৰ সময়তো সেই  ধৈৰ্য দেখুৱাবলৈ অনুৰোধ জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order

Media Coverage

Freed Banks From NPA Illness': PM Modi Discusses Reforms, Economy, Trade Deals, World Order
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates India’s U-19 Cricket Team on World Cup Victory
February 06, 2026

The Prime Minister, Shri Narendra Modi, has lauded the outstanding performance of India’s Under-19 cricket team for clinching the World Cup title.

Prime Minister commended the team for playing very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too, he added.

In a message on X, Shri Modi said:

“India’s cricketing talent shines!

Proud of our U-19 team for bringing home the World Cup. The team has played very well through the tournament, showcasing exceptional skill. This win will inspire several young sportspersons too. Best wishes to the players for their upcoming endeavours.”