মহামহিমসকল,

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক মই আন্তৰিক অভিনন্দন জনাইছো। ইয়াৰ দ্বাৰা সুলভ, আহৰণযোগ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ প্ৰতি আমাৰ উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত হয়। Covid মহামাৰীৰ সময়ত আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ বাবে “QUAD Vaccine Initiative” গ্ৰহণ কৰিছিলো আৰু মই আনন্দিত যে QUAD ত আমি একেলগে ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছো।

 

কেন্সাৰৰ চিকিৎসাত নিৰাময়ৰ বাবে সহযোগিতা অতি প্ৰয়োজনীয়। কেন্সাৰৰ বোজা হ্ৰাস কৰিবলৈ প্ৰতিৰোধ, পৰীক্ষা, নিদান আৰু চিকিৎসাৰ এক সংহত পদ্ধতি অতি প্ৰয়োজনীয়। ভাৰতত বৃহৎ পৰিসৰত অতি ব্যয়বহুল ছাৰ্ভাইকেল কেন্সাৰ স্ক্ৰীনিং কাৰ্যসূচী চলি আছে, আৰু ভাৰতে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনিখন পৰিচালনা কৰে। আৰু, সকলোকে সুলভ মূল্যত ঔষধ যোগান ধৰিবলৈ বিশেষ কেন্দ্ৰও সৃষ্টি কৰা হৈছে। ভাৰতে ছাৰ্ভাইকেল কেন্সাৰৰ বাবে নিজাকৈ ভেকচিনো প্ৰস্তুত কৰিছে। আৰু, এ.আই. নতুন চিকিৎসা প্ৰট’কলো প্ৰৱৰ্তন কৰা হৈছে।

 

মহামহিমসকল,

ভাৰত নিজৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা আনৰ সৈতে ভাগ-বতৰা কৰিবলৈ সাজু। আজি আমাৰ এই কাৰ্যসূচীত ভাৰতৰ পৰা কৰ্কট ৰোগৰ চিকিৎসাত কাম কৰা বহু বিশেষজ্ঞই যোগদান কৰিছে। ভাৰতৰ দৃষ্টিভংগী হৈছে “এক পৃথিৱী, এক স্বাস্থ্য” এই মনোভাৱেৰে কোৱাড মুনশ্বট পদক্ষেপৰ অধীনত নমুনা সংগ্ৰহৰ কিট আৰু ভেকচিনৰ বাবে ৭৫ লাখ ডলাৰৰ সাহায্য ঘোষণা কৰিছোঁ।

 

মই আনন্দিত যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ বাবে GAVI আৰু QUAD পদক্ষেপৰ অধীনত ভাৰতৰ পৰা ৪ কোটি ভেকচিনৰ মাত্ৰা অৱদান আগবঢ়োৱা হ’ব। এই ৪ কোটি ভেকচিনৰ ড’জ লাখ লাখ মানুহৰ জীৱনত আশাৰ ৰেঙণি হৈ পৰিব। আপুনি দেখিছে যে যেতিয়া QUAD এ কাম কৰে, তেতিয়া ই কেৱল দেশবোৰৰ বাবেই নহয় – ই মানুহৰ বাবে। এয়াই আমাৰ মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ প্ৰকৃত সাৰমৰ্ম।

 

ধন্যবাদ

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA

Media Coverage

Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch