সেৱাৰ প্ৰতি নিষ্ঠা, প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু গো সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভৰৱাদ সম্প্ৰদায়ৰ প্ৰশংসা
উন্নয়নশীল ভাৰত গঢ়াৰ দিশত গাঁওসমূহৰ উন্নয়ন হৈছে প্ৰথম পদক্ষেপঃ প্ৰধানমন্ত্ৰী
আধুনিকতাৰ জৰিয়তে সমাজখনক সবলীকৰণৰ বাবে শিক্ষাৰ গুৰুত্বৰ ওপৰত জোৰ দিলে প্ৰধানমন্ত্ৰীয়ে
দেশৰ সৰ্ববৃহৎ শক্তি “সবকা প্ৰয়াস”ৰ গুৰুত্বৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

মহন্ত শ্ৰী ৰাম বাপু জী, সমাজৰ বিশিষ্ট লোকসকল, ইয়ালৈ অহা সকলো ভক্ত ভাই-ভনী, নমস্কাৰ।

প্ৰথমে ভৰৱদ সমাজৰ পৰম্পৰাৰ প্ৰতি আৰু সমগ্ৰ পৰম্পৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সকলো শ্ৰদ্ধাৰ সন্ত, মহন্ত আৰু সকলো সমাজলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আনন্দ বহুগুণ বৃদ্ধি পাইছে। এইবাৰ যি মহাকুম্ভ অনুষ্ঠিত হৈছিল, সেয়া ঐতিহাসিক আছিল যদিও সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়ো। কাৰণ মহাকুম্ভৰ শুভ উপলক্ষত মহন্ত শ্ৰী ৰাম বাপু জীয়ে মহা মণ্ডলেশ্বৰ উপাধি লাভ কৰিছিল। এয়া যথেষ্ট বৃহৎ অনুষ্ঠান আৰু আমাৰ সকলোৰে বাবে অসীম আনন্দৰ অনুষ্ঠান। মই ৰাম বাপুজীৰ লগতে সমাজৰ সমূহ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

যোৱা এসপ্তাহত এনে লাগিল যেন ভাৱনগৰৰ ভূমি ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবন হৈ পৰিল আৰু ইয়াত যি ধৰণে ভক্তি ৰস বৈছিল, পৰিবেশটো এনেকুৱা আছিল যে কৃষ্ণ ভক্তিত ভক্তসকল গদ-গদ হৈ পৰিছিল। মোৰ মৰমৰ আত্মীয়সকল, বাবলিয়ালী ঠাইখন কেৱল এক ধৰ্মীয় স্থানেই নহয়, বৰঞ্চ ভৰৱদ সমাজকে প্ৰমুখ্য কৰি বহুতৰে বাবে এয়া বিশ্বাস, সংস্কৃতি আৰু ঐক্যৰ প্ৰতীক।

 

নগা লাখা ঠাকুৰৰ কৃপাত এই পবিত্ৰ স্থানে সদায়েই ভৰৱদ সমাজলৈ প্ৰকৃত দিশৰ অপৰিসীম ঐতিহ্য আৰু মহান প্ৰেৰণাৰ সঞ্চাৰ কৰি আহিছে। আজি এই ধামত শ্ৰী নগা লাখা ঠাকুৰ মন্দিৰৰ পুনৰ পবিত্ৰকৰণ আমাৰ বাবে এক সোণালী সুযোগ হৈ পৰিছে। যোৱা এসপ্তাহ ধৰি যেন বহু সমাগমৰ সৃষ্টি হৈছে। সমাজত বিৰাজ কৰা উৎসাহ আৰু উত্তেজনা... সকলোতে হাত চাপৰিৰ শব্দ শুনিবলৈ পাইছোঁ। মই অনুভৱ কৰোঁ যে মই আপোনালোক সকলোৰে ওচৰলৈ মোৰ হাতখন আগবঢ়াব লাগে, কিন্তু সংসদ আৰু আন কামৰ বাবে ওলাই যোৱাটো টান। কিন্তু আমাৰ হাজাৰ-হাজাৰ ভনীৰ ৰাসৰ কথা শুনিলেই অনুভৱ হয়, বাহ, তেওঁলোকে ঠিক তাতেই বৃন্দাবনক জীয়াই তুলিছে।

বিশ্বাস, সংস্কৃতি আৰু পৰম্পৰাৰ সংমিশ্ৰণ আৰু মিলনে মন আৰু আত্মাক আনন্দিত কৰি তোলে। এই সকলোবোৰ কাৰ্য্যসূচীতে শিল্পী ভাই-ভনীসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটোক সজীৱ কৰি তুলিছিল আৰু সমাজলৈ এক সময়োপযোগী বাৰ্তা প্ৰেৰণ কৰিছিল। ভাই জীয়েও তেখেতৰ কথাৰ জৰিয়তে আমাক সময়ে-সময়ে বাৰ্তা প্ৰদান কৰিব বুলি মই নিশ্চিত।

মহন্ত শ্ৰী ৰাম বাপুজী আৰু বাবলিয়ালী ধামক এই শুভ অনুষ্ঠানৰ অংশ কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া ক্ষমা খুজিব লাগিব, কাৰণ এই পবিত্ৰ অনুষ্ঠানত মই আপোনালোকৰ লগত থাকিব নোৱাৰিলোঁ। মোৰ ওপৰত আপোনালোক সকলোৰে সমান অধিকাৰ আছে। ভৱিষ্যতে তালৈ নিশ্চয় আহিম প্ৰণাম কৰিবলৈ।

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

ভৰৱদ সমাজ আৰু বাবলিয়ালীধামৰ সৈতে মোৰ সম্পৰ্ক দীঘলীয়া; ভৰৱদ সমাজৰ সেৱা আৰু প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ প্ৰেম, গো সেৱাৰ মনোভাৱ কেৱল শব্দৰে বৰ্ণনা কৰাটো কঠিন। এই সম্পৰ্কে আমাৰ সকলোৰে মুখেৰে এটা কথাই ওলাই আহে,

 

নগা লাখা লোক ভাল,

পশ্চিম ভূমিৰ বেদনা।

নিমখীয়া পানী মিঠা হয়,

শুকান নদীবোৰত পানী বৈ থাকে।

ইয়াক কেৱল শব্দৰে বুজাব নোৱাৰি। সেই যুগত সেৱাৰ মনোভাৱ, কঠোৰ পৰিশ্ৰম (নেভা কে পানী মোভে লগা লিয়ে – গুজৰাটীত এইবুলি কোৱা হয়), সেৱাৰ কামত প্ৰকৃতিকৰণ দেখা গৈছিল, সেৱাৰ সুগন্ধি প্ৰতিটো খোজতে বিয়পি পৰিছিল আৰু আজি বহু যুগৰ পিছতো ৰাইজে এই কথা মনত পেলাইছে, এয়া এটা গুৰুত্বপূৰ্ণ কথা। পূজ্য ইছু বাপুৱে আগবঢ়োৱা সেৱাৰ মই প্ৰত্যক্ষ সাক্ষী আছিলোঁ, তেওঁৰ সেৱাৰ মনোভাৱ প্ৰত্যক্ষ কৰিছোঁ। আমাৰ গুজৰাটত খৰাং বতৰ নতুন কথা নহয়। এটা সময়ত দহ বছৰৰ ভিতৰত সাত বছৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। গুজৰাটত কোৱা হৈছিল যে ধনডুকা (খৰাং প্ৰভাৱিত অঞ্চল)ৰ কন্যাক বিয়া নাপাতিব। (গুজৰাটী – বান্দুকে দেজো পান ধনডুকে না দেতা মানে ছোৱালীজনীক ধনডুকা (খৰাং অঞ্চল)ত বিয়া নিদিব (ইয়াৰ কাৰণ আছিল যে সেই সময়ত ধনডুকাত খৰাং আছিল) ধনডুকা, ৰণপুৰতো পানীৰ বাবে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল। পূজ্য ইছু বাপুৱে যি সেৱা কৰিছে সেয়া স্পষ্ট হৈ পৰিছে কেৱল মই নহয়, গোটেই গুজৰাটৰ লোকে তেওঁৰ কামক ভগৱানৰ কাম বুলি গণ্য কৰে। মানুহে তেওঁক সদায় প্ৰশংসা কৰি আহিছে। সেয়া ভাই-ভনীৰ সেৱাই হওঁক, পৰিবেশৰ প্ৰতি সমৰ্পণৰ মনোভাৱেই হওঁক, গীৰ-গৰুৰ সেৱাই হওঁক, তেওঁৰ সকলো কামতে আমাৰ এই সেৱাৰ পৰম্পৰা বিদ্যমান।

মোৰ মৰমৰ আত্মীয়সকল,

কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ক্ষেত্ৰত ভৰৱদ সমাজৰ লোকসকল সদায় আগবাঢ়ি আছে। আপোনালোক সকলোৰে জ্ঞাত যে মই যেতিয়া আপোনালোকৰ মাজলৈ আহিছিলোঁ, তেতিয়া মই ভৰৱদ সমাজক কৈছিলোঁ যে এতিয়া লাঠিৰ সময় নহয়, তোমালোকে লাঠি লৈ যথেষ্ট ঘূৰি ফুৰিছা, কিন্তু এতিয়া কলমৰ সময়হে। আৰু মই গৌৰৱেৰে ক’ব লাগিব যে যেতিয়াই গুজৰাটত সেৱা আগবঢ়োৱাৰ সুযোগ পাইছোঁ তেতিয়াই ভৰৱদ সমাজৰ নতুন প্ৰজন্মই মোৰ কথা মানি লৈছে। শিশুসকলে শিক্ষা লাভ কৰি আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। আগতে মই কৈছিলোঁ, লাঠিডাল এৰি কলমটো তুলি লোৱা। এতিয়া মই কওঁ যে মোৰ ছোৱালীহঁতৰ হাততো কম্পিউটাৰ থাকিব লাগে। পৰিৱৰ্তিত সময়ত আমি বহুত কৰিব পাৰোঁ। এয়াই হৈ পৰে আমাৰ প্ৰেৰণা। আমাৰ সমাজখনেই প্ৰকৃতি আৰু সংস্কৃতিৰ ৰক্ষক। আপোনাসৱে সঁচাকৈয়ে ‘অতিথি দেৱো ভৱ’ উক্তিটোক জীয়াই তুলিছে। ইয়াত মানুহে চেফাৰ্ড আৰু বালুভা সমাজৰ পৰম্পৰাৰ বিষয়ে কমকৈ জানে। ভৰৱদ সমাজৰ বয়োজ্যেষ্ঠ লোক বৃদ্ধাশ্ৰমত পোৱা নাযাব। যৌথ পৰিয়াল, ঈশ্বৰৰ সেৱা কৰাৰ দৰে প্ৰবীণসকলক সেৱা কৰাৰ অনুভূতি তেওঁলোকৰ মাজত আছে। বয়োজ্যেষ্ঠসকলক বৃদ্ধাশ্ৰমলৈ পঠিওৱা নহয়, তেওঁলোকেই তেওঁলোকৰ সেৱা কৰে। নতুন প্ৰজন্মক প্ৰদান কৰা এই প্ৰমূল্যবোধৰাজি গুৰুত্বপূৰ্ণ কথা। ভৰৱদ সমাজৰ সামাজিক জীৱনৰ নৈতিক মূল্যবোধ আৰু তাৰ মাজত থকা পাৰিবাৰিক মূল্যবোধক সদায় শক্তিশালী কৰাৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্মই প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। মই সন্তোষ পাইছোঁ যে আমাৰ সমাজে আমাৰ পৰম্পৰা ৰক্ষা কৰি আছে আৰু লগতে আধুনিকতাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে। আমি তেওঁলোকৰ পৰিয়ালৰ সন্তান সকলক শিক্ষিত কৰি তুলিব লাগে, তেওঁলোকৰ বাবে হোষ্টেলৰ সুবিধা গঢ়ি তুলিব লাগে, এয়াও এক প্ৰকাৰৰ পৰম সেৱা। আধুনিকতাৰ সৈতে সমাজক সংযোগ কৰাৰ কাম, বিশ্বৰ সৈতে দেশক সংযোগ কৰাৰ নতুন সুযোগ সৃষ্টি কৰা কামটোও এক বৃহৎ সেৱাৰ কাম। এতিয়া মই কামনা কৰোঁ যে আমাৰ ছোৱালীবোৰো ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি আহক আৰু তাৰ বাবে আমি কাম কৰিব লাগিব। গুজৰাটত থাকোঁতে স্প’ৰ্টছ মহা কুম্ভত দেখিছিলোঁ যে সৰু-সৰু ছোৱালীবোৰে স্কুললৈ গৈ ক্ৰীড়াত ভাল নম্বৰ লাভ কৰিছিল। এতিয়া তেওঁলোকৰ শক্তি আছে, ভগৱানে তেওঁলোকক বিশেষ কিবা এটা গুণ প্ৰদান কৰিছে, গতিকে এতিয়া তেওঁলোকৰ বাবেও চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি পশুপালনৰ কথা চিন্তা কৰোঁ। আমি ইয়াৰ স্বাস্থ্যৰ দিশত কাম কৰোঁ; এতিয়া মাত্ৰ আমাৰ সন্তানৰ প্ৰতিও একে অনুভৱ আৰু চিন্তা থাকিব লাগিব। বাবলিয়ালী ধামে পশুপালনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিশেষভাৱে ইয়াত গীৰ গৰুৰ জাতৰ যত্ন লোৱাৰ ধৰণক লৈ সমগ্ৰ দেশে গৌৰৱ অনুভৱ কৰে। আজি সমগ্ৰ বিশ্বতে গীৰ গৰুৰ প্ৰতিপালন কৰা হয়।

 

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

ভাই-ভনীসকল, আমি বেলেগ নহয়, আমি সকলো বন্ধু, মই সদায় অনুভৱ কৰি আহিছোঁ যে আমি এটা পৰিয়ালৰ সদস্য। মই সদায় পৰিয়ালৰ এগৰাকী সদস্যৰ দৰে আপোনালোকৰ মাজত আছোঁ। আজি বাবলিয়ালী ধামলৈ অহা পৰিয়ালৰ সকলো সদস্য, লাখ-লাখ লোকে ইয়াত আসন গ্ৰহণ কৰি আছে, আপোনালোকক মই সুধিব বিচাৰিছোঁ আৰু মোৰ বিশ্বাস যে আপোনাসৱে মোক কেতিয়াও নিৰাশ নকৰে। আমি আৰু এনেকৈ জীয়াই থাকিব নালাগে, জাঁপ মাৰি পঁচিশ বছৰত ভাৰতক বিকশিত কৰিব লাগিব। আপোনালোকৰ সহায় অবিহনে মোৰ কাম আধৰুৱা হৈ থাকিব। এই কামত সমগ্ৰ সমাজে যোগ দিব লাগিব। আপোনালোকৰ মনত আছে যে মই লালকিল্লাৰ পৰাই কৈছিলোঁ, সকলোৰে প্ৰচেষ্টা... সকলোৰে প্ৰচেষ্টা আমাৰ আটাইতকৈ পৰম শক্তি। ভাৰতক এখনি উন্নত ভাৰত হিচাপে গঢ়ি তোলাৰ প্ৰথম পদক্ষেপ হ'ল আমাৰ গাঁওসমূহৰ উন্নয়ন সাধন। আজি প্ৰকৃতি আৰু পশুধনৰ সেৱা কৰা আমাৰ স্বাভাৱিক ধৰ্ম হৈ পৰিছে। তেতিয়া আৰু কি কাম আমি কৰিব নোৱাৰিম... ভাৰত চৰকাৰে এখন আঁচনি ৰূপায়ণ কৰিছে আৰু সেয়া সম্পূৰ্ণ বিনামূলীয়া - ভৰি আৰু মুখৰ ৰোগ, যাক আমি ‘খুৰপাকা, মুহপাকা’ ৰোগ বুলি জানোঁ। আমি নিয়মিতভাৱে ভেকচিন প্ৰদান কৰিব লাগিব, তেতিয়াহে আমাৰ জীৱ-জন্তুবোৰে এই ৰোগৰপৰা পৰিত্ৰাণ লাভ কৰিব। এয়া এক মমতাৰ কাম। এতিয়া চৰকাৰে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰে। আমি নিশ্চিত কৰিব লাগিব যে আমি এই ভেকচিন আমাৰ সমাজৰ পশুধনক প্ৰদান কৰোঁ, নিয়মিতভাৱে। তেতিয়াহে আমি ভগৱান শ্ৰীকৃষ্ণৰ অবিৰত আশীৰ্বাদ পাম। এতিয়া আমাৰ চৰকাৰে আৰু এটা গুৰুত্বপূৰ্ণ কাম কৰিলে। আগতে কৃষকসকলক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছিল, এতিয়া আমি পশুপালকসকলকো ক্ৰেডিট কাৰ্ড প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই কাৰ্ডৰ জৰিয়তে এতিয়া পশুপালকসকলে কম সুতত বেংকৰ পৰা ঋণ গ্ৰহণেৰে ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিব পাৰিব। থলুৱা জাতৰ গৰুৰ প্ৰচাৰ, সম্প্ৰসাৰণ আৰু সংৰক্ষণৰ বাবেও ৰাষ্ট্ৰীয় গোকুল মিছন ৰূপায়ণ কৰা হৈছে। মই আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ যে মই দিল্লীত থাকি এই সকলোবোৰ কৰি থাকিম আৰু আপোনালোক সকলোৱে যদি ইয়াৰ সুবিধা গ্ৰহণ নকৰে, তেন্তে কেনেকৈ ইয়াৰ ফলপ্ৰসূ ৰূপায়ণ সম্ভৱ হ’ব। সেয়ে আপোনালোকে ইয়াৰ সুবিধা গ্ৰহণ কৰিব লাগিব। আপোনাৰ লগতে লাখ-লাখ জীৱ-জন্তুৰ আশীৰ্বাদ লাভ কৰিম। আপোনাসৱেও সকলো জীৱৰ পৰা আশীৰ্বাদ লাভ কৰিব। গতিকে মই এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ’ল যিটো মই পূৰ্বে কৈছোঁ আৰু আজি পুনৰ আওৰাইছোঁ যে আমাৰ সকলোৰে জ্ঞাত যে এই বছৰ মই এটা অভিযান আৰম্ভ কৰিছিলোঁ, যাৰ সমগ্ৰ বিশ্বৰ লোকে শলাগ লৈছে। মাৰ নামত এটি গছপুলি, যদি আমাৰ মা জীয়াই থাকে তেন্তে তেওঁৰ সান্নিধ্যত এজোপা গছ ডাঙৰ হোৱা আৰু যদি মা জীয়াই নাথাকে তেন্তে তেওঁৰ ফটো সন্মুখত ৰাখি এজোপা গছ ডাঙৰ হোৱা। আমি ভৰৱদ সমাজৰ এনে লোক, যাৰ তৃতীয়-চতুৰ্থ প্ৰজন্মৰ বয়োজ্যেষ্ঠসকল নব্বৈ বছৰলৈকে জীয়াই থাকে আৰু আমি তেওঁলোকৰ সেৱা কৰোঁ। আমি আমাৰ মাৰ নামত এটি গছপুলি ৰোপণ কৰিব লাগিব আৰু গৌৰৱ অনুভৱ কৰোঁ যে সেয়া মোৰ মাৰ নামত, মোৰ মাৰ স্মৃতিত। আপোনালোকৰ জ্ঞাত নে, আমিও ধৰিত্ৰী মাতৃক অসুখী কৰি তুলিছোঁ, আমি পানী উলিয়াই থাকিলোঁ, ৰাসায়নিক পদাৰ্থ যোগ কৰি থাকিলোঁ, তেওঁক পিয়াহ লগাই দিলোঁ। সেয়েহে ধৰিত্ৰী মাতৃক সুস্থ কৰি তোলাটোও আমাৰ দায়িত্ব। আমাৰ গো পালকসকলৰ গৰু-ম’হৰ গোবৰ আমাৰ ধৰিত্ৰী মাতৃৰ বাবেও ধনৰ দৰে, ই ধৰিত্ৰী মাতৃক নতুন শক্তি প্ৰদান কৰিব। প্ৰাকৃতিক কৃষি ধৰিত্ৰী মাতৃৰ বাবে গুৰুত্বপূৰ্ণ। যাৰ মাটি আৰু সুযোগ আছে তেওঁলোকে প্ৰাকৃতিক কৃষি কাৰ্য্য কৰক। গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য জীয়ে প্ৰাকৃতিক খেতিৰ বাবে ইমানখিনি কৰিছে। আপোনালোক সকলোকে অনুৰোধ জনালোঁ যে আমাৰ যিমানেই কম-বেছি মাটি নাথাকক কিয়, আমি প্ৰাকৃতিক খেতিৰ ফালে মুখ কৰি ধৰিত্ৰী মাতৃক সেৱা আগবঢ়াওঁ আহক।

প্ৰিয় ভাই-ভনীসকল,

মই ভৰৱদ সমাজলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ প্ৰাৰ্থনা কৰিছোঁ যাতে নগা লাখা ঠাকুৰৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকে আৰু বাবলিয়ালী ধামৰ সৈতে জড়িত সকলো লোক সমৃদ্ধিশালী হওঁক, এয়াই মোৰ প্ৰাৰ্থনা ঠাকুৰৰ চৰণত। আমাৰ কন্যা আৰু ল’ৰা-ছোৱালীয়ে শিক্ষা লাভ কৰি আগবাঢ়ি আহক, সমাজখন সবল হ’ব লাগে, ইয়াতকৈ আৰু কি লাগে আমাক। এই সোণালী উপলক্ষে ভাইজীৰ কথাক শ্ৰদ্ধাঞ্জলি জনাই আৰু আগুৱাই নিয়াৰ সমান্তৰালকৈ সমাজখনক আধুনিকতাৰ দিশত শক্তিশালী কৰি আগুৱাই নিয়াটো নিশ্চিত কৰোঁ আহক। বহুত ভাল লাগিল। মই নিজে অহা হ’লে আৰু বেছি উপভোগ কৰিলোঁহেঁতেন।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28, 2026
Sectors discussed: Finance and Economy, Commerce and Industry, and Technology
PM emphasises the need to break both horizontal and vertical silos within the Government
PM emphasises the importance of technological self-reliance and building domestic capabilities in critical sectors
PM encourages greater participation of young innovators and entrepreneurs in cybersecurity ecosystem
PM Stresses Proactive Outreach on Strategic Sectors to Counter Misinformation
PM says Govt must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation
Secretaries share experiences and perspectives on key initiatives, emerging opportunities and implementation challenges

Prime Minister Shri Narendra Modi chaired the second high-level meeting with Secretaries to the Government of India at his residence at 7, Lok Kalyan Marg earlier today. He reviewed the future action agenda of Ministries and Departments dealing with Finance and Economy, Commerce and Industry, and Technology sectors. The meeting focused on accelerating progress towards the goals of Viksit Bharat.

Prime Minister called for a strong focus on team building across Ministries and Departments, urging officers to work with a shared sense of purpose. He emphasised the need to break both horizontal and vertical silos within the Government so that departments function in close coordination and deliver integrated outcomes.

Highlighting the importance of citizen-centric governance, Prime Minister said that the people of India must remain at the centre of governance. He reminded that every decision and policy should be guided by the interests and aspirations of the common citizen.

Prime Minister stressed that while India is making significant investments in infrastructure, equal priority must be given to developing indigenous technologies. He underscored the importance of technological self-reliance and building domestic capabilities in critical sectors.

Prime Minister underlined that energy security is closely linked with national security, economic stability and citizens’ welfare. Prime Minister said India must achieve self-reliance in the energy sector through innovation, diversification and accelerated capacity creation.

Emphasising that reforms are not merely a fashionable term but a continuous necessity for effective governance, Prime Minister stressed the need to reform processes, improve work culture and strengthen institutional efficiency.

Prime Minister said that growing use of technology must be accompanied by a strong focus on cybersecurity to safeguard digital systems and infrastructure. He stressed the need for constant vigilance against emerging cyber threats. He called for encouraging greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem and emphasised that it should evolve into a nationwide movement.

Prime Minister also emphasised the importance of proactive communication on strategic sectors where the country is undertaking major initiatives, to counter misinformation and unfounded fears surrounding such efforts.

Prime Minister says that new academic courses should be planned in partnership with industry to equip the workforce with skills required by emerging and future industries. He also observed that a government must always remain youthful, dynamic and forward-looking, continuously adapting to new challenges and opportunities with agility and innovation.

The meeting featured detailed discussions by Secretaries on the progress, priorities and implementation issues across their respective domains. The meeting was attended by the Cabinet Secretary, Secretaries of key Ministries and Departments, and senior officials from the Prime Minister’s Office.