প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুখ্য প্ৰসংগসমূহ তলত উল্লেখ কৰা হৈছে:

১. সাধাৰণ

  • আমাৰ কেৱল এটাই সংকল্প আছে – ‘নেশ্যন ফাৰ্ষ্ট’। আমাৰ বাবে ‘ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোপৰি’।
  • বিশ্বব্যাপী ভাৰতৰ সুনাম বৃদ্ধি পাইছে, আৰু ভাৰত সম্পৰ্কে বিশ্বৰ ধাৰণা সলনি হৈছে।
  • যদি মোৰ দেশৰ ১৪০ কোটি নাগৰিকে, মোৰ পৰিয়ালৰ ১৪০ কোটি সদস্যই এটা প্ৰস্তাৱ লৈ যাত্ৰা কৰে, এটা দিশ নিৰ্ধাৰণ কৰে আৰু ধাপে ধাপে আগবাঢ়ি যায়, কান্ধত কান্ধ মিলাই, যিমানেই ডাঙৰ প্ৰত্যাহ্বান, অভাৱ বা সম্পদৰ বাবে সংগ্ৰাম যিমানেই তীব্ৰতৰ নহওঁক কিয়, আমি প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিম আৰু এক সমৃদ্ধ ভাৰত গঢ়ি তুলিব পাৰিম আৰু ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত'ৰ লক্ষ্যত উপনীত হব পাৰিম।
  • দেশৰ বাবে জীয়াই থকাৰ প্ৰতিশ্ৰুতিয়ে এক বিকশিত ভাৰত গঢ়ি তুলিব পাৰিব।
  • প্ৰতিগৰাকী নাগৰিকৰ সপোন আৰু সংকল্প বিকশিত ভাৰত ২০৪৭ৰ প্ৰতিশ্ৰুতিত স্পষ্ট হৈছে।
  • আজিৰ ভাৰতত ‘মাই-বাপ’ সংস্কৃতিৰ কোনো স্থান নাই।
  • যেতিয়া এইখন ৰাষ্ট্ৰৰ জনসাধাৰণে এনে বহল চিন্তা আৰু বিশাল সপোনবোৰ দেখিবলৈ লয়, যেতিয়া তেওঁলোকৰ সংকল্প এই শব্দবোৰত প্ৰতিফলিত হয়,  তেতিয়াই ই আমাৰ অন্তৰত এক নতুন সংকল্পক শক্তিশালী কৰি তোলে।
  • ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সম্পূৰ্ণ নিষ্ঠা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে দেশক সুৰক্ষা প্ৰদান কৰা মহান ব্যক্তিসকলক মই গভীৰভাবে সন্মান জনাইছো।
  • গণতন্ত্ৰৰ প্ৰতি আমাৰ দেশপ্ৰেমৰ উৎসাহ আৰু বিশ্বাস আজি বিশ্বৰ বাবে এক অনুপ্ৰেৰণা হৈ উঠিছে।
  • আমি স্থিতাৱস্থাবাদী মানসিকতাৰ পৰা এক বিকাশ আৰু সংস্কাৰবাদী মানসিকতালৈ আগবাঢ়িছো।
  • আমাৰ সংস্কাৰৰ পথ বিকাশৰ এক ৰূপৰেখা হৈ উঠিছে।
  • বিষণ্ণতাৰে ভৰা গোলকীয় পৰিস্থিতি স্বত্বেও সুযোগৰ ক্ষেত্ৰত এয়া হৈছে 'ভাৰতৰ বাবে সোণালী যুগ'।
  • আমি এই সুযোগটো পিছলি যাবলৈ দিব নোৱাৰো। যদি আমি এই মুহূৰ্তটো হস্তগত কৰিব পাৰো আৰু আমাৰ সপোন আৰু সংকল্পৰ সৈতে আগবাঢ়ি যাওঁ, তেন্তে আমি 'স্বৰ্নিম ভাৰত' (সোণালী ভাৰত)ৰ বাবে দেশৰ আকাংক্ষা পূৰণ কৰিব পাৰিম আৰু ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হব পাৰিম।
  • পৰ্যটন খণ্ড, ‘এমএছএমই’, শিক্ষা, স্বাস্থ্যসেৱা, পৰিবহন, কৃষি, বা কৃষি খণ্ডৰ দৰে প্ৰতিটো ক্ষেত্ৰতে এক নতুন আৰু আধুনিক ব্যৱস্থা স্থাপন কৰা হৈছে।
  • আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰাৰ সময়তে আমাৰ দেশৰ অনন্য পৰিস্থিতিৰ সৈতে সংগতি ৰাখি আগবাঢ়ি যোৱাৰ লক্ষ্য গ্ৰহণ কৰিছো।
  • প্ৰযুক্তিৰ একত্ৰীকৰণত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰতিটো খণ্ডতে আধুনিকীকৰণ আৰু উদ্ভাৱনৰ প্ৰয়োজন।
  • সাধাৰণ নাগৰিকৰ জীৱনত চৰকাৰৰ কম হস্তক্ষেপ হৈছে বিকশিত ভাৰত ২০৪৭ ৰ বাবে আমি গ্ৰহণ কৰা দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশ।
  • সমগ্ৰ দেশত চলি থকা ৩ লাখ প্ৰতিষ্ঠানৰ প্ৰতিটোতে কমেও দুটা বাৰ্ষিক সংস্কাৰ বাধ্যতামূলক কৰিলে  ইয়াৰ ফলত বছৰি প্ৰায় ২৫-৩০ লাখ সংস্কাৰ সাধিত হ'ব পাৰে, যাৰ ফলত সাধাৰণ মানুহৰ আস্থা বৃদ্ধি পাব।
  • আমাৰ লক্ষ্য হৈছে তিনিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি প্ৰতিটো ক্ষেত্ৰত প্ৰগতি ত্বৰান্বিত কৰা। প্ৰথমতে, আমি সকলো ক্ষেত্ৰতে নতুন সুযোগ সৃষ্টি কৰিব লাগিব। দ্বিতীয়তে, আমি বিকশিত প্ৰণালীৰ বাবে প্ৰয়োজনীয় সহায়ক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত কাম কৰিব লাগিব। আৰু তৃতীয়তে, আমি আমাৰ নাগৰিকসকলৰ বাবে মৌলিক সুবিধাসমূহক প্ৰাথমিকতা দিব লাগিব আৰু বুনিয়াদি সা-সুবিধা বৃদ্ধি কৰিব লাগিব।
  • প্ৰাকৃতিক দুৰ্যোগ আমাৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ উঠিছে।
  • মই শেহতীয়া প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলো লোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আশ্বাস দিছো যে এই সংকটৰ সময়ত ৰাষ্ট্ৰই তেওঁলোকৰ কাষত থিয় দিছে।
  • সহামৰ্মিতা হৈছে আমাৰ দৃষ্টিভংগীৰ কেন্দ্ৰবিন্দু। আমি আমাৰ কামৰ মূলত সমতা আৰু সহানুভূতি দুয়োকে ৰাখি সৈতে আগবাঢ়ি আছো।
  • আমি ইয়াত আপোনালোক প্ৰত্যেককে, প্ৰতিটো পৰিয়াল আৰু প্ৰতিটো অঞ্চলৰ সেৱা কৰিবলৈ আহিছোঁ।
  • আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা উন্নত ভাৰতৰ সপোন অনুসৰণ কৰিবলৈ যাওতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমাক আশীৰ্বাদ দিয়াৰ বাবে আৰু আমাক দেশৰ সেৱা কৰিবলৈ নিৰ্বাচিত কৰাৰ বাবে কোটি কোটি দেশবাসীক ধন্যবাদ জনাইছোঁ।
  • মই আপোনালোক সকলোকে আশ্বাস দিছো যে আমি এক নতুন উৎসাহেৰে নতুন উচ্চতালৈ আগবাঢ়ি যাম।
  • আমি তেওঁলোকৰ মাজত নাই, যিসকলে কাষৰ পৰা চায় আৰু সৰু সৰু সাফল্যক লৈ গৌৰৱেৰে আনন্দ কৰে।
  • আমি নতুন জ্ঞান আৰু নিৰন্তৰতাৰ অন্বেষণকাৰীসকলৰ সংস্কৃতিৰ লোক; যিসকল উদ্যোগী লোকে নিৰন্তৰভাৱে উচ্চতৰ সাফল্য সম্ভৱ কৰাৰ আকাংক্ষা কৰে।
  • আমি উন্নয়নৰ নতুন উচ্চতাত উপনীত হব বিচাৰো আৰু আমি আমাৰ নাগৰিকসকলৰ মাজতো এই অভ্যাসটো গঢ়ি তুলিব বিচাৰো।
  • কিছুমান লোক আছে যিয়ে নিজৰ কল্যাণৰ বাহিৰে আন চিন্তা কৰিবই নোৱাৰে, তেওঁলোকে আনৰ কল্যাণৰ কথা চিন্তা নকৰে। এনে ব্যক্তিসকল, তেওঁলোকৰ বিকৃত মানসিকতাৰ সৈতে এক চিন্তাৰ বিষয়। দেশে হতাশাত আৱদ্ধ হৈ থকা এই লোকসকলক এৰাই চলিব লাগিব।
  • এই নিৰাশাবাদী উপাদানবোৰ কেৱল আশাহীনেই নহয়; তেওঁলোকে এক নেতিবাচক মানসিকতাও প্ৰতিপালন কৰি আহিছে যিয়ে ধ্বংসৰ সপোন দেখে আৰু আমাৰ সামূহিক প্ৰগতিক দুৰ্বল কৰিব বিচাৰে। দেশে এই ভাবুকিক চিনি উলিয়াব পাৰিব লাগিব।
  • মই মোৰ সতীৰ্থ-নাগৰিকসকলক আশ্বাস দিব বিচাৰো যে আমাৰ সৎ উদ্দেশ্য, সততা আৰু দেশৰ প্ৰতি থকা নিষ্ঠাৰ জৰিয়তে আমি আনকি আমাৰ বিৰোধিতা কৰা সকলৰ ক্ষেত্ৰতো জয়ী হ'ম।
  • আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা, ১৪০ কোটি নাগৰিকৰ ভাগ্য সলনি কৰা, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু দেশৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰোঁ।
  • সকলো স্তৰৰ দুৰ্নীতিয়ে শাসনব্যৱস্থাটোত সাধাৰণ মানুহৰ আস্থা অৱনমিত কৰিছে।
  • মই দুৰ্নীতিগ্ৰস্তসকলৰ বাবে ভয়ৰ পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছোঁ, যাতে সাধাৰণ নাগৰিকক লুণ্ঠন কৰাৰ পৰম্পৰাৰ সমাপ্তি ঘটে।
  • সমাজত এনে বীজ ৰোপণৰ প্ৰয়াস, দুৰ্নীতিৰ মহিমা, আৰু দুৰ্নীতিগ্ৰস্তসকলৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ নিৰন্তৰ প্ৰচেষ্টা এক সুস্থ সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈ উঠিছে আৰু এয়া অতি চিন্তাৰ বিষয় হৈ পৰিছে।
  • যোৱা ৭৫ বছৰ ধৰি ভাৰতৰ গণতন্ত্ৰক শক্তিসমৃদ্ধ কৰাত সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ই আমাৰ দলিত, নিপীড়িত, শোষিত আৰু সমাজৰ বঞ্চিত শ্ৰেণীৰ অধিকাৰ সুৰক্ষিত কৰিছে।
  • আমি আমাৰ সংবিধানৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ সময়ত নাগৰিকসকলে সংবিধানত সন্নিবিষ্ট কৰ্তব্যসমূহৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকে প্ৰয়োজন হৈছে।
  • কৰ্তব্য পালনৰ দায়িত্ব কেৱল নাগৰিকৰে নহয়, এই দায়িত্ব দেশৰ বিভিন্ন প্ৰতিষ্ঠানসমূহলৈকো প্ৰসাৰিত হয়।
  • যেতিয়া আমি সকলোৱে একেলগে আমাৰ দায়িত্ব পালন কৰিম আমি স্বাভাৱিকতেই ইজনে সিজনৰ অধিকাৰৰ অভিভাৱক হৈ উঠিম।
  • আমাৰ কৰ্তব্য পালন কৰি, আমি কোনো অতিৰিক্ত প্ৰচেষ্টাৰ প্ৰয়োজন নোহোৱাকৈ এই অধিকাৰবোৰ স্বাভাৱিকতেই সুৰক্ষিত কৰিব পাৰো।
  • পৰিয়ালতান্ত্ৰিক ৰাজনীতি আৰু জাতিবাদে ভাৰতৰ গণতন্ত্ৰৰ গুৰুতৰ ক্ষতি কৰিছে।
  • আমি আমাৰ আকাংক্ষা আৰু আমাৰ প্ৰচেষ্টাক একত্ৰিত কৰিব লাগিব যাতে একবিংশ শতিকা, ভাৰতৰ শতিকা হ'ব, এক 'স্বৰ্নিম ভাৰত' (সোণালী ভাৰত) হৈ উঠিব পাৰে, আৰু এই শতিকাত 'বিকশিত ভাৰত' গঢ়ি তুলিব পৰা যায় আৰু সেই সপোনবোৰ পূৰণ কৰাৰ দিশত আগবাঢ়িব পৰা যায়।
  • মই আপোনালোকৰ বাবে জীয়াই আছোঁ, মই আপোনালোকৰ ভৱিষ্যতৰ বাবে জীয়াই আছোঁ, মই ভাৰতী আইৰ উজ্জ্বল ভৱিষ্যতৰ বাবে জীয়াই আছোঁ।

২. প্ৰতিৰক্ষা মন্ত্ৰালয়

• আমি প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হৈ উঠিছো।

• ভাৰত ক্ৰমাগতভাবে উদীয়মান হৈছে আৰু বিভিন্ন প্ৰতিৰক্ষা সঁজুলিৰ ৰপ্তানিকৰ্তা আৰু নিৰ্মাতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

• যেতিয়া আমাৰ সশস্ত্ৰ বাহিনীয়ে ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ কৰে, আমাৰ হৃদয় গৌৰৱেৰে ভৰি উঠে আৰু আমাৰ শিৰ উচ্চ হয়।

• ১৪০ কোটি ভাৰতীয়ই আজি আমাৰ সশস্ত্ৰ বাহিনীৰ বীৰত্বৰ গাঁথাবোৰক লৈ গৌৰৱান্বিত আৰু আত্মবিশ্বাসী অনুভৱ কৰে।

 

  1. বিত্ত মন্ত্ৰালয়
  • 'ফিনটেক' খণ্ডত সফলতাৰ বাবে ভাৰতে গৌৰৱান্বিত হৈছে।
  • আমি ব্যক্তিসকলৰ জনমূৰি উপাৰ্জন সফলতাৰে দুগুণ কৰিব পাৰিছো।
  • আমি নিযুক্তি আৰু স্ব-নিয়োজনৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছো
  • বেংকিং খণ্ডক শক্তিশালী কৰিবলৈ একাধিক সংস্কাৰমূলক কাৰ্যক্ৰম কাৰ্যকৰী কৰা হৈছে। আৰু আজি, ইয়াৰ ফলস্বৰূপে আমাৰ বেংকসমূহে বিশ্বৰ নিৰ্বাচিত শক্তিশালী বেংকসমূহৰ মাজত নিজৰ স্থান সুৰক্ষিত কৰিছে।
  • শক্তিশালী বেঙ্কিং প্ৰণালী সাধাৰণ দৰিদ্ৰ, বিশেষকৈ মধ্যবিত্ত পৰিয়ালসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হৈ উঠিছে।
  • বেংক হৈছে আমাৰ ‘এমএছএমই’সমূহৰ বাবে আটাইতকৈ ডাঙৰ সহযোগিতাৰ আধাৰ।
  • সমাজৰ বিভিন্ন সুবিধা বঞ্চিত শ্ৰেণী যেনে পশুধন পালনকাৰী, মাছমৰীয়া, পথৰ দাঁতিৰ বিক্ৰেতাসকলে এতিয়া বেংকৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু নতুন উচ্চতা অৰ্জন কৰিছে, আৰু বিকাশ-পথৰ অংশীদাৰ হৈ উঠিছে।
  • দেশক আগুৱাই নিয়াৰ বাবে অজস্ৰ বিত্তীয় নীতি নিৰন্তৰভাৱে বিকশিত হৈ আছে আৰু এই নতুন প্ৰণালীবোৰৰ ওপৰত দেশৰ বিশ্বাস ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে।
  • যদি এনে কোনো দেশ আছে যিয়ে বিশ্বজোৰা ক’ভিড মহামাৰীৰ মাজতো অৰ্থনীতি দ্ৰুতগতিত উন্নত কৰিছে সেয়া হৈছে ভাৰত।
  • অৰ্থনৈতিক প্ৰগতি আৰু বিকাশৰ সম্ভৱ কৰিবলৈ যাওতে আমি আধুনিক আন্তঃগাঁথনিৰ বিকাশ আৰু জীৱনধাৰণৰ সহজতা সৃষ্টিত গুৰুত্ব দিব লাগিব।
  • যোৱা দশকটোত আমি চৰকাৰী সংযোগ নিশ্চিত কৰাৰ বাবে অত্যাধুনিক ৰে'লৱে, বিমানবন্দৰ, বন্দৰ আৰু শক্তিশালী পথ-নেটৱৰ্ক প্ৰদান কৰি আন্তঃগাঁথনি বিকাশৰ সাক্ষী হৈছো।
  • মই দল বা ৰাজ্য নিৰ্বিশেষে সকলো নিৰ্বাচিত প্ৰতিনিধিক এটা পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছো, সেয়া হৈছে জীৱন ধাৰণৰ সহজতা নিশ্চিত কৰিবলৈ ‘মিছন মোড’-ত পদক্ষেপ গ্ৰহণ কৰা।
  • মোৰ তৃতীয়টো কাৰ্যকালত নিশ্চিত ভাবেই ভাৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হৈ উঠিব, আৰু মই ইয়াৰ বাবে তিনিগুণ অধিক পৰিশ্ৰম কৰিম, তিনিগুণ গতিত আৰু তিনিগুণ পৰিমাপকৰে কাম কৰিম যাতে আমাৰ ৰাষ্ট্ৰৰ বাবে থকা সপোনবোৰ সোনকালেই বাস্তৱায়িত কৰিব পৰা যায়।

 

৪. কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

  • কৃষি খণ্ডলৈ পৰিৱৰ্তন অনাটো হৈছে সময়ৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা।
  • মই সকলো কৃষকৰ প্ৰতি কৃতজ্ঞ যিসকলে প্ৰাকৃতিক কৃষিৰ পথ বাছি লৈছে আৰু আমাৰ পৃথিৱী মাতৃৰ সেৱা কৰাৰ সংকল্প লৈছে।
  • জৈৱিক কৃষিক উদগণি দিয়া আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে এই বছৰৰ বাজেটত গুৰুত্বপূৰ্ণ ব্যৱস্থা থকা যথেষ্ট আঁচনি ঘোষণা কৰা হৈছে।
  • আমি বিশ্বৰ পুষ্টি শক্তিশালী কৰিব লাগিব আৰু ভাৰতৰ ক্ষুদ্ৰ কৃষকসকলকো সহযোগিতা আগবঢ়াব লাগিব।
  • ভাৰত আৰু দেশৰ কৃষকসকলে জৈৱিক খাদ্যৰ এক গোলকীয় খাদ্যৰ ‘বাস্কেট’ সৃষ্টি কৰিব পৰা সম্ভাৱনা আছে।
  • ষাঠি হাজাৰ 'অমৃত সৰোবৰ' (পুখুৰী) পুনৰুজ্জীৱিত কৰাৰ লগতে পুনৰাই জলধাৰণ কৰাৰ দিহা কৰা হৈছে।

 

৫. বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

  • ‘জি-২০’ আগতে কেতিয়াও ইমান ডাঙৰকৈ অনুষ্ঠিত হোৱা নাছিল।
  • মুখ্য আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আয়োজন কৰাৰ ক্ষমতা ভাৰতৰ আছে আৰু অতুলনীয় আতিথ্যৰ সামৰ্থ্য আছে।
  • বাহ্যিক প্ৰত্যাহ্বান, বিশেষকৈ, এনে প্ৰথ্যাহ্বানৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
  • মই সেই শক্তিসমূহক জনাব বিচাৰো যে ভাৰতৰ বিকাশৰ অৰ্থ কাৰো বাবে ভাবুকি নহয়।
  • আমি বুদ্ধৰ দেশ, আৰু যুদ্ধ আমাৰ পথ নহয়। সেয়েহে, আমাক লৈ পৃথিৱীয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই।
  • মই আশা কৰোঁ যে বাংলাদেশৰ পৰিস্থিতি অতি সোনকালেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব, বিশেষকৈ চুবুৰীয়া দেশ হিচাপে আমাৰ ঘনিষ্ঠতাৰ পৰিপ্ৰেক্ষিতত।
  • আমাৰ ১৪০ কোটি নাগৰিকৰ প্ৰাথমিক চিন্তা হৈছে বাংলাদেশৰ হিন্দু, সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰা।
  • ভাৰতে সদায় বিচাৰি আহিছে যে আমাৰ চুবুৰীয়া দেশসমূহে সন্তুষ্টি আৰু শান্তিৰ পথ অনুসৰণ কৰক।
  • শান্তিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতা আমাৰ সংস্কৃতিত গভীৰভাৱে নিহিত হৈ আছে।

 

৬. বাণিজ্য মন্ত্ৰালয়

  • দুই লাখ পঞ্চায়তত ইতিমধ্যে ‘অপ্টিকেল ফাইবাৰ নেটৱৰ্ক’ স্থাপন কৰা হৈছে।
  • ভাৰতে ইতিমধ্যে ‘৬-জি’ৰ বাবে ‘মিছন মোড’ত কাম কৰি আছে আৰু আমি আমাৰ প্ৰগতিৰে বিশ্বক আচৰিত কৰি তুলিম।

 

৭. মহাকাশ বিভাগ

  • মহাকাশ খণ্ডই আমাৰ বাবে এক নতুন ভৱিষ্যতৰ দুৱাৰ মুকলি কৰি দিছে।
  • ভাৰতে মহাকাশ খণ্ডত ষ্টাৰ্টআপৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা প্ৰত্যক্ষ কৰিছে।
  • আজি আমাৰ নিজৰ দেশত ব্যক্তিগত উপগ্ৰহ আৰু ৰকেট উৎক্ষেপণ কৰা হৈছে।
  • ‘চন্দ্ৰযান অভিযান’ৰ সফলতাই আমাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহৰ এক নতুন পৰিৱেশ সৃষ্টি কৰিছে।

 

৮. সামাজিক ন্যায় আৰু সমলূকৰণ মন্ত্ৰালয়

  • আমি দৰিদ্ৰ, মধ্যবিত্ত, দুখীয়া, আমাৰ বৰ্ধিত নগৰীয়া জনসংখ্যা, যুৱপ্ৰজন্মৰ সপোন আৰু সংকল্প আৰু তেওঁলোকৰ আকাংক্ষাৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে সংস্কাৰৰ পথ বাছি লৈছিলো।
  • যেতিয়া ৰাজনৈতিক নেতৃত্বই সৱলীকৰণৰ বাবে সংকল্পবদ্ধ হয় আৰু উন্নয়নৰ প্ৰতি দৃঢ়তা গ্ৰহণ কৰে, তেতিয়া চৰকাৰী যন্ত্ৰই শক্তিশালী ৰূপায়ণ সম্ভৱ আৰু নিশ্চিত কৰিবলৈ আৰম্ভ কৰে।
  • যেতিয়া প্ৰতিগৰাকী নাগৰিকে সৱলীকৰণ আৰু উন্নয়ন নিশ্চিত কৰাৰ দিশত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ লয়, তেতিয়া ফলাফলবোৰ ৰাষ্ট্ৰৰ বাবে নিশ্চিত ভাবেই মূল্যৱান হৈ উঠে।
  • অন্তিম মাইলৰ সংযোগে প্ৰতিখন গাঁও আৰু আনকি বনাঞ্চলসমূহক এখন বিদ্যালয়, আধুনিক চিকিৎসালয় আৰু ‘আৰোগ্য মান্দিৰ’ নিৰ্মাণ কৰাটো নিশ্চিত কৰিছে যাতে ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ জৰিয়তে উপেক্ষিত লোকসকলক সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰিব পৰা যায়।
  • যেতিয়া সংপৃক্ততাৰ মন্ত্ৰ গ্ৰহণ কৰা হয়, তেতিয়া "সবকা সাথ, সবকা বিকাশ"ৰ প্ৰকৃত সাৰাংশ উপলব্ধি কৰা যায়।
  • যেতিয়া আমি ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা উলিয়াই আনো, ই আমাৰ বিশ্বাসক শক্তিশালী কৰে যে আমি আমাৰ গতিবেগ বৰ্তাই ৰাখিব পাৰিছো আৰু আমাৰ সপোনবোৰ অচিৰেই বাস্তৱায়িত হব।
  • যেতিয়া মোৰ বিশেষভাৱে সক্ষম ভাই-ভনীসকলে ভাৰতীয় সাংকেতিক ভাষাত যোগাযোগ কৰিবলৈ আৰম্ভ কৰে, বা ‘সুগম্য ভাৰত’ৰ জৰিয়তে সামগ্ৰিক আৰু সুলভ ৰাষ্ট্ৰৰ অভিযানৰ জৰিয়তে লাভান্বিত হয়, তেতিয়া তেওঁলোকে সন্মানিত অনুভৱ কৰে আৰু দেশৰ নাগৰিক হিচাপে মৰ্যাদা লাভ কৰে।
  • পেৰালিম্পিকত আমাৰ খেলুৱৈসকল সম্পূৰ্ণ সফলতাৰে ওলাই অহা দেখিলে আচৰিত লাগে।
  • আমাৰ উপেক্ষিত ‘ট্ৰেন্সজেণ্ডাৰ’ সমাজৰ প্ৰতি উচ্চ সংবেদনশীলতাৰ সৈতে ন্যায়সঙ্গত সিদ্ধান্তসমূহৰ সংশোধনী আনি তেওঁলোকক মূলসুঁতিলৈ অনাৰ বাবে নতুন আইন প্ৰৱৰ্তন কৰি আৰু সকলোৰে বাবে মৰ্যাদা, সন্মান আৰু সমতা নিশ্চিত কৰি লোৱা হৈছে।
  • আমি 'ত্ৰিবিধ মাৰ্গ' (ত্ৰি-মুখী পথ)ৰ সূচনা কৰিছো আৰু সকলোৰে সেৱাৰ মনোভাৱৰ প্ৰত্যক্ষ লাভ দেখিবলৈ পাইছো।
  • অৱহেলিত অঞ্চল, প্রান্তিক সম্প্ৰদায়, আমাৰ ক্ষুদ্ৰ কৃষক, জনজাতীয় ভাই-ভনী, আমাৰ মাতৃ-ভগ্নী, আমাৰ শ্ৰমিক আৰু আমাৰ দুৰ্বলশ্ৰেণীৰ লোকসকলক অন্তৰ্ভুক্ত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰাটো হৈছে আমাৰ কৰ্তব্য, যাতে তেওঁলোকক উন্নত আৰু সামৰ্থ্য প্ৰদান কৰিব পৰা যায়।

 

৯. শিক্ষা মন্ত্ৰালয়

  • অহা ৫টা বছৰত চিকিৎসা খণ্ডত ৭৫,০০০ নতুন আসন প্ৰৱৰ্তন কৰা হ'ব।
  • নতুন শিক্ষা নীতিৰ জৰিয়তে আমি একবিংশ শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিব বিচাৰিছো।
  • আমি প্ৰাচীন ‘নালন্দা বিশ্ববিদ্যালয়’ৰ আত্মাক পুনৰুজ্জীৱিত কৰিম, উচ্চ শিক্ষা আৰু গৱেষণাৰ প্ৰচাৰৰ দ্বাৰা ভাৰতক এক গোলকীয় শিক্ষা কেন্দ্ৰ হিচাপে গঢ়ি তুলিম।
  • দ্ৰুত গতিত বিকাশৰ আশা পূৰণ কৰিবলৈ আমি ভাৰতত ভৱিষ্যতৰ বাবে প্ৰস্তুত দক্ষ সম্পদ প্ৰস্তুত কৰিব লাগিব।
  • আমি এটা শিক্ষা ব্যৱস্থা বিকশিত কৰিব বিচাৰো যাতে আমাৰ দেশৰ যুৱপ্ৰজন্ম বিদেশলৈ যোৱাৰ প্ৰয়োজন নহয়। আমাৰ মধ্যবিত্ত পৰিয়ালবোৰে লাখ কোটি টকা খৰচ কৰাৰ প্ৰয়োজন নহ’ব। কেৱল সেয়াই নহয়, ইয়াৰ পৰিৱৰ্তে আমি এনে প্ৰতিষ্ঠানো গঢ়ি তুলিব বিচাৰিছো যিয়ে বিদেশৰ লোকসকলক ভাৰতলৈ আহিবলৈ আকৰ্ষিত কৰিব।
  • ভাষাৰ বাবে ভাৰতৰ প্ৰতিভা বাধাগ্ৰস্ত হ’ব নালাগে। মাতৃভাষাৰ শক্তিয়ে আনকি আমাৰ দেশৰ আটাইতকৈ দৰিদ্ৰ শিশুহঁতকো তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সামৰ্থ্য প্ৰদান কৰে।
  • 'নেশ্যনেল ৰিছাৰ্চ ফাউণ্ডেশ্যন' সৃষ্টি কৰা হৈছে, যি ইয়াক এক স্থায়ী প্ৰণালী বিকশিত কৰাৰ বাবে এক আইনী পৰিকাঠামো প্ৰদান কৰিছে যিয়ে নিৰন্তৰ গৱেষণা সামৰ্থ্য শক্তিশালী কৰিব।
  • এয়া অতি গৌৰৱৰ বিষয় যে আমি বাজেটত গৱেষণা আৰু উদ্ভাৱনৰ বাবে এক লাখ কোটি টকা আৱণ্টন দিয়াৰ সিদ্ধান্ত লৈছো যাতে আমাৰ দেশৰ যুৱপ্ৰজন্মৰ ধাৰণাবোৰক বাস্তৱ কৰিব পৰা যায়।

 

১০. জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

  • যুৱক,কৃষক, মহিলা আৰু জনজাতীয় লোকসকলে দাসত্বৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছিল।
  • আমি গাঁও, পাহাৰ আৰু বনাঞ্চলৰ বিভিন্ন দূৰৱৰ্তী বসতিসমূহত ‘প্ৰধানমন্ত্ৰী জনমন আঁচনি’ৰ লাভসমূহ প্ৰতিগৰাকী জনজাতীয় ভাই-ভনীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰিবলৈ চেষ্টাৰ কোনো ধৰণৰ  ত্ৰুটি ৰখা নাই।
  • আমি ‘ভগৱান’ বিৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ কাষ চাপি অহাৰ লগে লগে তেওঁৰ উত্তৰাধিকাৰিত্বৰ পৰা অনুপ্ৰাণিত হওঁ আহক।

 

১১. মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়

  • আমি ‘বিকশিত ভাৰত’ৰ প্ৰথম প্ৰজন্মৰ প্ৰতি বিশেষ গুৰুত্ব দি ‘ৰাষ্ট্ৰীয় পুষ্টি অভিযান’ আৰম্ভ কৰিছো।
  • যোৱা দশকটোত ১০ কোটি মহিলা মহিলা আত্ম-সহায়ক গোটৰ অংশ হৈছে।
  • মহিলাসকল আৰ্থিকভাৱে শক্তিশালী হ'লে সামাজিক পৰিৱৰ্তনৰ সাধনকাৰী আৰু ৰক্ষক হৈ উঠে।
  • এক কোটি মাতৃ আৰু ভগ্নীয়ে মহিলা আত্ম-সহায়ক গোটত যোগদান কৰিছে আৰু 'লাখপতি দিদি' হৈ উঠিছে।
  • মহিলা আত্ম সহায়ক গোটসমূহক আৱণ্টন দিয়া পুঁজি ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি কৰা হ'ব।
  • আজি পৰ্যন্ত বেংকৰ জৰিয়তে মুঠ ৯ লাখ কোটি পুঁজি এই আত্ম-সহায়ক গোটসমূহলৈ প্ৰদান কৰা হৈছে।
  • আমাৰ চৰকাৰে কৰ্মৰত মহিলাসকলৰ বাবে বেতনসহ মাতৃত্বকালীন ছুটি ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰিছে।
  • মহিলাসকলে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিছে। আজি বহুক্ষেত্ৰত আমাৰ প্ৰতিৰক্ষা খণ্ড, বায়ু সেনা, সেনা, নৌসেনা বা আমাৰ মহাকাশ খণ্ডই হওক- আমি আমাৰ মহিলাসকলৰ শক্তি আৰু সামৰ্থ্য প্ৰত্যক্ষ কৰি আছোঁ।
  • এখন সমাজ হিচাপে আমি আমাৰ আই, ভগ্নী আৰু কন্যাহঁতৰ ওপৰত কৰা অত্যাচাৰৰ ওপৰত গুৰুত্বসহকাৰে ধ্যান দিয়া উচিত।
  • মহিলাৰ বিৰুদ্ধে অপৰাধৰ কোনো পলম নকৰাকৈ তদন্ত কৰা উচিত। যিসকলে এনে ধৰণৰ পৈশাচিক কাৰ্য্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰ, ন্যায়পালিকা আৰু নাগৰিক সমাজৰ ওপৰত বিশ্বাস পুনৰ স্থাপন কৰাৰ বাবে প্ৰাথমিকতাৰ আধাৰত গোচৰ ৰুজু কৰিব লাগিব।
  • সময়ৰ আহ্বান হৈছে যে শাস্তি পোৱা অপৰাধীসকলৰ বিষয়ে এক বিস্তৃত আলোচনা হ'ব লাগে যাতে এনে পাপ কৰা সকলেও ফাঁচী দিয়াকে ধৰি পৰিণামবোৰৰ বাবে ভয়ত সন্ত্ৰস্ত হয়। মই অনুভৱ কৰোঁ যে এই ভয় সৃষ্টি কৰাটো অতিকে গুৰুত্বপূৰ্ণ।

 

১২. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

  • ভাৰতে 'স্বাস্থ্যৱন্ত ভাৰত'ৰ পথত খোজ আগাবঢ়াব লাগিব।
  • ভাৰতে ক’ভিডৰ বিৰুদ্ধে কোটি কোটি জনসংখ্যাৰ দ্ৰুততম টিকাকৰণ অভিযান সম্ভৱ কৰিছিল।

 

১৩. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়

  • ভাৰতৰ গুৰুত্ব এতিয়া ‘সেউজীয়া বিকাশ’ আৰু ‘সেউজীয়া নিয়োগ’ৰ ওপৰত।
  • জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ প্ৰচেষ্টাত ‘সেউজীয়া নিযুক্তি’ অপৰিহাৰ্য।
  • ‘সেউজ হাইড্ৰজেন মিছন’ৰ জৰিয়তে এক গোলকীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ'বলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।
  • ভাৰত ‘একক ব্যৱহাৰযোগ্য প্লাষ্টিক’ নিষিদ্ধ কৰাত আৰু আমাৰ নৱীকৰণযোগ্য শক্তিৰ প্ৰচেষ্টাক গুৰুত্বপূৰ্ণভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী আছিল।
  • ভাৰত হৈছে ‘জি-২০’ ৰাষ্ট্ৰসমূহৰ ভিতৰত একমাত্ৰ দেশ যিয়ে সময়ৰ আগতেই ‘পেৰিছ চুক্তি’ৰ লক্ষ্য পূৰণ কৰিছে।
  • আমি আমাৰ নৱীকৰণযোগ্য শক্তিৰ লক্ষ্য পূৰণ কৰিছো আৰু ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ উত্পাদনী সামৰ্থ্যৰ লক্ষ্যত উপনীত হোৱাৰ দিশত উচ্চাকাংক্ষীভাৱে কাম কৰি আছো।

 

১৪.  বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

  • "ভোকেল ফৰ লোকেল" অৰ্থনৈতিক বিকাশৰ বাবে এক নতুন মন্ত্ৰ হৈ উঠিছে।
  • "এক জিলা এক সামগ্ৰী" এতিয়া নতুন লহৰ হিচাপে পৰিগণিত হৈছে।
  • ভাৰত এক ঔদ্যোগিক উৎপাদন কেন্দ্ৰ হৈ উঠিব আৰু বিশ্বই ইয়ালৈ ঘূৰি ঘূৰি চাব।
  • আমি "ভাৰতত ডিজাইন"ৰ আহ্বান গ্ৰহণ কৰিব লাগিব আৰু "ডিজাইন ইন ইণ্ডিয়া আৰু ডিজাইন ফৰ ৱৰ্ল্ড"ৰ সপোনলৈ আগবাঢ়িব লাগিব।
  • ৰাজ্য চৰকাৰসমূহে বিনিয়োগ আকৰ্ষিত কৰিবলৈ, সুশাসনৰ আশ্বাস প্ৰদান কৰিবলৈ আৰু আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত আস্থা নিশ্চিত কৰিবলৈ স্পষ্ট নীতি যুগুতাব লাগিব।
  • অৰ্ধপৰিবাহী উৎপাদনত গোলকীয় নেতা হ'বলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
  • ভাৰতে ‘মে’ড ইন ইণ্ডিয়া গে’মিং সামগ্ৰী’ৰ সৈতে আহিবলৈ ইয়াৰ সমৃদ্ধ প্ৰাচীন উত্তৰাধিকাৰী আৰু সাহিত্যৰ সুবিধা ল'ব লাগিব।
  • ভাৰতীয় পেছাদাৰীসকলে কেৱল খেলতে নহয়, ‘গে’ম’ প্ৰস্তুত কৰাতো ‘গোলকীয় গে’মিং বজাৰ’ক নেতৃত্ব দিব লাগিব।
  • ‘ভাৰতীয় মানক’ক ‘আন্তৰ্জাতিক মানক’ কৰি তোলাৰ আকাংক্ষা গ্ৰহণ কৰা উচিত।
  • গোলকীয় বিকাশত ভাৰতৰ অৱদান যথেষ্ট হৈছে, আমাৰ ৰপ্তানিৰ পৰিসৰ নিৰন্তৰ বৃদ্ধি হৈ আছে, আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দুগুণ হৈছে, আৰু গোলকীয় প্ৰতিষ্ঠানসমূহে বৰ্দ্ধিত হাৰত ভাৰতৰ ওপৰত তেওঁলোকৰ আস্থা স্থাপন কৰিছে।
  • আমি গৌৰৱান্বিত যে আমাৰ ‘পুতলা উদ্যোগ’টোও বিশ্ব বজাৰত গণনা কৰিবলগীয়া এটা নাম হৈ উঠিছে। আমি পুতলা ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছো।
  • এটা সময় আছিল যেতিয়া মোবাইল ফোন আমদানি কৰা হৈছিল, কিন্তু আজি ভাৰতৰ মোবাইল ফোনৰ নিৰ্মাণ পৰিস্থিতিতন্ত্ৰৰ এক বৃহৎ কেন্দ্ৰ আছে আৰু আমি সেইবোৰ সমগ্ৰ বিশ্বতে ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছো। ভাৰতৰ এনে ধৰণৰ দক্ষতা আছে।

 

১৫. ৰেল মন্ত্ৰালয়

  • ২০৩০ চনৰ ভিতৰত দেশৰ ৰে'লপথসমূহক ‘নেট-জিৰো কাৰ্বন নিৰ্গমণকাৰী’ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

১৬. জলশক্তি মন্ত্ৰালয়

  • আজি প্ৰতিটো পৰিয়ালে এক পৰিষ্কাৰ পৰিৱেশ আদৰি লৈছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কীয় আলোচনাক উদগনি দিছে।
  • প্ৰতিগৰাকী নাগৰিকে দায়িত্বশীল আচৰণ প্ৰদৰ্শন কৰিছে আৰু পৰিষ্কাৰ অভ্যাস আৰু পৰিৱেশৰ প্ৰতি সামাজিক পৰিৱৰ্তন নিশ্চিত কৰিবলৈ ইজনে সিজনৰ উচাহিত কৰি আহিছে।
  • আজি ১২ কোটি পৰিয়ালে ‘জল জীৱন মিছন’ৰ জৰিয়তে কম সময়ৰ ভিতৰতে স্বাস্থ্যকৰ কলৰ পানীৰ যোগান লাভ কৰিছে।

 

১৭. গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰালয়

  • চাৰি কোটি পকী ঘৰে দৰিদ্ৰ লোকসকলক এক নতুন জীৱন প্ৰদান কৰিছে।
  • এই ৰাষ্ট্ৰীয় কাৰ্যসূচীক আগুৱাই নিয়াৰ প্ৰয়াস হিচাপে তিনি কোটি নতুন ঘৰৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

 

১৮. পশুপালন মন্ত্ৰালয়

  • ব্যাপক উন্নয়নৰ বাবে চেষ্টা কৰাৰ লগতে আমাৰ মাছমৰীয়া আৰু পশুধন পালকসকলৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণ কৰাটো আমাৰ নীতি, আমাৰ উদ্দেশ্য, আমাৰ সংস্কাৰ, আমাৰ কাৰ্যসূচী আৰু আমাৰ কৰ্মশৈলীৰ এক অংশ হৈ আহিছে।

 

১৯. সংস্কৃতি মন্ত্ৰালয়

 

  • আজি আমি আমাৰ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া সাহসী স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনাইছো। আমাৰ দেশ তেওঁলোকৰ ত্যাগ আৰু সেৱাৰ বাবে চিৰদিনৰ বাবে ঋণী হৈ থাকিব।
  • স্বাধীনতা দিৱস হৈছে তেওঁলোকৰ দৃঢ়তা, সংকল্প আৰু দেশপ্ৰেমমূলক গুণবোৰ মনত ৰখাৰ এক উৎসৱ। এই সাহসীসকলৰ বাবেই স্বাধীনতাৰ এই উৎসৱত মুক্তভাৱে উশাহ লোৱাৰ সৌভাগ্য আমাৰ হৈছে। এই দেশখন তেওঁলোকৰ ওচৰত গভীৰ ভাৱে ঋণী।
  • আজি সমগ্ৰ ৰাষ্ট্ৰ ত্ৰিৰংগাৰ তলত একত্ৰিত হৈছে- প্ৰতিটো ঘৰ ইয়াৰে সজ্জিত হৈছে, জাতি, ধৰ্ম, উচ্চশ্ৰেণী বা নিম্ন শ্ৰেণীৰ কোনো পাৰ্থক্য নাই; আমি সকলো ভাৰতীয়। এই ঐক্য হৈছে আমাৰ দিশা শক্তিৰ প্ৰমাণ।

 

২০.  নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়

  • ভাৰতে সামূহিকভাৱে ‘জি ২০’ ৰাষ্ট্ৰসমূহতকৈ ‘নৱীকৰণযোগ্য শক্তি খণ্ড’ত অধিক সাফল্য অৰ্জন কৰিছে।
  • ভাৰতে শক্তি খণ্ডত আত্মনিৰ্ভৰশীল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰি আছে।
  • ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ মুক্ত বিদ্যুৎ আঁচনি’য়ে নতুন শক্তি প্ৰদান কৰিবলৈ সাজু হৈছে, আৰু ইয়াৰ দ্বাৰা আমাৰ দেশৰ সাধাৰণ পৰিয়াল, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীয়ে উপকৃত হব, যেতিয়া তেওঁলোকৰ বিদ্যুতৰ বিল বিনামূলীয়া হ'ব। যিসকলে ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ যোজনা’ৰ অধীনত সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদন কৰে, তেওঁলোকে তেওঁলোকৰ ইন্ধন  ব্যয়ও হ্ৰাস কৰিব পাৰিব।
  • বৈদ্যুতিক বাহনৰ চাহিদা বৃদ্ধি পাইছে।

 

২১. শক্তি মন্ত্ৰালয়

  • যেতিয়া এজন সাধাৰণ মানুহে লালকিল্লাৰ প্ৰাচীৰৰ পৰা শুনে যে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভাৰতৰ ১৮,০০০ গাঁৱলৈ বিদ্যুৎ যোগান ধৰা হ’ব আৰু সেই প্ৰতিশ্ৰুতি যেতিয়া পূৰণ কৰা হয়,  তেওঁলোকৰ আত্মবিশ্বাস শক্তিশালী হয়।
  • এতিয়াও ২.৫ কোটি ভাৰতীয় পৰিয়াল বিদ্যুৎবিহীন ভাবে অন্ধকাৰতে বাস কৰি আছে।

 

২২. পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়

  • আমি এই অঞ্চলবোৰক মূলসুঁতিলৈ অনাৰ বাবে আটাইতকৈ দূৰৱৰ্তী গাঁও আৰু সীমাক সংযোগ কৰা পথ নিৰ্মাণ কৰিছো।
  • এই শক্তিশালী আন্তঃগাঁথনি নেটৱৰ্কৰ জৰিয়তে আমি দলিত, পীড়িত, শোষিত, বঞ্চিত, পিছপৰা, জনজাতীয়, থলুৱা, আদিবাসী আৰু বন, পাহাৰ আৰু দূৰৱৰ্তী সীমান্ত অঞ্চলৰ বাসিন্দাসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হৈছো।

 

২৩. যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

  • লক্ষ্য হৈছে ভাৰতৰ যুৱপ্ৰজন্মক প্ৰশিক্ষণ দিয়া আৰু বিশ্বৰ দক্ষতাৰ ৰাজধানী হোৱা।
  • ১ লাখ যুৱক-যুৱতীক, বিশেষকৈ তেওঁলোকৰ পৰিয়ালত ৰাজনীতিৰ কোনো ইতিহাস নথকা সকলক ৰাজনৈতিক ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগে।
  • সৰু সৰু পথাৰ এখনৰে গোটেই পৰিয়ালটোৱেই জীৱনপাত কৰাৰ প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত, আমি যুৱ প্ৰজন্মক নতুন চাকৰি সুনিশ্চিত কৰিবলৈ আৰু উপাৰ্জনৰ অতিৰিক্ত উৎস সৃষ্টি কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা চলাই আছো।
  • ১৪০ কোটি দেশবাসীৰ হৈ ‘পেৰিছ অলিম্পিক’ত ভাৰতক প্ৰতিনিধিত্ব কৰা আমাৰ দেশৰ সকলো খেলুৱৈ আৰু এথলিটক মই অভিনন্দন জনাইছো।
  • মই আমাৰ সকলো ‘পেৰালিম্পিক’ খেলুৱৈলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
  • আমাৰ লক্ষ্য স্পষ্ট: ভাৰতৰ মাটিত ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰা। আমি ইয়াৰ বাবে প্ৰস্তুতি চলাই আছো আৰু এই দিশত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছো।

 

২৪. ডনাৰ মন্ত্ৰালয়

  • উত্তৰ-পূব ভাৰত এতিয়া চিকিৎসা আন্তঃগাঁথনিৰ কেন্দ্ৰ হৈ উঠিছে আৰু এই পৰিৱৰ্তনে আমাক অন্তিম মাইললৈকে সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰি জীৱন স্পৰ্শ কৰাত সহায় কৰিছে।

 

২৫. দক্ষতা বিকাশ মন্ত্ৰালয়

  • চৰকাৰে আমাৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে সক্ৰিয়ভাৱে পদক্ষেপ গ্ৰহণ কৰি আছে।
  • আমি এই বছৰৰ ‘স্কিল ইণ্ডিয়া’ কাৰ্যসূচীৰ বাবে বাজেটত এক বৃহৎ পুঁজি নিৰ্ধাৰণ কৰিছো।
  • এই বাজেটত যুৱসকলৰ বাবে গুৰুত্ব দিয়া ‘ইণ্টাৰ্নশ্বিপ’য়ে অভিজ্ঞতা আহৰণ কৰাত, তেওঁলোকৰ সামৰ্থ্য গঢ়ি তোলাত আৰু কৰ্মক্ষেত্ৰত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰাত সহায় কৰিব।
  • ভাৰতৰ দক্ষ জনশক্তিয়ে বিশ্বজোৰা চাকৰিৰ বজাৰখনত তেওঁলোকৰ ছাপ ৰাখিব। আমি সেই সপোনটোৰ সৈতে আগবাঢ়ি আছো।

 

২৬. আইন আৰু ন্যায় মন্ত্ৰালয়

  • বৰ্তমানৰ নাগৰিক সংহিতা এক সাম্প্ৰদায়িক নাগৰিক সংহিতা-ৰ দৰে, যিটো বৈষম্যমূলক।
  • ধৰ্মক ভিত্তি কৰি আমাৰ ৰাষ্ট্ৰক বিভাজন কৰা আৰু বৈষম্য বৃদ্ধি কৰা আইনৰ আধুনিক সমাজত কোনো স্থান নাই।
  • সাম্প্ৰদায়িক নাগৰিক সংহিতা-ৰ ৭৫ বছৰৰ পিছত ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা-ৰ দিশত আগবাঢ়ি যোৱাটো হৈছে অতি গুৰুত্বপূৰ্ণ।
  • আমাৰ সংবিধান প্ৰণেতাসকলৰ দৃষ্টিভংগী উপলব্ধি কৰাটো হৈছে আমাৰ সামূহিক দায়িত্ব।
  • আমি ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতা সম্পৰ্কে বিভিন্ন মতামত আৰু দৃষ্টিভংগীক স্বাগতম জনোৱা উচিত।
  • ভাৰতে "এক ৰাষ্ট্ৰ এক নিৰ্বাচন"ৰ ধাৰণাটো গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব লাগে।
  • নাগৰিকসকল আইনী জটিলতাৰ জালত আৱদ্ধ নোহোৱাটো নিশ্চিত কৰিবলৈ ১,৫০০ তকৈয়ো অধিক আইন বাতিল কৰা হৈছে।
  • আমি শতিকা পুৰণি অপৰাধী আইনৰ সলনি ‘ভাৰতীয় ন্যায় সংহিতা’ নামেৰে জনাজাত নতুন অপৰাধী আইন প্ৰস্তুত কৰিছো, যাৰ মূল ধাৰণা হৈছে ব্ৰিটিছৰ আদৰ্শৰ বিপৰীতে নাগৰিকসকলৰ বাবে ন্যায় নিশ্চিত কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 25,000 cr cyber fraud prevented, Rs 323 cr returned to victims as Centre expands e-Zero FIR: Report

Media Coverage

Rs 25,000 cr cyber fraud prevented, Rs 323 cr returned to victims as Centre expands e-Zero FIR: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”