“The time for action is here and now”
“India was among the first G20 nations to fulfill its Paris commitments on green energy”
“Green Hydrogen is emerging as a promising addition to the world’s energy landscape”
“National Green Hydrogen Mission is giving an impetus to innovation, infrastructure, industry and investment”
“ New Delhi G-20 Leaders’ Declaration adopted five high-level voluntary principles on Hydrogen that are helping in the creation of a unified roadmap”
“Important for domain experts to lead the way and work together in such a crucial sector”
“Let us work together to accelerate the development and deployment of Green Hydrogen,”

বিশিষ্ট ব্যক্তিসকল,

 

বিজ্ঞানী আৰু উদ্ভাৱক, উদ্যোগ খণ্ডৰ নেতা তথা মোৰ মৰমৰ বন্ধুসকল,

 

আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছো। সেউজ হাইড্ৰজেন সম্পৰ্কীয় দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ আপোনালোকক আদৰণি জনাইছো।

বন্ধুসকল,

 

পৃথিৱীখন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে। জলবায়ু পৰিৱৰ্তন যে কেৱল ভৱিষ্যতৰ কথা নহয়, সেই কথা ক্ৰমাৎ উপলব্ধি কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ইয়াত আৰু এতিয়া অনুভৱ কৰা হৈছে। এতিয়া এই কাম কৰাৰ সময়৷ শক্তিৰ পৰিৱৰ্তন আৰু বহনক্ষমতা বিশ্ব নীতিৰ আলোচনাৰ মুল বিষয় হৈ পৰিছে।

 

বন্ধুসকল,

স্বচ্ছ আৰু সেউজ গ্ৰহ সৃষ্টিৰ দিশত ভাৰত দায়বদ্ধ। জি-২০ ৰাষ্ট্ৰৰ ভিতৰত আমি প্ৰথমে সেউজ শক্তিৰ সন্দৰ্ভত পেৰিছৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ। এই প্ৰতিশ্ৰুতিসমূহ ২০৩০ চনৰ লক্ষ্যতকৈ ৯ বছৰ আগতে পূৰণ কৰা হৈছে। যোৱা ১০ বছৰত ভাৰতৰ স্থাপন কৰা অজীৱাশ্ম ইন্ধনৰ ক্ষমতা প্ৰায় ৩০০% বৃদ্ধি পাইছে। একে সময়ছোৱাতে আমাৰ সৌৰশক্তিৰ ক্ষমতা ৩,০০০ শতাংশতকৈ অধিক বৃদ্ধি পালে। কিন্তু আমি এই কৃতিত্বসমূহতে ক্ষান্ত হোৱা নাই। আমি বৰ্তমানৰ সমাধানসমূহ শক্তিশালী কৰাৰ ওপৰত মনোনিৱেশ কৰি আছো। আমি নতুন আৰু উদ্ভাৱনীমূলক ক্ষেত্ৰসমূহো চাইছো। ইয়াতেই সেউজ হাইড্ৰজেনৰ ছবিখন মনলৈ আহে।

 

বন্ধুসকল,

সেউজ হাইড্ৰজেন বিশ্বৰ শক্তিৰ পৰিৱেশত এক আশাব্যঞ্জক সংযোজন হিচাপে আত্মপ্ৰকাশ কৰিছে। বিদ্যুৎ সংযোগ কৰাৰ জৰিয়তে কঠিন উদ্যোগসমূহক কাৰ্বন নিৰ্গমণ হ্ৰাস কৰাত সহায় কৰিব পাৰে, যাৰ জৰিয়তে শোধনাগাৰ, সাৰ, তীখা, গধুৰ পৰিবহণ–এনে বহু খণ্ডই লাভৱান হ’ব। সেউজ হাইড্ৰজেনে উদ্বৃত্ত নবীকৰণযোগ্য শক্তিৰ সংৰক্ষণ সমাধান হিচাপেও কাম কৰিব পাৰে। ইতিমধ্যে ভাৰতে ২০২৩ চনত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান আৰম্ভ কৰিছে।

 

আমি ভাৰতক সেউজ হাইড্ৰজেনৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বিশ্ব কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰো। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানে উদ্ভাৱন, আন্তঃগাঁথনি, উদ্যোগ আৰু বিনিয়োগক এক গতি প্ৰদান কৰিছে। আমি অত্যাধুনিক গৱেষণা আৰু উন্নয়নত বিনিয়োগ কৰিছো। উদ্যোগ আৰু শিক্ষাৰ মাজত অংশীদাৰিত্ব গঢ়ি তোলা হৈছে। এই ক্ষেত্ৰত কাম কৰা ষ্টাৰ্ট-আপ আৰু উদ্যোগীসকলক উৎসাহিত কৰা হৈছে। তদুপৰি সেউজ চাকৰিৰ পৰিৱেশ ব্যৱস্থা গঢ়ি তোলাৰ সম্ভাৱনা আছে। ইয়াক সক্ষম কৰিবলৈ আমি এই খণ্ডত আমাৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ কামো কৰি আছো।

 

বন্ধুসকল,

জলবায়ু পৰিৱৰ্তন আৰু শক্তিৰ পৰিৱৰ্তন বিশ্বজুৰি চিন্তাৰ বিষয়। আমাৰ উত্তৰবোৰো বৈশ্বিক প্ৰকৃতিৰ হোৱাটো প্ৰয়োজন। কাৰ্বন নিৰ্গমণ হ্ৰাসৰ ওপৰত সেউজ হাইড্ৰ’জেনৰ প্ৰভাৱক প্ৰসাৰিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ। উৎপাদন বৃদ্ধি কৰা, খৰচ কম কৰা আৰু আন্তঃগাঁথনি নিৰ্মাণ কৰাটো সহযোগিতাৰ জৰিয়তে দ্ৰুতগতিত হ’ব পাৰে। প্ৰযুক্তিক আৰু অধিক আগুৱাই নিবলৈ আমি গৱেষণা আৰু উদ্ভাৱনত যৌথভাৱে বিনিয়োগ কৰাটোও প্ৰয়োজন। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতত জি-২০ সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলনত সেউজ হাইড্ৰজেনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। নতুন দিল্লী জি-২০ নেতাসকলৰ ঘোষণাত হাইড্ৰজেনৰ ওপৰত পাঁচটা উচ্চ পৰ্যায়ৰ স্বেচ্ছামূলক নীতি গ্ৰহণ কৰা হৈছিল। এই নীতিসমূহে আমাক এক ঐক্যবদ্ধ ৰোডমেপ তৈয়াৰ কৰাত সহায় কৰিছে। আমি সকলোৱে মনত ৰাখিব লাগিব - আমি এতিয়া যিবোৰ সিদ্ধান্ত লওঁ, সেইবোৰেই আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন নিৰ্ণয় কৰিব।

 

বন্ধুসকল,

এনে এটা গুৰুত্বপূৰ্ণ খণ্ডত জড়িত বিশেষজ্ঞসকল আগবাঢ়ি আহি একেলগে কাম কৰাটো গুৰুত্বপূৰ্ণ। বিশেষকৈ বিশ্ব বিজ্ঞান সমাজক একত্ৰিত হৈ বিভিন্ন দিশ অন্বেষণ কৰিবলৈ আহ্বান জনাইছো। বিজ্ঞানী আৰু উদ্ভাৱকসকলে সেউজ হাইড্ৰজেন খণ্ডক সহায় কৰিবলৈ ৰাজহুৱা নীতিৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াব পাৰে। বিজ্ঞান সমাজেও বহু প্ৰশ্নৰ ওপৰত চকু ৰাখিব পাৰে। সেউজ হাইড্ৰজেন উৎপাদনত ইলেক্ট্ৰ’লাইজাৰ আৰু অন্যান্য উপাদানৰ কাৰ্যক্ষমতা আমি উন্নত কৰিব নোৱাৰে নে? আমি উৎপাদনৰ বাবে সাগৰৰ পানী আৰু পৌৰসভাৰ বর্জ্য পানীৰ ব্যৱহাৰৰ বিষয়ে অন্বেষণ কৰিব নোৱাৰো নে? ৰাজহুৱা পৰিবহণ, জাহাজ আৰু অভ্যন্তৰীণ জলপথত আমি কেনেকৈ সেউজ হাইড্ৰজেনৰ ব্যৱহাৰ সক্ষম কৰিব পাৰিম? এনে বিষয়সমূহ একেলগে অন্বেষণ কৰিলে সমগ্ৰ বিশ্বতে সেউজ শক্তিৰ পৰিৱৰ্তনত বহুখিনি সহায়ক হ’ব। এই সন্মিলনে এনে বিষয়ত বহু মত বিনিময়ত সহায় কৰিব বুলি মোৰ বিশ্বাস।

 

বন্ধুসকল,

বিগত সময়ত মানৱতাই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। প্ৰতিবাৰেই আমি সামূহিক আৰু উদ্ভাৱনীমূলক সমাধানৰ জৰিয়তে প্ৰতিকূলতা অতিক্ৰম কৰিছিলোঁ। ই একেটা সামূহিক আৰু উদ্ভাৱনীমূলক কাৰ্য্যৰ মনোভাৱেই আমাক বহনক্ষম ভৱিষ্যতৰ দিশত পথ প্ৰদৰ্শন কৰিব। আমি একেলগে থাকিলে যিকোনো কামেই সুকলমে কৰিব পাৰো। আহক, আমি সেউজ হাইড্ৰজেনৰ বিকাশ আৰু ইয়াৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ বাবে কাম কৰোঁ।

 

আকৌ এবাৰ সেউজ হাইড্ৰজেন সম্পৰ্কীয় দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সৈতে জড়িত সকলো ব্যক্তিলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
 PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs

Media Coverage

PLI schemes attract over Rs 2.16 lakh crore investment, generate 14.39 lakh jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman
March 28, 2026

The Prime Minister, Shri Narendra Modi, today spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia. Shri Modi reiterated India’s condemnation of attacks on regional energy infrastructure, and the need to ensure freedom of navigation and keeping shipping lines open and secure. “Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”, Shri Modi stated.

Shri Modi posted on X:

“Spoke with Crown Prince and PM of Saudi Arabia, HRH Prince Mohammed bin Salman and discussed the ongoing conflict in West Asia.

I reiterated India’s condemnation of attacks on regional energy infrastructure.

We agreed on the need to ensure freedom of navigation and keeping shipping lines open and secure.

Thanked him for his continued support for the welfare of the Indian community in Saudi Arabia”