Budget 2021 has boosted India's self confidence: PM Modi
This year's budget focuses on ease of living and it will spur growth: PM Modi
This year's budget is a proactive and not a reactive budget: PM Modi

নমস্কাৰ,

২০২১ৰ বাজেটখন অসাধাৰণ পৰিস্থিতিৰ মাজত উথ্থাপন কৰা হৈছে। ইয়াত যথাৰ্থৰ অনুভৱ বিদ্যমান হোৱাৰ লগতে বিকাশৰ বিশ্বাসো পৰিস্ফূট হৈছে। ক’ৰোনাই পৃথিৱী জুৰি যি প্ৰভাৱ বিস্তাৰিত কৰিছিল, সিয়ে সমগ্ৰ মানৱ জাতিকে বিতত্ কৰি পেলাইছিল। এনে পৰিস্থিতিৰ মাজত, আজিৰ এইখন বাজেটক ভাৰতৰ আত্মবিশ্বাসক উজ্জীৱিত কৰিব পৰা বিধৰ আৰু লগতে পৃথিৱীকো এক নতুন আত্মবিশ্বাস দিব পৰা বিধৰ বুলি উল্লেখ কৰিব পাৰি।

আজিৰ বাজেটখনত আত্মবিশ্বাসৰ ‘ভিজন’তো আছেই, প্ৰতিগৰাকী নাগৰিক, প্ৰতিটো বৰ্গৰ সমাৱেশো আছে। আমি এইখন বাজেটত যিবোৰ সিদ্ধান্ত স্বীকাৰ কৰি আগবাঢ়িব খুজিছো, সেয়া হৈছে- উত্তৰণৰ বাবে সুযোগ, নতুন সম্ভাৱনাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা, যুৱ-প্ৰজন্মৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰা। মানৱ সংসাধনক এক নতুন মাত্ৰা প্ৰদান কৰা। আন্তঃগাঁথনি নিৰ্মাণৰ বাবে নতুন নতুন ক্ষেত্ৰ বিকশিত কৰা, আধুনিকতাৰ অভিমুখী হৈ আগবাঢ়ি যোৱা, নতুন সংস্কাৰ সম্পন্ন কৰা।

বন্ধুসকল,

নিয়ম আৰু প্ৰক্ৰিয়াসমূহক সৰল কৰি তুলি সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ ‘স্বাচ্ছন্দ্যৰে জীৱন অতিবাহিত কৰা’ৰ অৱৱকাশ বৃদ্ধিৰ বাবে বাজেটখনত গুৰুত্ব আৰোপ কৰা হৈছে। এইখন বাজেটে ব্যক্তি, বিনিয়োগকাৰী, উদ্যোগ আৰু ইয়াৰ লগতে আন্তঃগাঁথনি খণ্ডলৈ বহুত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব। মই ইয়াৰ বাবে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা জী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰী অনুৰাগ জী আৰু তেওঁৰ দলটোক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

এনে ধৰণৰ বাজেট খুব কমেই দেখিবলৈ পোৱা যায়, য’ত প্ৰথম এটা–দুটা ঘণ্টাতে ইমানবোৰ ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিব পৰা গৈছিল। বহু বিশেষজ্ঞই ক’ৰোনাৰ অজুহাতত সৰ্ব সাধাৰণ নাগৰিকৰ ওপৰত বোজা বৃদ্ধি কৰা বাজেটৰহে পূৰ্বানুমান কৰি আহিছিল। পিচে, ‘বিত্তীয় সুলভ-নতুনত্ব’ৰ প্ৰতি নিজৰ দায়িত্বক গুৰুত্ব প্ৰদান কৰি চৰকাৰে বাজেটৰ আকাৰ বঢ়োৱাত বিশেষ গুৰুত্ব দিছে। বাজেট স্বচ্ছ কৰাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰয়াস কৰি আহিছে।

বন্ধুসকল,

ক’ৰোনাৰে যুঁজত ভাৰত ‘ৰিয়েক্টিভ’ হোৱাৰ পৰিৱৰ্তে সদায়ে ‘প্ৰোএক্টিভ’ হোৱাৰহে নিদৰ্শন দাঙি আহিছে। সেয়া লাগিলে ক’ৰোনা কালত সম্পন্ন কৰা সংস্কাৰেই হওক, কিম্বা ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সংকল্পই হওক। এই ‘প্ৰোএক্টিভনেছ’ক বৃদ্ধি কৰিয়েই আজিৰ বাজেটতো ‘ৰিয়েক্টিভিটী’ৰ সামান্য উপস্থিতিয়ো ৰখা হোৱা নাই। আমি অৱশ্যে কেৱল সক্ৰিয় হৈয়ে ক্ষান্ত থকা নাই, আমি এইখন বাজেটতো ‘প্ৰোএক্টিভ’ বাজেট প্ৰদান কৰি দেশৰ সন্মুখত ‘প্ৰোএক্টিভ’ হোৱাৰ বাৰ্তা প্ৰদান কৰিব বিচাৰিছো। বাজেটখনে সেইবোৰ খণ্ডত বিশেষ ভাবে লক্ষ্য নিবদ্ধ ৰাখিব বিচাৰিছে, যাৰ দ্বাৰা সম্পদ আৰু কল্যাণ সাধন, দুয়োটাৰে গতি দূৰন্ত গতিৰে ত্বৰান্বিত হ’ব পাৰে।–‘জান ভী জাহান ভী’। ইয়াত ‘এমএছএমই’ আৰু ‘আন্তঃগাঁথনি নিৰ্মাণ’ত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। সেইদৰে এইখন বাজেটে যেনেকৈ স্বাস্থ্যসেৱা খণ্ডত লক্ষ্য নিবদ্ধ কৰিছে, সেয়াও নিতান্তই অভুতপূৰ্ব। এইখন বাজেটে দেশৰ প্ৰতিটো ক্ষেত্ৰৰ বিকাশ, অৰ্থাত্ সৰ্বাত্মক উন্নয়ণত গুৰুত্ব আৰোপ কৰিব খুজিছে। বিশেষকৈ, মোৰ ভাল লাগিছে, বাজেটখনত দক্ষিণৰ ৰাজ্য, আমাৰ পূৰ্বোত্তৰৰ ৰাজ্য আৰু উত্তৰৰ লেহ লাডাখৰ দৰে অঞ্চলসমূহৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই বাজেটে ভাৰতৰ উপকূলীয় ৰাজ্য, যেনে- তামিল নাডু, কেৰালা, পশ্চিম বংগক একোটা বাণিজ্যিক শক্তি-কেন্দ্ৰৰ ৰূপত গঢ় দিয়াৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ দিছে। অসমৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ইমান দিনে ‘অনাৱিষ্কৃত সম্ভাৱনা’সমূহক বিচাৰি উলিয়াৰ ক্ষেত্ৰতো বাজেটখনে বিশেষ সহযোগিতা আগবঢ়াব। বাজেটখনত গৱেষণা আৰু উদ্ভাৱনৰ বাতাবৰণ গঢ়ি তোলাৰ প্ৰসংগত যিধৰণে গুৰুত্ব আৰোপ কৰা হৈছে, ইয়াৰ বাবে যিবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, তাৰ পৰা আমাৰ যুৱ-প্ৰজন্মই বিশেষ সহযোগিতা লাভ কৰাৰ লগতে ভাৰতে উজ্জ্বল ভৱিষ্যতৰ দিশে দৃঢ় পদক্ষেপ আগবঢ়াবলৈ সক্ষম হ’ব।

বন্ধুসকল,

দেশৰ সাধাৰণ মানুহখিনিৰ, মহিলাসকলৰ জীৱন সমস্যামুক্ত কৰাৰ বাবে তেওঁলোকৰ স্বাস্থ্য, স্বচ্ছতা, পুষ্টি, বিশুদ্ধ খোৱা পানী আৰু সুযোগৰ ক্ষেত্ৰত সমতা সৃষ্টিত বাজেটখনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বাজেটখনত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে পুঁজি অভুতপূৰ্বভাবে বৃদ্ধি কৰাৰ লগতে বহুবোৰ পদ্ধতিগত সংস্কাৰো সম্পন্ন কৰা হৈছে, যাৰ ফলত দেশৰ প্ৰগতি আৰু নিয়োগ সম্ভাৱনা সৃষ্টি, আজীৱিকাৰ অৱকাশ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ লাভ আদায় কৰিব পৰা যাব। দেশৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে, কৃষকসকলৰ আয় বঢ়োৱাৰ বাবে বাজেটখনত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। কৃষি খণ্ডত খেতিয়কসকলে সহজেই আৰু অধিক ঋণ আদায় কৰিব পাৰিব। দেশৰ ‘মণ্ডী’সমূহ অৰ্থাত্ ‘এপিএমচি’সমূহক শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে, সবল কৰি তোলাৰ বাবে ‘কৃষি আন্তঃগাঁথনি পুঁজি’ৰ পৰা সহযোগিতা লাভৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এই সকলো সিদ্ধান্ত, এই কথাই প্ৰদৰ্শিত কৰে যে বাজেটখনৰ ‘অন্তৰত গাঁও আৰু আমাৰ কৃষকসকলে অৱস্থান গ্ৰহণ কৰিছে’। ‘এমএছএমই’ খণ্ডক গতি প্ৰদান কৰাৰ বাবে, কৰ্ম-সংস্থাপনৰ সুযোগ বঢ়োৱাৰ বাবে, এইবাৰ ‘এমএছএমই খণ্ড’ৰ বাজেটো আগৰবাৰৰ তুলনাত দুগুণতকৈয়ো অধিক কৰা হৈছে।

বন্ধুসকল,

এইখন বাজেটত ‘আত্মনিৰ্ভৰতা’ক সেই পথেৰে লৈ আগবাঢ়িব খুজিছে, যাৰ সৈতে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ প্ৰগতি সংপৃক্ত হৈ আছে। এই বাজেটে এইটো দশকৰ বাবে এক শক্তিশালী বুনিয়াদ ৰচনা কৰিব। সকলো দেশবাসীক, ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এই মহত্বপূৰ্ণ বাজেটৰ বাবে বহুত বহুত শুভকামনা জনাইছো। পুনৰবাৰ বিত্ত মন্ত্ৰী জী আৰু তেওঁৰ দলটোক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো, ধন্যবাদ জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative impact of Yoga
June 22, 2026

The Prime Minister, Shri Narendra Modi, said that the remarkable success of the International Day of Yoga is proof that Yoga is not only helping millions of people across the world achieve physical well-being, but is also inspiring them to lead positive lives with confidence.

The Prime Minister shared a Sanskrit Subhashitam-

“चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”

The Subhashitam conveys that yoga is the means of completely calming and quieting the mind. To attain this goal, two principal methods of yoga are prescribed: calming the mind and regulating the flow of the breath.

The Prime Minister wrote on X;

“अंतर्राष्ट्रीय योग दिवस की बड़ी सफलता इस बात का प्रमाण है कि योग न केवल दुनियाभर में करोड़ों लोगों को शारीरिक रूप से स्वस्थ बना रहा है, बल्कि उन्हें आत्मविश्वास के साथ सकारात्मक जीवन जीने के लिए प्रेरित भी कर रहा है।

चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”