তেওঁলোকে যোৱা চাৰি বছৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে তেওঁৰ বিভিন্ন বৈঠকৰ কথা স্মৰণ কৰে আৰু সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ প্ৰশংসা কৰে
এন এছ এ ছুলিভানে প্ৰদান কৰা ৰাষ্ট্ৰপতি বাইডেনৰ এখন পত্ৰৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰসমূহৰ মাজত সহযোগিতা অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেন আৰু প্ৰথম মহিলা ড০ জিল বাইডেনক শুভেচ্ছা জ্ঞাপন কৰে

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী জেক ছুলিভানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। তেওঁলোকে যোৱা চাৰি বছৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বত বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, অসামৰিক পাৰমাণৱিক, পৰিষ্কাৰ শক্তি, ছেমিকণ্ডাক্টৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে।

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কোৱাড লিডাৰ্ছ সন্মিলনৰ বাবে আমেৰিকা ভ্ৰমণৰ সময়কে ধৰি ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হোৱা বিভিন্ন বৈঠকৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি বাইডেনে আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে, যি এক স্থায়ী উত্তৰাধিকাৰ এৰি গৈছে।

 

ৰাষ্ট্ৰপতি বাইডেনে এনএছএ ছুলিভানৰ জৰিয়তে প্ৰদান কৰা এখন পত্ৰক প্ৰধানমন্ত্ৰীয়ে গভীৰভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণ আৰু বিশ্বৰ কল্যাণৰ বাবে দুয়োখন গণতন্ত্ৰৰ মাজত ঘনিষ্ঠ সহযোগিতা গভীৰ কৰি ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি বাইডেন আৰু প্ৰথম মহিলা ড০ জিল বাইডেনক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian seafarers' safety is of utmost importance to us: PM Modi to Trump

Media Coverage

Indian seafarers' safety is of utmost importance to us: PM Modi to Trump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Paris
June 18, 2026

PM Modi arrived in Paris, France, to a warm welcome by the Indian diaspora.

During the visit, PM Modi will attend the VivaTech 2026 alongside President Macron. India will have the largest national pavilion at this edition, a fitting symbol of the enormous potential for partnership between Indian and European innovation ecosystems. The PM will also meet the members of the vibrant Indian community in Paris.