"ইউনিফৰ্মৰ ওপৰত মানুহৰ যথেষ্ট বিশ্বাস আছে। যেতিয়াই বিপদত পৰা লোকসকলে আপোনাক দেখা পায়, তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকৰ জীৱন এতিয়া সুৰক্ষিত, তেওঁলোকৰ মাজত নতুন আশা জাগ্ৰত হয়"
যেতিয়া প্ৰত্যাহ্বানবোৰ দৃঢ়তা আৰু ধৈৰ্য্যৰ সন্মুখীন হয় তেতিয়া সফলতা নিশ্চিত হয়।
"এই সমগ্ৰ অভিযানত সংবেদনশীলতা, সম্পদ আৰু সাহসৰ প্ৰতিফলন হৈছে"
"এই অভিযানতো 'সবকা প্ৰয়াসে' মুখ্য ভূমিকা পালন কৰিছিল"

আমাৰ সৈতে জড়িত হোৱা গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, সাংসদ শ্ৰী নিশিকান্ত ডুবে জী, গৃহ সচিব, স্থলসেনা প্ৰধান, বায়ুসেনা প্ৰধান, ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান, এনডিআৰএফৰ সঞ্চালক প্ৰধান, আইটিবিপিৰ সঞ্চালক প্ৰধান, স্থানীয় প্ৰশাসনৰ বন্ধুসকল, আমাৰ সৈতে জড়িত হোৱা সকলো সাহসী জোৱানসকল, কামাণ্ডো, আৰক্ষী আৰু অন্যান্য বন্ধুসকল,

আপোনালোক আটাইকে নমস্কাৰ জনাইছো!

আপোনালোকে তিনিদিন ধৰি, চৌবিশ ঘণ্টাই একেৰাহে লাগি এটা অতিকে কঠিন উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিলে আৰু বহু সংখ্যক দেশবাসীৰ জীৱন বচাবলৈ সক্ষম হ’ল। সমগ্ৰ দেশেই আপোনালোকৰ সাহসৰ শলাগ লৈছে। মই ইয়াক বাবা বৈদ্যনাথ জীৰ কৃপা বুলিয়েই ভাবিছো। অৱশ্যে, কিছু সংখ্যক মিত্ৰৰ জীৱন বচাব নোৱাৰা বাবে আমাৰ দুখো লাগিছে। বহু সংখ্যক মিত্ৰ আহতও হ’বলগীয়া হ’ল। ভুক্তভোগী পৰিয়ালবৰ্গৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছো। মই সকলো আহতৰ আশু আৰোগ্য কামনা কৰিছো।

 

বন্ধুসকল,

টেলিভিশ্যনৰ মাধ্যমেৰে যিয়েই এই অভিযান প্ৰত্যক্ষ কৰিছে, তেওঁৱেই আশ্চৰ্যচকিত, উদ্বিগ্ন হৈ উঠিছিল। আপোনালোকতো ঘটনাস্থলীত উপস্থিত আছিল। আপোনালোকৰ বাবে সেই পৰিস্থিতি কিমান জটিল আছিল চাগৈ, সেই কথা কল্পনাও কৰিব নোৱাৰি। কিন্তু দেশে নিশ্চয় গৰ্ব কৰিব যে তেওঁলোকৰ কাষত আমাৰ স্থলসেনা, আমাৰ বায়ুসেনা, আমাৰ এনডিআৰএফৰ জোৱান, আইটিবিপি-ৰ জোৱান আৰু আৰক্ষী বাহিনীৰ জোৱানৰ ৰূপত এনে কুশলী বাহিনী আছিল, যি সকলে দেশবাসীক প্ৰতিটো সংকটৰ পৰা সুৰক্ষিত ৰূপত উদ্ধাৰ কৰাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। এই দুৰ্ঘটনা আৰু উদ্ধাৰ অভিযানৰ জৰিয়তে আমি বহু শিক্ষাই লাভ কৰিবলৈ সক্ষম হ’লো। আপোনালোকে লাভ কৰা অভিজ্ঞতা ভৱিষ্যতে বহুত কামত আহিব। মই আপোনালোকৰ সকলোৰে সৈতে কথা-বতৰা পাতিবলৈ খুবেই আগ্ৰহী হৈ আছো। কিয়নো এই অভিযানটোৰ সৈতে মই দূৰৰ পৰাই নিৰন্তৰ জড়িত হৈ আছিলো, মই প্ৰতিটো বস্তুৰ খা-খবৰ লৈ আছিলো। কিন্তু আজি আপোনালোকৰ মুখৰ পৰা সকলো কথা জনাটো আৱশ্যক বুলি মই অনুভৱ কৰিছো। আহকচোন পোন প্ৰথমে আমি এনডিআৰএফৰ বীৰসকলৰ কাষলৈ যাওঁ, অৱশ্যে মই এটা কথা ক’মেই এনডিআৰএফ-য়ে নিজৰ এক পৰিচিতি গঢ়ি তুলিছে, আৰু এই পৰিচয় আপোনালোকে পৰিশ্ৰমৰে, আপোনালোকৰ পুৰুষাৰ্থৰে আৰু আপোনালোকৰ পৰাক্ৰমেৰে অৰ্জন কৰিছে। আৰু এই  এনডিআৰএফ হিন্দুস্থানৰ য’তেই আছে, তেওঁলোক এই পৰিশ্ৰম আৰু তেওঁলোকৰ পৰিচয়ৰ বাবেও অভিনন্দনৰ অধিকাৰী।

মোখনি:

 

এয়া খুবেই ভাল কথা যে আপোনালোক সকলোৱেই দ্ৰুতগতিৰে কামখিনি কৰিলে। আৰু সমন্বিতভাবে, সু পৰিকল্পনাৰ আধাৰত কামখিনি সম্পন্ন কৰিলে। মোলৈ প্ৰথম দিনা সন্ধিয়াই খবৰ আহিছিল। এই কথাও জনোৱা হৈছিল যে হেলিকপ্টাৰ লৈ যোৱাটো নিতান্তই কঠিন হ’ব, কিয়নো হেলিকপ্টাৰৰ জোকাৰণি থাকিব, আৰু ই সৃষ্টি কৰা বতাহত যদি কেনেবাকৈ তাঁৰবোৰ লৰিবলৈ ধৰে, ট্ৰলীৰ পৰা যদি কেনেবাকৈ মানুহ সৰি পৰিবলৈ ধৰে। সেয়ে হেলিকপ্টাৰ লৈ যোৱাটো চিন্তাৰ কথাই আছিল, ৰাতিতো ধৰি সেই কথাই আলোচনা কৰা হৈছিল। কিন্তু এই সকলোবোৰৰ পিচতো মই দেখিলো যেনেকৈ সমন্বিত ৰূপত আপোনালোকে কাম কৰিলে, আৰু মই ভাবো যে এনে ধৰণৰ আপদৰ সময়ত ‘ৰেছপন্স টাইম’ এটা অতিকে গুৰুত্বপূৰ্ণ ‘ফেক্টৰ’ বুলি পৰিগণিত হয়। আপোনালোকৰ তত্পৰতায়েই এনে অভিযানৰ সাফল্য অথবা বিফলতা নিশ্চিত কৰে। আপোনালোকৰ সাজযোৰৰ ওপৰত সকলোৰে বহুত আস্থা আছে। সংকটত পৰা লোকসকলে যেতিয়াই আপোনালোকক দেখা পাই, এতিয়ালৈতো ‘এনডিআৰএফ’ৰ ‘ইউনিফৰ্ম’যোৰো পৰিচিত হৈ গৈছে। তেওঁলোকৰ জীৱনটো এতিয়া সুৰক্ষিত বুলি আশ্বস্ত হৈ যায়। তেওঁলোকৰ মনত নতুন আশা জাগিবলৈ ধৰে। আপোনালোকৰ উপস্থিতি দেখিয়েই আশাৰ, উত্সাহৰ সঞ্চাৰ হৈ যায়। এনে সময়ত জ্যেষ্ঠ নাগৰিক আৰু শিশুসকলৰ প্ৰতি বিশেষ দৃষ্টি দিয়াৰ প্ৰয়োজন থাকে আৰু মোৰ এই কথাত ভাল লাগিছে যে আপোনালোকে নিজৰ পৰিকল্পনা আৰু অভিযান প্ৰক্ৰিয়াত এই কথাত প্ৰাথমিকতা প্ৰদান কৰিছে আৰু খুউব সুন্দৰকৈ  কামখিনি সম্পন্ন কৰিলে। আপোনালোকৰ প্ৰশিক্ষণ খুবেই উচ্চ মানৰ, একপ্ৰকাৰে ক’বলৈ গ’লে এইখন ক্ষেত্ৰত গম পোৱা গ’ল যে আপোনালোকৰ প্ৰশিক্ষণ কিমান ভাল, আপোনালোকৰ কাৰ্যশৈলী কিমান সাহসিক আৰু আপোনালোকে কৰ্তব্যৰ বাবে কেনেকৈ মৃত্যুপণ কৰাৰ বাবে সাজু থাকে। প্ৰতিটো অভিজ্ঞতাৰ লগতে আমিবোৰে দেখিবলৈ পাওঁ যে আপোনালোকে নিজকে অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে। ‘এনডিআৰএফ’সহ সকলো উদ্ধাৰকাৰী দলক আধুনিক বিজ্ঞান, আধুনিক উপকৰণৰে দক্ষ কৰি তোলাটো আমাৰ দায়িত্ব। এই গোটেই অভিযানটো সংবেদনশীলতা, বুজাপৰা আৰু সাহসৰ সমন্বয়ত সম্ভৱ হৈছে। মই এই দুৰ্ঘটনাটোত বাছি অহা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জনাইছো, আপোনালোকে যে ইমান এটা ডাঙৰ দুৰ্ঘটনাৰ পিচতো ধৈৰ্য ধৰি থাকিল। মানুহখিনিয়ে বোলে মৃত্যুৰে যুঁজি বহু ঘণ্টা পৰ্যন্ত অতিবাহিত কৰিব লগা হৈছিল, আনকি ৰাতিও শুব পৰা নাছিল বুলি মোক জানিবলৈ দিয়া হৈছে। তথাপি ক’বই লাগিব এই সমগ্ৰ অভিযানটোত তেওঁলোকৰ ধৈৰ্য, তেওঁলোকৰ সাহস, এনে একোটা অভিযানৰ বাবে খুবেই ডাঙৰ কথা। আপোনালোক সকলো নগৰিকে যদি সাহস হেৰুৱাই পেলোৱাহেতেন, ইমানবোৰ জোৱানে অহোপুৰুষাৰ্থ কৰাৰ পিচতো চাগৈ উদ্ধাৰ কৰাটো সম্ভৱ নহ’লহেতেন। সেয়ে দুৰ্ঘটনাত পতিত নাগৰিকসকলে প্ৰদৰ্শন কৰা সাহসৰো যে বিশেষ গুৰুত্ব থাকে সেই কথা ধুৰূপ। আপোনালোকে নিজকে চম্ভালি লোৱাৰ লগতে আনকো সাহস দিলে আৰু বাকীখিনি কাম আমাৰ উদ্ধাৰকৰ্মীসকলে সম্পূৰ্ণ কৰিলে। আৰু মোৰ ভাল লগা কথাটো হ’ল যে সেই ঠাইৰ নাগৰিকসকলে যেনে ধৰণে চৌব্বিশ ঘণ্টাই আপোনালোকলৈ সহায়ৰ হাত আগবঢ়ালে, তেওঁলোকে যি পাৰে সকলো কৰাৰ বাবে প্ৰয়াস কৰিলে এয়া খুবেই প্ৰশংসনীয়। তেওঁলোকৰ হাতত যি সমল আছিল, যি সাধন আছিল সেয়াই কিন্তু উচৰ্গিত মনোভাৱৰে তেওঁলোকে আগবঢ়াইছিল। এই সকল নাগৰিকো কিন্তু অভিনন্দনৰ পাত্ৰ। চাওকচোন, এই সংকটে আকৌ এবাৰ স্পষ্ট কৰি দিলে যে যেতিয়া দেশে কোনো সংকটৰ সন্মুখীন হয়, আমি সকলোৱে একলগ হৈ সেই সংকটৰে যুঁজিবলৈ তঙালি বান্ধি লওঁ আৰু সেই সংকটৰ পৰা উদ্ধাৰৰ পথ উলিয়ায়ো দেখুৱাওঁ। সকলোৰে প্ৰয়াসে এই সংকটৰ বেলিকাও বহুত ডাঙৰ ভূমিকা পালন কৰিলে। মই বাবাধামৰ স্থানীয় লোকসকলকো তেওঁলোকে আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জনাম। পুনৰবাৰ ভুক্তভোগী পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। সকলো আহতই আশু আৰোগ্য লাভ কৰক এই কামনাকে কৰিছো। আৰু এই অভিযানৰে জড়িত হোৱা প্ৰতিগৰাকীৰ প্ৰতি মই আহ্বান জনাব খুজিছো, বানৰ দুৰ্যোগ, ধুমুহাৰ দুৰ্যোগ আদিৰ দৰে ঘটনাবোৰ আপোনালোকৰ বাবে দৈনন্দিন ঘটনাৰ দৰেই হয়গৈ যদিও এনে ধৰণৰ দুৰ্যোগৰ ঘটনা যিহেতু খুবেই বিৰল হয়, সেয়ে এই দুৰ্যোগত লাভ কৰা অভিজ্ঞতাবোৰ আপোনালোকে গুৰুত্ব সহকাৰে লিখি পেলাবচোন। ইয়াৰে আপোনালোকে একধৰণৰ ‘মেনুৱেল’ও যুগুতাব পাৰে আৰু এনে কাম কৰা আমাৰ বাহিনীবোৰৰ মাজত ইয়াৰ প্ৰদৰ্শনৰো দিহা কৰিব পাৰে। এয়া অনাগত সময়ৰ প্ৰশিক্ষণৰো অংশ হ’বগৈ পাৰে। ইয়াৰ জৰিয়তে এনে সংকটৰ সময়ত আহিব পৰা প্ৰত্যাহ্বানৰ পূৰ্বানুমান কৰাৰ লগতে এনে প্ৰত্যাহ্বান চম্ভলাৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব তাৰ পাঠ লব পৰা যাব! কিয়নো প্ৰথমদিনাই মোলৈ খবৰ আহিছিল যে চাহাব, হেলিকপ্টাৰ লৈ যোৱাটো খুবেই অসুবিধাজনক হ’ব, কিয়নো সেই তাঁৰবোৰে ইমান ‘ভাইব্ৰেশ্যন’ সহ্যই কৰিব নোৱাৰিব। তেতিয়া মইতো চিন্তাতে পৰিলো, এতিয়া কি কৰিব পৰা যাব। অৰ্থাত্ এনে একো একোটা পৰ্যায়ৰ কথা আপোনালোকে জানে, আপোনালোকৰ অভিজ্ঞতা আছে। যিমান সোনকালে ভাল ধৰণে ডকুমেণ্টেশ্যন কৰিব, সিমানেই আমাৰ বাহিনীবোৰৰ আগন্তুক প্ৰশিক্ষণৰ এক অংগ কৰিব পৰা যাব, আৰু তাক এটা ‘কেছ-ষ্টাডী’ৰ ৰূপত আমি ব্যৱহাৰ কৰিব পাৰিম, কিয়নো আপোনালোকক যে আমি নিৰন্তৰ সপ্ৰতিভ কৰি ৰখাৰ প্ৰয়োজন আছে। বাকী তাত যি সমিতি গঠিত হৈছে, এই ‘ৰোপৱে’টোৰ কি হৈছে, পৃথককৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তাৰ অনুসন্ধান কৰা হ’ব। কিন্তু আমি এটা প্ৰতিষ্ঠানৰ ৰূপত সমগ্ৰ দেশত এই ব্যৱস্থা বিকশিত কৰিব লাগিব। আপোনালোকে প্ৰদৰ্শন কৰা পৰাক্ৰম, আপোনালোকৰ পুৰুষাৰ্থ, নাগৰিকসকলৰ প্ৰতি আপোনালোকে প্ৰদৰ্শন কৰা আন্তৰিকতাৰ বাবে পুনৰবাৰ সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Two defence industrial corridors have attracted investment commitments of about Rs 70,000 crore: Defence secretary

Media Coverage

Two defence industrial corridors have attracted investment commitments of about Rs 70,000 crore: Defence secretary
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of teachers on Guru Purnima
July 29, 2026

The Prime Minister, Shri Narendra Modi, extended his heartfelt greetings to the people of the country on the occasion of Guru Purnima. He said that, along with imparting knowledge, teachers infuse their students with positive energy and shape them through noble thoughts and values. The Prime Minister called upon everyone to make the ideals of their gurus a guiding force in their lives.

The Prime Minister shared a Sanskrit Subhashitam-

“प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”

The Subhashitam conveys that one who provides the right direction, imparts knowledge and truth, shows the righteous path, offers education and awakens an understanding of truth in life, paving the way for self-development. These are regarded as the six forms of a Guru.

The Prime Minister wrote on X;

“गुरु पूर्णिमा की सभी देशवासियों को बहुत-बहुत बधाई। गुरु ज्ञान के साथ ही अपने शिष्यों में सकारात्मक ऊर्जा का संचार कर उन्हें सुविचार और सुसंस्कारों से सुशिक्षित करते हैं। आइए, उनके आदर्शों को अपने जीवन का संबल बनाएं।

प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।

शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”