400th Prakash Purab of Sri Guru Tegh Bahadur Ji is a spiritual privilege as well as a national duty: PM
The Sikh Guru tradition is a complete life philosophy in itself: PM Modi

নমস্কাৰ!

সমিতিৰ সকলো সন্মানীয় সদস্য, আৰু সহকৰ্মীসকল! গুৰু টেগ বাহাদুৰজীৰ ৪০০ তম প্ৰকাশ পৰ্বৰ এই উপলক্ষটো এক আধ্যাত্মিক সৌভাগ্য আৰু এক ৰাষ্ট্ৰীয় কৰ্তব্যও। আমি ইয়াত কিবা অৰিহণা যোগাব পাৰো, এই গুৰু অনুগ্ৰহ আমাৰ সকলোৰে ওপৰত আছে। মই সুখী যে আমি সকলোৱে দেশৰ সকলো নাগৰিকক সমবেত কৰি এই প্ৰচেষ্টাবোৰ আগবঢ়াই নিছো।

এতিয়া, ইয়াত, গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ৰূপায়ণ সমিতিৰ অধ্যক্ষ হিচাপে সমিতিৰ মতামত আমাৰ সন্মুখত উপস্থাপন কৰিছে, যিবোৰ পৰামৰ্শ পাইছো সেয়া ইয়াত সন্নিৱিষ্ট কৰা হৈছে। উপস্থাপনটোত সম্পূৰ্ণ বছৰৰ কাৰ্য পৰিকল্পনাৰ ওপৰত এক নমনীয় পৰিকাঠামো আছিল, য'ত যথেষ্ট সংশোধন, নতুন ধাৰণা সন্নিৱিষ্ট কৰাৰ সম্ভাৱনা আছে। আপোনালোক সদস্যসকলৰ পৰা অতি মূল্যৱান পৰামৰ্শ, অতি মৌলিক পৰামৰ্শ লাভ কৰা হৈছে আৰু এয়া সঁচা যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সুযোগৰ সদিচ্ছা লোৱাৰ আৰু আমাৰ দেশৰ মৌলিক চিন্তাধাৰা জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ এই সুযোগৰ সৌভাগ্য গ্ৰহণ কৰাৰ বাবে এইটো আমাৰ বাবে এক উত্তম সুযোগ। আজি ইয়াত সদস্যসকলৰ আটাইয়ে নিজৰ কথা উপস্থাপন কৰিবলৈ সুযোগ পোৱা নাই কিন্তু মই নিশ্চিত যে সকলো মাননীয় সদস্যসকলে তেওঁলোকৰ পৰামৰ্শসমূহ লিখিত ৰূপত আমালৈ প্ৰেৰণ কৰিব যাতে এই কাৰ্যসূচী অধিক সমৃদ্ধশালী কৰি তুলিব পাৰি৷

বন্ধুসকল,  

বিগত চাৰিটা শতিকাত, ভাৰতৰ এনে কোনো সময় নাই য’ত গুৰু টেগ বাহাদুৰজীৰ প্ৰভাৱৰ অভাৱ আমি কল্পনা কৰিব পাৰো! নৱম গুৰু হিচাপে, আমি সকলোৱে তেওঁৰ পৰা অনুপ্ৰেৰণা পাও। আপোনালোক সকলোৱে তেওঁৰ জীৱনৰ পৰ্যায়বোৰৰ সৈতে পৰিচিত, কিন্তু দেশৰ নতুন প্ৰজন্মৰ বাবে সেইবোৰ জনা আৰু বুজি পোৱাটোও সমানে গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

গুৰু নানক দেৱজীৰ পৰা গুৰু টেগ বাহাদুৰজী আৰু পিছত গুৰু গোবিন্দ সিংজীলৈকে, আমাৰ শিখ গুৰু পৰম্পৰা নিজেই জীৱনৰ এক সম্পূৰ্ণ দৰ্শন হৈ আহিছে। এয়া সৌভাগ্য যে আমাৰ চৰকাৰে গুৰু নানক দেৱজীৰ ৫৫০ তম প্ৰকাশ পৰ্ব, গুৰু টেগ বাহাদুৰজীৰ ৪০০ তম জন্ম জয়ন্তী আৰু গুৰু গোবিন্দ সিং জীৰ ৩৫০ তম প্ৰকাশ পৰ্ব উদযাপন কৰাৰ সুযোগ পাইছে। জীৱনৰ তাৎপৰ্য বুজিব বিচাৰিলে গোটেই পৃথিৱীয়ে আমাৰ গুৰুসকলৰ জীৱন পৰ্যৱেক্ষণ কৰি সহজে বুজিব পাৰে। তেওঁলোকৰ জীৱনত সৰ্বাধিক ত্যাগো আছিল৷ তেওঁলোকৰ জীৱনত জ্ঞানৰ পোহৰো আছিল আৰু আধ্যাত্মিক উচ্চতাও আছিল।

বন্ধুসকল,

গুৰু টেগ বাহাদুৰজীয়ে কৈছে, "সুখু দুখু দোনো সম কৰি জানে অৰু মনু আপমানা"। অৰ্থাৎ আমি সুখ দুখ, অপমানত একেধৰণে জীৱন যাপন কৰিব লাগিব। তেওঁ জীৱনৰ উদ্দেশ্য, ইয়াৰ পথো দেখুৱাইছে। তেওঁ আমাক ৰাষ্ট্ৰৰ সেৱাৰ লগতে জীৱন সেৱাৰ পথো দেখুৱাইছে। তেওঁ আমাক সমতা, সম্প্ৰীতি আৰু ত্যাগৰ মন্ত্ৰ দিছে। এই মন্ত্ৰবোৰ নিজে ধাৰণ কৰা আৰু জনসাধাৰণৰ কাষলৈ লৈ যোৱাটো আমাৰ সকলোৰে কৰ্তব্য।

বন্ধুসকল,

ইয়াত আলোচনা কৰা অনুসৰি দেশখনত সমগ্ৰ বছৰটোত ৪০০তম প্ৰকাশ পৰ্ব অনুষ্ঠিত হ'ব লাগে আৰু আমি ইয়াক বিশ্বৰ সৰ্বাধিক সংখ্যক লোকৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰা উচিত। শিখ পৰম্পৰাৰ সৈতে সম্পৰ্কিত যিকোনো তীৰ্থযাত্ৰা, যিবোৰ বিশ্বাসৰ স্থান, সেইসমূহে এই কাৰ্যকলাপবোৰক অধিক শক্তি প্ৰদান কৰিব। গুৰু টেগ বাহাদুৰজীৰ শব্দ, তেওঁৰ ৰাগ ভজন, তেওঁৰ সাহিত্য, সাংস্কৃতিক কাৰ্যসূচী, এইবোৰে জনসাধাৰণক অনুপ্ৰাণিত কৰিব। ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰৰ সৈতে, এই বাৰ্তাবোৰ সমগ্ৰ বিশ্বৰ নতুন প্ৰজন্মৰ বাবে সহজে উপলব্ধ হ'ব আৰু মই সুখী যে আজি বেছিভাগ সদস্যই ডিজিটেল প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰৰ পৰামৰ্শ দিছে, যিটো ভাৰতৰ স্ব-পৰিৱৰ্তনৰ এক ছবি। এই সকলো প্ৰচেষ্টাত, আমি যিমান পাৰি সিমানে জনসাধাৰণক জড়িত কৰিব লাগিব।

বন্ধুসকল,

এই সমগ্ৰ অনুষ্ঠানটোত, আমি গুৰু টেগ বাহাদুৰজীৰ লগতে সমগ্ৰ গুৰু পৰম্পৰাৰ জীৱন আৰু শিক্ষা বিশ্ব দৰবাৰলৈ লৈ যোৱা উচিত। শিখ সম্প্ৰদায় আৰু আমাৰ গুৰুসকলৰ অনুগামীসকলে আজি কেনেকৈ তেওঁলোকৰ পদাংক অনুসৰণ কৰি আছে, কেনেকৈ শিখসকলে সমাজ সেৱাৰ ইমান ডাঙৰ কাম কৰি আছে, আমাৰ গুৰুদ্বাৰাবোৰ কেনেকৈ মানৱ সেৱাৰ জাগ্ৰত কেন্দ্ৰ, যদি আমি এই বাৰ্তাবোৰ সমগ্ৰ বিশ্বলৈ লৈ যাও, আমি মানৱতাক যথেষ্ট অনুপ্ৰাণিত কৰিবলৈ সক্ষম হ'ম। মই ইয়াক গৱেষণা কৰিব বিচাৰো আৰু ইয়াক নথিভুক্ত কৰিব বিচাৰো। আমাৰ এই প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মকো পথ প্ৰদৰ্শন কৰিব। গুৰু টেগ বাহাদুৰজীকে ধৰি সকলো গুৰুৰ চৰণত আমাৰ শ্ৰদ্ধাঞ্জলিও অৰ্পণ হ’ব আৰু এক প্ৰকাৰে কাৰ্যঞ্জলিও জ্ঞাপন কৰা হ'ব। এইটোও গুৰুত্বপূৰ্ণ যে এই গুৰুত্বপূৰ্ণ সময়ত দেশখনে স্বাধীনতাৰ অমৃত মহোৎসৱো উদযাপন কৰি আছে, আমাৰ স্বাধীনতাৰ ৭৫ বছৰ হোৱাৰ পথত। মই নিশ্চিত যে গুৰুৰ আশীৰ্বাদত আমি নিশ্চিতভাৱে আমাৰ প্ৰতিটো অনুষ্ঠানতে সফল হ'ম। আপোনালোকৰ উত্তম পৰামৰ্শৰ বাবে মই আপোনালোকৰ ওচৰত অত্যন্ত কৃতজ্ঞ আৰু অনাগত সময়ত আপোনালোকৰ সক্ৰিয় সহযোগিতাই এই মহান পৰম্পৰাক অনাগত প্ৰজন্মলৈ লৈ যোৱাত যথেষ্ট অৰিহণা যোগাব। এইটো আমাৰ গৌৰৱ যে মই এই শুভ উৎসৱত গুৰুসকলৰ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো।

এই শুভকামনাৰ সৈতে ,আপোনালোক সকলোলৈ অশেষ অশেষ ধন্যবাদ৷    

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Lauds PV Sindhu For Japan Open, Women's Cricket Team On Lord's Win

Media Coverage

PM Modi Lauds PV Sindhu For Japan Open, Women's Cricket Team On Lord's Win
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets all CRPF personnel on their Raising Day
July 27, 2026

Prime Minister Shri Narendra Modi today extended his greetings to all CRPF personnel on their Raising Day. He stated that the CRPF has distinguished itself through its unwavering courage and commitment to duty.

Shri Modi noted that from safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. He highlighted that their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

In a post on X, the Prime Minister shared:

"Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. Their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

@crpfindia"