তেওঁ লগতে গুজৰাটৰ ৰেলৱে খণ্ডৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে
এমজি ৰামচন্দ্ৰনৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
কেৱাডিয়া বিশ্বৰ সৰ্ববৃহৎ পৰ্যটনস্থলী হৈ উঠিছেঃ প্ৰধানমন্ত্ৰী
লক্ষ্যকেন্দ্ৰিক প্ৰচেষ্টাৰে ৰূপান্তৰিত হৈছে ভাৰতীয় ৰেলৱে

নমস্কাৰ,

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ এক সুন্দৰ ছবি আজি ইয়াত দৃশ্যমান হৈছে৷ আজি এই কাৰ্যসূচীৰ ৰূপ-স্বৰূপ বহুত বিশাল, ই এক ঐতিহাসিক৷

কেৱাড়িয়াত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী উপস্থিত আছে৷ প্ৰতাপনগৰত গুজৰাট বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদী জী আছে৷ আহমেদাবাদৰ পৰা গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নীতিন পেটেল জী, দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী পীয়ুষ গোৱেল জী, বিদেশ মন্ত্ৰী এছ জয়শংকৰ, ড০ হৰ্ষ বৰ্ধন জী, দিল্লীৰ মুখ্যমন্ত্ৰী ভাই অৰৱিন্দ কেজৰিৱাল জী মোৰ সৈতে সংযুক্ত হৈছে৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ভাই উদ্ধৱ থাকৰে জীও উপস্থিত আছে৷ বাৰাণসীৰ পৰা উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী আমাৰ সৈতে সংযুক্ত হৈছে৷ তদুপৰি, তামিলনাডুৰ সৈতে অন্যান্য ৰাজ্য চৰকাৰৰ মাননীয় মন্ত্ৰীবৰ্গ, বিধায়কসকলে আজি এই বিশাল কাৰ্যসূচীত আমাৰ সৈতে আছে আৰু আটাইতকৈ সুখৰ কথাটো হৈছে যে আজি আনন্দত থকা চৰ্দাৰ বল্লভ ভাই পেটেল জীৰ বৃহৎ পৰিয়ালৰ বহু সদস্যইও আজি আমাক আশীৰ্বাদ দিয়াৰ বাবে আহিছে৷ আজি কলা জগতৰ বহু জ্যেষ্ঠ শিল্পী, ক্ৰীড়া জগত তাৰকাও ব্যাপক হাৰত এই কাৰ্যসূচীৰ সৈতে জড়িত হৈছে আৰু এই সকলোৰে লগতে আমাক আশীৰ্বাদ দিয়াৰ বাবে অহা দেৱতাসদৃশ আমাৰ জনতা জনাৰ্দন, আমাৰ মৰমৰ ভাই-ভনী, আমাৰ ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতিনিধিত্ব কৰা শিশুসকল, আপোনালোক সকলোকে অভিনন্দন জনাইছো৷

ৰে’লৰ ইতিহাসত সম্ভৱতঃ প্রথমবাৰলৈ এনে হৈছে যে একেলগে দেশৰ বিভিন্ন প্রান্তৰ পৰা এটা স্থানলৈ ইমানবোৰ ৰে’ল শুভাৰম্ভ কৰা হৈছে৷ আচলতে কেৱাড়িয়া ঠাইখনেই এতিয়া এনেধৰণৰ হৈ উঠিছে। ইয়াৰ পৰিচিতি দেশক 'এক ভাৰত শ্রেষ্ঠ ভাৰত'ৰ মন্ত্র প্রদানকাৰী, দেশক ঐক্যবদ্ধ কৰাৰ কৃতিত্ব যাৰ আছে, সেই চৰ্দাৰ পেটেলৰ বিশ্বৰ সর্বোচ্চ মূর্তি ষ্টেছ্যু অফ ইউনিটিৰ সৈতে জড়িত হৈছে। আৰু সংযুক্ত হৈছে চৰ্দাৰ সৰোবৰ বান্ধৰ সৈতে। আজিৰ এই আয়োজন প্রকৃতাৰ্থত ভাৰতক ঐক্যবদ্ধকাৰী ভাৰতীয় ৰে’লৰ দূৰদৃষ্টি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱনৰ উদ্দেশ্য এই দুয়োটাকে একেলগে সংজ্ঞায়িত কৰিছে৷ আজি মই অতিশয় আনন্দিত যে এই কাৰ্যসূচীত ভিন ভিন ৰাজ্যৰ ইমানসংখ্যক জনপ্রতিনিধিয়ে অংশগ্ৰহণ কৰিছে৷ মই আপোনালোক সকলোকে কৃতজ্ঞতা জনাইছো।৷

আজি কেৱাড়িয়াৰ বাবে ৰাওনা হোৱা সকলো ৰে’লৰ ভিতৰত এখন ৰে’ল পুৰাৎচি থালাইভাৰ ড০ এম জি ৰামচন্দ্রন চেণ্ট্ৰেল ৰে’লৱে ষ্টেচনৰ পৰাও আহিছে। এয়া অতি আনন্দৰ কথা যে আজি ভাৰতৰত্ন এমজিআৰৰ জন্ম বাৰ্ষিকী। এমজিআৰ ছবি জগতৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জগতলৈকে জনগণৰ হৃদয়ত স্থান দখল কৰিছিল৷ তেওঁৰ জীৱন, তেওঁৰ সমগ্ৰ ৰাজনৈতিক যাত্রা দুখীয়া লোকসকলৰ বাবে সমর্পিত আছিল। দুখীয়া লোকসকলে যাতে সন্মানজনক জীৱন যাপন কৰে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ অক্লান্ত পৰিশ্রম কৰি গৈছে৷ ভাৰতৰত্ন এমজিআৰৰ এই আদর্শসমূহ বাস্তবায়িত কৰাৰ বাবে আজি আমি সকলোৱে চেষ্টা কৰিছো৷ বহু বছৰৰ পূৰ্বে দেশত তেওঁৰ সন্মানত চেন্নাই চেণ্ট্ৰেল ৰে’লৱে ষ্টেচনৰ নাম সলনি কৰি এমজিআৰৰ নামত ৰাখিছে। মই ভাৰতৰত্ন এমজিআৰ প্রণাম জনাইছো, তেওঁক শ্রদ্ধাঞ্জলি জনাইছো৷

বন্ধুসকল,

আজি কেৱাড়িয়াক দেশৰ বিভিন্ন ঠাইৰ সৈতে পোনপটীয়া ৰে’ল যোগাযোগৰ জৰিয়তে যুক্ত কৰাৰ এই মুহূর্ত সমগ্ৰ দেশৰ বাবে এক অদ্ভূত মুহূর্ত, আমাৰ প্রত্যেকৰে বাবে গৌৰৱৰ ক্ষণ৷ কিছু সময়ৰ পূৰ্বে চেন্নাইৰ উপৰি বাৰাণসী, ৰিৱা, দাদৰ, দিল্লীৰ পৰা কেৱাড়িয়া এক্সপ্রেছ ৰাওনা হৈছে। আৰু আমেদাবাদৰ পৰা জনশতাব্দী এক্সপ্রেছ কেৱাড়িয়ালৈ বুলি ৰাওনা হৈছে। একেদৰে কেৱাড়িয়া আৰু প্রতাপনগৰৰ মাজত মেমু সেৱা আৰম্ভ হৈছে। দভৈ-চান্দোৰ ৰে’ললাইন প্রশস্তিকৰণ আৰু চান্দোৰ-কেৱাড়িয়াৰ মাজত নতুন ৰে’ললাইন এতিয়া কেৱাড়িয়াৰ উন্নয়ন যাত্রাত নতুন অধ্যায়ৰ সুচনা কৰিছে৷ আজি এই ভাৰতীয় ৰে’লৰ কাৰ্যসূচীৰ সৈতে জড়িত হৈ কিছু পুৰণি স্মৃতি মনত পৰিছে। অতি কম সংখ্যক মানুহে জানে যে বৰোদা আৰু দভৈৰ মাজত আগতে নেৰ’গজ ৰে’ল চলিছিল৷ মই বহুবাৰ এই পথত যাত্ৰা কৰিছো৷ মা নর্মদাৰ প্রতি এটা সময়ত আমাৰ খুব আকর্ষণ আছিল। মই সুযোগ পালেই আহিছিলো৷ জীৱনৰ কেতবোৰ গুৰুত্বপূর্ণ মুহূর্ত মা নর্মদাৰ কোলাত কটাইছো আৰু সেই সময়ত এই নেৰ’গজ ৰে’লত কিমান যে উঠিছিলো৷ এই নেৰ’গজ ট্রেনৰ এটা মজা আছিল যে ইয়াৰ গতি যথেষ্ট কম আছিল। যিকোনো স্থানত নামক আৰু পুনৰ যিকোনো ঠাইত উঠক৷ কেতিয়াবা ইয়াৰ সৈতে গৈ গৈ এনেলাগে যে ট্রেইনতকৈ আমাৰ গতি অধিক৷ এই ট্রেইনৰ সৈতে কিমান যে মজা কৰিছো৷ কিন্তু আজি এই পথ ব্রডগজলৈ ৰূপান্তৰিত হৈছে৷ এই ৰে’ল যোগাযোগ ব্যৱস্থাৰ জৰিয়তে আটাইতকৈ বেছি লাভ হ’ব, যিসকলে ষ্টেছ্যু অফ ইউনিটি চাবলৈ আহিব, সেইসকল পর্যটকৰ। লগতে, এই যোগাযোগ ব্যৱস্থাৰ পৰিবর্তনে কেৱাড়িয়াৰ আদিবাসী ভাই-ভনীসকলৰ জীৱনো সলনি কৰিব৷ এই যোগাযোগ ব্যৱস্থাই সেৱাৰ লগতে কর্মসংস্থাপন আৰু স্বৰোজগাৰৰ নতুন নতুন সুযোগ লৈ আহিব৷ এই ৰে’ললাইনে মা নর্মদাৰ সমীপৱৰ্তী কৰনালী, পোইচা আৰু গৰুড়েশম্বৰৰ দৰে আধ্যাত্মৰ সৈতে জড়িত গুৰুত্বপূর্ণ স্থানসমূহক যুক্ত কৰিব আৰু এই কথা সত্য যে সমগ্ৰ অঞ্চল এক প্ৰকাৰৰ আধ্যাত্মিক স্পন্দনেৰে পৰিপূর্ণ। এই ব্যৱস্থাৰ ফলত সাধাৰণতে যিসকলে আধ্যাত্মিক গতিবিধিৰ বাবে ইয়ালৈ আহে, তেওঁলোকৰ বাবেতো এক প্ৰকাৰৰ ডাঙৰ আশীর্বাদী উপহাৰ৷

 

ভাই-ভনীসকল,

আজি কেৱাড়িয়া গুজৰাটৰ প্রান্তীয় অঞ্চলৰ এটা সৰু ব্লক হৈ থকা নাই৷ এতিয়া কেৱাড়িয়া বিশ্বৰ আটাইতকৈ বিশাল বৃহৎ গন্তব্যস্থান হিচাপে উঠি আহিছে। ষ্টেছ্যু অফ ইউনিটী দেখাৰ বাবে এতিয়া ষ্টেছ্যু অফ লিবাট্ৰীতকৈও অধিক পর্যটক আহিছে৷ উদ্বোধনৰ পাছৰে পৰা ইতিমধ্যে প্রায় ৫০লাখ লোকে ষ্টেছ্যু অফ ইউনিটী চাবলৈ আহিছে৷ ক’ৰোনাৰ মাহবোৰত সকলো বন্ধ হৈ থকাৰ পাছত আকৌ যেতিয়া খুলিছে, কেৱাড়িয়াত পর্যটকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ এক সমীক্ষাত অনুমান কৰা হৈছে যে যিদৰে যোগাযোগ ব্যৱস্থা উন্নত হৈছে, ভৱিষ্যতে প্রতিদিনে ১ লাখ লোক কেৱাড়িয়ালৈ আহিবলৈ আৰুম্ভ কৰিব৷

বন্ধুসকল,

ক্ষুদ্ৰ সুন্দৰী কেৱাড়িয়াই এইকথা প্রমাণ কৰিলে যে সুপৰিকল্পিতভাৱে পৰিৱেশ ৰক্ষা কৰি অর্থনৈতিক উন্নয়ন কৰিব পাৰি৷ ইয়াত এই অনুষ্ঠানত উপস্থিত থকা বহু গণ্যমান্য লোকে হয়তো কেতিয়াও কেৱাড়িয়ালৈ অহা নাই৷ কিন্তু মোৰ দৃঢ় বিশ্বাস এবাৰ কেৱাড়িয়াৰ উন্নয়নৰ যাত্রা দেখাৰ পাছত আপোনালোকেও দেশৰ এই ক্রমে গুৰুত্বপূর্ণ হৈ উঠা নতুন স্থানটো দেখি গৌৰৱ অনুভৱ কৰিব৷

বন্ধুসকল,

মোৰ মনত আছে, যেতিয়া আৰুম্ভণিতে কেৱাড়িয়াক বিশ্বৰ উন্নত পাৰিপাৰ্শ্বিক পর্যটক গন্তব্যস্থল হিচাপে গঢ়ি তোলাৰ কথা উত্থাপন হৈছিল, তেতিয়া বহুতৰ মনত এনে লাগিছিল, এই ভাৱনা সপোনক বাদ দি একো নহয়। বহুতে কৈছিল এটা সম্ভৱ নহয়, হ’বই নোৱাৰে৷ এই কাম কৰিবলৈ কেইবা দশক লাগিব৷ হয়, এইটো ঠিক যে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকৰ কথাত বহু যুক্তি আছিল। কেৱাড়িয়া অহা-যোৱাৰ বাবে কোনো উন্নত পথ নাছিল৷ পথ আছিল সেই পথত ষ্ট্ৰীটলাইট নাছিল, ৰে’ল নাছিল, পর্যটকৰ থকাৰ বাবে উন্নত ব্যৱস্থা নাছিল৷ নিজৰ গ্রামীণ পৰিপ্রেক্ষিত লৈ কেৱাড়িয়া দেশৰ অন্য সৰু গাঁৱৰ দৰেই আছিল। কিন্তু আজি কেইটামান বছৰতে কেৱাড়িয়াৰ সামগ্ৰিক ছবি সলনি হৈছে। এতিয়া কেৱাড়িয়া পাবলৈ উন্নত পথ আছে, থকাৰ বাবে সমগ্ৰ টেণ্ট চিটী আছে, অন্যান্য সুন্দৰ ব্যৱস্থা আছে, উন্নত মোবাইল যোগাযোগ ব্যৱস্থা আছে, উন্নত হাস্পতাল আছে। কেইদিন পূৰ্বে বিমান সেৱাও আৰুম্ভ হৈছে। আজি একেলগে দেশৰ ইমানবোৰ চহৰৰ পৰা ইমানবোৰ ৰে’ল পথ কেৱাড়িয়াৰ সৈতে যুক্ত হৈছে। এই চহৰে এতিয়া এফালে 'কমপ্লিট ফেমিলি পেকেজ'ৰূপে সেৱা প্ৰদানৰ বাবে প্রস্তুত হৈছে। ষ্টেছ্যু অফ ইউনিটি আৰু চৰ্দাৰ সৰোবৰ বান্ধৰ অনুপম দৃশ্য, ইয়াৰ বিশালতাৰ অনুভৱ, আপোনালোকে কেৱাড়িয়া পালেই গম পাব৷ এতিয়া ইয়াত কেইবা শ একৰ বিস্তৃত চৰ্দাৰ পেটেল জুলজিকেল পার্ক আছে, জংঘল ছাফাৰী আছে। এফালে, আয়ুর্বেদ আৰু যোগৰ জৰিয়তে আৰোগ্য সাধন হ’ব পাৰে আৰু আনফালে পুষ্টি পার্ক আছে। ৰাতিৰ পোহৰত জিলিকা থকা বাগান আছে, দিনত চাবলৈ কেকটাছ বাগান আৰু পখিলা বাগান আছে। পর্যটকৰ ভ্রমণৰ বাবে 'একতা ক্রুজ' আছে, আনফালে, নতুন অভিযানকাৰীৰ সাহস প্রদর্শনৰ বাবে ৰাফটিঙৰ ব্যৱস্থাও আছে। অর্থাৎ, শিশুৰ পৰা আৰম্ভ কৰি যুবক, বৃদ্ধ সকলোৰে বাবে ইয়াত বহুত কিবাকিবি আছে। ক্রমে উন্নতৰ পৰা উন্নততৰ হৈ উঠা পর্যটন ব্যৱস্থাৰ ফলত স্থানীয় আদিবাসী যুৱক-যুৱতীসকলে কর্মসংস্থাপন লাভ কৰিছে৷ ইয়াৰ সাধাৰণ জনতাৰ জীৱনত দ্রুতগতিতে আধুনিক সেৱা উপলব্ধ হৈছে৷ কোনোবাজন মেনেজাৰ হৈছে, কোনোবাজন কাফেৰ মালিক আৰু বহুতে গাইডৰ কাম কৰিছে৷ মোৰ মনত পৰে যেতিয়া মই জুলজিকেল পার্কত চৰাইৰ বাবে তৈয়াৰ কৰা বিশেষ 'এভিয়াৰি ডোম' চাবলৈ গৈছিলো, তেতিয়া তাত এগৰাকী স্থানীয় মহিলা গাইডে ইমান বিস্তৃতভাৱে চৰাইক লৈ মোক কৈছিলে যে মই অবাক হৈ গৈছিলো৷ তদুপৰি, কেৱাড়িয়াৰ স্থানীয় মহিলাসকলে তেওঁলোকৰ হস্তশিল্প বিক্ৰীৰ বাবে প্ৰস্তুত কৰা বিশেষ 'একতা মল'ত নিজে পোনপটীয়াকৈ পর্যটকক সামগ্ৰী বিক্ৰী কৰিব পাৰিছে৷ মোক কোৱা হৈছে যে কেৱাড়িয়াৰ আদিবাসী গাঁওসমূহত ২০০তকৈও অধিক ঘৰ চিহ্নিত কৰে সেইবোৰ পর্যটকৰ বাবে হোমষ্টে ৰূপে বিকশিত কৰা হৈছে।

ভাই-ভনীসকল,

কেৱাড়িয়াত যি ৰে’ল ষ্টেচন গঢ়ি তোলা হৈছে, তাতো সেৱাৰ লগতে পর্যটনৰ কথাৰ প্ৰতি লক্ষ্য কৰা হৈছে। তাত এক ট্রাইবেল আর্ট গেলাৰী আৰু এক ভিউৱিং গেলাৰীও প্ৰস্তুত কৰা হৈছে। এই ভিউৱিং গেলাৰীৰ পৰা পর্যটকসকলে ষ্টেছ্যু অফ ইউনিটী চাব পাৰিব৷

বন্ধুসকল,

এইধৰণৰ নিৰ্ধাৰিত লক্ষ্যৰ প্রচেষ্টাৰ জৰিয়তে ভাৰতীয় ৰে’লত যি পৰিৱর্তিন হৈছে তাৰো প্রমাণ ইয়াত পাব৷ ভাৰতীয় ৰে’লৰ পাৰম্পৰিক যাত্রী আৰু মালগাড়ী চলোৱাৰ ভূমিকা পালনৰ লগতে এতিয়া আমাৰ প্রধান পর্যটন আৰু আধ্যাত্মৰ সৈতে জড়িত চার্কিটসমূহক পোনপটীয়াকৈ যোগাযোগ ব্যৱস্থা প্রদান কৰিছে। এতিয়াতো বহু পথত 'ভিষ্টা ডোম' সম্পন্ন ডবাই ভাৰতীয় ৰে’লৰ যাত্রাপথক আৰু অধিক আকর্ষণীয় কৰি তুলিছে। আমেদাবাদ-কেৱাড়িয়া জনশতাব্দী এক্সপ্রেছো সেই ৰে’লসমূৰ অন্যতম যিবোৰত 'ভিষ্টা-ডোম' কোচৰ সেৱা উপলদ্ধ৷

বন্ধুসকল,

বিগত বছৰসমূহত দেশত ৰে’লৰ আন্তধগাঁথনি আধুনিক ৰূপত গঢ় দিয়াৰ বাবে যিমান কাম হৈছে সেয়া অভূতপূর্ব। স্বাধীনতাৰ পাছৰে পৰা আমাৰ অধিকাংশ উদ্যোগ পূর্বৰ ৰে’ল ব্যৱস্থাক ঠিকঠাক কৰিবলৈ বা সংস্কাৰ কৰাতে লাগি আছিল৷ এই সময়ত নতুন ভাৱনা আৰু নতুন প্রযুক্তিক ইমান অগ্রাধিকাৰ দিয়া হোৱা নাছিল৷ এই দৃষ্টিভংগী পৰিৱর্তন কৰাৰ অতি প্রয়োজন আছিল। সেই বাবেই বিগত বছৰসমূহ দেশত ৰে’লৰ সমগ্ৰ ব্যৱস্থাত ব্যাপক পৰিৱর্তনৰ কাম কৰা হৈছে। এই কামে সচাকৈয়ে বাজেট কম-বেছি, নতুন ৰে’ল ঘোষণা কৰাৰ মাজতে সীমাবদ্ধ নাছিল৷ এই পৰিৱর্তন একেলগে বিভিন্ন ধৰণে কৰা হৈছে। এতিয়া যেনেকৈ কেৱাড়িয়াক ৰে’লপথৰ সৈতে যুক্ত কৰাৰ বাবে এই অভিনৱ প্রকল্পৰ উদাহৰণ যদি তুলি ধৰি, অলপ আগতে আপোনালোকে এটা ভিডিঅ’ৰ জৰিয়তে দেখিছে যে বিভিন্ন ঋতু পৰিৱর্তনৰ সময় বা ক’ৰোনা মহামাৰীৰ ফলত বিভিন্ন ধৰণৰ বাধা আহিছিল। কিন্তু অভিলেখ সময়ত এই কাম সম্পন্ন কৰা হৈছে আৰু যে নতুন নির্মাণ প্রযুক্তি এতিয়া ৰে’ল ব্যৱহাৰ কৰিছে সেয়াও এই ক্ষেত্রত যথেষ্ট সহায় কৰিছে। এই সময়ৰ মাজত নতুন নতুন ৰে’লপথৰ পৰা আৰম্ভ কৰি বিভিন্ন দলং নিৰ্মাণ কৰালৈকে নতুন প্রযুক্তিক অগ্রাধিকাৰ দিয়া হৈছে। স্থানীয় পৰ্যায়ত পোৱা কেঁচামাল ব্যৱহাৰ কৰা হৈছে। ছিগনেলিঙৰ কাম দ্রুত কৰাৰ বাবে ভাৰ্চুৱেল ম’ডৰ জৰিয়তে পৰীক্ষা কৰা হৈছে। পূর্বৰ পৰিস্থিতিত এই ধৰণৰ প্রতিকূলতা আহিলে প্রায়েই বিভিন্ন প্রকল্প বন্ধ হৈ আছিল৷

বন্ধুসকল,

ডেডিকেটেড ফ্রেইট কৰিড’ৰ প্রকল্পই আমাৰ দেশত আগতে যি নিয়ম-নীতি অনুসৰি চলিছিল সেই ধাৰণাৰ পৰিৱর্তন সাধন কৰা হৈছে। এটা উদাহৰণ দিও পূব আৰু পশ্চিম ডেডিকেটেড ফ্রেইট কৰিড’ৰৰ এটা বৃহৎ অংশৰ উদ্বোধন কৰাৰ সুযোগ মই কেইদিন মান পূৰ্বে পাইছিলো৷ দেশৰ বাবে অতি প্রয়োজনীয় এই প্রকল্প ২০০৬-১৪লৈকে অর্থাৎ প্রায় ৮ বছৰ ধৰি কেৱল ফাইলতে আৱদ্ধ আছিল৷ ২০১৪লৈকে ১ কিলোমিটাৰ ৰে’ললাইনো স্থাপন কৰা নাছিল৷ তাৰপাছৰে পৰা কাম আৰম্ভ কৰি এতিয়া অহা কেইটামান মাহৰ ভিতৰতে এই ফ্রেট কৰিডৰৰ প্রায় ১,১০০ কিলোমিটাৰ কাম সম্পন্ন হোৱা দিশ গতি কৰিছে।

বন্ধুসকল,

দেশত ৰে’ল নেটৱর্ক আধুনিকীকৰণৰ লগতে আজি দেশৰ সেই অঞ্চলসমূহক ৰে’লৰ সৈতে যুক্ত কৰা হৈছে যিবোৰ ইমানদিনে যুক্ত কৰা নাছিল৷ আজি আগতকৈ অধিক দ্ৰুতগতিত পুৰণি ৰে’ল পথসমূহৰ উন্নতিকৰণ আৰু বৈদ্যুতিকীকৰণ কৰা হৈছে। ৰে’ল পথসমূহ দ্রুত গতিসম্পন্ন ৰে’ল যোৱাৰ উপযোগী কৰি তোলা হৈছে। সেই বাবে আজি দেশত ছেমি-হাইস্পীড ৰে’ল চলোৱা সম্ভব হৈছে। আমি লগতে হাইস্পীড ট্ৰেক আৰু প্রযুক্তি ৰূপায়ণৰ দিশত দ্রুতগতিত আগুৱাই গৈছো৷ এই কামৰ বাবে বাজেট বৃদ্ধি কৰা হৈছে। কেৱল ইমানেই নহয় ৰে’লক পৰিৱে1শ-অনুকূল কৰাৰ বাবে বহুত কাম কৰা হৈছে। কেৱাড়িয়া ৰে’ল ষ্টেচন ভাৰতৰ প্রথম ইমান ষ্টেচন যি প্ৰতিষ্ঠাৰে পৰা গ্ৰীন বিল্ডিংৰূপে প্ৰশংসা লাভ কৰিছে।

ভাই-ভনীসকল,

ৰে’লক দ্রুতগতিত আধুনিকীকৰণৰ এটা ডাঙৰ কাৰণ ৰে’লৱে মেনুফেকচাৰিং আৰু ৰে’ল প্রযুক্তিত আত্মনির্ভৰতাৰ দিশত আমাৰ অগ্রাধিকাৰ। বিগত বছৰসমূহত এই লক্ষ্যৰে যিমান কাম হৈছে তাৰ ফল এতিয়া লাহে লাহে আমি দেখিবলৈ পাইছো৷ এতিয়া ভাৱক, আমি যদি ভাৰতত হাই হৰ্চ পাৱাৰৰ ইলেক্ট্রিক ল’ক’ম’টিভ নিৰ্মাণ নকলো, তেতিয়াহ’লে কি বিশ্বৰ প্রথম ডবল ষ্টেক লং হল কণ্টেইনাৰ ভাৰতত চলাব পাৰিলোহেতেন৷ আজি ভাৰততে এটাৰ পাছত আন এটা অধিক সুবিধাসম্পন্ন আধুনিক ৰে’লে ভাৰতীয় ৰে’লৰ গৌৰৱ বৃদ্ধি কৰিছে।

ভাই-ভনীসকল,

আজি যেতিয়া ভাৰতীয় ৰে’লৰ উন্নীতকৰণৰ জৰিয়তে আমি আগুৱাই গৈছো, তেনে অৱস্থাত অতি দক্ষতাসম্পন্ন বিশেষজ্ঞ মানৱসম্পদ আৰু পেশাদাৰীসকলৰ বহুত প্রয়োজন অনুভৱ হৈছে। বদোদৰাত ভাৰতৰ প্রথম ডিমড ৰে’লৱে বিশ্ববিদ্যালয় স্থাপনৰ অন্তৰালতো এই উদ্দেশ্যই নিহিত হৈ আছে৷ ৰে’লৰ বাবে এই ধৰণৰ উচ্চশিক্ষা প্রতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্রত ভাৰত বিশ্বৰ অগ্রণী দেশসমূহৰ মাজত অন্যতম স্থান দখল কৰিছে। ৰে’ল পৰিৱহণ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি মাল্টি-ডিচিপ্লিনেৰী ৰিছার্চ, প্রশিক্ষণ, সকলো প্রকাৰৰ আধুনিক সেৱা আদি এই শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। ২০খন ৰাজ্যৰ কেইবাশ মেধাৱী যুৱকে ভাৰতীয় ৰে’লৰ বর্তমান আৰু ভৱিষ্যতক উন্নত কৰি তুলিবলৈ ইয়াত শিক্ষা লৈছে৷ ইয়াত সংশ্লিষ্ট বিভিন্নধৰণৰ উদ্ভাৱন আৰু গৱেষণাৰ জৰিয়তে ভাৰতীয় ৰে’লক অত্যাধুনিক কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ৰে’ল ভাৰতৰ উন্নয়নৰ ট্ৰেকক যাতে গতি প্রদান কৰি থাকে এই কামনাৰে পুনৰবাৰ গুজৰাটসহ সমগ্ৰ দেশবাসীক এই নতুন ৰে’ল সেৱাৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো। চৰ্দাৰ চাহাবক প্ৰনাম জনাইছো, তেওঁ 'এক ভাৰত শ্রেষ্ঠ ভাৰত'ৰ যি সপোন তেওঁ দেখিছিলে, যেতিয়া ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা মানুহ আহি এই ষ্টেছ্যু অফ ইউনিটিৰ পবিত্র ভূমিত দেশৰ বিভিন্ন ভাষা, বিভিন্ন সাজপাৰৰ মানুহৰ যাতায়াত বৃদ্ধি পাব, তেতিয়া দেশৰ ঐক্যৰ সেই দৃশ্য এক প্রকাৰ এই ক্ষুদ্ৰ ভাৰতত আমি দেখিবলৈ পাম।

আজি কেৱাড়িয়াৰ বাবে এটা বৃহৎ বিশেষ দিন। দেশৰ ঐক্য আৰু অখণ্ডতাক উন্নত কৰাৰ যি প্রচেষ্টা নিয়মীয়াকৈ চলিছে ইয়াৰ জৰিয়তে ইয়াত এক নতুন অধ্যায় সংযোজিত হৈছে। মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Amir of Qatar
March 03, 2026

The Prime Minister, Shri Narendra Modi spoke with H.H. Sheikh Tamim bin Hamad Al Thani, the Amir of Qatar.

During the conversation, the Prime Minister conveyed that India stands firmly in solidarity with Qatar and strongly condemns any violation of its sovereignty and territorial integrity.

The two leaders emphasized the urgent need to restore peace and stability in the region through dialogue and diplomacy.

The Prime Minister also conveyed his appreciation for the continued support and care extended by the Qatari leadership to the Indian community in Qatar during this challenging time.

The Prime Minister wrote on X;

“Spoke with my brother, H.H. Sheikh Tamim bin Hamad Al Thani, the Amir of Qatar. We stand firmly in solidarity with Qatar and strongly condemn any violation of its sovereignty and territorial integrity. We emphasized the urgent need to restore peace and stability in the region through dialogue and diplomacy. I also conveyed my appreciation for his continued support and care for the Indian community in Qatar during this challenging time.

@TamimBinHamad”