"গণতন্ত্ৰ ভাৰতৰ বাবে কেৱল এটা ব্যৱস্থাই নহয়, গণতন্ত্ৰ আমাৰ স্বভাৱত নিহিত আৰু ভাৰতত জীৱনৰ অংশ"
"সকলো ৰাজ্যৰ ভূমিকা ভাৰতৰ সংঘীয় ব্যৱস্থাত 'সবকা প্ৰয়াস'ৰ ডাঙৰ আধাৰ"
"কৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজ 'সবকা প্ৰয়াস'ৰ এটা ভাল উদাহৰণ"
"আমি বছৰত ৩-৪ দিন সদনত সেই জনপ্ৰতিনিধিসকলৰ বাবে সংৰক্ষিত কৰিব পাৰোনে, যি সমাজৰ বাবে কিবা বিশেষ কাম কৰি আছে, দেশক তেওঁলোকৰ সামাজিক জীৱনৰ এই পদক্ষেপৰ বিষয়ে কৈ আছে"
সদনত মানদণ্ডপূৰ্ণ বিতৰ্কৰ বাবে সুস্থ সময়, সুস্থ দিনৰ প্ৰস্তাৱ
সংসদীয় প্ৰণালীক আৱশ্যকীয় কাৰিকৰী উদগণি দিয়া আৰু দেশৰ সকলো গণতান্ত্ৰিক গোটক একত্ৰিত কৰিবলৈ 'এক ৰাষ্ট্ৰ এক বিধায়িনী মঞ্চ'ৰ প্ৰস্তাৱ

নমস্কাৰ!

কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থিত থকা লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ওম বিৰলা জী, ৰাজ্যসভাৰ মাননীয় উপ সভাপতি শ্ৰী হৰিবংশ জী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰ জী, হিমাচল বিধানসভাৰ বিৰোধী নেতা শ্ৰী মুকেশ অগ্নিহোত্ৰী জী, হিমাচল বিধানসভাৰ অধ্যক্ষ শ্ৰী বিপিন সিং পৰমাৰ জী, দেশৰ বিভিন্ন সদনৰ অধ্যক্ষ(পীঠাসীন বিষয়া)সকল, আৰু উপস্থিত দেৱী আৰু সজ্জনসকল!

‘প্ৰিজাইডিং অফিচাৰ’সকলৰ এই গুৰুত্বপূৰ্ণ সন্মিলনখন প্ৰতি বছৰে কেতবোৰ নতুন চিন্তা আৰু নতুন সংকল্পৰে অনুষ্ঠিত কৰি অহা হৈছে। প্ৰতি বছৰে এনে আলোচনা-বিলোচনা, এনে মন্থনৰ পৰা কিবা নহয় কিবা অমৃত ওলায়েই, যি আমাৰ দেশক, দেশৰ সংসদীয় ব্যৱস্থাৱলীক গতি প্ৰদান কৰে, নতুন উত্সাহ-উদ্দীপনা প্ৰদান কৰে, নতুন সংকল্প গ্ৰহণৰ বাবে প্ৰেৰিত কৰে। এয়াও বহুত সুখৰে কথা যে আজি এই পৰম্পৰাৰ এশটা বছৰ সম্পূৰ্ণ হ’বলৈ ওলাইছে। এয়া আমাৰ সকলোৰে সৌভাগ্যও হয়, আৰু ভাৰতৰ গণতান্ত্ৰিক বিস্তাৰৰ প্ৰতীকো হয়। মই এই গুৰুত্বপূৰ্ণ উপলক্ষত আপোনালোক আটাইকে, দেশৰ সংসদ আৰু সকলো বিধানসভাৰ সকলো সদস্য আৰু দেশৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

ভাৰতৰ বাবে গণতন্ত্ৰ কেৱল এক ব্যৱস্থাই নহয়; গমতন্ত্ৰতো ভাৰতৰ স্বভাৱ, ভাৰতৰ সহজাত প্ৰকৃতিও হয়। আপোনালোকৰ এই যাত্ৰা এই কাৰণেও আৰু বিশেষ হৈ উঠিছে, কিয়নো এই সময়ত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক পৰ্ব উদযাপন কৰি আহিছে, ‘অমৃত মহোত্সৱ’ পালন কৰি আহিছে। এই সংযোগে এই কাৰ্যক্ৰমৰ বিশিষ্টতাক বৃদ্ধি কৰাৰ লগতে আমাৰ দায়িত্বকো বহু গুণে বৃদ্ধি কৰিছে।

বন্ধুসকল,

আমি আগন্তুক বছৰবোৰত দেশক উন্নতিৰ উচ্চ শিখৰলৈ লৈ যাব লাগিব, অসাধাৰণ লক্ষ্যত উপনীত হ’বগৈ পাৰিব লাগিব। এই সংকল্প সকলোৰে প্ৰয়াসৰেহে সম্ভৱ হ’ব। আৰু গণতন্ত্ৰত, ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সকলোৰে প্ৰয়াসৰ কথা যদি কোৱা হয় তেন্তে সকলো ৰাজ্যৰ ভূমিকা তাৰ সকলোতকৈ ডাঙৰ বুনিয়াদ হয়। দেশে বিগত বছৰসমূহত যিখিনি আহৰণ কৰিবলৈ সক্ষম হৈছে, তাত ৰাজ্যসমূহৰ সক্ৰিয় অংশগ্ৰহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সেয়া লাগিলে উত্তৰ-পূৰ্বাঞ্চলৰ দশক পূৰণি সমস্যৱলীৰ সমাধানেয়েই হওক, দশক জুৰি বাধাগ্ৰস্থ হৈ ৰোৱা উন্নয়ণৰ সকলো পৰিযোজনা সম্পূৰ্ণ কৰাই হওক, এনে কিমানবোৰযে কাম দেশে বিগত বছৰচেৰেকত সম্পন্ন কৰিছে, এয়া সকলোৰে প্ৰয়াসৰেই কৰিছে। এতিয়া ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ ক’ৰোনাৰ বিৰুদ্ধে হোৱা যুঁজখনেই বুলি ক’ব পাৰি। ইমান এখন বিশাল যুঁজ দেশে সকলো ৰাজ্যৰ সহযোগৰে একত্ৰিত ভাবে যুঁজিছে, এয়া নিতান্তই ঐতিহাসিক বুলি ক’বই লাগিব। আজি ভাৰতে ১১০কোটি পালি প্ৰতিষেধকৰ দৰে বিশাল সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। যাক অসম্ভৱ বুলি ভৱা হৈছিল, সেয়াই এতিয়া সম্ভৱ হ’বলৈ ধৰিছে। সেয়ে, আমাৰ সন্মুখত ভৱিষ্যতৰ যিবোৰ পৰিকল্পনা আছে, যিবোৰ অমৃত-সংকল্প আছে, সেইবোৰ সম্পূৰ্ণ হ’ব। দেশ আৰু ৰাজ্যসমূহৰ একত্ৰিত প্ৰয়াসৰেই এয়া সম্পূৰ্ণ হ’বগৈ। এয়া সফলতাসমূহক আগুৱাই নিয়াৰ, যিবোৰ ৰৈ গৈছিল, সেইবোৰক সম্পূৰ্ণ কৰাৰ সময়। লগতে, এক নতুন চিন্তা, নতুন দৃষ্টিভংগীৰে আমি ভৱিষ্যতৰ বাবে নতুন নিয়ম আৰু নীতি যুগুতাব লাগিব। আমাৰ সদনৰ পৰম্পৰা আৰু ব্যৱস্থাসমূহ যাতে চৰিত্ৰগত ভাবে ভাৰতীয় হয়; আমাৰ নীতি, আমাৰ আইনসমূহ ভাৰতীয় ভাৱৰ হয়, ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্পক শক্তিশালী কৰিব পৰা বিধৰ হয়, আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সদন যাতে আমাৰ নিজৰো আচাৰ-ব্যৱহাৰ ভাৰতীয় মূল্যবোধৰ আধাৰত হয়, এয়া আমাৰ সকলোৰে দায়িত্ব হোৱা উচিত। এই দিশত আমাৰ বহুখিনি কৰাৰ সুযোগ আছে।

বন্ধুসকল,

আমাৰ দেশ বৈচিত্ৰ্যৰে ভৰা। নিজৰ হাজাৰ বছৰীয়া বিকাশ যাত্ৰাত এই কথা অংগীতকৃত কৰিছে যে বিবিধতাৰ মাজতো, একতাৰ বিশাল, আৰু একতাৰ অবিচ্ছিন্ন ধৰা প্ৰবাহিত হৈ আছে। একতাৰ এই অখণ্ড ধাৰা, আমাৰ বৈচিত্ৰ্যৰ এনাজৰী, ইয়েই ইয়াক সংৰক্ষণ কৰি আহিছে। আজিৰ পৰিৱৰ্তিত সময়ত, আমাৰ সদনসমূহৰ বিশেষ দায়িত্ব হৈছে দেশৰ একতা আৰু অখণ্ডতা সন্দৰ্ভত যদি এটাও ভিন্ন স্বৰ ধ্বনিত হয়, তেন্তে তাৰ পৰা সতৰ্ক হ’ব লাগিব। বিবিধতাক ঐতিহ্যৰ ৰূপত গৌৰৱৰ আধাৰিত কৰা, আমি আমাৰ বিবিধতাৰ উত্সৱ উদযাপন কৰা, আমাৰ সদনসমূহৰ পৰা এই বাৰ্তা প্ৰচাৰিত হৈ থকা উচিত।

বন্ধুসকল,

প্ৰায়েই ৰাজনেতাসকলৰ সন্দৰ্ভত, জন প্ৰতিনিধিসকলৰ সন্দৰ্ভত কিছুমান লোকে এনে এক প্ৰতিচ্ছবি তৈয়াৰ কৰি লয় যে এইসকল লোকে সকলো সময়তে ৰাজনীতিৰ উথ্থান-পতনৰেই জড়িত হৈ থাকে; কিবা নহয় কিবা হিচাপ-নিকাচ, টনা-আজোৰাৰে জড়িত হৈ থাকে। পিচে, আপোনালোকে যদি ভালকৈ চাই তেন্তে প্ৰতিটো ৰাজনৈতিক দলত, এনে জনপ্ৰতিনিধিও থাকে, যিসকলে ৰাজনীতিৰ লগতে নিজৰ জীৱন সমাজ সেৱাত, সমাজৰ লোকসকলৰ উথ্থানত উচৰ্গিত কৰি থাকে। তেওঁলোকৰ এই সেৱা কাৰ্যই ৰাজনীতিৰ প্ৰতি জনসাধাৰণ আস্থা, বিশ্বাসক শক্তিশালী কৰি ৰখাত সহায় কৰে। এইসকল জনপ্ৰতিনিধিৰ প্ৰতি মোৰ এক পৰামৰ্শ- আমি আমাৰ সদনসমূহত বহু ধৰণৰ বিবিধতাৰ সৃষ্টি কৰো, যেনে ধৰক ব্যক্তিগত বিধেয়ক অনাৰ বাবে সময় উলিয়াও, কেতবোৰ সদনত শূণ্যকালীন ঘণ্টাৰ বাবে সময় উলিয়াও। আমি বাৰু কোনোবা সদনত বছেৰেকত ৩-৪দিন, কোনোবা সদনত ২দিন, কোনোবাত এদিন এনেকৈ ৰাখো, য’ত সমাজৰ বাবে কিবা বিশেষ ভাবে কৰি থকা, আমাৰ জনপ্ৰতিনিধিসকলৰ অভিজ্ঞতা আমি শুনিব পাৰো। তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰক, নিজৰ সামাজিক জীৱনৰ এইবোৰ কথা দেশক অৱগত কৰাওক। দেখিব, ইয়াৰ দ্বাৰা আন জন-প্ৰতিনিধিসকলৰ লগতে সমাজৰ অন্যসকলেও কিমান কথা শিকিব পাৰিব। ৰাজনীতিৰ, ৰাজনৈতিক ক্ষেত্ৰসমূহৰ যি এখন ৰচনাত্মক অৱদান থাকে, সেয়াও উজ্জীৱিত হৈ উঠিব। আৰু এইবোৰ ৰচনাত্মক কামত জড়িত হৈ থকাসকলে ৰাজনীতিৰ পৰা আঁতৰি থকাৰ যি প্ৰবণতা বাঢ়িবলৈ ধৰিছে তাৰ বিপৰীতে এনে চিন্তা, এনে সেৱা কৰোতা লোকক ৰাজনীতিৰে জড়িত কৰিব পৰা যাব, তেতিয়া ৰাজনীতিও নিজে নিজেই সমৃদ্ধ হ’ব। আৰু মই ভাবো যে একোখন সৰু সৰু সমিতি গঠন কৰি দিয়া হওক, যিয়ে অভিজ্ঞতাৰ সমীক্ষা কৰিব, সত্যানুসন্ধান কৰিব আৰু কিমান সংখ্যক ব্যক্তিক নিৰ্বাচন কৰা হ’ব সেই কথা নিৰ্ণয় কৰিব। চাবচোন ‘কোৱালিটেটিভলী’ বহুত পৰিৱৰ্তন সম্ভৱ হ’ব। আৰু মই জানো, সদনৰ অধ্যক্ষসকলে কেনেকৈ ভালৰো ভালখিনি নিৰ্বাচিত কৰিব লাগে সেই কথা বাৰুকৈয়ে জানে বুলি মই ভালকৈয়ে জানো। অৱশ্যে এনেধৰণৰ আয়োজনৰে বাকীসকল সদস্যকো ৰাজনীতিতকৈ অধিক, ৰাজনীতিতকৈ অন্য কিবা নহয় কিবা কামত মনোনিৱেশ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব আৰু লগতে দেশকো এইধৰণৰ প্ৰয়াসৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰিব।

বন্ধুসকল,

আমি মান সম্পন্ন বিতৰ্কৰ সংখ্যা বঢ়োৱাৰ বাবেও কিবা কৰাৰ প্ৰয়োজন আছে। আমি নিৰন্তৰ উদ্ভাৱনশীল ভাবে কিবা নহয় কিবা কৰাৰ প্ৰয়াস কৰিব লাগে। বিতৰ্কৰ ‘ভেল্যু এডিশ্যন’ কেনেকৈ হয়, মান সম্পন্ন বিতৰ্কই ধাৰাবাহিক ভাবে নতুন মান কেনেকৈ লাভ কৰিব পাৰে। আমি মান সম্পন্ন বিতৰ্কৰ বিষয়েও পৃথককৈ সময় নিৰ্দ্ধাৰণ কৰাৰ কথা চিন্তা কৰিব পাৰোনেকি বাৰু? এনে বিতৰ্ক, য’ত মৰ্যাদাৰ, গম্ভীৰতাক সম্পূৰ্ণ ৰূপে সাৰোগত কৰা হ’ব, কোনো ধৰণৰ ৰাজনৈতিক বোকা চটিওৱা-চটি নহ’ব। সেয়া সদনৰ আটাইতকৈ অৰ্থপূৰ্ণ সময় হওক, অৰ্থপূৰ্ণ দিন বুলি বিবেচিত হওক। মই এই কাম সদায় কৰাৰ কথা কোৱা নাই, কেতিয়াবা এঘণ্টা-দুঘণ্টাৰ বাবে, কেতিয়াবা এদিন বা দুদিনৰ বাবে। আমি বাৰু এনে প্ৰয়াস কৰিব পাৰিমনে? সুস্থ দিৱস, সুস্থ বিতৰ্ক, মান সম্পন্ন বিতৰ্ক, মূল্যৰ সংযোজন কৰিব পৰা, দৈনন্দিন ৰাজনীতিৰ পৰা মুক্ত বিতৰ্ক!

বন্ধুসকল,

এই কথা আপোনালোকেও ভালকৈয়ে জানে যে যেতিয়া দেশৰ সংসদ অথবা কোনোবা বিধানসভাই নিজৰ নতুন কাৰ্যকালৰ শুভাৰম্ভ কৰে, তেতিয়া তাৰ সৰহ সংখ্যক সদস্যই প্ৰথমবাৰৰ বাবে অহা হয়। অৰ্থাত, ৰাজনীতিত সদায় পৰিৱৰ্তন হৈ থাকে, জনতাই সদায় নতুন লোকক নতুন উত্সাহক সুযোগ প্ৰদান কৰে। আৰু এই জনতাৰ প্ৰয়াসতে সদনতো সদায় স-প্ৰতিভতা, নতুন উত্সাহ, নতুন উদ্যমে বিৰাজ কৰে। আমি এই নতুনত্বক নতুন কাৰ্য প্ৰণালীলৈ বোৱাই নিয়াৰ প্ৰয়োজন আছে। মই ভাবো পৰিৱৰ্তনৰ খুবেই প্ৰয়োজন আছে। ইয়াৰ বাবেই নৱাগত সদস্যসকলক সদনৰ কৰ্ম-ব্যৱস্থা সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হওক, সদনৰ গৰিমা আৰু মৰ্যাদাৰ বিষয়ে তেওঁলোকক অৱগত কৰা হওক। আমি ‘এক্ৰছ দা পাৰ্টী’ সততে আলোচনা অনুষ্ঠিত কৰাত জোৰ দিব লাগিব, ৰাজনীতিৰ নতুন মাপদণ্ডও প্ৰস্তুত কৰিব লাগিব। ইয়াত আপোনালোক সকলো ‘প্ৰিজাইদিং বিষয়া’ৰ ভূমিকা পালন কৰাটো বহুত গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আমাৰ সন্মুখত এক বহুত ডাঙৰ প্ৰথমিকতা হৈছে সদনৰ ‘উত্পাদনশীলতা’ বঢ়োৱাৰ। ইয়াৰ বাবে সদনৰ শৃংখলাবদ্ধতা যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ হৈছে নিয়মৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰাটোও। আমাৰ আইনসমূহলৈ ব্যপকতা তেতিয়াহে আহিব যেতিয়া জনতাৰ হিতৰ সৈতে পোণপতীয়া ভাবে সেইসমূহক জড়িত কৰিব পৰা যাব। আৰু তাৰ বাবে সদনত সাৰ্থক চৰ্চা-পৰিচৰ্চা হোৱাটো খুবেই প্ৰয়োজন। বিশেষ ভাবে সদনত যুৱ-প্ৰজন্মৰ সদস্যসকলক, ‘আকাংক্ষী ক্ষেত্ৰ’সমূহৰ পৰা অহা জন-প্ৰতিনিধিসকলক, মহিলাসকলক যিমান পাৰি বেছিকৈ ভাগ লোৱাৰ সুযোগ প্ৰদান কৰা উচিত। আমাৰ সমিতিসমূহকো এইদৰেই অধিক ব্যৱহাৰিক আৰু প্ৰাসংগিক কৰি তোলাৰ বাবে চিন্তা কৰা উচিত। ইয়াৰ দ্বাৰা আমাৰ বাবে কেৱল দেশৰ সমস্যাসমূহেই নহয় আৰু অনেক সমাধান নিৰ্ণয় কৰাটো সহজ হৈ উঠিব, আনকি নতুন ‘আইডিয়া’ও সদনৰ মজিয়াত উজ্জীৱিত হ’ব।

বন্ধুসকল,

আপোনালোক আটায়েই এই কথাৰে পৰিচিত যে বিগত বছৰসমূহত দেশে ‘ওৱান নেশ্যন ওৱান ৰেছন কাৰ্ড’, ‘ওৱান নেশ্যন ওৱান মবিলিটী কাৰ্ড’ৰ দৰে বহুবোৰ ব্যৱস্থা বলবত্ কৰিছে। এইধৰণৰ সুবিধাসমূহৰ দ্বাৰা আমাৰ জনতাও সংযোজিত হবলৈ ধৰিছে আৰু সমগ্ৰ দেশো একত্ৰিত হোৱাত আমি এক নতুন অভিজ্ঞতা অৰ্জন কৰিব পাৰিছো। যেন দেশখন উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিম কোণ পৰ্যন্ত সংযুক্ত হৈ উঠিছে। মই বিচাৰিম আমাৰ সকলো বিধানসভা আৰু ৰাজ্যই অমৃতকালত এই অভিযানক এক নতুন উচ্চতালৈ লৈ যাব। মোৰ বোধৰে ‘ওৱান নেশ্যন ওৱান লেজিলেটিভ প্লেটফৰ্ম’ বাৰু সম্ভৱ হৈ উঠিবগৈ পাৰিবনে, এনেকুৱা এক ডিজিটেল প্লেটফৰ্ম, এনেকুৱা এক প’ৰ্টেল যি কেৱল আমাৰ সংসদীয় ব্যৱস্থাৰ বাবেই জৰুৰী প্ৰযুক্তিগত সহযোগিতাইযে দিব এনে নহয়, বৰং দেশৰ সকলো গণতান্ত্ৰিক নিকায়ক সংযোজিত কৰাৰো কাম কৰিব। আমাৰ সদনসমূহৰ বাবে সমল এই প’ৰ্টেলত উপলব্ধ হওক, কেন্দ্ৰ আৰু ৰাজ্যৰ বিধান পৰিষদসমূহত ‘পেপাৰ লেছ মোড’ৰে কাম-কাজ সম্পাদিত হওক, লোকসভাৰ মাননীয় অধ্যক্ষ আৰু ৰাজ্যসভাৰ উপ সভাপতি মহোদয়ৰ নেতৃত্বত আপোনাসৱ ‘প্ৰিজাইডিং বিষয়া’ই এই ব্যৱস্থাক আগুৱাই নিব পাৰে। আমাৰ সাংসদ আৰু সকলো বিধান মণ্ডলৰ গ্ৰন্থাগাৰসমূহকো ‘ডিজিটাইজ’ কৰাৰ বাবে  আৰু ‘অনলাইন’ৰে উপলব্ধ কৰাৰ বাবে চলি থকা কাম-কাজসমূহ খৰটকীয়া কৰি তুলিব লাগিব।

বন্ধুসকল,

স্বাধীনতাৰ এই অমৃতকালত আমি দ্ৰুতগতিৰে স্বাধীনতাৰ ১০০বছৰৰ দিশে আগবাঢ়িছো। আপোনালোকৰ ৭৫বছৰীয়া যাত্ৰা এই কথাৰ সাক্ষী হৈছে যে সময় কিমান দ্ৰুত গতিৰে সলনি হৈছে। আগন্তুক ২৫টা বছৰ ভাৰতৰ বাবে বহুত মহত্বপূৰ্ণ। ২৫বছৰৰ পিচত আমি স্বাধীনতাৰ ১০০বছৰ উদযাপন কৰিমগৈ। আৰু সেয়ে এই অমৃতকালৰ এই ২৫টা বছৰ অতিকে গুৰুত্বপূৰ্ণ। আমি বাৰু ইয়াৰ পৰা এটা মন্ত্ৰ সম্পূৰ্ণ শক্তিশালী ভাবে, সম্পূৰ্ণ সমৰ্পণৰ সৈতে, সম্পূৰ্ণ দায়িত্ববোধৰে এটা মন্ত্ৰ চৰিতাৰ্থ কৰিব পাৰিমনে? মোৰ দৃষ্টিত সেই মন্ত্ৰ হৈছে- ‘কৰ্তব্য’, কৰ্তব্যই কৰ্তব্য। সদনতো কৰ্তব্যৰ কথা, সদনৰ পৰা দিয়া বাৰ্তাও কৰ্তব্যৰে হওক, সদস্যসকলৰ কথা-বতৰাতো কৰ্তব্যৰে সুগন্ধ বিয়পক, তেওঁলোকৰ বিতৰণতো কৰ্তব্যকে পৰিৱেশিত হওক, শতিকাৰ জীৱনশৈলীত, আচাৰ-বিচাৰতো কৰ্তব্যই প্ৰাথমিকতা লাভ কৰক, সদস্যসকলৰ মন্থনত, বাদ-বিবাদত, সংবাদত, সমাধানত, প্ৰতিটো কথাত কৰ্তব্যকে সৰ্বোপৰি গণ্য কৰা হওক, সকলো ফালেই কেৱল কৰ্তব্যৰে কথা আলোচিত হওক, কৰ্তব্যৰ বোধ হওক। আগত ২৫টা বছৰৰ আমাৰ কাৰ্যশৈলীৰ প্ৰতিটো ক্ষেত্ৰত কৰ্তব্যকে সৰ্বোচ্চ প্ৰাথমিকতা দিয়া হওক। আমাৰ সংবিধানেও আমাক এই কথাই কৈছে যেতিয়া সদনসমূহৰ পৰা এই বাৰ্তা প্ৰচাৰিত হ’ব, যেতিয়া সদনসমূত এই বাৰ্তা বাৰে বাৰে দোহৰা হ’ব, তেতিয়া ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰিব, দেশৰ প্ৰত্যেকগৰাকী নাগৰিকৰ ওপৰত পৰিব। দেশে বিগত ৭৫টা বছৰত যি গতিৰে আগবাঢ়িছে, তাতোকৈয়ো কেবা গুণ অধিক গতিৰে দেশক আগবঢ়াই নিয়াৰ মন্ত্ৰই হৈছে- ‘কৰ্তব্য’। এশ ত্ৰিশ কোটি দেশবাসীৰ কৰ্তব্য এক মহান সংকল্প পূৰ্ণ কৰাৰ বাবে কৰ্তব্য। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আজি যেতিয়া সংসদীয় ব্যৱস্থাৰ এশ বছৰৰ এই নতুন পৰ্বৰ বাবে, আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো, আপোনালোকৰ এই সন্মিলন সফল হওক, ২০৪৭ত দেশক ক’লৈ লৈ যাব লাগিব; সেই বিষয়ত সদনে কি ভূমিকা পালন কৰিব, ইয়াৰ স্পষ্ট ৰূপৰেখাৰ সৈতে আপোনালোক ইয়াৰ পৰা উভতিব। দেশে বহুত শক্তি লাভ কৰিব। মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."